-->

ভাৰতীয় আদৰ্শত বৈৰাগ্য । Bharatiya adarshot bairagya

ভাৰতীয় আদৰ্শত বৈৰাগ্য -তীৰ্থনাথ শৰ্মা

Bharatiya adarshot bairagya


(1) 'পঞ্চপুষ্প' পুথিখনৰ ৰচক কোন?   HS-2013
উত্তৰঃ- তীৰ্থনাথ শৰ্মা

(2) কামসেন্দুৰ কবিতাপুথিখনৰ ৰচক কোন? HS-2015
উত্তৰঃ- তীৰ্থনাথ শৰ্মা

(3) তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি? HS-2016
উত্তৰঃ- কামসেন্দুৰ

(4) ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?   HS-2012
উত্তৰঃ- বেদ

(5) কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি যোগ বুলি কৈছে? HS-2013
উত্তৰঃ- কৰ্ম কৰা কৌশলক ভগৱদগীতাত যোগ বা কৰ্মযোগ বুলি কৈছে।

(6) ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?    HS-2017
উত্তৰঃ- ঋকবেদৰ মন্ত্ৰবিলাকত এটা উজ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতিৰ পৰিচয় পোৱা যায়।

(7) তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?    HS-2017
উত্তৰঃ- গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

(8) তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?
উত্তৰঃ- তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ ১৯৭১ চনৰ মাকুম অধিৱেশনৰ সভাপতি আছিল।

(9) কোনখন উপনিষদৰ অনুশীলনৰ কথাখিনি দকৈ গমি চাব লগা কথা?
উত্তৰঃ- তৈত্তিৰীয় উপনিষদৰ কথাখিনি দকৈ গমি চাব লগা কথা।

(10) ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাত্‍ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ। কি তিনিটা কথা সোঁৱৰাই দিয়া হৈছে?
উত্তৰঃ- মাতৃ দেৱো ভৱ, আচাৰ্য দেৱো ভৱ আৰু অতিথি দেৱো ভৱ। এই তিনিটা কথা সোঁৱৰাই দিয়া হৈছে।

(11) প্ৰকৃততে ত্যাগ বা বৈৰাগ্য মানে কি?         HS-2015
উত্তৰঃ- বহুত থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য।

(12) ঈশোপনিষদৰ নিষেধ বাক্যটি কি? HS-2019

নাইবা

ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো কি আৰু তাৰ অৰ্থ কেনেধৰণৰ?
উত্তৰঃ- ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো হ'ল- 'ভুঞ্জীথা', নিষেধ বাক্য হ'ল- 'মা গৃধ', (তেনে ত্যক্তেন- ভুঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্‌) 'ভুঞ্জীথাঃ ভোগ কাৰ, কিন্তু সাৱধান, ত্যক্তেন- ত্যাগ কৰিহে ভোগ কৰা। মা গৃধঃ- নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান।

(13) শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই?
উত্তৰঃ- শৰীৰধাৰী মানুহৰ কাম কৰাৰ বাহিৰে অন্য উপায় নাই। এই কথা উপনিষদ আৰু ভাগৱদ্‌গীতাত আছে। উপনিষদৰ কৰ্মযোগৰ নিৰ্দেশত আছে- কাম কৰি এশ বছৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা।

(14) অতিথি দেৱ ভৱ মানে কি?    HS-2018
উত্তৰঃ- অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। আচাৰ্য আৰু অতিথিয়ে সমাজখন প্ৰতিনিধিত্ব কৰে। অতিথিসকলক দেৱতাৰ দ্বৰে জ্ঞান কৰিব লাগে। ভাৰতীয় আদৰ্শত মাতৃ দেৱো ভৱ, আচাৰ্য দেৱো ভৱ আৰু অতিথি দেৱো ভৱ অৰ্থাত পিতৃ-মাতৃ, গুৰুজন আৰু অতিথিজনক সমানে দেৱতুল্য বুলি ভাবিব লাগে। তেওঁলোকৰ প্ৰতি কৰ্তব্য কেনেকুৱা হ'ব লাগে তাক কোৱা হৈছে। সেয়েহে অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ প্ৰতিও আমাৰ দায়িত্ব আছে।

(15) উপনিষদৰ কৰ্মযোগ কি? HS-2014
উত্তৰঃ- উপনিষদৰ কৰ্মযোগ মানে হল কৰ্ম বা কাম কৰাৰ আদৰ্শ বিশেষ। কামো কৰিব লাগে আৰু সেই কামত আসক্ত হৈ থাকিবও নালাগে এয়ে কৰ্মযোগ। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা। কামো কৰিবা আৰু সেই কামত লিপিত খায়ো নাথাকিবা, ইয়েই উপনিষদৰ কৰ্ময়োগ।

(16) চাৰি আশ্ৰম কি কি লিখা।    HS-2018

(অথবা) চাৰি আশ্ৰম বুলিলে কি বুজা? HS-2024
উত্তৰঃ- ভাৰতীয় আগৰ্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে। এই চাৰিটা স্তৰক চাৰি আশ্ৰম বোলা হয়। এই চাৰি আশ্ৰম হৈছে- ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্যাস। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে।

(17) ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ?
উত্তৰঃ- ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাত্‍ আপোনাৰ (নিজৰ) পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ। এই তিনিটাৰ কথা সোঁৱৰাই দিছে। পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচাৰ্য আৰু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাই দিছে। কেৱল নিজৰ কাৰণে ধন সম্পদ অৰ্জন কৰিলে নহ'ব, পৰিয়ালবৰ্গৰ কাৰণেও কৰিব লাগিব, আনকি আচাৰ্য আৰু অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগিব।

(18) ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পৰ্কে চমুকৈ বুজাই লিখা। HS-2012
উত্তৰঃ- ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থবান, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তিৰূপে বৈৰাগ্যও জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। থাকিও সহজভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য।

(19) অৰ্থ লিখাঃ-
বৈৰাগ্য, বিৰাগ= বিষয় বা ইন্দ্ৰিয়ভোগৰ প্ৰতি অনাসক্তি HS-2018
শ্ৰেয়= গৰম কল্যাণকৰ বস্তু (ইয়াৰ বিপৰীতে প্ৰেয়ঃ-প্ৰেয়ঃ মানে আপাত ৰমণীয় বস্তু)
কেলেহুৱা= লোকৰ ঘৰত চাপি পেট পুহি থকা, চপনীয়া
পাৰত্ৰিক= পৰলোক সম্বন্ধীয়, পৰলৌকিক
অপ্ৰমাদী =সতৰ্ক, সাৱধান


Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »

1 Comments:

Click here for Comments
Editor desk
admin
December 31, 2022 at 5:34 AM ×

Nice information

Congrats bro Editor desk you got PERTAMAX...! hehehehe...
Reply
avatar