-->

অসম দেশৰ বাগিচাৰে । axom deshar bagichare-ড. ভুপেন হাজৰিকা

 

অসম দেশৰ বাগিচাৰে । axom deshar bagichare

অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালী;
হে লছমী নহয় মোৰে নাম- চামেলি।।
শিৰীষ তলে ধৰ্‌ বি পাহি
পাতা লম্বা পাবি ব’লি;
নাকে পিন্ধি নাকফুলি জোৱান ভুলালি
হে’ চম্পা নহয় মোৰে নাম চামেলি।।

বাৰ মাসেৰ বাৰ ফুল
ভাতৰ মাসেৰ কেয়াৰে;
কিবা দৰে ছাড়ে গেল’
অভাগিনী পিয়াৰে।
অ’ অভাগিনী পিয়াৰে।
ছট’ ছট’ ছোকড়ী, বৰ বৰ টুক্‌ৰী
নৰম সবুজ পাতা, তলে ডগ্‌ ডগ্‌
জোৱান বুঢ়াৰ আখি দেখ্‌
কৰে লক্‌ লক্‌;
ছট’ ছট’ বুকখানা কৰে ঢক্‌ ঢক্‌
কি ভাবিস ঐ হামাৰ চাহেলী
মনে ৰাখ মোৰ নাম- চামেলী।

এ’ বাপ-দাদা আছিলে কোনোবা মুলুকত
পিচে আমি বিহু গাব জানো-
এ’ হাঁহে হৈ চৰিমগৈ অ’ মইনা
তোমাৰেনো পুখুৰীল
এ’ পাৰ হৈনো চৰিমগৈ চালত;
এ’ ঘামে হৈ সোমামগৈ অ’ মইনা
তোমাৰেনো শৰীৰত;
মাখি হৈনো চুমা দিম গালত।
ভাদৰ মাসত ধম্‌ ধমা ধম্‌
কৰম পূজাত ধম্‌ ধমা ধম্‌
বাজাও আমি ধম্‌ ধমা ধম্‌
মাদাল চাওতালী।

মগলুঃ-  এই মুখাপিন্ধা, তই কোন ছোৱালী ৰে
    আৰে’ বীৰবলৰ বেটি তই হাণ্টাৰৱালী
    নে পিস্তলৱালী! আৰে পাগলী!
চামেলীঃ- ওঁ-হুঁ, পাগলী নহয়, মোৰে নাম চামেলি
    বীৰবলেৰ বেটী মোৰ নাম চামেলি
    অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালী
হে লছমী নহয় মোৰে নাম চামেলি
বীৰবলেৰ বেটী মোৰ নাম চামেলি
অসম দেশত নাছি ফুৰোঁ উমলি।

চৰ্দাৰ ব’লে কাম কাম
বাবু ব’লে ধৰি আন
চাহেব ব’লে লিব পিঠেৰ ছাম
অ’ বিদেশী শ্যাম
ফাঁকি দিয়ে আনিল আসাম।


2. এটি মনৰ দুটি মানুহ । Eti monor duti manuh


এটি মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে,
    সৰগী মৰতত
এই প্ৰিয়জনে
আবেগৰ নাচোন নাছে
মৰী সৰগ ৰচে।

তেনেকে নেচাবা বুকু দহি যায়
অ’ তেনেকে নেচাবা বুকু দহি যায়
মৰমৰ ৰিহাখন লাজতে খহি যায়।
তপত বতাহে জীৱন-জোকাৰে
ৰঙেৰে সাজোন কাচোনে।
মৰমী মৰগ ৰচে।।

প্ৰিয়জন, প্ৰিয়জন, অতিকে আপোন
চিৰদিন কাষতে, থাকেনে প্ৰিয়জন
সপোনে দিঠকে, মৰণে জীৱনে
সেন্দূৰী আলিটিৰ বাটেৰে
মৰম সৰগ ৰচে।

3. এ ৰাধাচুড়াৰ ফুল গুঁজি । a radhachurar ful gunji


এ ৰাধাচুড়াৰ ফুল গুঁজি
ৰাধাপুৰৰ ৰাধিকা
চাহ-বাগিচাত ঢুমুৰ নাচি
জুগ্‌নুক যাচে ফটিকা।

সেই ফটিকা প্ৰেম ফটিকা
(তাত) ভেজাল-তেজাল একো নাই।
(ই) কৃষ্ণটূড়া ফুলৰ দৰে সঁচা ৰং ছটিয়ায়
জুগনু বোলা শিৰীষ গছত
ৰাধা যেন লতিকা।
চাহ-বাগিচাত ঢুমুৰ নাচি
জুগনুক যাচে ফটিকা।

সোনাৰুৱে হালধীয়া থোপাথুপি থোপাথুপি ফুল
আইনা দেখি খোপা বান্ধি ৰাধা বিয়াকুল।
জুগনুৰ দেহা কুন্দত কটা
অ’ মাদল কাঠৰ ৰং
তাকে দেখি ৰাধাই হাঁহে
কত যে তাইৰ ঢং
জুগনুবিহীন সময়খিনি
ৰাধাৰ যেন শতিকা।
চাহ-বাগিচাত ডুমুৰ নাচি
জুগনুক যাচে ফটিকা।


4. আমৰ কাৰণে জীৱন শলিতা । Anor karone jiwon shalita

আমৰ কাৰণে জীৱন শলিতা
কিমান জ্বলাবা আৰু
আৰু কিমান বাকী আছে?
আনৰ কাৰণে কলিজাৰ তেজ
কিমান ঢালিবা আৰু
আৰু কিমান বাকী আছে?
নিজৰ কাৰণে ভাবিবলৈ আহৰি
নাই নাই নাই তোমাৰ
সোঁৱৰালোঁ শতবাৰ।

প্ৰতি ঊষা শোণিতেৰে
কত পট অঁকা
সেই পটে তোমাকেই নিঃশেষ কৰি নাচে।
আনৰে কাৰণে কলিজাৰ ৰং
কিমান ঢালিবা আৰু
আৰু কিমান বাকী আছে? 


5. কাহিনী এটি লিখা । Kahini Eti likha

কাহিনী এটি লিখা
কাহিনী এটি লিখা সেৱাৰ বিষয়ে
কৈছিলোঁ বহু বাৰ
বন্ধু লিখক তুমি নুশুনিলা
দেখুৱালা মাথো অহংকাৰ
সঁচা নায়ক বিচাৰি বিচাৰি
তাহানি যে আহিছিলা লৱৰি
মই ও দেখোন মানৱ ইতিহাসৰ
কথা কলো নিজকে পাহৰি।
তেতিয়াতো তুমি লিখি গ’লা
মিছা কথা মিছা নায়কৰ!
যি কাহিনী তুমি নিলিখিলা
তাক ইতিহাসত সময়ে লিখিলে,
মোৰেই মাজত সহস্ৰ মানৱৰ
যুঁজৰ জোৱাৰ তুমি নেদেখিলা!
নিজৰি কাপ নিগৰি নিগাৰ
(আজি) তোমাৰ ভাষাও পৰিলে ভাগৰি
ময়ো আজি ক্ষণ ক্ষতি কৰি
নেযাও আৰু তোমাক বিচাৰি
নেযাও আৰু শত কাবৌ কৰি
ক’বলৈ আৰু এটিও বাৰ।
বন্ধু লিখক তুমি লিখি গ’লা
মিছা কথাৰ মিছা কল্পনাৰ।।
কাহিনী এটি লিখা সেৱাৰ ৱিষয়ে
কৈছিলা বহু বাৰ।।

Previous
Next Post »