নীতিশাস্ত্র
Ethics
Class 12 Logic & Philisophy নীতিশাস্ত্র । Ethics ৰ প্ৰশ্ন উত্তৰ:-
1. কর্ম কাক বোলে?
উত্তৰঃ- যি বোৰ ক্রিয়া কর্তাই সজাগ হৈ কোনো উদ্দেশ্য পূৰণৰ বাবে সম্পাদন কৰে, তাক কৰ্ম বোলে।
2. নৈতিক বিচাৰ শক্তি কি?
উত্তৰঃ- যি বিচাৰৰ দ্বাৰা কোনো এটা কাম ভাল বেয়া বুলি বিবেচিত হয় তাক নৈতিক বিচাৰ বোলে।
3. নীতি বিদ্যা বিজ্ঞান হয়নে?
উত্তৰঃ- নীতি বিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান।
4. 'Ethica' শব্দৰ অর্থ কি?
উত্তৰঃ- Ethos' শব্দৰ পৰা আহিছে। 'Ethos' শব্দৰ অর্থ হ'ল ৰীতি নীতি বা অভ্যাস।
5. 'Mores' শব্দটোৰ অর্থ কি? HS-2014, 2017
উত্তৰঃ- ৰীতিনীতি বা অভ্যাস।
6. Moral' শব্দটো কৰ পৰা আহিছে?
উত্তৰঃ- 'Moral' শব্দটো লেটিন ভাষা ‘Mores' শব্দৰ পৰা আহিছে।
7. 'চৰিত্ৰ মানুহৰ আচৰণৰ আভ্যন্তৰীন অংগ' কথাষাৰ সত্যনে?
উত্তৰঃ- সত্য
৪. উদ্দেশ্যই লক্ষ্য স্থিৰ কৰেনে?
উত্তৰঃ- কৰে।
9. নৈতিক অৱধাৰণৰ বিষয়বস্তু কি? HS-2014
উত্তৰঃ- ঐচ্ছিক ক্রিয়া।
10. ''নীতিবিদ্যা মানুহৰ আচৰণৰ লগত জড়িত সর্বোত্মত আদৰ্শৰ বিজ্ঞান'' কোনে কৈছে?
উত্তৰঃ- প্রখ্যাত নীতি শাস্ত্রবিদ মূৰ হেড।
11. নীতি বিদ্যা ব্যৱহাৰিক বা প্রয়োগিক বিজ্ঞান নে?
উত্তৰঃ- নহয়। ই আদর্শনিষ্ঠ বিজ্ঞান। পৰম কল্যাণ বা পৰমার্থ নির্ণয় কৰাই নীতিশাস্ত্ৰৰ উদ্দেশ্য।
12. পৰম শ্রেয় কি?
উত্তৰঃ- যি আচৰণ বা স্বভাবৰ ভাল-বেয়া, সৎ-অসৎ আদি নৈতিক গুণবোৰ মূল্যায়ণ কৰে। তাক পৰম শ্ৰেয় বোলে।
13. সুখবাদ কি ?
উত্তৰঃ- যি মতবাদৰ মতে সুখ লাভ বা সুখ ভোগ জীৱনৰ চৰম লক্ষ্য তাক সুখবাদ বোলে।
14. কঠোৰবাদ কি?
উত্তৰঃ- যি মতবাদৰ মতে আবেগ অনুভূতি, কামনা, বাসনা আদিক প্রশ্রয় নিদি, বুদ্ধি-বৃত্তিক সবের্বাচ্চ স্থান দি জীৱণ পৰিচালনা কৰাটো মানুহৰ জীৱনৰ পৰম কল্যাণ বুলি ভাবে তাক কঠোৰবাদ বোলে।
15. পূর্ণতাবাদ (Perfectionism) কি?
উত্তৰঃ- যি মতবাদৰ মতে আত্ম উপলদ্ধিয়ে ই জীৱনৰ পৰম লক্ষ্য বুলি ধৰি লয় তাক পূর্ণতাবাদ বোলে।
16. নীতিবিদ্যা কেৱল আদর্শনিষ্ঠ বুলি কোনে কৈছে?
উত্তৰঃ- অধ্যাপক মেকেঞ্জি।
17. আমি আমাৰ ঐচ্ছিক ক্রিয়াৰ বাবে দায়ীনে?
উত্তৰঃ- নিজৰ ঐচ্ছিক ক্রিয়াৰ বাবে নিজেই দায়ী।
18. নীতিবিজ্ঞান এটা সামাজিক বিজ্ঞান হয়নে?
উত্তৰঃ- নীতিবিজ্ঞান সামাজিক বিজ্ঞান।
19. নীতিবিজ্ঞান নিয়ামক বিজ্ঞান হয়নে?
উত্তৰঃ- হয়।
20. অধিনীতিবিদ্যা (Meta-ethics) মানে কি বুজা?
উত্তৰঃ- বর্তমান কালৰ ভাষাবিশ্লেষক সকোলে ভাল-বেয়া, উচিত-অনুচিত, মংগল-অমংগল, ন্যায়-অন্যায় আদি নৈতিক ধাৰণা সমূহক সুস্পষ্ট অর্থ নির্ধাৰণ কৰিছে। তাকে অধিনীতি বিদ্যা বোলে।
21. অভ্যাসজনীত ক্রিয়া কি?
উত্তৰঃ- যেতিয়া কোনো এটা কাম ইচ্ছাকৃত ভাবে বাৰে বাৰে অনুশীলন কৰা হয়। তাক অভ্যাসজনীত ক্রিয়া বোলে।
22. নীতি বিদ্যাৰ আদর্শ কি? HS-2020
উত্তৰঃ- পৰম কল্যাণ বা পৰম শ্রেয়।
24. ভাবজ ক্রিয়া এবিধ অনৈতিক ক্রিয়া হয়নে?
উত্তৰঃ- হয়।
25. অনুকৰণীয় ক্রিয়া অনৈতিক ক্রিয়া হয়নে?
উত্তৰঃ- হয়।
26. আকস্মিক ক্রিয়াবোৰ অনৈতিক হয়নে?
উত্তৰঃ- হয়।
27. ঐচ্ছিক ক্রিয়াৰ তিনিটা স্তৰ কি কি?
উত্তৰঃ- (ক) মানসিক স্তৰ
(খ) দৈহিক স্তৰ বা শাৰীৰিক স্তৰ
(গ) পৰিসমাপ্তি স্তৰ
28. মানসিক ক্রিয়াৰ দুটা উৎস উল্লেখ কৰা।
উত্তৰঃ- কর্মৰ উৎস, লক্ষ্য বা উদ্দেশ্য।
29. ঐচ্ছিক ক্রিয়াৰ লক্ষ্য কি?
উত্তৰঃ- অভাৱ দূৰ কৰিব পৰাটো ঐচ্ছিক ক্রিয়াৰ লক্ষ্য।
30. উদ্দেশ্য এটা ঐচ্ছিক ক্রিয়া হয়নে?
উত্তৰঃ- হয়।
31. কামনা কি?
উত্তৰঃ- অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা বা বস্তুটো পাবলৈ মনত জমা আকুলতা হ'ল কামনা।
32. বিবেচনা এটা নৈতিক কর্ম হয়নে?
উত্তৰঃ- হয়।
33. সংকল্প এটা মানসিক কর্ম হয়নে?
উত্তৰঃ- হয়।
34. অভিপ্রায় কি? HS-2018
উত্তৰঃ- অভিপ্রায় হ'ল লক্ষ্য, উদ্দেশ্য সাধন আৰু পৰিনামৰ সমন্বয়। অভিপ্রায় = লক্ষ্য + উদ্দেশ্য + সাধন + পৰিণাম
35. দৈহিক স্তৰ কি?
উত্তৰঃ- মানসিক সংকল্পক শৰীৰৰ মাধ্যমেৰে কৰ্মত ৰূপায়িত কৰাই হ'ল দৈহিক স্তৰ।
36. পৰিসমাপ্তি স্তৰ কি?
উত্তৰঃ- কাম্য বা বাঞ্ছিত ফল লাভেই ঐচ্ছিক পৰিসমাপ্তি।
37. দৈহিক স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হয়নে?
উত্তৰঃ- হয়।
38. সুখবাদী সকলৰ মতে ক্রিয়াৰ পৰিমান নৈতিক বিচাৰৰ বিষয় বস্তু? এই উক্তিটো শুদ্ধ নে?
উত্তৰঃ- হয়।
39. নৈতিক বিচাৰৰ বিষয় কি?
উত্তৰঃ- ঐচ্ছিক ক্রিয়া।
40. নীতিশাস্ত্র কোন ধৰণৰ বিজ্ঞান?
উত্তৰঃ- আদর্শনিষ্ঠ বিজ্ঞান।
41. বিষয়নিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া?
উত্তৰঃ- ৰসায়ন বিজ্ঞান।
42 আদর্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া?
উত্তৰঃ- নীতিবিজ্ঞান।
43. অনৈতিক বা নিনৈতিক কাৰ্য্যৰ এটা উদাহৰণ দিয়া? HS-2018, 2020
উত্তৰঃ- বানপানী।
44. অভ্যাসজনিত ক্রিয়া নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গণ্য কৰা হয়নে?
উত্তৰঃ- হয়।
45. লক্ষ্যই উপায়ৰ ন্যায্যতা প্রতিপাদন কৰেনে?
উত্তৰঃ- কৰে।
46. "নীতিশাস্ত্র হ'ল মানবীয়া আচৰণত জড়িত সর্বোচ্চ আদর্শৰ বিজ্ঞান" কোনে এনেদৰে কৈছিল?
উত্তৰঃ- মেকোঞ্জি।
47. "সমাজত বাস কৰা মানুহৰ আচৰণৰ আদর্শ বিজ্ঞান হিচাপে আমি নীতিশাস্ত্ৰ সংজ্ঞা দিব পাৰোঁ" -এই উক্তিৰ জড়িত দার্শনিক গৰাকীৰ নাম কি?
উত্তৰঃ- উইলিয়াম লিলি।
48. নীতিবিজ্ঞান বিষয়নিষ্ঠ বিজ্ঞান হয় নে? HS-2017, 2019
উত্তৰঃ- নহয়।
48. ঐচ্ছিক ক্ৰিয়াৰ উদাহৰণ দিয়া। HS-2018
উত্তৰঃ- কামনা।
Syllabus of Class 12 Logic & Philosophy
1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds
2.1 আগমনৰ ভিত্তি । Grounds of Induction
2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION
2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION
4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY
5. ভাৱবাদ । IDEALISM IN ASSAMESE
6. বাস্তৱবাদ । REALISM IN ASSAMESE
7. নীতিশাস্ত্র । ETHICS IN ASSAMESE
8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE
9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন
10. Solved Question paper of Logic & Philosophy
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.
ConversionConversion EmoticonEmoticon