-->

মূল্যবোধ শিক্ষা-ড° দুলুমণি গোস্বামী । Mulyabodh Shiksha

মূল্যবোধ শিক্ষা
        -ড° দুলুমণি গোস্বামী

1. মূল্যবোধৰ ত্ৰিনীতি কি? HS-2022

উত্তৰঃ- মূল্যবোধৰ ত্রিনীতি হৈছে– (১) সত্যম (২) শিৱম আৰু (৩) সুন্দৰম। 


2. ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?  HS-2018
উত্তৰঃ- মূল্যবোধ শিক্ষা।

3. ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ব কৰে?  HS-2013,2015
উত্তৰঃ- ব্যক্তিয়ে সামাজিক পৰিৱেশত থাকি মূল্যবোধ আয়ত্ব কৰে।

4. লেটিন ভাষাত ম'ৰীজ শব্দটোৰ অৰ্থ কি?  HS-2014, 2016
উত্তৰঃ- আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ।

5. নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? HS-2014
উত্তৰঃ- Moral (ম'ৰেল)

6. নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ম'ৰেল (Moral) শব্দটোৰ উত্‍পত্তি কোন ভাষাৰ পৰা হৈছে।
উত্তৰঃ- লেটিন ভাষাৰ পৰা

7. মোক্ষ বুলিলে কি বুজা?     HS-2017
উত্তৰঃ- মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত।

(7) মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি?
উত্তৰঃ- মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। অৰ্থাত্‍ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠহে।

(8) কেনেবোৰ কাৰ্যৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি? HS-2015
উত্তৰঃ- ব্যক্তিৰ যি কামে বা প্ৰয়োজন পূৰণে আনৰ অপকাৰ কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰে তেনে কামৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি।

(9) প্ৰথম অৱস্থাত 'মূল্য' শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ- প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল।

(10) নন্দনতাত্বিক মূল্যবোধৰ চাবি-কাঠী কি?
উত্তৰঃ- মনোযোগ

(11) প্ৰকৃতিবাদী দাৰ্শনিকৰ মতাটি লিখা। HS-2014
উত্তৰঃ- প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। লেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে।

(12) ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
উত্তৰঃ- ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে।

(13) ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা দহ প্ৰকাৰৰ মূল্যবোধ কি কি? HS-2017
উত্তৰঃ- ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা দহ প্ৰকাৰৰ মূল্যবোধ হ'ল- (১) সহানুভূতি (২) সংযম (৩) অহিংসা (৪) নম্ৰতা (৫) সহযোগিতা (৬) অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা (৭) পৰিষ্কাৰ-পৰিচ্ছন্নতা (৮) মানৱতাবোধ (৯) দেশপ্ৰেম (১০) সামাজিক দায়িত্ববোধ।

(14) মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিন্তা কৰিছে আৰু কি কি?
উত্তৰঃ- মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা বিশেষ আচৰণ চিনাক্ত। সেইকেইটা হ'ল- (১) যুক্তিনিষ্ঠতা (২) পৰোপকাৰিতা (৩) দায়িত্ববোধ (৪) নৈতিক স্বতন্ত্ৰতা।

(15) ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?   HS-2022, 2018, 2014, 2012
উত্তৰঃ- ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। যেনে- (১) ধৰ্ম (২) অৰ্থ (৩) কাম আৰু (৪) মোক্ষ।

(16) আধ্যাত্মিক মূল্যবোধৰ বিকাশ কেতিয়া হ'ব?
উত্তৰঃ- যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযোগিতা, অহিংসাভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ'ব তেতিয়াই আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব।

(17) আদৰ্শবাদী দাশৰনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি?
উত্তৰঃ- আদৰ্শবাদী দাশৰনিকসকলৰ মতে মূল্যবোধ হৈছে তিনিতা-
(ক) সত্যম, (খ) শিৱম, (গ) সুন্দৰম

(18) মূল্যবোধ-শিক্ষা নামৰ পাঠটোৰ লিখক কোন? তেওঁ বৰ্তমান ক'ত অধ্যাপনা কৰি আছে?
উত্তৰঃ- মূল্যবোধ-শিক্ষা নামৰ পাঠটোৰ লিখক ড. দুলুমণি গোস্বামী।
    তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপনা কৰি আছে।

(19) সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৱে আগবঢ়োৱা তত্ত্বটো কি?
উত্তৰঃ- সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৰ মতে, সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে৷ আমি মাথো ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব লাগিব৷

(20) মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়? HS-2016
উত্তৰঃ- মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি যিবোৰে মানুহৰ দৈহিক, মানসিক উত্‍কৰ্ষ সাধন কৰি সমাজৰ মংগল কৰে। মূল্যবোধে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্য্যাৱলী- এই সকলোবোৰ দিশ সামৰি লয়।

(21) মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। HS-2019
উত্তৰঃ- মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম হ'ল-
(ক) নৈতিক মূল্যবোধ
(খ) আধ্যাত্মিক মূল্যবোধ
(গ) অৰ্থনৈতিক মূল্যবোধ
(ঘ) নান্দনিক মূল্যবোধ

(22) প্রকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰঃ- প্রকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় বুলি লিখকে কৈছে। কাৰণ সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীবন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ- যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদী আয়ত্ত কৰে।

(23) আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ কিহৰ ওপৰত প্ৰতিষ্ঠিত? এওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিয়ে?
উত্তৰঃ- আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে।
 
(24) সহজ অৰ্থত মূল্যবোধ মানে কি?
উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি৷ যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ৷ সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী -এই সকলোবোৰক মূল্যবোধে সামৰি লয়৷ আকৌ মূল্যবোধ সমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিবেশতহে৷

(25) যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
উত্তৰঃ-
যুক্তিনিষ্ঠতাঃ- শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা৷
পৰোপকাৰিতাঃ- আনৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা৷
দায়িত্ববোধঃ- সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্ৰুটিসমূহ স্বীকাৰ কৰা৷
নৈতিক স্বতন্ত্ৰতাঃ- নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা৷ আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা৷

(26) মূল্যবোধৰ 'ত্ৰিনীতি' কি? HS-2019

নাইবা

ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে প্ৰতিচো শ্ৰেণীৰ বিষয়ে চমুকৈ বুজাই লিখা।

উত্তৰঃ- প্ৰচীন কালৰপৰা ভাৰতীয় দৰ্শনে মূল্যবোধৰ চিন্তা কৰি আহিছে। সেয়েহে ভাৰতীয় দৰ্শনক মূল্যবোধৰ দৰ্শন বুলি কোৱা হয়। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা ভাগত ভাগ কৰিছে। ভাগকেইটা হ'ল- (১) ধৰ্ম (২) অৰ্থ (৩) কাম আৰু (৪) মোক্ষ।
    'ধৰ্ম' হৈছে নৈতিক মূল্যবোধ, যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। 'ধৰ্ম'ক 'অৰ্থ' আৰু 'কাম'তকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। 'অৰ্থ' আৰু 'কাম'ক 'ধৰ্ম' অৰ্থাত্‍ নৈতিকতাই পৰিচালিত কৰিব লাগে। ধৰ্মই ভাল বা বেয়া কামৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে। 'মোক্ষ' হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এই চাৰিটা মূল্যবোধৰ উপৰিও ভাৰতীয় জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছে তিনিটা প্ৰধান মূল্যবোধেৰে। যেনে- (ক) সত্যম, (খ) শিৱম আৰু (গ) সুন্দৰম; এই তিনিটাক মূল্যবোধৰ 'ত্ৰিনীতি' বুলি কোৱা হয়।

(27) চিৰন্তন মূল্যবোধ সম্পৰ্কে বুজাই লিখা।
উত্তৰঃ- যাৰ কোনো পৰিৱৰ্তন নহয় যিটো চিৰকাল সঁচা, সেইটোৱেই হ'ল চিৰন্তন মূল্যবোধ। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰমেই হ'ল চিৰন্তন মূল্যবোধ। কিয়নো এই তিনিটাৰ কোনো পৰিৱৰ্তন নহয়। প্ৰয়োগবাদী দাৰ্শনিকসকলে কিন্তু সম্পূৰ্ণ বেলেগ মত প্ৰকাশ কৰা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে, "মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।" এই মূল্যবোধসমূহ সমাজতে আছে। কেৱল মানুহে তাক আৱিষ্কাৰ কৰিব পাৰিব লাগিব বা উপলব্ধি কবিৰ পাৰিব লাগিব। আনহাতে প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়েই মূল্যবোধ নিৰ্ণয় কৰে।

(28) আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? HS-2017
উত্তৰঃ- আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেওঁলোকে ভাৱে যে মানুহৰ আধ্যত্মিক শক্তি আছে বাবেই আন জীৱনতকৈ মানুহ শ্ৰেষ্ঠ। মনৰ বা আত্মাৰ বিকাশে মানুহক উচ্চস্তৰলৈ নি প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আনহাতে, বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে যাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে। বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হৈছে। আদৰ্শবাদীসকলে ভাৱে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব আৰু মানুহৰ মাজত সহযোগিতা, অহিংসাভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ'ব তেতিয়া আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব।  

(29) নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা৷
উত্তৰঃ- নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'ম'ৰেল' শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ 'ম'ৰীজ' শব্দটোৰ পৰা৷ যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ৷ নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে৷ মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে৷ ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে৷ কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে৷ ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ৷ সংক্ষেপতে ক'বলৈ গ'লে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায়৷

(30) নন্দনতাত্বিক মূল্যবোধ মানে কি বুজা?  HS-2019 নন্দনতাত্বিত মুল্যবোধ কি কি বিষয় সামৰি লয়।
উত্তৰঃ- নন্দনতাত্বিক মূল্যবোধে সৌন্দৰ্যবোধৰ কথা কয়। মানুহে সকলো ধৰণৰ ভাল কাম বা ভাল ঘটনা বা ধাৰণাকহে মূল্য দিয়ে। সেই বাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। নান্দনিক মূল্যবোধে সত্য, শিৱ আৰু সুন্দৰৰ বিষয়হে বিচাৰ কৰে। গতিকে এনে সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ। নন্দনতাত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰি জীৱনটো সুন্দৰ কৰি তোলে। জড়জগত বা জীৱজগত সকলো বস্তুৰে নন্দনতাত্বিক মূল্যবোধ হ'ব পাৰে।
    দাৰ্শনিক প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে। আমি মাথোঁ ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ'ব লাগে। মহৰ্ষি টলষ্টয়ে সৌন্দৰ্যবোধৰ বৰ্ণনা কৰি কৈছে যে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰোঁ বা এখন ছবি চাওঁ বা এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰোঁ, সেই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্ৰহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। তেওঁৰ মতে, সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠহে।

(31) মূল্যবোধ বুলিলে কি বুজা পাঠৰ আধাৰত চমুকৈ লিখা।   HS-2013,2018
উত্তৰঃ- মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশক নীতি, যিবোৰ মানুৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ সল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্য্যাৱলী- এই সকলোবোৰ মূল্যবোধে সামৰি লয়। মূল্যবোধসমূহ জন্মতে আহৰণ কৰাৰ পৰিৱৰ্তে সামাজিক পৰিৱেশতহে আয়ত্ব কৰে। মূল্যবোধে সমাজৰ বিকাশত অৰিহণা যোগায়। মূল্যবোধৰ মাজেৰে মানুহৰ কৰ্ম আৰু চিন্তাৰ প্ৰকাশ হয়।
    সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে নাইবা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিবৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকণৰ যোগেদি আয়ত্ত কৰিব পাৰে। ভাৰতীয় দৰ্শনত ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ মাজেৰে মূল্যবোধৰ দিশ নিৰ্ণয় কৰা হৈছে। এই মূল্যবোধ নৈতিক, আধ্যাত্মিক নন্দনতাত্বিক, অৰ্থনৈতিক আদি বিভিন্ন দিশৰ মাজেৰে প্ৰকাশ পায়।

(32) শব্দৰ অৰ্থঃ-
সত্যম, শিৱম, সুন্দৰম= নন্দনতাত্বিক সুখ বা আনন্দ (সূক্ষ্ম অনুভূতি, চিন্তাৰ দ্বাৰা এই আনন্দ পোৱা যায়)। HS-2018
মোক্ষ= মুক্তি, নিৰ্বাণ লাভ, সংসাৰ বন্ধনৰ পৰা মোচন
শৃগাল= শিয়াল
গৰ্দভ= গাধ

Syllabus of HS second year MIL Assamese


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (brahmaratan@gmail.com/7020477396) for pdf notes of Political Science, English, Logic & Philosophy
, MIL Assamese, Advanced Assamese, Education, Economics, History.
Previous
Next Post »