-->

অসমী আইৰ দুখীয়া । Axomee aaior dukhiya

 


1. অসমী আইৰ দুখীয়া । Axomee aaior dukhiya

অ’ মোৰ নিছলা অসমী আইৰ দুখীয়া আদিম ভাই
কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই।
কপালৰ ঘাম ভৰিত পেলাই সাঁচিছিলা যিটো ধন
সবাকো শুহিলে ধনী চীনাজোকে ভাঙিলে তোমাৰ মন।
ভঁৰালৰ ধান এন্দুৰে খুটিলে আজি যে একোৱে নাই
কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই।
এদিন তুমিয়ে গঢ়িছিলা এই ধুনীয়া অসম সোণৰ
গোটেই অসম তোমাৰে আছিল অমিয়া সপোন মনৰ।
সেই অসমো যে আনে কাঢ়ি নিলে অসমী তোমাৰ নাই
কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই।
নতুন আলোৰে উজলি উঠিবা বিলোৱা জ্যোতি নবীন
পিছ পৰি আৰু নেথাকিবা হেৰ’ বজোৱা নতুন বীণ।
নতুন বাটেৰে যাবই লাগিব ব’লা যাওঁ আগুৱাই
কোনে পতিয়াব তোমাৰ আজিৰ কিয়নো এনে বিলাই।
 

2. অ’ অসমীয়া ডেকা দল । O axomiya deka dol

অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল?
দুৰ্গম নদ পাহাৰ গিৰি
লংঘিছিলে ডেকাগিৰি
সুন্দৰ শংকৰে লৰি
কৰিছিল তলে
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল
সিও যে তোৰ
নাইকিয়া হ’ল।
কীৰ্ত্তন দশম নামঘোষা
হওক আমাৰ সৌৰ্য্য
নাট, গীত, নাম, বৰগীত—
হওক ৰণৰ তুৰ্য্য
আৰ্হি তেত্তৰ এই অসমৰ
হওক অসীম বীৰ্য্য
অসমীয়া। সমনীয়া।।
আগবাঢ়ি যাও ব’ল অ’
আগবাঢ়ি যাও ব’ল।।

3. কাৰখানাৰে চিটিৰ হুমুনিয়াহ । Karkhanare chitir humuniah

কাৰখানাৰে চিটিৰ হুমুনিয়াহ
কলৰ ঘৰ্‌ ঘৰনি বুকু কঁপোৱা
শুনি শুনি কাঁহৰ মাত কঠুৱা
কান্দে দুখীয়া বনুৱা।।
শুদা মজিয়াত অকলশৰীয়া
বিনায় কোলাত হিয়া লগৰীয়া
পুৱাই লঘোণ, ভাত নাইকিয়া
কান্দে দুখীয়া বনুৱা।।
অসহ জীৱন উটি ভাহি যোৱা
ভগা-ছিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবৱৈ নোহোৱা
আলই বিলই হোৱা হজুৱা
কান্দে দুখীয়া বনুৱা।।
Previous
Next Post »