-->

মোৰ মাতৃমুখ দৰ্শন । Mor matrimukh darshan

 মোৰ মাতৃমুখ দৰ্শন । লক্ষ্মীনাথ বেজবৰুৱা Mor matrimukh darshan by Lakshminath Bezbaruah

(1) 'মোৰ মাতৃমুখ দৰ্শন' পাঠটিত কেইটা আধ্যা আছে?  HS-2021
উত্তৰঃ- তিনি (৩) টা।


(2) 'Comedy of Errors'-ৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল? HS-2020
উত্তৰঃ- 1888 চনত।


(3) লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা কি বিষয়ক গ্ৰন্থ? HS-2019
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা তত্ত্বমূলক গ্ৰন্থ।


(4) 'মোৰ মাতৃমুখ দৰ্শন' পাঠটি কৰ পৰা হৈছে?   HS-2017
উত্তৰঃ- ড. নগেন শইকীযা সম্পাদনা কৰা "বেজবৰুৱাৰ ৰচনাৱলী"ৰ (প্ৰথম খণ্ড)ৰ পৰা।


(5) বেজবৰুৱাই 'মাতৃমুখ' দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল?
উত্তৰঃ- সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল।


(6) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰঃ- ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।


(7) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।
উত্তৰঃ- লিতিকাই।


(8) লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰে?
উত্তৰঃ- জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যনৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰে।


(9) ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ- বেজবৰুৱাদেৱৰ সহধৰ্মিণী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জীৱৰী অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী আছিল।


(10) লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়?  HS-2017
উত্তৰঃ- জোনাকী আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ বিকাশৰ যাত্ৰাৰ সূচনা কৰে। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁৰ ৰচিত চুটিগল্প হ'ল- জোনবিৰি, কেহোকলি, সুৰভি, সাধুকথাৰ কুঁকি আদি। 


(11) 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ অন্তত লেখকৰ 'মাতৃমুখ' দৰ্শন হৈছিল?
উত্তৰঃ- 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটিত 'মাতৃ' শব্দৰে দ্বাৰা লেখকৰ জন্মভূমি অসমৰ কথা বুজোৱাহৈছে।
        লেখকৰ প্ৰায় ডেৰকুৰি দুকুৰি বছৰৰ অন্তত 'মাতৃমুখ' দৰ্শন হৈছিল।


(12) 'মোৰ মাতৃমুখ দৰ্শন'ত লেখকে উল্লেখ কৰা 'মাজিউ' আৰু 'জ্ঞান' কোন আছিল? HS-2018
উত্তৰঃ- 'মোৰ মাতৃমুখ দৰ্শন'ত লেখকে উল্লেখ কৰা 'মাজিউ' আছিল সু-কবি, সু-বিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰ কুমাৰ আগৰৱালা আৰু 'জ্ঞান' আছিল আৰ্লল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট্‌লৰ।

(13) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগাৰ দুটা কাৰণ লিখা।  HS-2019
উত্তৰঃ- (ক) প্ৰাকৃতিক সৌন্দৰ্য্য
    (খ) ঐতিহাসিক উত্‍কৰ্ষ
    (গ) প্ৰাচীন জ্ঞান-গৌৰব গৰিমা।

(14) অঃভাঃউঃ সভা মানে কি?
উত্তৰঃ- অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা

(15) লক্ষ্মীনাথ বেজবৰুৱাদেৱক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাদেৱে সম্বলপুৰৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ দিনাই কটন কলেজৰ ছাত্ৰ সকলে কলেজত এখন সভা অনুষ্ঠিত কৰি বেজবৰুৱাদেৱক অভিনন্দন জনাইছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে সভাত গৈ ছাত্ৰসকলৰ আগ্ৰহ আৰু উত্‍সাহ দেখি আনন্দিত হৈছিল। সভাত ছাত্ৰ সকলোৰ কোনোৱে সুললিত কণ্ঠৰে গীত গাইছিল, কোনো কোনোৱে ইংৰাজী আৰু অসমীয়া শুৱলা বক্তৃতা দিছিল, কোনোৱে আকৌ ওজাপালি হৈ অংগী-ভংগীৰে হাস্য ৰসপূৰ্ণ বিয়াহ গাইছিল। এনেদৰে কটন কলেজৰ ছাত্ৰসকলে বেজবৰুৱাৰ সৰু কালৰ আনন্দময় সময়ছোৱাক জীপাল কৰি তুলিছিল।

(16) লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অনুৱাদ কেনে হোৱা উচিত বুজাই লিখা।
উত্তৰঃ- এসময়ত অসমত বিদেশী নাটক অসমীয়ায়ৈ ভাঙি অসমীয়া ৰংগশালত অভিনয় কৰাটো অনেকে দায় ধৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে এনে কাৰ্যত যে সন্তোষ পাইেছিল এনেকুৱা নহয়। বেজবৰুৱাদেৱৰ মতে বিদেশী ভাষাৰ নাটক একেবাৰেই অসমীয়া ৰংগশালৰ বাহিৰ কৰি দিয়া উচিত নহয়। যদি বিদেশী ভাষাৰ নাটকৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত ই জীন যোৱা হয় তেন্তে ভাল বিদেশী নাটকৰ উত্‍কৃষ্ট ভাৱ সম্পাদন অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা-যদি সেই ভাৱ সম্পদক বাৰে বঙনুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া হয়। উদাহৰণস্বৰূপে কলিকতাত পঢ়ি থকা জনচোৰক অসমীয়া ছাত্ৰই শ্বেক্সপিয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম ভ্ৰমৰংগ দি অভিনয় কৰিছিল। অনুবাদকৰ লগত বেজবৰুৱা জড়িত নাছিল যদিও তেখেত বিশ্বাস কৰিছিল যে ইংৰাজী নাটকৰ সেই অনুবাদ অকেবাৰেই অসমীয়া হৈ পৰি অসমীয়া সৰ্বসাধাৰণৰ মন হৰণ কৰিব পাৰিছিল।
      ভাৰতৰ নানা দেশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্বতোভাৱে কৰণ কৰি অসমীয়া হৈ যায় তাৰ দ্বাৰাই অসমৰ আপদহে নাবাঢ়ি সম্পদ হে বাঢ়িব।

(17) অৰ্থ লিখাঃ-
আপচু= কুত্‍‌চিত, দেখিবলৈ বা শুনিবলৈ বেয়া।
মাথাপোট= কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা। HS-2018
শাওপাত= অভিশাপ।
লেকেটীয়া= নৰিয়া দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ বা শৰীৰত আঠাৰ দৰে লাগি থকা বেমাৰ।
ছব্‌জজ (Sub Judge)= উপ-বিচাৰপতি
তত্‍পশ্চাত্‍‌= তাৰ পিছত
সমপূজাত= শ্ৰদ্ধাৰে পূজিতা
কণকঠীয়া মৰা= সম্পূৰ্ণৰূপে ধ্বংস হোৱা
কপটি= ৰোগৰ আনুষংগিক লেঠা।
জাসে= জাহ যোৱা।
না-জল-না-স্থল= উপায়হীন অৱস্থা
ঘূঘুয়া= অলপকৈ হোৱা
ৰাই খ= ৰাখে
জীৰ্ণ-শীৰ্ণ-দীৰ্ণ= নিঃকিন অৱস্থা
এলাবাদ= অপাত্ৰ, কোনো কামৰ বাবে যোগ্য নোহোৱা
ঢেকেৰ ঢেকেৰ গাড়ী= লাহে লাহে চলা গাড়ী
ৰসনা= জিভা
ৰিপুৱা ধৰা= গুপ্তচৰ নিযুক্ত কৰা
কল্লোল= ডাঙৰ ঢৌ
বিভ= ঈশ্বৰ
তাবেদাৰ= অনুচৰ, অনুসৰণকাৰী
ওৰা পাত= লানি লাগ
পিয়াসী= তৃষ্ণাতুৰ, পিয়াহত আতুৰ
শলাকানি= শিহা, শলিতা
আনীত= আমদানিকৃত, অনা
বৃন্দাবনচন্দ্ৰ= শ্ৰীতৃষ্ণ
ভেৰোণ= ভাৰা, কেৰেয়া।


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »

1 Comments:

Click here for Comments
December 27, 2022 at 7:46 PM ×

Nice sir

Congrats bro Sanowar Hussain you got PERTAMAX...! hehehehe...
Reply
avatar