-->

ভাৱবাদ । Idealism in Assamese

AHSEC Solution for Class 12 Logic & Philosophy  ভাৱবাদ । Idealism. All the important questions answers are discussed in this article.

ভাৱবাদ 
Idealism

Class 12 Logic & Philosophy  ভাৱবাদ । Idealism ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philosophy  ভাৱবাদ । Idealism has been discussed in systematic way. There are approximately important 36 questions answers in this article.

1. পাশ্চাত্য দর্শনত ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ- দার্শনিক প্লেটো পাশ্চাত্য দর্শন ভাৱবাদৰ প্ৰতিষ্ঠাতা।

2. 'অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ' কথাষাৰ কোনে কৈছে?  HS-2017, 2018, 2019
উত্তৰঃ- জর্জ বার্কলি।

3. আত্মনিষ্ঠ ভাৱবাদৰ প্ৰৱৰ্ত্তক কোন?
উত্তৰঃ- জর্জ বার্কলি।

4. বার্কলিয়ে প্রৱর্তন কৰা ভাৱবাদ কোন প্রকাৰৰ ভাৱবাদ?
উত্তৰঃ- আত্মগত ভাৱবাদ।

5. বাৰ্কলিৰ ভাৱবাদ আত্মনিষ্ঠ নে বস্তুনিষ্ঠ?
উত্তৰঃ- আত্মনিষ্ঠ ভাৱবাদ

6. হেগেলে আগবঢ়োৱা ভাৱবাদ কোন প্রকাৰৰ ভাৱবাদ?  HS-2013
উত্তৰঃ- বস্তুগত ভাৱবাদ।

7. আত্মকেন্দ্রিকতাদ কি?
উত্তৰঃ- বাৰ্কলিৰ আত্মগত ভাৱবাদক আত্মকেন্দ্রিকতাবাদ বোলে।

৪. বস্তুগত ভাৱবাদ কোনে সমর্থন কৰিছে?
উত্তৰঃ- ব্ৰিটিছ দার্শনিক ব্রেডলী।

9. আধুনিক দর্শনৰ প্রতিষ্ঠাতা কোন?  HS-2016
উত্তৰঃ- ৰেনে ডেকার্ট।

10. 'মই ভাবো গতিকে মই আছে' -এই উক্তিটোৰ লগত জড়িত দার্শনিক গৰাকীৰ নাম লিখা।
উত্তৰঃ- ৰেনে ডেকার্ট।

11. আদর্শবাদ মতে পৰম সত্তা কি?
উত্তৰঃ- মন।

12. ৰেনে ডেকাৰ্টৰ মতে আমি আমাৰ মনক সন্দেহ কৰিব পাৰোনে?
উত্তৰঃ- নোৱাৰো।

13. হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ মতে সত্তা হ'ল ...।
উত্তৰঃ- গতিশীল চিন্তা প্রক্রিয়া।

14. আদর্শবাদৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ- প্লেটো।

15. প্লেটোৰ মতে জগতখন অস্থায়ী নে?
উত্তৰঃ- হয়, অস্থায়ী।

16. প্লেটোৰ মতে সামান্য অবিহনে বিশেষ সম্ভৱ নে?
উত্তৰঃ- নহয়।

17. প্লেটোৰ সামান্যবোৰ চিৰন্তন নে?
উত্তৰঃ- চিৰন্তন।

18. চিৎপৰমাণু (Monad) কি?
উত্তৰঃ- পৰম সত্তাক চিৎপৰমাণু বুলি (Monad) কোৱা হয়।

19. লাইবনিজ এজন ভাৱবাদী দার্শনিক হয় নে?
উত্তৰঃ- হয়।
 
20. ইন্দ্রিয়জ জগতখন আধ্যাত্মিক জগতৰ ছাঁ হয় নে?
উত্তৰঃ- হয়, প্লেটোৰ মতে।

21. "যিটো যুক্তি সংগত সেয়া প্রকৃত আৰু যিটো প্রকৃত সেয়া যুক্তি সংগত" -এই বক্তব্যৰ সৈতে জড়িত দার্শনিকজনৰ নাম লিখা।  HS-2015
উত্তৰঃ- হেগেল।

22. ভাৱবাদৰ মতে কোন জ্ঞান পৰম প্রমূল্য?
উত্তৰঃ- আত্মজ্ঞান।

23. ভাৱবাদৰ প্ৰধান ভাগ কেইটা কি কি?
উত্তৰঃ- দুটা। আত্মগতভাৱবাদ আৰু বস্তুগত ভাৱবাদ।

24. “পূর্ব স্থাপিত শৃঙ্খলা মতবাদ” (theory of pre-established harmony) টো কোনে আগবঢ়াইছিল?  HS-2016
উত্তৰঃ- লাইবনিজ।

25. 'প্রত্যক্ষতে বস্তু বিদ্যমান' বা 'প্রত্যক্ষতে ইতি বিদ্যতে' কথাষাৰৰ অর্থ কি?  HS-2017,2018, 2019
উত্তৰঃ- ইয়াৰ অৰ্থ হৈছে প্রত্যক্ষ মন বা চেতনাৰহে একমাত্র অস্থিত্ব আছে।

26. দ্বন্দ্বাত্মক পদ্ধতিৰ লগত জড়িত ভাৱবাদৰ প্ৰকাৰ বিধৰ নাম লিখা। এই পদ্ধতিটো পোষকতা কৰা দার্শনিক জনৰ নাম লিখা।  HS-2017
উত্তৰঃ- বস্তুগত ভাৱবাদ। এই পদ্ধতিটো পোষকতা কৰা দার্শনিক জনৰ নাম হেগেল।

27. 'চিন্তা আৰু সত্তা পৰিশেষ অভিন্ন' (সত্তা বৌদ্ধিক)বুলি প্ৰকাশক কৰা দার্শনিক তত্ত্বটোৰ পোষকতা কৰা দার্শনিকজন কোন?  HS-2018
উত্তৰঃ- ৰেনে ডেকার্ট।

28. আত্মীবাদ কি? আত্মাবাদৰ লগত জড়িত তত্ত্বটোৰ নাম লিখা।  HS-2018
উত্তৰঃ- যি মতবাদে বাহ্যবস্তুৰ অস্থিত্ব ব্যক্তিমন বা ব্যক্তিৰ আত্মাৰ ওপৰত নিৰ্ভৰশীল বুলি স্বীকাৰ কবে তাকে আত্মাবাদ বোলে। এই তত্ত্বটোৰ লগত জড়িত তত্ত্বটোৰ নাম আত্মাগত ভাৱবাদ।

29. প্রত্যক্ষ ইতি বিদ্যতে অথবা প্রত্যক্ষতে বস্তু বিদ্যমান- কথাষাৰৰ অর্থ কি?  HS-2017
উত্তৰঃ- কথাষাৰৰ অৰ্থ হৈছে প্রত্যক্ষতে বস্তু বিদ্যমান। অর্থাৎ এই সুবিশাল বিশ্বৰ কোনো বস্তুৰেই মন নিৰপেক্ষ অর্থাৎ প্রত্যক্ষনিৰপেক্ষ অস্তিত্ব নাই। এইবোৰৰ অস্তিত্ব প্রত্যক্ষৰ ওপৰতে নিৰ্ভৰশীল। বস্তৰ অস্তিত্ব প্রত্যক্ষৰ দ্বাৰাই নির্ধাৰিত হয়।

30. দ্বন্দ্বাত্মক পদ্ধতি কি?
উত্তৰঃ- দুটা বিৰোধী ধাৰণাৰ মাজত সমন্বয় সাধন কৰাৰ নামেই ভাবাত্মক বা দ্বন্দ্বাত্মক পদ্ধতি। জড় চেতনৰ পার্থক্য, সত্তা অসত্তাৰ বিশেষৰ সম্বন্বয় সাধনৰ চিন্তা প্রক্রিয়াকে দ্বন্দ্বাত্মক পদ্ধতি বোলে।

31. লাইবনিজৰ ভাৱবাদক কিয় বহুত্ববাদী ভাৱবাদ বোলা হয়।  HS-2019
উত্তৰঃ- লাইবনিজৰ ভাৱবাদক বহুত্ববাদী ভাৱবাদ বোলাৰ কাৰণ হ'ল- তেওঁৰ ভাৱবাদত অসংখ্য ম'নাদ বা চিৎপৰমাণু স্বীকাৰ কৰা হৈছে।

32. 'পুর্ব-স্থাপিত শৃংখলা' মতবাদ কি?  HS-2020
উত্তৰঃ- সৃষ্টিৰ আৰম্ভণিতে ঈশ্বৰ চিৎপৰমাণু বা ম'নাদ বিলাকৰ মাজত সংহতি পুর্বতে স্থাপন কৰে। ইয়াকে পুর্ব-স্থাপিত শৃংখলা' মতবাদ বোলে।

33. হেগেলৰ ভাৱবাদে বাস্তৱবাদ আৰু ভাৱবাদৰ সমন্বয় সাধন কৰিছে বুলি তুমি ভাবা নে? বুজাই লিখা।  HS-2019
উত্তৰঃ- হেগেলৰ ভাৱবাদে বাস্তৱবাদ আৰু ভাৱবাদৰ সমন্বয় কৰিছে বুলি ভাবোঁ। কাৰণ হেগেলৰ ভাৱবাদে জগতৰ বাস্তৱতা স্বীকাৰ কৰিছে। তেওঁৰ মতে জগত সত্ত্বাৰ যথাযথ প্রকাশ। তেওঁৰ ভাৱবাদৰ জগতৰ প্ৰমূল্য ক্ষুন্ন হোৱা নাই আৰু সীমিতও হোৱা নাই। তেওঁৰ ভাৱবাদৰ পৰম ধাৰণা আৰু বস্তু সমূহৰ মাজত এৰাব নোৱাৰা সম্পর্ক আছে।

34. আত্মগত ভাৱবাদ গ্রহণযোগ্য বুলি ভাবানে? যদি নহয় কিয়?
উত্তৰঃ- আত্মগত ভাৱবাদ সম্পূৰ্ণৰূপে গ্রহণযোগ্য মতবাদ নহয় কিয়োনো-
ক) আত্মগত ভাৱবাদে সংবেদন আৰু সংবেদনৰ বিষয়বস্তুৰ পাৰ্থক্য অস্বীকাৰ কৰিছে! কিন্তু দুয়োটাৰে পাৰ্থক্য অস্বীকাৰ কৰিব নোৱাৰি।
খ) আত্মগত ভাৱবাদে বস্তুৰ অস্তিত্বক ধাৰাবাহিকতা, স্থিতি আদিৰ ব্যাখ্যা দিব নোৱাৰে।
গ) বার্কলিৰ আত্মগত ভাৱবাদ আত্মকেন্দ্রিকতাবাদৰ বাহিৰে আন একো নহয়।

35. প্লেটোৰ ভাৱবাদৰ ওপৰত এটা টোকা লিখা।  HS-2019
উত্তৰঃ- প্লেটোক ভাৱবাদৰ প্ৰতিষ্ঠাপক বুলি ক'ব পাৰি। তেওঁৰ মতে এই পৃথিৱীৰ সকলো বস্তু ক্ষণস্থায়ী। বিশেষ সদায় বিনাশী সামান্য অবিনাশী আৰু চিৰন্তন। এই সামান্যক প্লেটোই কেতিয়াবা Idea আৰু Form বুলি কৈছে। তেওঁৰ মতে ব্যক্তিৰ জগত হৈছে ইন্দ্ৰয়ৰ জগত। সামান্যৰ জগত হৈছে ভাৱৰ জগত। প্লেটোৰ মতে ভাৱৰ জগতেই সত্য।

36. তোমাৰ নিজৰ ভাষাৰে ভাৱবাদৰ সংজ্ঞা দিয়া।  HS-2019
উত্তৰঃ- জগতৰ মূলবস্তু ভাৱ বা ধাৰণাৰ পৰাই 'ভাৱবাদ' শব্দৰ উৎপত্তি। মনৰ অবিহনে কোনো ভাৱ বা ধাৰণা থাকিব নোৱাৰে। গতিকে ভাৱ বা ধাৰণা মন নিৰ্ভৰ। জগতৰ মূলবস্তু যদি ভাৱ বা ধাৰণা হয় তেনেহ'লে সেই মূলবস্তু মন নিৰ্ভৰ হ'ব লাগিব। সেই মন ব্যক্তিগত নাইবা বস্তুগত, মানুহৰ নাইবা ঈশ্বৰৰ মনো হ'ব পাৰে। গতিকে, ভাৱবাদ মতে মন নিৰপেক্ষ বাহ্যজগতৰ কোনো অস্তিত্ব নাই। চিন্তা, অনুভূতি, ইচ্ছা আদিৰ মন নিৰপেক্ষ কোনো সত্তা নাই, সেইদৰে বাহ্যবস্তুৰো মননিৰপেক্ষ কোনো সত্তা নাই। অর্থাৎ জ্ঞানৰ বিষয় বস্তুৰ মন নিৰপেক্ষ সত্তা নাই বুলি যি মতবাদে স্বীকাৰ কৰে সেই মতবাদক ভাৱবাদ বোলা হয়। ভাৱবাদী সকলৰ মতে মন বা আত্মাই জগতৰ মূল বস্তু।


 Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »