-->

হস্তিবিদ্যাৰ্ণৱ পুথি-ড° সূৰ্য কুমাৰ ভূঞা । Hastibidyarnav puthi

 হস্তিবিদ্যাৰ্ণৱ পুথি
-ড° সূৰ্য কুমাৰ ভূঞা


(1) 'হস্তিবিদ্যাৰ্ণৱ' পুথত কোনগৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায়?          HS-2019
উত্তৰঃ- বৰকুঁৱৰী অম্বিকা দেৱীৰ ছবি পোৱা যায়।


(2) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল?      HS-2018
উত্তৰঃ- ড° সূৰ্য কুমাৰ ভূঞা


(3) 'হস্তিবিদ্যাৰ্ণৱ পুথি' শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?              HS-2017
উত্তৰঃ- 'হস্তিবিদ্যাৰ্ণৱ পুথি' শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ 'বিবিধ প্ৰবন্ধ' নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।


(4)  ড° সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ- 'Anglo-Assamese Relations'


(5) সুকুমাৰ বৰকাথে কাৰ আদেশত হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল?
উত্তৰঃ- সুকুমাৰ বৰকাথে আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰ কুঁৱৰী অম্বিকাদেৱীৰ আদেশত হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল।


(6) অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ (১৯৫৩) সভাপতি কোন আছিল?
উত্তৰঃ- ড° সূৰ্য কুমাৰ ভূঞা অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ (১৯৫৩) সভাপতি আছিল।

(7) ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?
উত্তৰঃ- ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত 'হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত।

(8) পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা।     HS-2018
উত্তৰঃ- পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ'ল 'লৱ-কুশৰ যুদ্ধ' আৰু 'গীত-গোবিন্দ' (ধর্মপুৰাণ)

(9) হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।     HS-2019
উত্তৰঃ- সুকুমাৰ বৰকাথে ১৯৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশক্রমে 'হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ' নামৰ সচিত্র পুথিখন ৰচনা কৰে। অসমীয়া ই জাতিৰ এক অমূল্য সম্পদ। এই পুথিখন বিশুদ্ধ সাহিত্য নহ'লেও ইয়াৰ গদ্যশৈলীৰ কিছুমান বিশেষত্ব আছে। পুথিখনৰ ৰচনাশৈলী ওজঃগুণযুক্ত। এই পুথিখনৰ ভাষা গদ্য। পুথিখনৰ বাক্যৰ গঠনতো সৰল অসমীয়া ভাষাৰ চানেকী পোৱা যায়। যেনে- "পাতাল জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানীপৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপকৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাঁচ মাউতে ডাবি মাৰিব, তেৱে মূৰ  দাঙ্গি যাব।"
         এনেদৰে বিশ্লেষন কৰি চালে দেখা যায় যে হস্তিবিদ্যাৰ্ণৱ পুথিৰ ভাষা এফালে সংস্কৃতগন্ধী আৰু গভীৰ, যদিও আনহাতে সহজ সৰল।অসমীয়া মানুহে বুজিব পৰাকৈ বাক্যৰ গাঁথনি তেনেই সৰল । মুঠতে হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যই পুথিখনৰ মৰ্যাদা বহুগুণে বৃদ্ধি কৰিছে।

10. হস্তিবিদ্যার্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাষ দিয়া। 

উত্তৰঃ- অসমীয়া হাতে লিখা সচিত্র পুথিৰ ভিতৰত "হস্তিবিদ্যার্ণৱ" পুথি খনেই হৈছে শ্রেষ্ঠ পুথি। এই পুথিখনত হাতীৰ বিষয়ে লিখা হৈছে। স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশত ১৭৩৪ খৃষ্টাব্দত সুকুমাৰ বৰকাথে 'হস্তিবিদ্যার্ণৱ' পুথিখন ৰচনা কৰিছিল। এই পুথিখনৰ ছবিবোৰ অংকন কৰে দিলবৰ আৰু দোয়ায় নামৰ দুজন চিত্রকৰে। এই পুথিখনত গ্রন্থকাৰ, চিত্ৰকৰ দুগৰাকী, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কেঁৱৰৰ চিত্ৰ অংকিত হৈছে। প্রাচীন অসমৰ চিত্রকলা আৰুব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ এই পুথি চাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্র প্রসাদ আদি অনেক খ্যাঙ্গমা ব্যক্তিয়ে প্রশংসা কৰিছিল। হস্তিবিদ্যার্ণৱ পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

'হস্তিবিদ্যার্ণৱ' পুথিৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে- বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰাৰ কালত আৰু উভতি অহা বা পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে কর্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড় বাজত থাকিবলগীয়া হাতীৰ, অন্য ৰজাৰ লগত অপ্রীতিবৰ্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তি বশ্য হোৱাৰ মন্ত্ৰ।


11. অৰ্থ লিখাঃ-
নিৰ্বন্ধ= পূৰ্বৰে পৰা চলি অহা দস্তুৰ বা বিধান
কামন্দকীয় নীতিসাৰ= কামনদাকি নামৰ আচাৰ্যই ৰচনা কৰা নীতিশাস্ত্ৰ
অপ্ৰীতিবৰ্ধক= দুখ, বৰ্ধক
অকলিয়া= অল্পকলীয়া, পাতলা ক'লা বৰণৰ।


 

Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »