-->

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো । Baigyanik manaxikota kidare goribo paro

 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
        ড. দীনেশ চন্দ্ৰ গোস্বামী

 

(1) দাঁতৰ পোকবোৰ প্ৰকৃততে কি?          HS-2013
উত্তৰঃ- দাঁতৰ পোকবোৰ প্ৰকৃততে অণুজীৱ। ইয়াক চকুৰে নমনি।

(2) ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। HS-2013
উত্তৰঃ- (ক) বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা
(খ) শতাধিক মহান বিজ্ঞানী।

(3) বিজ্ঞান বুলিলে কাক বুজায়?
উত্তৰঃ- আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়।

(4) বিশুদ্ধ খোবা পানীৰ অভাৱত মূলত কেনে ধৰণৰ ৰোগ হ'ব পাৰে?          HS-2014,2016
উত্তৰঃ- বিশুদ্ধ খোৱা পানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিৱেশত মূলতঃ ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ৰোগ হ'ব পাৰে।

(5) বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?  HS-2016,2018
উত্তৰঃ- বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল- এবিধ ক্ষুদ্ৰ ভাইৰাছ বা অণুজীৱ।

(6) 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ' শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? HS-2017
উত্তৰঃ- 'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা' নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।

(7) বিজ্ঞানীৰ কাম কি?        HS-2017
উত্তৰঃ- পৰ্যবেক্ষণ কৰা, জোখ-মাখ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা এইবোৰ হ'ল বিজ্ঞানীৰ কাম।

(8) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?  HS-2013
উত্তৰঃ- আনন্দৰাম বৰুৱাৰ অসাধাৰণ পাণ্ডিত্য, প্ৰখৰ স্মৰণ শক্তি, অতুলনীয় কৰ্মস্পৃহা, নিজ পিতৃ-মাতৃ-ভাতৃ তথা স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা-ভক্তি আৰু তেখেতৰ মহত্‍ গুণৰাজি আমাৰ বাবে সহায় অনুকৰীয়।

(9) পদাৰ্থ কণা-ত্বৰক কাক বোলে?         HS-2018
উত্তৰঃ- পদাৰ্থ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বৰক বোলা হয়।

(10) বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? HS-2019
উত্তৰঃ- বসন্ত ৰোগ প্ৰধানকৈ শীতলা দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল।

(11) বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?
উত্তৰঃ- বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে- বৈজ্ঞানিক মনোভাব, বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক পদ্ধতি।

(12) আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?
উত্তৰঃ- আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হৈছে।

(13) 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ' শীৰ্ষক পাঠটি লিখক কোন?
উত্তৰঃ- ড° দীনেশ চন্দ্ৰ গোস্বামী।

(14) প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি কেনে ধৰণৰ আছিল?
উত্তৰঃ- প্ৰথম বিজ্ঞানীজনে নিজকে সুধিছিল- জুই কেনেকৈ জ্বলে? কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি? তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল, বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল।

(15) কাৰ্য-কাৰক-সম্পৰ্ক বুলিলে কি বুজা?
উত্তৰঃ- কোনো ঘটনা সংঘটিত হোৱাৰ বাস্তৱসন্মত কাৰণ এটি থাকিবই লাগিব। অলৌকিক শক্তিয়ে কোনো কাৰ্য সাধন নকৰে। কাৰণ অলৌকিক শক্তিৰ ধাৰণাটো কাল্পনিক।

(16) আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাটো লিখকৰ মতে কেনে ধৰণৰ অনুষ্ঠান?
উত্তৰঃ- আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাটো লিখকৰ মতে ধৰ্মীয় অনুষ্ঠানহে। ৰোগৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

(17) ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।
উত্তৰঃ- দৃষ্টি।

(18) বৰ্তমান যুদটোক কিহৰ যুগ বুলি কোৱা হয়?
উত্তৰঃ- বিজ্ঞানৰ যুগ বুলি কোৱা হয়।

(19) আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লিখকে কাক কৈছে?
উত্তৰঃ- ডাইনী আখ্যা দিয়া ঘটনাক লিখকে আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি কৈছে।
 
(20) শিশুৰ ৰোগ প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলে কি আৱিস্কাৰ কৰিছে?
উত্তৰঃ- শিশুৰ ৰোগ প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলে অশেষ সাধ্য সাধনাৰ ফলত নানা ধৰণৰ বেজি-ছিটা আদি আৱিস্কাৰ কৰিছে।

(21) সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছেনে?
নাইবা
সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?
উত্তৰঃ- কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰব বা মন্ত্ৰ লাভ কৰি ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। অন্ধবিশ্বাসী এচাম মানুহে এই অপকৰ্ম কৰি ধন উপাৰ্জন কৰে। এনে দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হয়। সেয়েহে সপোনত পোৱা ঔষধ ৰোগীয়ে ব্যৱহাৰ কৰা অনুচিত। কাৰণ বৈজ্ঞানিক ভিত্তি নোহোৱাকৈ কোনো দৰবে বেমাৰ ভাল কৰিব নোৱাৰে।

(22) অৰ্থ লিখাঃ-
উপকুল্প= উপ-বিধি
আঁকোৰ গোজ= যি কথা বা কামত নিজৰ মতৰ পৰা কোনোপধ্যে আঁতৰি নাযায়।


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »