-->

আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds in Assamese

 AHSEC Solution for Class 12 Logic & Philosophy Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds. All the important questions answers are discussed in this article.

আগমন আৰু ইয়াৰ প্ৰকাৰ

Induction and its kinds

Class 12 Logic & Philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philosophy Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ। Induction & its kinds has been discussed in systematic way. There are approximately important 23 questions answers in this article.

1. আগমন কাক বোলে? HS-2015
উত্তৰ:-যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সার্বিক সম্বন্ধৰ জ্ঞানত উপনিত হোৱা যায় তাক আগমন অনুমান বোলে৷

2. বৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমানৰ মাজত দুটা সাদৃশ্য উল্লেখ কৰা৷ [2016]
উত্তৰ:- ১) উভয় আগমনেই প্ৰকৃত আগমনৰ ভাগ৷
  ২) উভয় আগমনতেই আগমনাত্মক জাঁপ বিদ্যমান৷

3. বৈজ্ঞানিক আগমনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা৷
উত্তৰ:- ১) বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে৷
  ২) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পযৰবেক্ষণৰ ওপৰত নির্ভৰশীল৷

4. অবৈজ্ঞানিক আগমন কি? [2013]
উত্তৰ:- যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ কিছুমান দৃষ্টান্ত পর্যবেক্ষণ কৰি কার্য-কাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ সেই পর্যবেক্ষণত পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হ্য়, তাক অবৈজ্ঞানিক আগমন বোলে৷

5. সাদৃশ্যানুমান কাক বোলে? [2016]
উত্তৰ:- যি অনুমানত দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা (প্ৰথম) বস্তুত থকা বিশেষ কোনো গুণ বা লক্ষ্যণ আন এটা (দ্বিতীয়) বস্তুটোত থকা বুলি অনুমান কৰা হ’য়, তাক সাদৃশ্যানুমান বোলে৷

6. সু-সাদৃশ্যমুলক অনুমানৰ সংজ্ঞা দিয়া৷ [2012 2014]
উত্তৰ:- যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশয়বোৰ মৌমিক আৰু গুৰুত্বপূর্ণ গুণৰ সাদৃশ্য থাকে, সেই সাদৃশ্যানুমানক সু-সাদৃশ্যানুমান বোলে৷

7. কু-সাদৃশ্যমূলক বা দু:সাদৃশ্যমুলক অনুমানৰ সংজ্ঞা দিয়া৷ [2015]
উত্তৰ:- যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌমিক আৰু গুৰুত্বপূর্ণ গুণৰ সাদৃশ্য নাথাকে, কেৱল গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য থাকে, সেই সাদৃশ্যানুমানক কু-সাদৃশ্যানুমান বোলে৷

8. সাদৃশ্যমূলক অনুমানৰ যিকনো দুটা বৈশিষ্ট্য উল্লেখ কৰা৷ [2015]
উত্তৰ:- সাদৃশ্যমূলক অনুমানৰ বৈশিষ্ট্য:-
১) সাদৃশ্যমূলক অনুমানত আগমনাত্মক জাঁপ থাকে৷
২) সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত বিশেষ বচন হয়৷

9. সাদৃশ্যমূলক অনুমানৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা৷ [2020]
উত্তৰ:- সাদৃশ্যমূলক অনুমান বা সাদৃশ্যানুমানৰ বৈশিষ্ট্য:-
১) সাদৃশ্যমূলক অনুমানত আগমনাত্মক জাঁপ থাকে৷
২) সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত বিশেষ বচন হয়৷
৩) সাদৃশ্যমূলক অনুকমান কার্য-কাৰণ বিধিৰ ওপৰত প্ৰতি্ষ্ঠিত নহয়৷
৪) সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাৱনামুলক৷

10. তথাকথিত আগমন বুলিলে কি বুজা? [2015]
উত্তৰ:- যি আগমনত আগমনৰ মূল লক্ষ্যণ আগমনাত্মক জাঁপ নাথাকে অর্থাৎ যি আগমনত বিশেষ বিশেষ কিছুমান বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যত উপনীত হ’ব পৰা নাযায় তাক তথাকথিত আগমন বোলে৷

11. পূৰ্ণ আগমনত আগমনাত্মক জাঁপ উপস্থিত থাকেনে? [2019]
উত্তৰ:- নাথাকে কাৰণ ই তথাকথিত আগমনৰ ভাগ।

12. সাদৃশ্যানুমানৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ হয় নে? [2013]
উত্তৰ:- নহয়, ই সম্ভাৱনামূলক
 
13. বৈজ্ঞানিক আগমনেই এক বিশ্লেষণাত্মক বা আংশিক বচন সংশ্লেষমাত্মক বা শাব্দিক বচন প্ৰতিষ্ঠা কৰে। [2016]
উত্তৰ:- সংশ্লেষক

14. বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত _____ । [2012, 2018]
উত্তৰ:- নিশ্চিন্ত স্বভাৱৰ

15. অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত _____ । [2019, 2020]
উত্তৰ:- সম্ভাৱনামূলক

16. অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি বা আধাৰ কি? [2018]
উত্তৰ:- প্ৰকৃতিৰ একৰূপতা বিধি।

17. বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি কি?
উত্তৰ:- প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি।

18. বৈজ্ঞানিক আগমনে কেনে ধৰণৰ বচন প্ৰতিষ্ঠা কৰে? [2020]
উত্তৰ:- সাৰ্বিক যথাৰ্থ বচন।

19. সাদৃশ্যমূলক অনুমানত আমি ____ গতি কৰে। [2013]
(a) বিশেষৰ পৰা সামান্যলৈ     (b) বিশেষৰ পৰা বিশেষলৈ
(c) সামান্যৰ পৰা বিশেষলৈ     (d) সামান্যৰ পৰা সামান্যলৈ
উত্তৰ:- বিশেষৰ পৰা বিশেষলৈ

20. 'আগমন অনুমানৰ আশ্ৰয় বাক্যই সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা সাব্যস্ত কৰে' - এইটো সত্যনে? [2014]
উত্তৰ:-অসত্য

21. 'আগমনৰ ভিত্তিয়েই আগমনৰ ফল' - এইটো উক্তিটো কোনে কৈছিল? [2014, 2020]

উত্তৰ:- জে. এছ. মিল (J.S. Mill)

22. পূৰ্ণ আগমন যথাৰ্থ আগমন হয়নে? [2017]
উত্তৰ:- নহয়, কাৰণ ইয়াত আগমনাত্মক জাঁপ নাই।

23. "মানুহৰ দৰে উদ্ভিদৰো জন্ম, বৃদ্ধি আৰু মৃত্যু আছে। মানুহৰ বুদ্ধি আছে। গতিকে উদ্ভিদৰো বুদ্ধি আছে।" এনে সাদৃশ্যমূলক অনুমানক কোন প্ৰকাৰৰ সাদৃশ্যমূলক অনুমান বুলি কোৱা হয়? HS-2018
উত্তৰ:- সু-সাদৃশ্যানুমান 

 Click here for video

Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
February 17, 2022 at 8:31 PM ×

Thank you so much sir

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar