-->

আগমনৰ বস্তুগত ভিত্তি । Material Grounds of Induction

AHSEC Solution for Class 12 Logic & Philosophy আগমনৰ বস্তুগত ভিত্তি । Material Grounds of Induction. All the important questions answers are discussed in this article.

আগমনৰ বস্তুগত ভিত্তি

Material Grounds of Induction

Class 12 আগমনৰ বস্তুগত ভিত্তি । Material Grounds of Induction ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of আগমনৰ বস্তুগত ভিত্তি । Material Grounds of Induction has been discussed in systematic way. There are approximately important 10 questions answers in this article.

1. খালি ঠাই পূৰণ কৰাঃ
(ক) নিৰীক্ষণ আৰু পৰীক্ষণৰ পার্থক্য ____ ।
উত্তৰঃ- পৰিমাণগত 


(খ) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰীসৰ অতি ____ ।
উত্তৰঃ- ব্যাপক

2. উদাহৰণ দিয়াঃ
(ক) নানাকাৰণ বাদঃ- 'মৃত্যু'ৰ কাৰণ এটা নহৈ বহুতো হ'ব পাৰে। বেমাৰ, বিষপান, দুৰ্ঘটনা, আত্মহত্যা আদি বহুতো কাৰণত মৃত্যু হ'ব পাৰে।
(খ) উপাদান কাৰণঃ-কাপোৰ তৈয়াৰ কৰোঁতে শিপিনীয়ে ব্যৱহাৰ কৰা সূতাখিনিয়েই হৈছে উপাদান কাৰণ।
(গ) নিমিও কাৰণঃ-কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সূতাখিনিত প্রয়োগ কৰা শক্তি বা দক্ষতাই হৈছে কাপোৰখনৰ নিমিও কাৰণ। [2013, 2014, 2016]
(ঘ) ভ্রান্ত পৰ্য্যবেক্ষণঃ-কম পোহৰত ৰসী এডালক সাপ বুলি ভাবা।
(ঙ) প্রযোজক আৰু সংস্থাঃ- জ্বলি থকা জুইশলাৰ কাঠি এডালক শুকান খেৰৰ দম এটাত লগাই দিয়াত জুই জুলি উঠিল। ইয়াতে জলি থকা কাঠিডাল প্রয়োজক আৰু শুকান খেৰৰ দমটো সংস্থা।
(চ) কাৰ্য্য সংমিশ্রণঃ-এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজনৰ নহয়, বহুকেইজন খেলুৱৈৰ প্ৰচেষ্টাৰ দৰকাৰ।
(ছ) অনবেক্ষণ দোষঃ- মেকুৰি বাট কাটিলে অশুভ বুলি ভাবা।
(জ) সার্বজনীন ভ্রান্ত পৰ্য্যবেক্ষণঃ- ৰেলেৰে যাওঁতে সন্মুখৰ বস্তুবোৰক বেগাই বিপৰীত ফালে যোৱা যেন দেখা।
(ঝ)কাৰণ সমন্বয়ঃ- এটা অন্ধকাৰ কোঠালি পোহৰৰ বাবে একেলগে কেইবাডাল মোমবাতি জলোৱা।

3. কোনজন চিন্তাবিদৰ মতে নিৰক্ষণ, হ'ল আৱিস্কাৰ আৰু পৰীক্ষণ হ'ল ঘটনাৰ সৃষ্টি?
উত্তৰঃ- তর্কবিদ বেইনৰ মতে। [2013,2015,2017]

4. পর্যবেক্ষণ আৰু পৰীক্ষণ মাজৰ পার্থক্য কেৱল পৰিমাণতহে, গুণগত নহয় - কথাষাৰ কোনে কৈছিল?
উত্তৰঃ- জেভেন্সে কৈছিল।

5. পর্যবেক্ষণৰ দোষবোৰ কি কি?
উত্তৰঃ- (ক) অ-পৰ্যবেক্ষণ
(খ) ভ্রান্ত-পৰ্যবেক্ষণ।

6. নিৰীক্ষণৰ সাধাৰণ চৰ্ত কেইটা?
উত্তৰঃ- তিনিটা।

7. নিৰীক্ষণ কোন প্রকাৰৰ ভিত্তিৰ অন্তৰ্গত?
উত্তৰঃ- বস্তুগত ভিত্তি।

8. সৰল নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। [2017, 2024
উত্তৰঃ- (ক) সৰল নিৰীক্ষণৰ প্ৰয়োগৰ ক্ষেত্ৰখন অতি ব্যাপক।
(খ) সৰলনিৰীক্ষণৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ অনুসন্ধান কৰিব পাৰি।

9. নিৰীক্ষণ এক সম্পূৰ্ণ নিষ্ক্রিয় অভিজ্ঞতানে?
উত্তৰঃ- ষ্টক (Stock) আদি কিছুমান তর্কবিদে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত পার্থক্য কৰি কৈছে যে নিৰীক্ষণ এক নিষ্ক্রিয় অভিজ্ঞতা আৰু পৰীক্ষণ এক সক্রিয় অভিজ্ঞতা। কিন্তু এইটো ক'ব নোৱাৰি, নিৰীক্ষণ একেবাৰে নিষ্ক্রিয় অভিজ্ঞতা নিৰীক্ষণৰ ক্ষেত্ৰটো বিষয় বস্তুৰ নির্বাচন, বিশ্লেষণ অপ্রাসংগিক উপাদান সমুহৰ বৰ্জন আদিৰ জৰিয়তে যথেষ্ট মানসিক সক্রিয়তাৰ প্ৰয়োজন হয়। গতিকে নিৰীক্ষণক সম্পূর্ণ নিষ্ক্রিয় অভিজ্ঞতা বুলি ক'ব নোৱাৰি।

10. অনবেক্ষণ দোষ আৰু ভ্রান্ত পৰ্য্যবেক্ষণ দোষৰ মাজত পার্থক্য নির্ণয় কৰা। [2019]
উত্তৰঃ- পৰ্য্যবেক্ষণৰ সময়ত লাগতীয়াল বিষয়বোৰক লক্ষ্য নকৰাৰ ফলত যি দোষ ঘটে সেয়াই অনবেক্ষণ বা অপৰ্য্যবেক্ষণ দোষ। আনহাতে, ইন্দ্রিয় সংবেদনৰ ভুল ব্যাখ্যাৰ বাবে কোনো এটা বস্তু যিভাৱে থাকে তাকে প্রতক্ষ্য নকৰি অন্যভাৱে প্রতক্ষ্য কৰাই ভ্রান্ত পৰ্য্যবেক্ষণ দোষ।
       অনবেক্ষণ দোষৰ ভাগ হৈছে প্ৰাসংগিক দৃষ্টান্তৰ অপৰ্য্যবেক্ষণ দোষ আনহাতে, ভ্রান্ত পৰ্য্যবেক্ষণ দোষৰ ভাগ হৈছে ব্যক্তিগত ভ্রান্ত পৰ্য্যবেক্ষণ দোষ আৰু সার্বজনীন ভ্রান্ত পৰ্য্যবেক্ষণ দোষ।


Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »