1. গোপাল গোৱালীপাৰাত নাচে [Gopal gowaliparat nache] — বৰগীত [Borgeet]
ৰাগ : ভাটিয়ালী
তাল : একতাল
ধ্ৰুং।।—
গোপাল গোৱালীপাৰাত নাচে।
চৰণ চলাই নূপূৰ বজাই মধুৰ মধুৰ হাঁসে।।
পদ।।—
পীত ধটি কটি কাচনি কাচিয়া
আগু পাছু লাসে ছাৱে।
বালকৰ ভাৱ দেখায়া কানাই
গোপীৰ মন ভুলাৱে।।
দধি বিকি আসি শুনিল গোৱালী
হৰি নাচিবৰ কথা।
পসাৰ পেলাই লৱৰন্তে যাই
কৃষ্ণক বেৰিল তথা।।
সব গোপী মেলি বাৱে হাত তুলি
বোলে ভাল কৰি নাচা।
হাতে তাৰ খাৰু দিব চিনি লাৰু
বাপু পূৰি তোৰ বাঞ্চা।।
গোপীৰ বচনে বৰ লোভ পাই
নাচল নানান ভাৱে।
কহয় মাধৱ আন গতি নাই
ভজ গোবিন্দৰ পাৱে।
2. হৰি হেৰো ৰে বাপ পশিলোঁ [Hori hero re bap poshilo] — বৰগীত [Borgeet]
ৰাগ : বসন্ত
তাল : -
ধ্ৰুং।।—
হৰি হেৰো ৰে বাপ পশিলোঁ শৰণে।
নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।।
পদ।।—
সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নপায়।।
সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা।
অধমে জানিবোঁ কেনে তোহ্মাৰ মহিমা।।
আতুৰ ভৈলোহোঁ হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
তোহ্মাৰ চৰণ দুই মোৰ মহাধন।
ভকত জনৰ নিজ তুমিসে জীৱন।।
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।
কাতৰ কৰিয়া লৈলোঁ শৰণ তোহ্মাৰ।।
কৃপা কৰা নাৰায়ণ ছোড় মোহপাশ।
কহয় মাধৱ হৰি দাসকু দাস।।
ৰাগ : আশোৱাৰী
তাল : -
ধ্ৰুং।।—
মেৰো অৱ নাথ আতমা নন্দ লাল।
বড়হি ঠাকুৰ হৰি দীন দায়াল।।
পদ।।—
আপুন হি মানি হৰিক পদ দাসা।
শিৱ চতুৰমুহ কৰত উপাসা।।
শৰীৰ আতমা মানি সৱ লোই চোৰ।
জ্ঞানী আতমা আৱে হাৰামহিখোৰ।।
সেৱক সেৱহ মানি আতমা গোৱিন্দে।
ৰাখত মন হৰি পদ অৰৱিন্দে।।
মাধৱ দাসে কহয় তত্ত্ব ওই।
হৰি বিনে হামাৰি আৱৰ নাহি কোই।।
ConversionConversion EmoticonEmoticon