-->

Class 12 Logic & Philisophy বাস্তৱবাদ । Realism in Assamese

AHSEC Solution for Class 12 Logic & Philisophy বাস্তৱবাদ । Realism. All the important questions answers are discussed in this article.

বাস্তৱবাদ 
Realism

Class 12 Logic & Philisophy বাস্তৱবাদ । Realism ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philisophy বাস্তৱবাদ । Realism has been discussed in systematic way. There are approximately important 31 questions answers in this article.

1. বাস্তৱবাদ কি?
উত্তৰঃ- যি মতবাদে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে বুলি বিশ্বাস কৰে তাক বাস্তৱবাদ বোলে।

2. বাস্তৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি?
উত্তৰঃ- চাৰি প্ৰকাৰৰ- সৰল বাস্তৱবাদ, বিজ্ঞানসন্মত বাস্তৱবাদ, নব্যবাস্তৱবাদ, নব্য সবিচাৰ বাস্তৱবাদ।

3. তিনিজন বাস্তৱবাদী দার্শনিকৰ নাম লিখা।
উত্তৰঃ- জন ল'ক, হোল্ট আৰু পেৰী।

4. বাস্তৱবাদ, জ্ঞানৰ বিষয় বস্তুৰ লগত জড়িত নে?

উত্তৰঃ- জড়িত।

5. সৰল বাস্তৱবাদ কি?
উত্তৰঃ- বাস্তৱবাদৰ প্ৰকাৰ।

6. কোনে সৰল বাস্তৱবাদক প্রাকৃতিক বাস্তৱবাদ বুলি কৈছিল?
উত্তৰঃ- R.W. Sellers

7. বৈজ্ঞানিক বাস্তৱবাদ কোনে প্ৰৱৰ্তন কৰিছিল? HS-2020
উত্তৰঃ- জন ল'ক।

8. মৌলিক আৰু গৌণ গুণ সমূহৰ মাজত কোনে পার্থক্য নিৰূপণ কৰিছে?
উত্তৰঃ- জন ল'ক।

9. সত্তা কি?
উত্তৰঃ- যি বিষয়বস্তু সম্পর্কে জ্ঞান অর্জন কৰা হয় সেই বিষয় বস্তুক দর্শন শাস্ত্ৰত সাধাৰণতে
সত্তা বোলা হয়।

10. সৰল বাস্তৱবাদ কোনে পোন প্রথমে প্রয়োগ কৰিছিল?
উত্তৰঃ- ডুৰান্ত ড্রেক।

11. বিজ্ঞান সন্মত বা বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্ত্তক কোন? HS-2018
উত্তৰঃ- জন ল'ক।

12. জন ল'ক এজন অভিজ্ঞতাবাদী হয় নে?
উত্তৰঃ- হয়।

13. “Essay concerning Human understanding" গ্ৰন্থখন কোনে লিখিছে?
উত্তৰঃ- জন ল'ক।

14. বৈজ্ঞানিক বাস্তৱবাদত কোনো এটা বস্তু প্রত্যক্ষভাৱে জানিব পাৰিনে?
উত্তৰঃ- নোৱাৰি।

15. বৈজ্ঞানিক বাস্তৱবাদক প্রতীকবাদ বুলি কব পাৰি নে?
উত্তৰঃ- পাৰি।

16. অস্তিত্ব প্রত্যক্ষ স্বৰূপ এইটো কোন দার্শনিকৰ সিদ্ধান্ত?
উত্তৰঃ- বার্কলি।

17. বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তু মনৰ পৰা সম্পূৰ্ণৰূপে স্বতন্ত্রনে?
উত্তৰঃ- হয় স্বতন্ত্র।

18. ল'কৰ মতে বাহ্যিক বস্তু সদায় অজ্ঞাত আৰু অজ্ঞেয় হয় নে?
উত্তৰঃ- হয়।

19. সৰল বাস্তৱবাদৰ মতে, জ্ঞান বিষয়বস্তু ইয়াৰ ........ ৰ সৈতে বাহ্যিক জগতত স্বতন্ত্রভাৱে
থাকে।
উত্তৰঃ- গুণ।

20. সৰল বাস্তৱবাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্বন্ধ ........।
উত্তৰঃ- বাহ্যিক।

21. 'সৰল বাস্তৱবাদে ভ্ৰমাত্মক জ্ঞানৰ ব্যাখ্যা দিব নোৱাৰে' ............... তুমি একমতনে?
উত্তৰঃ- হয়।

22. বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে, বস্তুৰ গুণ ........ নহয়।
উত্তৰঃ- ব্যক্তি নির্ভৰশীল।

23. মুখ্য গুণ কি? HS-2017, 2019, 2020
উত্তৰঃ- যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ অর্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, তাক মুখ্য গুণ বোলে। যেনে— আকাৰ, ওজন, পৰিমান আদি।

24. গৌণ গুণ কি? HS-2019
উত্তৰঃ- যিবোৰ গুণৰ পৰা স্বতন্ত্ৰ নহয় অর্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল তাক গৌণ গুণ বোলে৷ যেনে– বর্ণ, গোন্ধ, সোৱাদ, তাপ আদি।

25. সৰল বাস্তৱবাদে ভ্ৰান্তিজ্ঞান ব্যাখ্যা কৰিব নোৱাৰে কিয়?
উত্তৰঃ- সৰল বাস্তৱবাদে প্রত্যক্ষলব্ধ সকলো বস্তুৰে মননিৰপেক্ষ যথার্থ অস্তিত্ব মানি লয়। সেইবাবেই ভ্রান্তি জ্ঞান ব্যাখ্যা কৰিব নোৱাৰে।

26. সৰল বাস্তৱবাদে ভুল বা ভ্রান্তিক ব্যাখ্যা কৰিব পাৰেনে?
উত্তৰঃ- নোৱাৰে।

27. কোন মতবাদৰ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মন নিৰপেক্ষ?
উত্তৰঃ- বাস্তৱবাদৰ মতে।

28. বাস্তৱবাদ আনুসৰি জ্ঞেয় বস্তু মনৰ ওপৰত নিৰ্ভৰশীল হয়/নহয়।
উত্তৰঃ- নহয়।

29. সৰল বাস্তৱবাদৰ আনটো নাম কি?
উত্তৰঃ- সহজ বুদ্ধি মতবাদ।

30. বাহ্যজগতখনক প্রত্যক্ষভাৱে জানিব পৰা যায় বুলি ভবা মতবাদটোৰ নাম কি? HS-2019
উত্তৰঃ- সৰল বাস্তৱবাদ।

31. চমুটোকা লিখাঃ
(ক) প্রতীকবাদ (Representationism): ধাৰণাৰ লগত যদি বাহ্যবস্তুৰ সাদৃশ্য অর্থাৎ মিল থাকে তেনেহ'লে জ্ঞান সত্য হয় আৰু যদি সাদৃশ্য নাথাকে তেনেহ'লে জ্ঞান ভ্রান্ত বুলি বিবেচিত হয়। ধাৰণা বা প্রতীকৰ জৰিয়তে বাহ্যবস্তুৰ জ্ঞান হয় বুলি লকৰ এই মতবাদক প্রতীকবাদ বুলি কোৱা হয়।
(খ) সবিচাৰ বাস্তুৱবাদ (Critical realism): বিজ্ঞান সন্মত বস্তুবাদৰ মতে বাহ্যবস্তুত থকা সকলো গুণ মন নিৰপেক্ষ নহয়। এইবোৰৰ কিছুমান হে বস্তুগত, আনবোৰ মনোগত। বস্তুৰ বিভিন্ন গুণৰ সম্যক বিচাৰ বিবেচনাৰ আধাৰত প্ৰতিষ্ঠা কৰা হৈছে বুলি এই মতবাদক সবিচাৰ বস্তুবাদ বুলি কোৱা হয়।



 Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »