-->

কাৰ্য-কাৰণ বিধি । The Law of Causation in Assamese

AHSEC Solution for Class 12 Logic & Philosophy কাৰ্য-কাৰণ বিধি । The Law of Causation. All the important questions answers are discussed in this article.

 কাৰ্য-কাৰণ বিধি

The Law of Causation

Class 12 Logic & Philosophy কাৰ্য-কাৰণ বিধি । The Law of Causation ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philosophy কাৰ্য-কাৰণ বিধি । The Law of Causation has been discussed in systematic way. There are approximately important 66 questions answers in this article.

1. এৰিষ্টটোলৰ মতে আকাৰগত কাৰণ কাক বোলে? [2018]

উত্তৰঃ- কোনো কার্য উৎপাদন কৰোঁতে উপাদান বা দ্রব্যৰ ওপৰত যি নতুন ৰূপ দিয়া হয় তাকে আকাৰগত কাৰণ বোলে।
2. কাৰ্য কাৰণ নীতি আগমণৰ বস্তুগত ভিত্তি- কথাষাৰ তুমি মানি লোৱানে?
উত্তৰঃ- নহয়।
3. কোনজন চিন্তাবিদৰমতে, 'কাৰণ হ'ল কাৰ্য্যৰ নিয়ত পুৰ্ব্বতী ঘটনা'? [2012]
উত্তৰঃ- জে এছ মিল।
4. যদি এটা ঘটনাৰ যি কোনো পুৰ্ব্বতী ঘটনাকে তাৰ কাৰণ বুলি ধৰা হয়, তেন্তে ই ____ উদ্ভৱ কৰে।
উত্তৰঃ- নানা কাৰণবাদ।
5. "কাৰণকাৰ্য্যৰ নিয়ত পুৰ্ব্বতী ঘটনা মাত্র" -কথাষাৰ কাৰ?
উত্তৰঃ- হিউম।
6. বৌদ্ধ দর্শনত কার্যকাৰণ সম্বন্ধক কি বুলি আখ্যা দিছে?
উত্তৰঃ- প্রতীত্যসমুৎপাদ।
7. সাংখ্য দর্শনত কার্যকাৰণ সম্বন্ধক কি বুলি আখ্যা দিছে?
উত্তৰঃ- সকাৰ্যবাদ।
8. "Ex Nihilo Nihil Fit" ইয়াৰ অৰ্থ কি?
উত্তৰঃ- শুন্যৰ পৰা কেৱল শুন্যহে পাব পাৰি।
9. "Ex Nihilo Nihil Fit" এই উক্তিটো কোন ভাৰতীয় দৰ্শনত পোৱা যায়?
উত্তৰঃ- বৌদ্ধ দৰ্শনত (বৌদ্ধ দৰ্শনৰ কাৰ্যকাৰণত্তৰ প্ৰতীত্যসমূত্‍পাদবাদত)
10. "কাৰ্য-কাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি"- কথাষাৰ সছাঁনে? [2017]
উত্তৰ:- মিছা
11. "কাৰণ ভাৱাত্‍ কাৰ্য ভাৱঃ"- উক্তিটো কাৰ।
উত্তৰঃ- মহৰ্ষি কণাডৰ।
12. "শূন্যৰ পৰা আমি মাত্র শূন্য পাব পাৰো" (Ex Nihilo Nihil Fit) -এই উক্তিটা কাৰ?
উত্তৰঃ- বেইন
13. তৰ্কবিদ বেইনৰ মতে 'কাৰণ' কি?
উত্তৰঃ- কোনো এটা উত্‍পত্তি হোৱাৰ বাবে যিবোৰ পাৰিপাৰ্শ্বিক উপাদান বা চৰ্ত আৰু উপকাৰণৰ প্ৰয়োজন এই সকলোবোৰৰ সামগ্ৰীকতাই হ'ল কাৰণ।
14. অস্থিত্বশীল কাৰণৰ অৰ্থ কি?
উত্তৰঃ- বাস্তৱ কাৰণ।
15. এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ থাকিব পাৰেনে? [2018]
উত্তৰঃ- পাৰে।
16. কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ উল্লেখ কৰা। [2019]
উত্তৰঃ- (ক) কাৰণ আৰু কার্য পৰস্পৰ নিৰ্ভৰশীল।
(খ) কাৰণ আৰু কার্য দুয়োটাই বিশেষ সময়ত সংঘটিত হোৱা ঘটনা।
17. কাৰণৰ যিকোনো দুটা পৰিমাণগত লক্ষণ উল্লেখ কৰা।
উত্তৰঃ- (ক) কাৰণ কাৰ্যৰ সমান।
(খ) বিশ্বৰ বস্তুৰ পৰিমাণ অবিনশ্বৰ।
18. এটা উদাহৰণসহ কাৰণ সমন্বয়ৰ সংজ্ঞা দিয়া আথবা কাৰণ সংযোজন কাক বোলে। [2019]
উত্তৰঃ- একাধিক কাৰণ সংযোজিত একেলগে ক্রিয়া কৰি কোনো এটা জটিল কাৰ্য্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে। যেনে- এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজনৰ নহয়, বহুত কেইজন খেলুৱৈৰ প্ৰচেষ্টাৰ প্রয়োজন।
19. উপাদান কাৰণ কি? এটা উদাহৰণ দিয়া। [2020]
উত্তৰঃ- যি দ্রব্য বা পদাৰ্থৰে কাৰ্য উৎপাদন কৰা হয় তাকেই উপাদান কাৰণ বোলে। যেনে- মাটিৰ ঘটি এটা কার্য বুলি ধৰিলে মাটি হ'ল উপাদান কাৰণ।
20. বাস্তৱ কাৰণ কাক বোলে? [2017, 2019]
উত্তৰঃ- কার্য ঘটাব পৰা অস্থিত্বশীল কাৰণক বাস্তৱ কাৰণ বোলে।
21. দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰটোৰ অর্থ কি? [2018]
উত্তৰঃ- কাৰণৰ পৰিমাণগত সূত্র পদার্থ বিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ নীতি অনুসৰি প্রকাশ কৰা হৈছে।

22. খালি ঠাই পূৰণ কৰাঃ-
(ক) কাৰ্য্যকাৰণ বিধি আগমণ অনুমানৰ ____ ভিত্তি। [2013 2017]
উত্তৰঃ- আকাৰগত
(খ) কোনো ঘটনাৰ যি কোনো পুর্ববর্তী ঘটনাকেই ঘটনাটোৰ কাৰণ বুলি অভিহিত কৰিলে ____ ঘটে।
উত্তৰঃ- কাকতালীয় দোষ
(গ) নানাকাৰণবাদ কাৰণ সম্পর্কীয় এটা ____ ধাৰণা।
উত্তৰঃ- ভ্রান্তমূলক
(ঘ) ____ মতে "কাৰণ সদর্থক বা অনুকুল আৰু নঞর্থক বা প্রতিকুল উপকাৰণৰ সমষ্টি।
[2017]
উত্তৰঃ- তর্কবিদ মিলৰ
(ঙ) কাৰণ কাৰ্য্যৰ ____ পুৰ্ব্বর্তী ঘটনা
উত্তৰঃ- নিয়ত
(চ) কাৰ্য্যৰ কোনো _____ যি উপকাৰণ বৰ্জন কৰিব নোৱাৰি, তাক অনুকুল উপকাৰণ বোলে।
উত্তৰঃ- ক্ষতি নকৰাকৈ
(ছ) পৰিমানৰ দিশত কাৰণ কাৰ্য্য _____ । [2016]
উত্তৰঃ- সমতুল্য

23. উপযুক্ত উদাহৰণসহ প্ৰতিকূল বা নঞৰ্থক উপকাৰণৰ সংজ্ঞা দিয়া। [2018, 2019]
উত্তৰঃ- কোনো এটা কাৰ্য্য সংঘটিত হ'লে যিবোৰ, উপকাৰণ অনুপস্থিতিৰ আৱশ্যক সেইবোৰ উপকাৰণকে নঞর্থক উপকাৰণ বোলে। যেনেঃ-এজন মানুহ পানীত পৰি মৃত্যু হয়। ইয়াৰ মুল কাৰণ হ'ল মানুহজনৰ হৃদযন্ত্ৰৰ স্পন্দন বন্ধ হৈ যোৱাটো। ইয়াৰ নঞর্থক উপকাৰণ হ'ল- পানীৰ গভীৰতা কম নথকা, ওচৰত জীৱন ৰক্ষাৰ সামগ্রী নথকা, মানুহজনৰ সাঁতুৰিব জনাৰ সামৰ্থৰ অভাৱ ইত্যাদি।

24. 'অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টিতহে কোনো কার্য সংঘটিত হয়।' —কথাষাৰ ব্যাখ্যা কৰা। [2020]
উত্তৰঃ- অনুকুল উপকাৰণ হৈছে যি উপকাৰণৰ সহায়ত কাৰ্যটো সংঘটিত হয় আৰু যি উপকাৰণৰ অবিহনে কাৰ্যটো সংঘটিত হয় সেয়াই প্রতিকূল উপকাৰণ। অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টিতহে কোনো কার্য সংঘটিত হয়। যেনে— ছাদৰ পৰা পৰি মিস্ত্রীজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত ছাদখনৰ উচ্চতা, মাটিৰ কঠিনতা, আঘাতৰ গভীৰতা আদি বোৰেই হ'ল অনুকূল উপকাৰণ। আকৌ তেওঁৰ শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা সহায় নোপোৱা, তৎক্ষণিক চিৎসাৰ অভাৱ আদিৰ অনুপস্থিতিয়ে হ'ল প্রতিকূল উপকাৰণ।

 

Previous
Next Post »