-->

বিদায় বেলিকা জুৰুলা । Bidai belika jurula-বিষ্ণুপ্ৰসাদ ৰাভা

 

বিদায় বেলিকা জুৰুলা । Bidai belika jurula

1. বিদায় বেলিকা জুৰুলা মোৰ হিয়া
কি সতেনো গীত গাওঁ
চলচলীয়া চকুত কান্দোনৰ চাব
বিৰিঙি উঠে বেজাৰত
বেজাৰে নিৰলে চকুযুৰি মোৰ
চকুলোৰে সোঁত বোৱাই যায়
বিদায়...।

 

2. নাহৰ ফুলে নুশুৱাই [Nahor fule nushuwai] — ৰাভা সঙ্গীত [Rabha Sangeet]

নাহৰ ফুলে নুশুৱাই
টগৰ ফুলে শুৱাব।
টগৰ ফুলে নুশুৱাই
কপৌ ফুলে শুৱাব।
কপৌ ফুলে নুশুৱাই
যদি ঘিলা খোপাতে তোৰ।
হিয়া ফুল পাৰি দিম
গুজি খোপাতে মনোহৰ।
মহাসাগৰ সিঁচি আনিম
সাত মানিকৰ ধন
মেঘৰ বুকু ফালি চিঙিম
বিজুলি ফুল শুৱন
মানিক ফুলে নুশুৱাই
যদি সাত-সৰীতে তোৰ
হিয়া ফালি উলিয়াই পিন্ধাম।
তেজাল পোৱাল মণি মোৰ।

3. জয় সাগৰৰ বুকুৰ মাজতে । Joy xagoror bukur majote

জয় সাগৰৰ বুকুৰ মাজতে
উঠে চকুলোৰে ঢল
মলয়াই তোলে হিয়া ভগা সুৰ
কৰূণ বিননি ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।
তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি,
কলিজাৰ চাকি জ্বলিলে দীপালী
বুকুৰ অগনি জ্বলি
পাৰতে সাজিলে স্মৃতিৰে দেউল
প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি।
জয় দেউলত শিৰত বোলালে
সোণৰ গঢ়িমা বোল
আজিও কুলিয়ে কলচিত বহি
তোলে বিননিৰ বোল
জয়া নাই, জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।
সেই সাগৰৰ তেজৰ টুপিৰে
বোলোৱা ৰাঙলি চুলি,
জ্বলোৱা দীপালী তাপিত ভিখাৰী
হৃদয়ৰ শালিতা জ্বলি।
জাগা অসমৰ গাভৰু ছোৱালী
জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল,
জয়া নাই, জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।

Previous
Next Post »