-->

আঘোণৰ কুঁৱলী-কেশৱ মহন্ত । Aghonar kunwali by Keshav Mahanta

আঘোণৰ কুঁৱলী
-কেশৱ মহন্ত 


 (1) জয়ন্তী আলোচনীখনৰ কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল? HS-2015, 2016
উত্তৰঃ- (ক) কমল নাৰায়ণদেৱ আৰু
(খ) চক্ৰেশ্বৰ ভট্টাচাৰ্য

(2) 'পছোৱা' আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম লিখাঁ। HS-2015, 2016, 2020, 2022
উত্তৰঃ- হেম বৰুৱা।

(3) কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম লিখা। HS-2014
উত্তৰঃ- (ক) ওমলা ঘৰ আৰু (খ) মা আমি শদিয়ালৈ যামেই।

(4) কেশৱ মহন্তৰ ৰচিত গীতৰ সংকলনখনিৰ নাম লিখা। HS-2018
উত্তৰঃ- মোৰ যে কিমান হেঁপাহ।

(5) কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ- আমাৰ পৃথিৱী।

(6) আঘোণৰ কুঁৱলীয়ে কি ভেটিছে?
উত্তৰঃ- আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰিছে।

(7) 'ৰ'দ জিকিমিকি' কাব্যগ্ৰন্থখনৰ ৰচক কোন? HS-2019
উত্তৰঃ- ৰ'দ জিকিমিকি' কাব্যগ্রন্থখনৰ ৰচক কেশৱ মহন্ত।

(8) কবি কেশৱ মহন্তই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? HS-2012,2017
উত্তৰঃ- 'মোৰ যে কিমান হেঁপাহ'।

(9) কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ- (ক) আমাৰ পৃথিৱী আৰু
(খ) কুঁৱলী আঁতৰি যা।

(10) অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰঃ- (ক) জয়ন্তী,
(খ) ৰামধেনু আৰু
(গ) পছোৱা।

(11) কেশৱ মহন্তই তেওঁৰ কৰ্মজীৱন কোনখন শিক্ষানুষ্ঠানত আৰম্ভ কৰিছিল?
উত্তৰঃ- জামুগুৰিহাট হাইস্কুলত।

(12) আঘোণৰ আকাশত কিহৰ ৰাগি আছে?
উত্তৰঃ- উৰুলিৰ ৰাগি আছে।

(13) 'আঘোণৰ কুঁৱলী' কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল? HS-2020
উত্তৰঃ-

(14) 'আঘোণৰ কুঁৱলী' কবিতাটিত উল্লেখ থকা সেউতী কোন?
উত্তৰঃ- কবিৰ ভালপোৱা সোতৰ বছৰীয়া গাভৰু।

(15) আঘোণৰ কুঁৱলী- কবিতাটিত কি ভাব প্ৰকাশ পাইছে?
উত্তৰঃ- অসমীয়া গাঁৱলীয়া কৃষিজীৱী সমাজখনৰ বাবে আঘোণৰ পথাৰখন কিমান আপোন আৰু সোণগুটি ধানবোৰক লৈ কিমান সপোন ৰচনা কৰে- সেইভাৱ প্ৰকাশ পাইছে।

(16) কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ- (ক) ওমলা ঘৰ আৰু (খ) মা আমি শদিয়ালৈ যামেই।

(17) আঘোণৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে কি কি দেখা পালেহেঁতেন প্ৰথম দুটা স্তৱকৰ আলমত লিখাঁ। HS-2019
উত্তৰঃ-

(18) আঘোণৰ আকাশত কিহৰ ৰাগি আছে? HS-2012, 2017, 2018
উত্তৰঃ- আঘোণৰ আকাশত প্ৰেমৰ ৰাগি আছে। কবিৰ মতে আঘোণৰ সোণোৱালী পথাৰত ডেকা-গাভৰুৰ প্ৰেমৰ উদয় হ'ব পাৰে। কিয়নো প্ৰেম হৈছে মানুহৰ চিৰন্তন অনুভূতি। সেয়েহে যিকোনো পৰিৱেশৰ মাজতো প্ৰেমৰ অনুভূতিয়ে ক্ৰিয়া কৰিব পাৰে। আঘোণমহীয়া পথাৰত আকাশেদি উৰি যোৱা বন-হাঁহৰ জাকবোৰ দেখিলেই ডেকা-গাভৰুৰ মনত প্ৰেমৰ ৰাগি লাগি প্ৰিয়জনক বিচাৰি উৰা মাৰে বুলি কবিয়ে হৈছে।

(19) ‘আঘোণৰ পথাৰত কাম আৰু কাম।’- কবিয়ে আঘোণৰ পথাৰত থকা কি 'কাম'ৰ বিষয়ে ইংগিত কৰিছে? HS-2019

নাইবা
‘আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি ডাঙৰি, ডাঙৰি,
আঘোণৰ পথাৰত কাম আৰু কাম।’- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। HS-2015

উত্তৰঃ- কবিয়ে আঘোণৰ পথাৰত ধান কটা আৰু ধান ছপোৱা কামৰ কথা কৈছে।
    আঘোণৰ পথাৰথন পকা ধানেৰে সোণোৱালী হৈ পৰে। এই পথাৰখনেই হ'ল গাঁৱৰ কৃষকসকলৰ আশাৰ থল। সোণ বৰণীয়া হৈ থকা পথাৰখন দেখি তেওঁলোকৰ মনত কিমান যে আনন্দ লাগে। পুৰুষৰ সৈতে মহিলায়ো পথাৰৰ পৰা ধান কটা, ধান ছপোৱা, চাহ-জলপান যোগাৰ দিয়াকে ধৰি বহুতো কাম কৰে। ধান চপাবলৈ দাৱনীয়ে মূৰত ওখকৈ খোপা বান্ধি লিহিৰি লিহিৰি আঙুলিৰ মুঠিত কাচিখন লৈ পথাৰত নামে। দাৱনীয়ে তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিম গুটীয়া দাঁত উলিয়াই হঁহা আদি দৃশ্য কবিয়ে বৰ মনোৰম ৰূপত উপস্থাপন কৰিছে। সেইসময়ত কাৰো সময় নাথাকে। দাৱনীসকলে আঘোণত ধান চপাই নথলে শ্ৰম যেন অথলে যাব। ইয়াত কবিয়ে আঘোণ মাহত মহিলাসকলৰ ব্যস্ততাৰ কথাকে কৈছে।

20. আঘোণৰ কুঁৱলী শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্র কেনেদৰে অংকিত হৈছে বুজাই লিখা। HS-2017 
উত্তৰঃ- আঘোণৰ কুঁৱলী কেশৱ মহন্তৰ মূলতঃ এটি সহজ গাঁৱলীয়া প্ৰেমৰ কবিতা। কবিতাটিত সহজ-সৰল মন পৰশা গাঁৱলীয়া প্রেমৰ চিত্র অংকিত কৰাৰ লগতে বিষাদৰ চিত্রও দাঙি ধৰিছে৷ কবিৰ মনত কিদৰে বিষাদৰ ভাৱ জাগি উঠিছিল এই কথাও সুন্দৰভাৱে প্রতিফলিত হৈছে।
কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। বৌয়েককো সেউতীৰ মনৰ কথা জানিবলৈ খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্রেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰিৰ মাজৰ ডালিম গুটীয়া দাঁত উলিয়াই মৰা হাঁহিটোত কবি অস্থিৰ হৈ পৰিছিল। কবিয়ে সেউতীক বিচাৰি আহোতে সেই হাঁহি দূৰৈৰ পৰাই শুনিবলৈ পাইছিল। আঘোণৰ সোণালী ধাননিয়ে মনত সুখ-আনন্দৰ বতৰা কঢ়িয়াই আনে। কবিৰ মনতো সেই বাসনাই উদ্বাউল কৰি তুলিছিল। আঘোণৰ আকাশেদি বন হাঁহ জাক উৰা মাৰি যোৱা দেখি কবিৰ মনো উৰা মাৰিছে সেউতীৰ ওচৰলৈ। এই দৰে আঘোণৰ সোনোৱালী পথাৰে কবিৰ প্রেমিক মনটোক আকর্ষিত কৰি তুলিছে।

21. অৰ্থ লিখাঃ-
তৰা-জৰী= তৰা গছৰ জৰী HS-2018
ডাঙৰি= ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা HS-2018
মোক তোল আঘোণ = পকা ধানেৰে পৰিপূ্ৰ্ণ হোৱা আঘোণক বুজাইছে। HS-2022
তেউ হালধীয়া = (পাঠান্তৰ : তেল-হালধীয়া) পাতল হালধীয়া। HS-2022
উৰুলি= শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ
ৰাগি= নিচা, মাদকতা
কেচ্‌ কেচ্‌= কচিৰে ধান কাটোতে হোৱা শব্দ
বিৰিঙা= অলপকৈ নিগৰি ওলোৱা
পতা-সোণ= সোণাৰীয়ে পিটি পাতল কৰা সোণ


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »