-->

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা । Kaishor Kal Aru Iyar Upojugi Shikha

 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা 
-ড° স্বৰ্ণলতা দাস


1. মানসিক শক্তি মানে কি? HS-2022

(নাইবা) 

মানসিক শক্তি মানে প্ৰধানকৈ কেনেধৰণৰ শক্তিক বুজোৱা হৈছে? HS-2015, 2020

উত্তৰঃ- মানসিক শক্তি মানে প্ৰধানকৈ বুদ্ধি, বিমূৰ্ত-চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্ৰহ আদি শক্তিক বুজোৱা হৈছে।


2. এটি কিশোৰ বা কিশোৰী কৈশোৰ কালত কি কি জটিল পৰিৱৰ্তনৰ সন্মুখীন হয়?  HS-2021 (Spl.)
উত্তৰঃ- কৈশোৰ কালত শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত জটিল পৰিৰ্ৱ্তনে দেখা দিয়ে।

3. কৈশোৰ কাল আন কি নামেৰে পৰিচিত? HS-2019
উত্তৰঃ- কৈশোৰ কাল ধুমুহা আৰু পীড়ন বা বয়ঃসন্ধি কাল হিচাপেও পৰিচিত।

4. মাধ্যমিক শিক্ষাক 'জীৱনৰ আলি-দোমোজা' বুলি কোনে অভিহিত কৰিছে? HS-2019
উত্তৰঃ- মাধ্যমিক শিক্ষাক আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে 'জীৱনৰ আলি-দোমোজা' বুলি অভিহিত কৰিছে।

(3) আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল? HS-2016, 2013
উত্তৰঃ- আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগ ১৯৯৬ চনত গঠিত হৈছিল।

(4) কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?
উত্তৰঃ- মাধ্যমিক শিক্ষা।

(5) কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল বুলি কব পাৰি? HS-2020, 2015, 2013
উত্তৰঃ- কৈশোৰ কালক শিশুৰ জগত আৰু প্ৰাপ্ত বয়স্কৰ জগতৰ সংযোগী কাল বুলি ক'ব পাৰি।

(6) ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে? HS-2014, 2017
উত্তৰঃ- ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে।

(7) মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি?
উত্তৰঃ- কৈশোৰ কালক।

(8) মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰকাল বুলি অভিহিত কৰিব পাৰি?
উত্তৰঃ- কৈশোৰ কালক।

(9) জীৱনৰ কোনছোৱা সময়ক বয়ঃসন্ধিৰ কাল বুলি কোৱা হয়?
উত্তৰঃ- কৈশোৰ কালক জীৱনৰ বয়ঃসন্ধিৰ কাল বুলি কোৱা হয়।

(10) কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- দ্রুত শাৰীৰিক বিকাশ।

(11) মানসিক শক্তি মানে প্ৰধানকৈ কেনেধৰণৰ শক্তিক বুজোৱা হৈছে? HS-2015, 2020
উত্তৰঃ- মানসিক শক্তি মানে প্ৰধানকৈ বুদ্ধি, বিমূৰ্ত-চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্ৰহ আদি শক্তিক বুজোৱা হৈছে।

(12) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি? HS-2018
উত্তৰঃ- কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় চাৰিটা হ'ল-
(ক) ভাষা শিক্ষা
(খ) গণিত
(গ) বিজ্ঞান
(ঘ) সমাজ বিজ্ঞান

(13) নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে?
উত্তৰঃ- নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্বপ্ৰেম আদিৰ ভাৱ জাগি উন্মেষ হোৱাত সহায় কৰে।

(14) জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়? 

(নাইবা) 

মানৱ জীৱনৰ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়? HS-2017 

উত্তৰঃ- মানৱ জীৱনৰ বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ ১১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ সময়ছোৱাক কৈশোৰ কাল বুলি জনা যায়। এই সময়ছোৱাক জীৱনৰ নৱজাগৰণ বুলিও কোৱা হয়।


(15) জীৱনৰ কোনছোৱা সময়ক কিয় বয়ঃসন্ধিৰ কাল বুলি কোৱা হয়?
উত্তৰঃ- বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাক বয়ঃসন্ধিৰ কাল বুলি কোৱা হয়।

(16) কিশোৰ অৱস্থাপ্ৰাপ্তি কোন দুটা ক্ষেত্ৰত আগতীয়া হয়?
উত্তৰঃ- কিশোৰ অৱস্থাপ্ৰাপ্তিৰ ক্ষেত্ৰ দুটা হ'ল-
(ক) ল'ৰাতকৈ ছোৱালীৰ অৱস্থাপ্ৰাপ্তি আগতীয়া হয়।
(খ) শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশোৰ অৱস্থাপ্ৰাপ্তি আগতীয়া হয়।

(17) বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য। চমুকৈ লিখা।

উত্তৰঃ- কৈশোৰ কালৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল- বিপৰীত লিংগকামিতা। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাব অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্ৰাবী গ্ৰন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱিক ৰাসায়নিক প্ৰক্ৰিয়াৰে এই ফল। এই প্ৰক্ৰিয়াত দেহৰ যৌন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠি কিশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। এইক্ষেত্ৰত কিশোৰ-কিশোৰীক সুপথে পৰিচালিত কৰিবলৈ অভিভাৱকে যন্ত ল'ব লাগে।

(18) কিশোৰ সংস্কৃতি কি? ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশবোৰৰ দৃষ্টিমান উদাহৰণ দাঙি ধৰা। HS-2012
উত্তৰঃ- কিশোৰসকলৰ মনত গঢ়ি উঠা সামাজিক বিকাশ, সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা উপ সংস্কৃতিক "কিশোৰ সংস্কৃতি" বোলা হয়। এই সময়ত দলীয় মনোভাবৰ লগত সমমৰ্মিতাৰ উন্মেষ ঘটে। সমনীয়াৰ লগতো গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। কিশোৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাক-ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদৰ্শতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলায়। চাল-চলন, পিন্ধন-উৰণ, খোৱা-লোৱা, বহুক্ষেত্ৰত ধনাত্মক দিশতকৈ ঋণাত্মক কাম-কাজৰ প্ৰতিহে তেওঁলোকৰ ধাউতি বাঢ়ে। সামাজিক ব্যাধিস্বৰূপে মাদক দ্ৰব্য, ড্ৰাগছৰ প্ৰতি আসক্তি জন্মে। গতিকে এই সময়ছোৱাত কৈশোৰসকলৰ সুশিক্ষিত কৰি নুতুলিলে তেওঁলোকে বিপথে পৰিচালিত হ'ব।
    কিশোৰ সংস্কৃতিৰ দুটা ধনাত্মক দিশ হ'ল- (১) সমনীয়াৰ সৈতে গভীৰ বন্ধুত্ব আৰু সহযোগিতা গঢ়ি উঠে। (২) কিশোৰ-কিশোৰীৰ মাজত সামাজিক দায়বদ্ধতা গঢ়ি উঠে।
    কিশোৰ সংস্কৃতিৰ দুটা ঋনাত্মক দিশ হ'ল- (১) কিশোৰ-কিশোৰীৰ মাজত মাদক দ্ৰব্যৰ ব্যৱহাৰ হয়। (২) বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে এই সময়ত সুপথে পৰিচালিত নহৈ নানা সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।

(19) জাতীয় পাঠ্যক্ৰম গাঁথনি ২০০৫ (National Curricular Framework, 2005)ৰ পৰামৰ্শাৱলী সম্পৰ্কে লিখা।
উত্তৰঃ- ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰস্তুত কৰা জাতীয় পাঠ্যক্ৰম গাঁথনি ২০০৫ (National Curricular Framework, 2005)ৰ পৰামৰ্শাৱলী বিশেষভাৱে প্ৰযোজ্য। এই পাঠ্যক্ৰম-গাথঁনিৰ উদ্দেশ্য অনুসৰি স্কুলত প্ৰদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্ৰ-ছাত্ৰীৰ মনৰ সংযোগ স্থাপন কৰিব লাগে আৰু পাঠ্যক্ৰম কেৱল পাঠ্যপুথিতে আৱদ্ধ হৈ থাকিব নালাগে। কেৱল সেয়ে নহয়, জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্ৰ-ছাত্ৰীক দিয়াৰ বাবে যন্তপৰ হ'ব লাগে। পাঠ্যক্ৰমৰ মাজেৰে দিয়া জ্ঞানৰ সু-সংহত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আটাইবোৰ ব্যক্তি যেনে- পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক আৰু অন্যান্যসকলৰ দায়িত্ব আৰু কৰ্তব্য সমানে গুৰুত্বপূৰ্ণ।

(20) বীৰ পূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য। কথাষাৰি পাঠৰ আধাৰত চমুকৈ লিখা।
উত্তৰঃ- বীৰ পূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্ৰবল হৈ উঠে। সেয়েহে সেইসকল ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কিশোৰ-কিশোৰীয়ে কৰিবলৈ লয়। কিশোৰসকলে আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায় সচৰাচৰ ছবিজগতৰ নাই বা খেলজগতৰ লগত জড়িত ব্যক্তিসকলক। চিনেমাৰ হিৰ' বা খেলজগতৰ খেলুৱৈক তেওঁলোকে পূজা কৰিবলৈ লয়। বীৰপূজনৰ এই প্ৰবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত সহত্‍‌লোকৰ জীৱনী অন্তৰ্ভুক্ত কৰা হয়।

(21) চমুটোকাঃ
(ক) বীৰ পূজা  HS-2018

উত্তৰঃ- কৈশোৰ কালৰ এক বিশেষ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল বীৰ পূজা। বীৰ পূজা বুলি ক'লে কিশোৰ-কিশোৰীয়ে ভৱিষ্যতে জীৱনৰ বাবে নিজৰ ভাল লগা কোনো ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি প্ৰৱল হৈ উঠাকে বুজা যায়। প্ৰধানকৈ কোনো ছবি জগতৰ নায়ক-নায়িকা বা খেল জগতৰ খেলুৱৈকে জীৱনৰ আদৰ্শ হিচাপে বাচি লোৱা দেখা যায়, আৰু সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণ নীৰৱ অনুকৰণ কিশোৰ-কিশোৰীয়ে কৰিবলৈ লয়। বীৰ পূজনৰ এই প্ৰবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহত্‍ লোকৰ জীৱনী পাঠ অন্তৰ্ভুক্ত কৰা হয়।

(21) চমুটোকাঃ
(খ) দিবাস্বপ্ন HS-2018

উত্তৰঃ- অলীক কল্পনা বা দিবাস্বপ্ন হৈছে কৈশোৰ কালৰ এটা বৈশিষ্ট্য। এই সময়ছোৱাত কল্পনাশক্তিৰ অভূতপূৰ্ব বিকাশে কিশোৰ-কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত তেওঁলোকে বাস্তৱৰ পৰা ফালৰি কাটি আহি কল্পনাৰ জগতত বিচৰণ কৰে। দিবাস্বপ্নৰ যোগাত্মক দিশো আছে। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতো কিশোৰ-কিশোৰীয়ে সংগীত সাহিত্য আদি বিভিন্ন মাধ্যমৰ নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে। আনহাতে এনেবোৰ কল্পনাই সৃষ্টিশীল কাম-কাজত অংশ গ্ৰহণ কৰাতো প্ৰেৰণা দিয়ে। বহুতে দুঃসাহসিক কামত অংশগ্রহণ কৰে। বহুতৰ মাত ভ্রমণতৃষ্ণা জাগে, দেশ-বিদেশ ফুৰাৰ ইচ্ছা হয় আৰু অজানিতে ক'ৰবালৈ গুচিও যায়। মুঠতে দিবাস্বপ্ন হ'ল কৈশোৰ কালৰ অন্তহীন কল্পনা।

(22) চমুটোকাঃ
(গ) অপৰাধপ্ৰৱণ কিশোৰ HS-2017

উত্তৰঃ- কৈশোৰ কালছোৱাত মানুহৰ আবেগিক বিকাশ হয় আৰু আবেগিক অনুভূতি অন্তহীন। এনে অত্যাধিক আৱেগৰ ফলতে কিশোৰৰ মন কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। আশা নিৰাশাৰ দোমোজাই বহুতকে সামাজিকভাৱে মিলিব নোৱাৰা সমস্যাত পেলায়। এনেকুৱা অৱস্থাত মনক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰি কিশোৰে সমাজৰ প্ৰতি নেতিবাচক মনোভাব গ্রহণ কৰে আৰু এক সময়ত অপৰাধপ্রবণ হৈ উঠে। ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য সেৱনৰ বাবে তেওঁলোক আসক্ত হয় আৰু বিদ্ৰোহী মনোভাব লৈ সমাজৰ প্ৰতি নেতিবাচক দৃষ্টিভঙ্গী পোষণ কৰে। সেয়েহে তেওঁলোকৰ চাল-চলন, পিন্ধন-উৰণ, খোৱা-লোৱা সকলোতে দৃষ্টি ৰাখি সুশিক্ষা নিদিলে অপৰাধ প্ৰৱণতাই গা কৰি উঠে।

(23) কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিতিৰ সংঘাত- ব্যাখ্যা কৰা। HS-2020
উত্তৰঃ- কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিতিৰ সংঘাত। এই সংঘাত কৈশোৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত। নৈতিক
তাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশোৰ-কিশোৰীয়ে নিজৰ চিন্তা-বুদ্ধি বা বিচাৰ-বিবেচনাৰে ফঁহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদৰ্শবাদৰ লগত বাস্তবতাৰ সংঘাতে জন্ম দিয়ে পৰিচিতিৰ সংঘাত। সমাজ গঠনত এনে ধৰণৰ সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ গাঁথনি সলনি কৰি নতুন সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহণা যোগায়।


(24) কৈশোৰ কাল সম্পৰ্কে তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা মতবাদ দুটা চমুকৈ লিখা।
উত্তৰঃ- কৈশোৰ কাল সম্পৰ্কে নানাজনে নানা মতবাদ আগবঢ়াইছে। পাঠটিত উল্লেখ থকা তাৰে মতবাদ দুটা হ'ল-
(ক) এই সময়ছোৱা ধুমুহা আৰু পীড়নৰ সময়। এই সময়ত শৰীৰ আৰু মনলৈ অহা দ্ৰুতগতিৰ পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ পৰিৱেশ আৰু উপযুক্ত শিক্ষাৰ অতি প্ৰয়োজন। নহ'লে সেই ধুমুহাই জীৱনৰ গতিত জটিলতাৰ সৃষ্টি কৰিব পাৰে।
(খ) মতবাদ অনুসৰি কৈশোৰ কাল হ'ল জীৱনৰ নৱজাগৰণৰ সময়, বিভিন্ন ক্ষেত্ৰত হোৱা বিকাশৰ অফুৰন্ত শক্তিয়ে এটি কিশোৰক জীৱনৰ ন ন দিশ উন্মোচন কৰিবলৈ সুযোগ দিয়ে। এই দুই ভিন্নমুখী মতবাদৰ পৰিপ্ৰেক্ষিতত কৈশোৰ কালৰ শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান পোৱাটো স্বাভাৱিক।  

(25) কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়?
উত্তৰঃ- কৈশোৰ কালছোৱাত মানসিক বিকাশ পূৰ্ণগতিত হয়। বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্ৰহ আদি এইখিনি সময়তে বুদ্ধি পায়। যদিও কৈশোৰকালৰ আৰম্ভণিতে বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায়। শেষৰপিনে এই শক্তি দ্ৰুতগতিত বাঢ়ি যায় আৰু কৈশোৰৰ শেষত বৌদ্ধিত ক্ষমতাই চৰম উত্‍কৰ্ষ লাভ কৰে। আনহাতে, এই কালছোৱাতেই শৈশৱ কালৰ অনুকৰণ-শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয়। মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। জীৱশ্ৰেষ্ঠ মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে এই কৈশোৰ কালতে।

(26) নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনেভাৱৰ উন্মেষ হোৱাত সহায় কৰে?

নাইবা

কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা।
উত্তৰঃ- কৈশোৰ কালছোৱাত মানুহৰ নিজৰ মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিকক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি এই সময়ছোৱাত কিশোৰ-কিশোৰীৰ মনত উত্‍কণ্ঠা জাগি উঠে ফলত মানসিক দ্বন্দ্বৰো সৃষ্টি হ'ব পাৰে। পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি আহি নিজৰ বিচাৰ-বিবেচনাৰে এখন নৈতিকতা সমৃদ্ধ সমাজ তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে তেওঁলোকৰ মনত সাৰ্বজনীন বিশ্ব ভাতৃত্বৰ ভাবো গঢ়ি তোলে। এই সময়ছোৱাতে সমাজ সচেতনতাৰ লগত গঢ়ি উঠে নিঃস্বাৰ্থ মনোভাব। যাৰ ফলত তেওঁলোকে নতুন সমাজ গঢ়াৰ সপোন দেখে। তেওঁলোকে সামাজিক বিপ্লৱৰ অংশীদাৰ হৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাবৰ বাবে বিশ্বৰ বহুতো সামাজিক বিপ্লৱত এওঁলোকে অংশ গ্ৰহণ কৰে। নৈতিকতাৰ এনেধৰণৰ বিকাশে দেশপ্ৰেম, সামাজিক দায়বদ্ধতা, বিশ্বপ্ৰেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে।

(27) কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ-  কৈশোৰ কালছোৱাক মানৱ জীৱনৰ ৰূপান্তৰৰ কাল বুলি কোৱা হয়। এই সময়ছোৱাত শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আনি পৰিৱৰ্তনসমূহ আহি পৰে। সেয়েহে কিছুমানে এই সময়ছোৱাক ধুমুহা আৰু পীড়নৰ সময় বুলি ক'ব খোজে।
    আৱেগিক বিকাশঃ- কিশোৰ-কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলিব পাৰি। আৱেগ-অনুভূতিৰ অত্যাধিক বিকাশ হোৱাৰ বাবেই তেওঁলোক আৱেগপ্রৱন হয় আৰু তেওঁলোকৰ জীৱন সম্পুর্ণভাবে আৱেগে পৰিচালিত কৰে। আবেগে তেওঁলোকৰ মনত এক আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবা্দি হৈ পৰে। আশা নিৰাশাৰ দোমোজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী বিদ্রোহীভাবাপন্নও হৈ পৰে। পৰিয়াল বা সমাজৰ প্রতি এনে নেতিবাচক মনোভাব পোষন কৰাসকল যথাযথ ভাবে শিক্ষিত কৰিব নোৱাৰিলে তেওঁলোকৰ মাজত অপৰাধ প্রৱণতাই দেখা দিয়ে। এয়াই হল কৈশোৰত  আৱেগিক বিকাশৰ লক্ষণ৷
    সামাজিক বিকাশঃ- কৈশোৰ কালৰ সামাজিক বিকাশ এক উল্লেখনীয় বিষয়। দলীয় মনোভাব লগতে সমমর্মিতাৰ উন্মেষ হয় এইখিনি সময়তে। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। কিশোৰ কালছোৱাত সামাজিক বিকাশ হয় যদিও ভাব প্ৰৱণতাৰ আৱেগিক চিন্তাই বহুক্ষেত্ৰত তেওঁলোকক বিপথগামী কৰিব পাৰে। কিশোৰসকলৰ মাজত ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰহে প্ৰভাৱ বেছি। মদ, ড্রাগছ আদিৰ প্রতি আসক্তি অথবা সমাজৰ স্বীকৃতি আচৰণৰ প্রতি অনীহা আদিও সামাজিক বিকাশৰে লক্ষণ। সেয়েহে সামাজিক বিকাশৰ ক্ষেত্ৰত এই সময়ছোৱাত কিশোৰ-কিশোৰীসকলক সু-শিক্ষা দিব লাগে যাতে, তেওঁলোক বিপথে পৰিচালিত নহয়।

(28) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি? HS-2019,2012
উত্তৰঃ- মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব হৈছে-
(১) মাধ্যমিক স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই।
(২) এই সময়ত কিশোৰ-কিশোৰীসকল মাধ্যমিক স্তৰৰ শিক্ষা দুটা প্ৰধান বিশেষত্বৰ প্ৰথমটো হ'ল, এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই।
    দ্বিতীয়টো হ'ল, এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধি-বৃত্তিৰ বৃদ্ধি হয়। প্ৰবৃত্তিৰ বিষয়ে গভীৰভাৱে জানিবলৈ কৌতুহলী হৈ পৰে। ফলত কৈশোৰ মনত সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। ইয়াৰ বাবে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজত যোগসূত্ৰ স্থাপন আদিত গুৰুত্ব দিয়া হয়।

(29) কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ বৰ্ণনা কৰা।

নাইবা

১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে উল্লেখ কৰা তিনিটা লক্ষ্য লিখা।

উত্তৰঃ- কৈশোৰ কালক জীৱনৰ বয়ঃসন্ধিৰ কাল বুলি কোৱা হয়। এই সময়ছোৱাৰ কিশোৰ-কিশোৰীয়ে পঢ়া শিক্ষানুষ্ঠান হ'ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান আৰু প্ৰচলিত শিক্ষা হ'ল মাধ্যমিক শিক্ষা। মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। এই সময়ত আনুষ্ঠানিক শিক্ষাৰ লগত অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিয়া উচিত। এই কালছোৱাৰ শিক্ষা ব্যৱস্থাও কিছু গুৰুত্বপূৰ্ণ। কৈশোৰ কালৰ শিক্ষাৰ বাবে মাধ্যমিক শিক্ষা উপযুক্ত বুলি ভবা হৈছে।
    উল্লেখযোগ্য যে ব্যক্তি জীৱনৰ জটিলতাপূৰ্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ১৯৫২-৫৩ চমত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ তিনিটা সামাজিক লক্ষ্যৰ বিষয়ে উনুকিয়াইছিল। সেইকেইটা হ'ল-
(১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া।
(২) ধৰ্ম নিৰপেক্ষ দেশৰ সু-নাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ব কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা।
(৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা।
    আনহাতে, ১৯৮৬ চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিতো মাধ্যমিক শিক্ষাক গুৰুত্ব দিয়া হৈছে। এই শিক্ষাক বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আচলতে মাধ্যমিক স্তৰৰ শিক্ষাই প্ৰাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰে আৰু স্বয়ং সম্পূৰ্ণ কৰি তোলে।

(30) শব্দ অৰ্থঃ
অলীক= অবাস্তৱ।
অভাৱনীয়= যাক ভাবিব নোৱাৰি, অচিন্তনীয়।
প্ৰতীতি= বিশ্বাস ধাৰণা।
দিবাস্বপ্ন= অবাস্তৱ কল্পনা।
সাৰ্বজনীন= ৰাজহুৱা, বাৰোৱাৰী, ৰাইজ সম্বন্ধীয়।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no:-8812946512
Join us in facebook page-https://www.facebook.com/onlineassamdiary
Contact us (brahmaratan@gmail.com/7020477396) for pdf Free notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, Economics, History.
Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
February 26, 2022 at 7:41 PM ×

Thank u sir

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar