-->

সাত সাগৰৰ দেশ-বিদেশৰ । Xat xagaror desh-bideshor

 

সাত সাগৰৰ দেশ-বিদেশৰ  — জ্যোতি সঙ্গীত । Jyoti Sangeet

সাত সাগৰৰ দেশ-বিদেশৰ
              তেৰ নদীৰ পাৰে
আমাৰ দেশৰ নানা বৰণৰ
              নানান নিচান উৰে।
নানা খনিকৰে নানা কাৰিকৰে
              যতনেৰে যিখিনি কৰে
নোহোৱা নোপোৱা কত অমূল্য
              বাহানি গঢ়িছে নৰে।
তাকো তোমালৈ মাত পাবলৈ
             আনিছোঁ সকলোটি
   মাতা অ’ নিমাতী।।

 

2. মোৰ সুৰৰ চুমাত । Mor xuror chumat — জ্যোতি সঙ্গীত । Jyoti Sangeet


মোৰ সুৰৰ চুমাত
কোন সাৰ পাৱ?
মোৰ গান শুনি-
কোন ভোল যাৱ?
মোৰ সুৰৰ চুমাত—।
মই কোৱা সেই জোনাকী সাধু
নাপাহৰিবি-
বুকুৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি,
চকুৰ পানীৰে লিখা গানবোৰ
আলৈ আথানি নকৰিবি।
মোৰ সুৰৰ চুমাত———।
 

3. জিলিকা পাখিৰে । Jiliki Pakhire — জ্যোতি সঙ্গীত । Jyoti Sangeet

জিলিকি পাখিৰে
অ' সোন ম'ৰা চৰাই
ৰঙা সেউজীয়া তৰাফুটুকীয়া
তোৰে গোটে গাৱতে
অ' সোন ম'ৰা চৰাই।
জুৰিটিৰ পাৰতে নাট ঠেও ধৰি
চোৰ মৰমতে মৰো
অ' সোন মৰা চৰাই।

4. মোৰ সুৰৰ চুমাত । Mor xuror chumat

মোৰ সুৰৰ চুমাত
কোন সাৰ পাৱ?
মোৰ গান শুনি-
কোন ভোল যাৱ?
মোৰ সুৰৰ চুমাত—।
মই কোৱা সেই জোনাকী সাধু
নাপাহৰিবি-
বুকুৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি,
চকুৰ পানীৰে লিখা গানবোৰ
আলৈ আথানি নকৰিবি।
মোৰ সুৰৰ চুমাত———।
Previous
Next Post »