-->

বিশ্বখনিকৰ- মফিজুদ্দিন আহমদ হাজৰিকা । Biswakhanikar by Mofizuddin Ahmed Hazarika

বিশ্ব খনিকৰ
মফিজুদ্দিন আহমদ হাজৰিকা

 

1. অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিল? HS-2022

উত্তৰঃ- অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত প্ৰকাশ পাইছিল। 

2. সত্ত্ব, ৰজঃ, তমঃ গুণ কি?          HS-2013, 2019, 2022
(নাইবা)
বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ কি কি?
উত্তৰঃ- বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ হ'ল-
(ক) সত্ত্বঃ, (খ) ৰজঃ আৰু (গ) তমঃ গুণ

3. মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনিৰ নাম কি? HS-2014
উত্তৰঃ- তত্ত্ব পাৰিজাত।

4. মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনে ধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে?  HS-2015
উত্তৰঃ- ছুফী সাধকসকলৰ দৰ্শনৰ (ছুফীবাদী) প্ৰকাশ ঘটিছে।

5. বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি কাক কোৱা হৈছে?  HS-2016
উত্তৰঃ- বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি এটা পৰমসত্তাক, অৰ্থাত্‍ জীৱজগত, জড়জগতৰ সৃষ্টিকৰ্তা ভগৱানক কোৱা হৈছে।

6. বিশ্ব খনিকৰ কিয় খেপিয়ালে পোৱা নাযায়?  HS-2017
উত্তৰঃ- বিশ্ব খনিকৰ হ'ল এক অদৃশ্য শক্তি। মায়াৰ ওৰণিৰে মুখ ঢাকি তেওঁ আমাৰ ওচৰতে থাকে যদিও আমি তেওঁক খেপিয়ালেও বিচাৰি নাপাওঁ।

7. গোমোস্তা শব্দটিৰ অৰ্থ লিখা। HS-2019
উত্তৰঃ- দোকানত হিচাপ-পাত্ৰ ৰখা কৰ্মচাৰী।
 
8. 'জ্ঞানমালিনী'ৰ কবি কোন? HS-2018
উত্তৰঃ- মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্যত 'জ্ঞানমালিনী' কবিৰূপে জনাজাত।

9. অসমীয়া সাহিত্যত 'জ্ঞানমালিনীৰ কবি' হিচাপে কোনগৰাকী কবি জনাজাত?
উত্তৰঃ- মফিজুদ্দিন আহমদ হাজৰিকাদেৱ।

10. 'বিশ্বখনিকৰ' বুলি লেখকে কাৰ কথা কৈছে?
উত্তৰঃ- ভগৱান বা ঈশ্বৰৰ কথা কৈছে।

11. মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰঃ- 'জ্ঞানমালিনী' আৰু 'তত্ত্ব পাৰিজাত'।

12. মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা 'জোনাকী যুগ'ৰ কবি।

13. ত্ৰিলোক বুলিলে কি বুজা যায়? HS-2012,2014
উত্তৰঃ- ত্ৰিলোক মানে হৈছে ত্ৰিজগত অৰ্থাত্‍ স্বৰ্গ, মৰ্ত্য আৰু পাতাল।

14. অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?
উত্তৰঃ- ১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাকৰিকাই সভাপতিত্ব কৰিছিল।

15. মফিজুদ্দিন আহমদ হাজৰিকাৰ কোন চনত আৰু ক'ত জন্ম হৈছিল?
উত্তৰঃ- মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৮৭০ চনত ডিব্ৰুগড়ত জন্ম হৈছিল।

16. বিশ্বখনিকৰ কবিতাটি কাৰ ৰচনা? এই কবিতাটো কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ- বিশ্বখনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচনা।
    এই কবিতাটি আধ্যাত্মিক তথা দাৰ্শনিক শ্ৰেণীৰ কবিতা।

17. মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। HS-2018
উত্তৰঃ- মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল-
(ক) আধ্যাত্মিক তথা সহজ-সৰল ভাষা আৰু
(খ) দাৰ্শনিক ভাবম প্ৰকাশ।

18. বিশ্বখনিকৰে এমা-ডিমা ল'ৰাক কিহলৈ পৰিৱৰ্তন কৰে?
উত্তৰঃ- বিশ্বখনিকৰে এমা-ডিমা ল'ৰাক ডেকা ল'ৰালৈ পৰিৱৰ্তন কৰে।

19. সত্ত্বঃ ৰজঃ তমো গুণৰ ঊৰ্দ্ধত থকা নিৰগুণৰ অধিকাৰী কোন?
উত্তৰঃ- ঈশ্বৰ

20. এমাডিমা মানে কি? কবিয়ে কাক এমাডিমা বুলি কৈছে?
উত্তৰঃ- এমাডিমা মানে হ'ল কেঁচুৱা অৱস্থা বা নিচেই ল'ৰালি কাল।
    কবিয়ে নিচেই কেঁচুৱাক এমাডিমা বুলি কৈছে।

21. কুঁহি-গজালিৰ ক্ষেত্ৰত কবিয়ে তিনিবিধ গছৰ কথা উল্লেখ কৰিছে, তাৰ নাম লিখা।
উত্তৰঃ- কুঁহি-গজালিৰ ক্ষেত্ৰত কবিয়ে উল্লেখ কৰা তিনিবিধ গছৰ নাম হল- (ক) পমা, (খ) চিচু আৰু (গ) পাৰলীক

22. নিশ্চয় নিশ্চয় তেৱেঁ....................
    অন্তৰ্যামী সৰ্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ।
সৰ্বব্যাপী, সৰ্ব শক্তিমান।
-কবিতা ফাকিৰ তাত্‍পৰ্য ব্যাখ্যা কৰা।    HS-2012, 2017

উত্তৰঃ- 'জ্ঞানমালিনীৰ কবি' মফিজুদ্দিন আহমদ হাজৰিকাই উক্ত কবিতাফাকিত নিৰ্গুণ নিৰাকাৰ স্বৰূপ ঈশ্বৰ আৰু তেওঁৰ কৰ্মৰ বিয়ষে প্ৰকাশ কৰিছে। কবিয়ে কৈছে ঈশ্বৰক চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও দেখা নাই। তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব সদায় অনুভৱ কৰিব পাৰি। তেৱেঁই খনিকৰৰূপে সমগ্ৰ বিশ্বকে সৃষ্টি কৰিছে যদিও তেওঁক কোনেও দেখা নাপায়। তেওঁ হৈছে অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ-আত্মাস্বৰূপ আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান।

23. কবিয়ে সৃষ্টিকৰ্তাক বাজীকৰ বুলি কৈছে কিয়?
উত্তৰঃ- বাজীকৰে বা যাদুকৰে যিদৰে সাপ বা বান্দৰ নচুৱাই মানুহক আনন্দিত কৰে। তেনেদৰে বিশ্বখনিকৰ ঈশ্বৰৰ ছালনাত সকলোৱে চালিত হৈ থাকে। ঈশ্বৰে সকলোকে ছালনা কৰিব পাৰে বাবে কবিয়ে সৃষ্টিকৰ্তাক বাজীকৰ বুলি কৈছে।

24. কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে?
উত্তৰঃ- খনিকৰে যিদৰে শিল, কাঠ বা অন্যান্য মাটিৰ মূৰ্তি নিৰ্মাণ কৰে ঠিক তেনেদৰে খনিকৰৰ দৰে ভগৱানে এই বিশ্বখন সুন্দৰকৈ সজাইছে।
    কবিৰ মতে এই বিশ্ব জগতখন এক পৰম সত্তাই পৰিচালনা কৰিছে। তেওঁৰ চালনাতে স্বৰ্গ, মৰ্ত্য, পাতাল এই ত্ৰিজগতৰ সকলো জড়জগত-জীৱজগত চলি আছে। সেই পৰম সত্তাই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুকে সৃষ্টি কৰিছে। সেয়েহে তেওঁক বিশ্বখনিকৰ বুলি কবিয়ে অভিহিত কৰিছে।

25. সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা।
উত্তৰঃ- সত্ত্বঃ ৰজঃ তমো গুণ- এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমোদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে।

26  প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰাঃ-
সত্ত্বঃ, ৰজঃ তমো গুণ ........ 
বোলে হু বিশ্ব-গিৰি সেই মহাজন। HS-2020 
উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচিত 'বিশ্বখনিকৰ' কবিতাটিৰ পৰা অনা হৈছে।
ইয়াৰ মাজেৰে যিজনৰ চালনাত এই বিশ্বব্রহ্মাণ্ড চালিত হৈ আছে সেই পৰম সত্তাৰ কথা কোৱা হৈছে।
ভগৱান হ'ল অদৃশ্য শক্তি। সত্ত্বঃ, ৰজঃ, তমো গুণ উৰ্দ্ধত তেওঁ নির্গুণ শক্তিৰ অধিকাৰী। এই বিশ্বব্রহ্মাণ্ডৰ তেৱেঁই সৃষ্টিকর্তা কাৰণ সকলো জীৱকে তেৱেঁই সৃষ্টি কৰিছে। গতিকে তেৱেঁই হ'ল জন্মদাতা আৰু পালন কৰোঁতা। ভগৱান এই তিনিগুণৰ অধিকাৰী হৈয়ো নির্গুণ। অর্থাৎ এই তিনি গুণে ভগৱানক ক্রিয়া কৰিব নোৱাৰে। সত্ত্বঃ এই গুণটো হ'ল সুখদায়ক আৰু জ্ঞানদায়ক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰি ৰাখে। ৰজঃ এই গুণটো ৰুগাত্মক। এই গুণৰ দ্বাৰা মানুহ বিষয় বাসনাত আসক্ত হৈ পৰে। তমোঃ এই গুণৰ দ্বাৰা জীৱৰ মোহ উৎপাদন হয়। এই গুণে মানুহক প্রমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। এই তিনি গুণ ভগৱানৰ সৃষ্টি যদিও তেওঁ এই তিনিগুণৰ ঊর্ধত থাকি জড়জগত, জীৱজগত সুন্দৰকৈ পৰিচালনা কৰি আছে।


27. বিশ্ব খনিকৰ কবিতাটিৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰঃ- 'বিশ্বখনিকৰ' কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ এটি দার্শনিক কবিতা। কবিয়ে পৃথিৱী যে এক পৰম সত্ত্বাৰ দ্বাৰা পৰিচালিত হৈ আছে তাকে কবিতাটিৰ মাজেৰে অনুভৱ কৰিছে। কবিয়ে বিশ্বখনিকৰ বুলি প্ৰকৃততে সৃষ্টিকর্তা পৰম ঈশ্বৰৰ কথা কৈছে। কবিয়ে কৈছে যে এই পৰম সত্ত্বাই ত্রিলোকৰ সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। তেৱেঁই হ'ল সৃষ্টি, স্থিতি আৰু লয়ৰ মূল আধাৰ। তেওঁৰ চালনাতে এই বিশ্বজগত চলি আছে। তেওঁৰ মহিমা অপাৰ। তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। তেওঁৰ অস্তিস্ব বা মহিমাৰ কথা গছৰ পাতেও বখানে। তেওঁ সত্ত্বঃ, ৰজঃ, তমো গুণ উৰ্দ্ধত। তেৱেঁই হ'ল এই বিশ্বব্রহ্মাণ্ডৰ খনিকৰ তথা অন্তর্যামী আৰু সর্বশক্তিমান। তেৱেঁই খনিকৰ ৰূপে সমগ্র বিশ্বক তিলতিলকৈ গঢ়ি তুলিছে।

28. 'বিশ্বখনিকৰ' কবিতাটিৰ মূল ভাৱটি লিখা। 
উত্তৰঃ- 'বিশ্বখনিকৰ' নামৰ কবিতাটিত জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে এই বার্তা প্ৰেৰণ কৰিছে যে এই জগতৰ প্ৰতিটো অনু-পৰমাণুতেই পৰম পুৰুষ ভগৱানৰ অস্তিত্ব চিৰবিদ্যমান। আমি আমাৰ চর্ম চকুৰে ভগৱানৰ অবয়ৱ দেখা নাপালেও ভগৱানে তেওঁৰ অদৃশ্য হাতেৰে এই সহগৰা পৃথিৱীখন নিয়ন্ত্রণ কৰিছে। জোন, বেলি, তৰা, গ্রহ ভিন্ন ৰঙী গছ-লতিকা, তৰু-তৃণ, এই সকলোবোৰক ভগৱানেই স্ৰজন, পালন, তথা নিয়ন্ত্রণ কৰিছে। কণমানি সন্তান এটি তেজাল ডেকা এটিলৈ ৰূপান্তৰিত হোৱাৰ এই দীর্ঘ পৰিক্ৰমাটো ভগৱানেই নিয়ন্ত্রণ কৰিছে, যি সন্তানকলৈ পিতৃ-মাতৃয়ে গৌৰৱ অনুভৱ কৰে। ধনী, মানী, গুণী জ্ঞানী, খেতিয়ক, বুধিয়ক, ধার্মিক, বিধর্মী, যোগী, তপস্বী, বাজীকৰ, গোমোস্তা, মহাজন, কাম-কর্মী, কাৰিকৰ, সাত্বিক, ৰাজসিক, তামসিক আদি দোষ-গুণ, জলচৰ, স্থলচৰ আদি প্রাণী, এই সকলোকে নিয়ন্ত্রণ কৰাজনেই হ'ল ভগৱান। সেয়ে কবিয়ে ভগৱানক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে। 

27. অৰ্থ লিখাঃ-
খনিকৰ= শিল-কাঠ-মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা।
বিশ্বখনিকৰ= বিশ্ব নিৰ্মাণ কৰোঁতা, ঈশ্বৰ, সৃষ্টিকৰ্তা।
ত্ৰিলোক= ত্ৰিজগত- স্বৰ্গ, মৰ্ত্য আৰু  পাতাল।
যদিস্যাতো= যদিও।
নিৰগুণ= সকলো গুণৰ ঊৰ্দ্ধত।
হুনু= হেনো।
বিশ্ব-গিৰি= বিশ্বৰ গৰাকী অৰ্থাত ঈশ্বৰ।
শেহান্তৰে= অন্তত, অৱশেষত।
অন্তৰ্যামী= মনৰ সকলো ভাব বুজডি পাওঁতা।
এমাডিমা= কেচুঁৱা অৱস্থা, নিচেই ল'ৰালি কাল।
গোমোস্তা= দোকানৰ হিছাপ-প্ৰত্ৰ ৰখা কৰ্মচাৰী।
সৰ্ব-ব্যাপী= সকলোতে জিৰি থকা।
 
FAQ
1) মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ- 'জোনাকী' যুগৰ কবি।

2) 'বিশ্বখনিকৰ' কোন শ্রেণীৰ কবিতা?
উত্তৰঃ- আধ্যাত্মিক তথা দাৰ্শনিকশ্রেণীৰ কবিতা

3) ৰামধেনু যুগৰ কবিসকলৰ নাম লিখা।
উত্তৰঃ- হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা, অজিত্ বৰুৱা, বীৰেন বৰকটকী।



Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »