-->

আনন্দৰাম বৰুৱা-উপেন্দ্ৰ চন্দ্ৰ লেখাৰু । Anandaram Barua by Upendra

 আনন্দৰাম বৰুৱা
-উপেন্দ্ৰ চন্দ্ৰ লেখাৰু 

(1) আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?          HS-2015,2020
উত্তৰঃ- অমৰকোষ।

(2) আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ উল্লেখ কোনখন গ্ৰন্থত কৰিছিল?      HS-2013
উত্তৰঃ- আনন্দৰাম বৰুৱাই তেওঁৰ ৰচিত 'মহাবীৰ চৰিত'ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।

(3) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?              HS-2018
উত্তৰঃ- কৰ্ম আৰু সাধনা।

(4)  ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন?          HS-2019
উত্তৰঃ- আনন্দৰাম বৰুৱা।


(5) আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল? 
উত্তৰঃ- আনন্দৰাম বৰুৱাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ গাঁওত জন্ম হৈছিল।

(6) আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল?
উত্তৰঃ- কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত আনন্দৰাম বৰুৱাই স্নাতক ডিগ্ৰী লাভ কৰিছিল।

(7) দেশৰ প্ৰতি আনন্দৰাম বৰুৱাৰ মহত্‍ দান কি?
উত্তৰঃ- আনন্দৰাম বৰুৱাই যিদৰে নিজৰ প্ৰতিভাৰে সংস্কৃত চৰ্চা কৰি জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়াইছিল ঠিক সেইদৰে আন আন অসমীয়াক দেশৰ উন্নতি পথত আগবাঢ়িবলৈ ইংগিত দি গৈছিল। দেশৰ প্ৰতি এয়ে তেখেতৰ মহত্‍ দান।

(8) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?  HS-2013
উত্তৰঃ- আনন্দৰাম বৰুৱাৰ অসাধাৰণ পাণ্ডিত্য, প্ৰখৰ স্মৰণ শক্তি, অতুলনীয় কৰ্মস্পৃহা, নিজ পিতৃ-মাতৃ-ভাতৃ তথা স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা-ভক্তি আৰু তেখেতৰ মহত্‍ গুণৰাজি আমাৰ বাবে সহায় অনুকৰীয়।

(9) কিহৰ বাবে আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্ব অৱলম্বন কৰিছিল?          HS-2013
উত্তৰঃ- আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁৰ জ্ঞান চৰ্চাৰ অনুৰাগ ইমান প্ৰবল আছিল যে অন্য কথা বা সংসাৰিক বিষয়ৰ প্ৰতি ভাবিবৱৈ সময় নাছিল। সেয়েহে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

(10) ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল?          HS-2014
উত্তৰঃ- আনন্দৰাম বৰুৱা কেৱল প্ৰশাসনিক বিষয়া হিচাপেই নহয়, এগৰাকী সংস্কৃত পণ্ডিত হিচাপেও প্ৰখ্যাত আছিল। ভাৰত আৰু সূদুৰ ইউৰোপত শিক্ষা লাভ কৰি তেওঁ অগাধ পণ্ডিত হৈছিল। গুৱাহাটী কলেজিয়েট স্কুলক এটা সময়ত গুৱাহাটী গভৰ্ণমেন্ট ছেমিনাৰী নামেৰে জনা গৈছিল। সেই শিক্ষা প্ৰতিষ্ঠানৰ পৰা আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত এণ্ট্ৰেন্স পৰীক্ষাত (১৮৬৪) উত্তীৰ্ণ হৈছিল।
    ১৮৬৯ চনত কলিকতা প্ৰচিডেন্সী কলেজৰ পৰা তেওঁ আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
    ১৮৭২ চনত তেওঁ ইংলেণ্ডত 'ইণ্ডিয়ান চিভিল ছাৰ্ভিচ'ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে।

(11) আনন্দৰাম বৰুৱাক কিহে মহত্‍ আৰু অমৰ কৰি তুলিছে?           HS-2015
উত্তৰঃ- আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল বাবে একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল। একাগ্ৰতাৰ বলতেই তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল যিয়ে তেওঁক মহত্‍ আৰু অমৰ কৰি তুলিছিল। একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ ফলতেই তেওঁ মেধাৰ পৰিচয় দি ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হ'ব পাৰিছিল। তেৱেই হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয়।

(12) কোন চনত ইংলেণ্ডত কি পৰীক্ষাত অৱতীৰ্ণ হৈ আনন্দৰাম বৰুৱাই সফলতা লাভ কৰিছিল?
উত্তৰঃ- ১৮৭২ চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত 'ইণ্ডিয়ান চিভিল ছাৰ্ভিচ'ৰ টূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিছিল।

(11) উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম লিখা।         HS-2018
উত্তৰঃ- উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম হ'ল-
(ক) কথা সাহিত্য আৰু (খ) ভক্তি বিবেক


(12) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা উপেন্দ চন্দ্ৰ লেখাৰুদেৱৰ দুখন গ্ৰন্থ কি কি?
উত্তৰঃ- (ক) কথা সাহিত্য আৰু (খ) ভক্তি বিবেক


(13) উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশন কোন চনত আৰু কোন স্থানত অনুষ্ঠিত হৈছিল?
উত্তৰঃ- উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশন ১৯৭০ চনত ধিঙত অনুষ্ঠিত হৈছিল।

(14) অৰ্থ লিখাঃ-
প্ৰকৃষ্ট= উত্তম।     HS-2019
অনিয়া-অনি= পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা। HS-2019
ক্ষণজন্মা= অতি শুভ সময়ত জন্ম হোৱা, ভাগ্যৱান।
উপৰিস্থসকল= জ্যেষ্ঠসকল


 

Syllabus of HS second year MIL Assamese



@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »