-->

Solved Question paper of Political Science 2022

DHUBRI DISTRICT H.S. PRE-FINAL TEST BOARD 
H.S. PRE-FINAL TEST, 2022-2023 
SUBJECT : POLITICAL SCIENCE
Full Marks: 100
Time : 3 hours
(The figures in the margin indicate full marks for the Questions)

PART - A / ক - অংশ
(Contemporary World Politics) (সমসাময়িক বিশ্ব ৰাজনীতি)


1. (a) SEATO - ৰ সম্পূৰ্ণ ৰূপটো লিখা। 1
উত্তৰঃ- South East Asia Treaty Organization

(b) ১৯৮৫ চনত ছোভিয়েত ইউনিয়নত ..........  য়ে সংস্কাৰৰ সূচনা কৰিছিল (খালী ঠাই পৰণ কৰা)
উত্তৰঃ- মিখাইল গৰ্বাচেভ

(c) প্রথম উপসাগৰীয় যুদ্ধক মৰুভূমিৰ ধুমুহা অভিযান বুলিও জনা যায় । ('হয়' নে 'নহয়' লিখা)
উত্তৰঃ- হয়

(d) ছাৰ্ক (SAARC) ৰ প্ৰথম খন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? 
উত্তৰঃ- বাংলাদেশৰ ঢাকাত।

(e) ৰিঅ' সন্মিলনে ‘কাৰ্যসূচী - ২১' নামৰ উন্নয়নমূলক কাৰ্যসূচীক অনুমোদন জনাইছিল। ('হয়' নে 'নহয়' লিখা) 
উত্তৰঃ- হয়

(f) ভাৰতে ইয়াৰ অর্থনৈতিক সংস্কাৰ কোন চনত অৰম্ভ কৰিছিল?
উত্তৰঃ- ১৯৯১ চনত।

2. শ্রীলংকাত সংঘাতত লিপ্ত হোৱা সম্প্রদায় দুটাৰ নাম লিখা।  2
উত্তৰঃ- শ্রীলংকাত সংঘাতত লিপ্ত হোৱা সম্প্রদায় দুটাৰ নাম হ'ল- সিংহলী আৰু তামিল সম্প্ৰদায়। 

3. আছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভনিত ইয়াৰ সদস্য কিমান আছিল? 2
উত্তৰঃ- আছিয়ান ১৯৬৭ চনত গঠন হৈছিল। 
আৰম্ভনিত ইয়াৰ সদস্য ৫খন আছিল।

4. ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।
উত্তৰঃ- (ক) বাংলাদেশে ভাৰত-বিৰোধী ইছলামীক মৈলবাদীসকলক দিয়া উচটনি।
(খ) গংগা আৰু ব্ৰহ্মপুত্ৰ জলাৰাশিৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত।

5. বিশ্ববেংক কোন চনত স্থাপন হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা
উত্তৰঃ- ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হৈছিল। বিশ্ব বেংকৰ প্ৰমুখ কাৰ্য হ’ল অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈ আৰ্থিক সহায় কৰা।

6. বিশ্বায়নৰ দুটা কাৰণ লিখা৷
উত্তৰঃ- বিশ্বায়নৰ দুটা কাৰণ হ’ল-
(i) কিছুমান চিন্তাবিদে সমসাময়িক বিশ্বায়নৰ আঁৰত এটা নিৰ্দিষ্ট কাৰণ থকা বুলি বিশ্বাস কৰে, তেওঁলোকৰ মতে এই প্ৰৱাহসমূহৰ দ্ৰুত গতি আৰু মাপেই হৈছে সমসাময়িক বিশ্বায়ন সংঘটিত হোৱাৰ মূল কাৰণ।
(ii) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত মানৱ সমাজে যি অগ্ৰগতি লাভ কৰিছে, তাৰ পৰিণতিতে বিকাশ হৈছে বিশ্বায়নৰ। টেলিভিশ্যন, ডাক-তাঁৰ, টেলিগ্ৰাফ, মাইক্ৰ’চিপ আদিৰ আৱিস্কাৰে যোগাযোগ ব্যৱস্থাত এক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হয়।

7. প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পার্থক্য লিখা। 2
উত্তৰঃ- উত্তৰ:- প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য হ’ল—
(i) প্ৰব্ৰজনকাৰীসকলে ভাল জীৱন যাপনৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি আন ৰাষ্ট্ৰ বা অঞ্চললৈ যায়।
আনহাতে, শৰণাৰ্থী সকলে প্ৰাকৃতিক দুৰ্যোগেৰ বাবে, যুদ্ধৰ বাবে, ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ আশ্ৰয়ৰ বাবে পলাই যায়। 
(ii) প্ৰব্ৰজনকাৰীসকলক আন্তৰ্জাতিক আইন অনুসৰি আশ্ৰয় গ্ৰহণ কৰা ৰাষ্ট্ৰখনে আশ্ৰয় দিয়াৰ বাবে বাধ্য নহয়। আনহাতে, শৰণাৰ্থীসকল যিহেতু বিপদগ্ৰস্ত লোক সেয়ে তেওঁলোকক সাধাৰণতে অন্য ৰাষ্ট্ৰই আশ্ৰয় প্ৰদান কৰে।

8. বিশ্ব ৰাজনীতিত ৯/১১ য়ে কি সূচায়? চমুকৈ আলোনা কৰা।
উত্তৰঃ- সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ‘১/১১' মানে আমেৰিকাৰ World Trade Centre সন্ত্রাসবাদী সকলৰ আক্রমণক বুজায়। '৯/১১' ই ২০০১ চনৰ ১১ চেপ্তেম্বৰত আৰৱীয় দেশৰ পৰা অহা ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বিমান অপহৰণ কৰি নিউয়র্ক চহৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰত আত্মঘাতী আক্রমণ চলোৱা ঘটনাকে বুজায়। অপহৰণকাৰীয়ে নিউয়র্কত অৱস্থিত পৃথিৱীৰ বাণিজ্যিক কেন্দ্ৰৰ 'World Trade Centre' উত্তৰ আৰু দক্ষিণৰ উচ্চ অট্টালিকা দুটাত একোখনকৈ বিমানে খুন্দামাৰি ধ্বংস কৰে।
এই আক্ৰমণত ৩,০০০ জন লোকৰ মৃত্যু হৈছিল।

9. ৰাষ্ট্ৰসংঘত সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ আলোচনা কৰা। 4
উত্তৰঃ- আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সংস্থা হৈছে ‘ৰাষ্ট্ৰসংঘ’। এই সংস্থাক ১৯৪৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল ১৯২ খন। ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ জৰিয়তে নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰিব পাৰি। ইয়াৰ জৰিয়তে ভাৰতৰ দৰে এখন বিশাল তথা জনবহুল ৰাষ্ট্ৰক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদত অধিস্থিত কৰিব পৰা যাব। কিন্তু বহুতো দেশে এই দাবীৰ বিৰোধিতা কৰা দেখা যায়। উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰতে বহুতো কাম কৰা দেখা যায়। ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্যপদ গ্ৰহণ কৰাৰ পাছৰ পৰা ৰাষ্ট্ৰসংঘৰ নিয়মাৱলী মানি আহিছে ৰাষ্ট্ৰসংঘৰ বছেৰেকীয়া বৰঙনিও ভাৰতে সময় মতে আগবঢ়াই আহিছে। ভাৰতৰ দৰে বহুতো দেশ আছে যাক স্থায়ী সদস্য ৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত কৰাৰ বাবে যুক্তি আছে।সেইবাবে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ পৰয়োজনীয়তা আছে।

10. উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ আলোচনা কৰা৷ 4
উত্তৰ:- উত্তৰ বিশ্ব অৰ্থাত্‍ উন্নত ৰাষ্ট্ৰসমূহে পাৰিপাৰ্শ্বিক সমস্যাসমূহ বৰ্তমান সময়ৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ লগতে এই ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰে সম পৰিমাণৰ দায়ৱদ্ধতা দাবী কৰে। অন্যহাতে দক্ষিণৰ বিশ্বৰ অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মতে বৰ্তমান সময়ত জীৱজগতৰ প্ৰতি সৃষ্টি হোৱা প্ৰত্যাহ্বান তথা সমস্যাসমূহৰ বাবে প্ৰধানতঃ উন্নত দেশসমূহৰ ঔদ্যোগিক আৰু উন্নয়নমূলক কাম-কাজসমূহেই জগৰীয়া। সেয়েহে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উন্নত দেশসমূহৰ দায়বদ্ধতা আন দেশৰ তুলনাত অধিক হোৱা উচিত। উন্নয়নশীল দেশসমূহ উদ্যোগীকৰণৰ ক্ষেত্ৰত বৰ্তমানেও চালুকীয়া অৱস্থাতেই আছে। সেয়েহে আন্তৰ্জাতিক পাৰিপাৰশ্বিক আইনসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত উন্নয়নশীল দেশসমূহে বিশেষভাৱে ৰেহাই পোৱা প্ৰয়োজন। উল্লেখনীয় যে ১৯৯২ চনৰ ৰিঅ’ সন্মিলনত এই যুক্তি মানি লোৱা হয়। ইয়াক "উমৈহতীয়া অথচ পৃথক দায়বদ্ধতা" (Common but Differentiated Responsibilities) বুলি  জনা যায়।
ৰিঅ’ ঘোষণা-পত্ৰত উল্লেখ কৰা অনুসৰি, জৈৱ বৈচিত্ৰৰ সংৰক্ষণ, ৰক্ষণা-বেক্ষণ আৰু সুস্থিৰকৰণত বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰই সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব। পৰিৱেশ বিনষ্টকৰণত সকলো ৰাষ্ট্ৰ সমানভাৱে জগৰীয়া নহয়। সেয়েহে সকলো ৰাষ্ট্ৰৰে পাৰিপাৰ্শ্বিকতা সংৰক্ষণত উমৈহতীয়া দায়বদ্ধতা থাকিলেও ইয়াৰ পৰিমাণ প্ৰত্যেকৰে বাবে পৃথক পৃথক হ’ব। ১৯৯২ চনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ আধাৰ সভা (United Nations Framework Convention on Climate Change, 1992)-ত কোৱা হয় যে "সমতা আৰু উমৈহতীয়া তথা পৃথক দায়বদ্ধতাৰ ভিত্তিত" সকলোৱেই জলবায়ু সংৰক্ষণৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

11. খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা।
উত্তৰঃ- খিলঞ্জীয়া জনসাধাৰণ বুলিলে কোনো এক অঞ্চলত বহু যুগ ধৰি স্থায়ীভাবে বসবাস কৰা লোকক বুজোৱা হয়। ৰাষ্ট্ৰসংঘৰ দিয়া সংঞ্জা অনুসৰি, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃ-গোষ্ঠীয় মূলৰ পৰা লোকসকলৰ প্ৰৱজন ঘটাৰ সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰপুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায়। থলুৱা অধিবাসীকলৰ নিজা সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ৰীতি-নীতি আৰু পৰম্পৰাগত মূল্যবোধ থাকে।
বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তমান প্ৰায় ৩৭ কোটি খিলঞ্জীয়া লোক ৭০ খন ৰাষ্ট্ৰত বিস্তৃত হৈ আছে। মধ্য আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা, এছিয়া আদি মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত এই লোকসকলে বসতি স্থাপন কৰি আহিছে। বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰত খিলঞ্জীয়া লোক আছে যদিও সংখ্যাগত দিশৰ পৰা এই ৰাষ্ট্ৰসমূহত বাস কৰা লোকৰ সংখ্যা ভিন্ন। এই খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ অধিকাৰ সাম্যস্ত কৰাৰ বাবে সংগ্ৰাম কৰি আছে। ১৯০০ চনত প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া লোকসকলে জনগোষ্ঠীয় ৰাজনৈতিক উদ্যোগ গ্ৰহণ কৰিছিল। ১৯৭৫ চনত 'খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ' (World Council of Indigenous People) গঠন হয়। ৰাষ্ট্ৰসংঘৰ পৰামৰ্শমূলক সংস্থাৰ মৰ্যাদা লাভ কৰা এঘাৰটা খিলঞ্জীয়া বেচৰকাৰী সংস্থাৰ ভিতৰত খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ প্ৰথম। খিলঞ্জীয়াসকলৰ ক্ৰমাগত দাবীৰ সঁহাৰি জনাই ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ চেপ্টেম্বৰ মাহত খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ ঘোষণাপত্ৰ (UN Declaration on the Rights of Indigeneous People) গ্ৰহণ কৰে। বিগত দিনবোৰত খিলঞ্জীয়াসকলৰ ভূমিৰ অধিকাৰ খৰ্ব হোৱাৰ উপক্ৰম ঘটিছে।
ভাৰতবৰ্ষত খিলঞ্জীয়া লোকসকলক সাধাৰণতে অনুসূচিত জনজাতি নামেৰে জনা যায়। ভাৰতীয় জনসংখ্যাৰ প্ৰায় আঠ শতাংশ এই অনুসূচিত জনজাতি সম্প্ৰদায়ৰ। এই লোকসকল ব্ৰিটিছ শাসনৰ সময়ৰ পৰা অন্যান্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। স্বাধীনতাৰ পিছতো এই লোকসকলৰ বিশেষ উন্নতি পৰিলক্ষিত হোৱা নাই।বিশেষকৈ বিকাশমূলক আঁচনিসমূহ কাৰ্যকৰীকৰণৰ সময়ত বৃহত্‍ হাৰত এই লোকসকল স্থানান্তৰিত হৈ আহিবলগীয়াত পৰিছে।

12. ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্রদান কৰিব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া। 4
উত্তৰ:- মই ভাৰতৰ নাগৰিক হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰিব লাগে বুলি বিচাৰো। ৰাষ্ট্ৰসংঘৰ গোটেই ব্যৱস্থাটোৰ ওপৰত বৰ্তমান সময়ত পৰিৱৰ্তিত বিশ্ব ৰাজনীতি আৰু সামাজিক প্ৰেক্ষাপটৰ বাবে কেতবোৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আন্ত:ৰাষ্ট্ৰীয়ভাৱে দাবী উঠিছে।তাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তা পৰিষদ। ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য পদৰ অন্যতম দাবীদাৰ। কাৰণ—
(১) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহত্‍ জনসংখ্যাৰ দেশ। সমগ্ৰৰ ১/৫) অংশ জনসংখ্যাই ভাৰতত বসবাস কৰে,
(২) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্থা প্ৰৱৰ্তন হৈ আছে,
(৩) ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে,
(৪) ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে,
(৫) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্ৰকাশ কৰি আহিছে।
(৬)দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়ি আছে, ভাৰতবৰ্ষৰ অৱস্থা বৰ্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।
(৭) ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ আৰ্থিক বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই।  
ওপৰোক্ত কাৰণত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবী কৰিছে। ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভূক্ত হ’লে ই হ’ব ভাৰতবৰ্ষৰ বাবে এটা প্ৰতীকস্বৰূপ।

13. ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতি সমূহ আলোচনা কৰা।
উত্তৰ:- ছোভিয়েট ইউনিয়ন যাক ‘দ্বিতীয় বিশ্ব’ বুলি জনা যায়, হঠাতে ভাঙি পৰাত আৰু পূব-ইউৰোপত সমাজবাদী ব্যৱস্থাৰ অৱসান ঘটাত বিশ্বৰ ৰাজনীতিত এক গভীৰ প্ৰভাৱ পৰিছিল।
(i) শীতল যুদ্ধৰ অৱসান:- ছোভিয়েট ইউনিয়নৰ ভাঙোনে দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থা আৰু দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ অৱসান ঘটায়। ৱাৰ্শ্ব চুক্তিক 1991 চনত ভংগ কৰি দিয়া হয়। ফলত বিংশ শতিকাৰ সাতটা দশকৰো অধিককাল ধৰি চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ পৰা আন্তৰ্জাতিক পাজনীতি মুক্ত হয়। বিশ্বত নতুন শান্তি স্থাপন হ’ল।
(ii) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান:- ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত একক মহাশক্তি হিচাপে ৰৈ যোৱা মাৰ্কিন যুক্তৰাষ্ট্ৰই গোটেই বিশ্বত নিজা আধিপত্য প্ৰতিষ্ঠা কৰা আৰু আনটো হ'ল বিভিন্ন দেশে বিভিন্ন অঞ্চলত নিজা নিজা শিবিৰ নিৰ্মাণ কৰি আন্তৰ্জাতিক ৰাজনীতি বহুমেৰুসম্পন্ন (Multipolar) কৰি তোলা।
(iii) বহু নতুন ৰাষ্ট্ৰৰ উত্থান:- ছোভিয়েট ইউনিয়নৰ পতমৰ লগে লগে পৃথিৱীত বহুকেইখন স্বাধীন ৰাষ্ট্ৰয়ো জন্মলাঙ কৰিলে। ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত হৈ থাকোতেই বহুবোৰ গণৰাজ্যত জাতীয়তাবাদী চেতনা গঢ়ি উঠিছিল আৰু স্বাধীনতাৰ দাবীও অনুৰণিত হৈছিল। ছোভিয়েট ইউনিয়নৰ সংকট ঘনীভূত হোৱাৰ লগে লগে এনে দাবী আৰু অধিক তীব্ৰ হৈ উঠিল আৰু অৱশেষত ছোভিয়েট ইউনিয়নৰ ১৫ খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈ পৰিল।
(iv) NATO-ত অংশগ্ৰহণ:- ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু ই প্ৰত্যেক ৰাষ্ট্ৰৰ নিজৰ নিজস্ব আশা-আকাংক্ষা আছে। তাৰে কিছুমান ৰাষ্ট্ৰসসূহে ইউৰোপীয় সংঘ (European Union)-ত যোগদান কৰি উত্তৰ আটলাণ্টিক চুক্তি (NATO)-ত অংশগ্ৰহণ কৰিছে। 
(v) বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ:- ছোভিয়েট ইউনিয়ন ভাঙি পৰাৰ পাছত, বিশেষকৈ বিশ্বৰ একক মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থানৰ পাছত নৱ্য-আন্তৰ্জাতিক অৰ্থব্যবস্থাৰ ধাৰণাটোৱেই অ-প্ৰাসংগিক হৈ পৰিছে। তাৰ পৰিৱৰ্তে পশ্চিমীয়া দেশসমূহৰ নিয়ন্ত্ৰণত চলা বিশ্বায়ন প্ৰক্ৰিয়াইহে তৃতীয়বিশ্বৰ দেশসমূহক গ্ৰাস কৰি পেলাইছে।
(vi) গোষ্ঠীনিৰপেক্ষতাৰ অপ্ৰাসংগিক:- ছোভিয়েট ইউনিয়নৰ ভাঙোন আৰু শীতল যুদ্ধৰ অৱসানে তৃতীয় বিশ্বই আন্তৰ্জাতিক ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গোষ্ঠীনিৰপেক্ষ আন্দোলন অপ্ৰাসংগিক হৈ উঠে।

অথবা
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলোচনা কৰা। 6
উত্তৰ:- স্বাধীনতা লাভৰ ঠিক পাচতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক ভাল নাছিল। শীতল যুদ্ধৰ কালছোৱাত ভাৰতৰ ছোভিয়েট সংঘৰ লগতহে ভাল সম্পৰ্ক আছিল। ছোভিয়েট ইউনিয়নৰ পতন পাছত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব বিচাৰিছিল। সেই কাৰণে আমেৰিকাকে ধৰি বিশ্বৰ বহুবিলাক
দেশে ভাৰতৰ লগত অৰ্থনৈতিক উন্নয়নৰ অংশীদাৰ হ’বলৈ বিচাৰিলে। 
কিন্তু সাম্প্ৰতিক কালত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক স্থাপনত সহায় কৰিছে। এটা হ’ল কাৰিকৰী আৰু আনটো হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা।
(i) ভাৰতে ৰপ্তানি কৰা চফ্টওৱেৰৰ শতকৰা ৬৫ ভাগ আমেৰিকাই ক্ৰয় কৰে।
(ii) ব’য়িংঙত কাম ৰা কাৰিকৰি কৰ্মচাৰীৰ শতকৰা ৩৫ ভাগ ভাৰতৰ বংশোদ্ভৱ
(iii) চিলকন উপত্যকাত ৩,০০,০০০ ভাৰতীয়ই কাম কৰে।
(iv) শতকৰা ১৫ ভাগ সকলো উচ্চ প্ৰযুক্ত ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰৰিচালিত হয়।
মুঠতে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক এটা মাত্ৰ উপায় অৱলম্বন কৰি গঢ়ি তোলা সম্ভৱ নহয়। আমেৰিকাৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত ভাৰতে নিজৰ দেশৰ বৈদেশিক নীতিক উন্নত কৰি লাগিব।

14. শীতল যুদ্ধৰ যুগত ভাৰতৰ স্থিতি কেনেধৰণৰ আছিল? আলোচনা কৰা। 6
উত্তৰ:- ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিতাপে শীতল যুদ্ধৰ কালছোৱাত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলালা নেহৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিত ভাৰতবৰ্ষৰ ভূমিকা এই আন্দোলনৰ মতবাদৰ আদৰ্শ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।
i. ভাৰতবৰ্ষই আন্তৰ্জাতিক ৰাজনীতিত সুবিধাবাদী নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰা নাছিল। তাৰ বিপৰীতে নায় আৰি শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক ব্যৱস্থা গঢ়ি তোলাৰ সক্ৰিয় ভূমিকা পালন কৰিছিল।
ii. আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি হোৱা উত্তেজনা ৰোধ কৰাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই সক্ৰিয় ভূমিকা পালন কৰিছিল।
iii. ভাৰতবৰ্ষই দুই মহাশক্তি ক্ৰমে ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবৰ বাবে চেষ্টা চলাইছিল।
iv. দুই মিত্ৰশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।
v. আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত দুই মহাশক্তিৰ অংশীদাৰ নোহোৱা আৰু গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সদস্যভূক্ত হোৱা ৰাষ্ট্ৰসমূহক সংগঠিত আৰু সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
vi. সামৰিক মিত্ৰজোঁটত নব্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভুক্তিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিৰা কৰিছিল।
ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উদ্যোক্তা হিচাপে আন আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজতো নিজৰ আচৰণৰ জৰিয়তে শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল আৰু গোষ্ঠীনিৰপেক্ষ আন্দোলন নেতা হিচাপে আন্তৰ্জাতিক ক্ষেত্ৰত এক বিশিষ্ট স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

অথবা
ইউৰোপীয়ান ইউনিয়ৰ ৰাজনতিক আৰু কুটনৈতিক প্রভাব পৰীক্ষা কৰা৷
উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁথনিটো একেবাৰে ভাগি পৰিছিল। সেয়েহে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ইউৰোপীয় দংশসমূহৰ মাজত দেখা দিয়া শত্ৰুতাৰ ভাব পৰিহাৰ কৰি এই দেশসমূহে আন্তৰ্জাতিক সহযোগিতাৰ পোষকতা কৰিছিল। ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত ১৯৯২ চনত মাষ্ট্ৰিষ্ট চুক্তিৰ আধাৰত ইউৰোপীয় সংঘ (European Union) নামৰ এটা নতুন আঞ্চলিক অনুষ্ঠান গঠন কৰা হৈছিল। ‘ ইউৰোপীয় সংঘ’ স্থাপনৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহে সমূহীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি গ্ৰহণ কৰিছে আৰু সমগ্ৰ ইউৰোপৰ বাবে এক মুদ্ৰা (Single currency) প্ৰচলনৰ ব্যৱস্থা কৰিছে, ইয়াক 'ইউৰো' (Euro) বোলা হয়। ইউৰোপীয় সংঘ যদিও প্ৰথম অৱস্থাত কেৱল অৰ্থনৈতিক দিশত প্ৰৱেশ কৰিছিল কিন্তু সময়ত ই ৰাজনৈতিক আৰু কূটনৈতিক প্ৰেক্ষাপটতো প্ৰৱেশ কৰি 'জাতি ৰাষ্ট্ৰ' (Nation state)ৰ দৰে কাৰ্যকলাপ আৰম্ভ কৰিছে। ইয়াৰ নিজস্ব পতাকা, জাতীয় সংগীত আৰু মুদ্ৰা আছে।
ইউৰোপীয় সংঘই আন্তৰ্জাতিক ৰাজনীতিত ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত বিশ্বত প্ৰভাৱ বিস্তাৰ কৰাত সক্ষম হৈছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ— বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিযদৰ স্থায়ী সদস্য। তদুপৰি, ইয়াৰ কেইবাখনো সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ফলত নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত নিৰ্ণয়ত ইউৰোপীয় সংঘৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে। ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেতবোৰ নীতিক ৰাষ্ট্ৰসংঘত বিৰোধ কৰাৰ বাবে সুযোগ গ্ৰহণ কৰিব পাৰিছে। ইউৰোপীয় সংঘই জোৰজবৰদস্তি বা সামৰিক শক্তি প্ৰয়োগ কৰাতকৈ যিকোনো সমস্যা কূটনৈতিক বা আলাপ-আলোচনাৰ জৰিয়তে মীমাংসা কৰিব বিচাৰে। উদাহৰণস্বৰূপে, ইৰাণৰ পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্থিতি কি হ'ব সেই ক্ষেত্ৰতো ইউৰোপীয় সংঘৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। নিজৰ অৰ্থনৈতিক ক্ষমতা আৰু কূটনৈতিক কৌশলেৰে ইউৰোপীয় সংঘই বহুবোৰ আন্তৰ্জাতিক সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা গুৰুত্বপূৰ্ণ প্ৰভাৱ সাব্যস্ত কৰা দেখা যায়।
ইউৰোপীয় সংঘ এক অতি-ৰাষ্ট্ৰীয় সংস্থা। অৰ্থাত্‍ এই সংস্থাই জাতিৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে ইউৰোপৰ সকলোবিলাক দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত এই সংঘই হস্তক্ষেপ কৰিব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত, বিশেষকৈ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ আইন-শৃংখলাৰ দৰে প্ৰশ্নত ইউৰোপীয় সংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰে। বৈদেশিক নীতিৰ প্ৰশ্নতো সদস্য ৰাষ্ট্ৰসমূহৰ নিজা নিজা স্থিতি পৰিলক্ষিত হয়।

PART-B/ খ - অংশ
(Politics in India since Independance) (স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)

15. (a)  N.D.A. ৰ সম্পূৰ্ণ ৰূপটো লিখা৷ 1
উত্তৰঃ- National Democratic Alliance

(b) সংবিধান সভাৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল? 1
উত্তৰঃ- ড. বি. আৰ. আম্বেডকাৰ।

(c) ১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা । 
উত্তৰঃ- মহাৰাষ্ট্ৰ।

(d) নির্বাচন আয়োগে কোন বছৰ E.V.M.-ৰ ব্যবহাৰ আৰম্ভ কৰিছিল? 
উত্তৰঃ- ২০০৪ চনত।

(e) বর্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে? 
উত্তৰঃ- নিতী (NITI) আয়োগ।

(f) ভাৰত চৰকাৰে মণ্ডল আয়োগ ........... চনত নিযুক্তি দিছিল (খালী ঠাই পূৰণ কৰা) 1 
উত্তৰঃ- ১৯৭৯ চনত।

16. ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। 2
উত্তৰঃ- ভাৰতৰ বৈদেশিক নীতিৰ দুটা  বৈশিষ্ট্য হ’ল-
(ক) গোষ্ঠী নিৰপেক্ষতা : ভাৰতবৰ্ষই সমগ্ৰ বিশ্বলৈ এই নীতিটো এক উপহাৰ হিচাপে প্ৰদান কৰিছিল। শীতল যুদ্ধৰ সময়ত এই নীতিটো সৃষ্টি হৈছিল যদিও যুদ্ধ শেষ হোৱাৰ পাছতো এই নীতি ভাৰতৰ বৈদেশিক নীতিৰ এৰাব নোৱাৰা অংগ হৈ আছে।
(খ) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থন : ভাৰতবৰ্ষই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰটো ৰাষ্ট্ৰসংঘই বিশেষ ভূমিকা পালন কৰিব লাগে।

17. ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদর্শ উল্লেখ কৰা। 2
উত্তৰঃ- (ক) এক দেশ, এক জাতি আৰু এক সংস্কৃতি।
(খ) ভাৰতীয় জনসংঘই অখণ্ড ভাৰতবৰ্ষক বিশ্বাস কৰে।

18. ভাৰতবৰ্ষত কোনে কুৰিদফীয়া আচনি প্ৰবৰ্তন কৰিছিল? এই আচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল?  2
উত্তৰঃ-কুৰিদফীয়া আঁচনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দুখীয়া বা গৰিবসকলৰ কল্যাণৰ বাবে আৰম্ভ কৰিছিল।

19. ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 2
উত্তৰঃ- (ক) উদাৰীকৰণঃ-
    নতুন অৰ্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্ৰৰ অপ্ৰয়ো্জনীয় নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতি মুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনীতিৰ উদাৰীকৰণ আৰু নীতিৰ ক্ষেত্ৰত।
(খ) ব্যক্তিগতকৰণঃ-
    ব্যক্তগতকৰণ নীতিয়ে ৰাজহুৱা মালিকানাস্বত্ব আৰু পৰিচালনাৰ উদ্যোগসমূহত ব্যক্তিগত মালিকানাস্বত্ব প্ৰৱৰ্তন কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত ব্যক্তিগত নিয়ন্ত্ৰণ আৰু পৰিচালনা বুজাইছে।

20. নর্মদা বাচাও আন্দোলন কি? এই অন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল? 1+1=2
উত্তৰঃ- মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্যে আন্দোলনক নৰ্মদা বাচাও আন্দোলন বোলে। এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আছে মেধা পাটেকাৰে।

21. কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক ১৯৭২ চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা দিয়া হৈছিল? 
উত্তৰঃ- মেঘালয় আৰু ত্ৰিপুৰা।

22. ভাৰতৰ স্বাধীনতাৰ আৰম্ভনিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। 
উত্তৰঃ- এটা ৰাজনৈতিক দলৰ আধিপত্য থকা দেশ পৃথিৱীত নোহোৱা নহয়। চীন, কিউবা, চিৰিয়া আদিত এটা ৰাজনৈতিক দলৰ আধিপত্য দেখা যায়। ভাৰতীয় জাতীয় কংগ্ৰেছ এটা অনুপম মাৰ্জিত ৰাজনৈতিক দল। এই দলে এটা বৃহত্‍‌ জাতি পৰিচালনা কৰিছিল। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতিনিধিত্ব কৰিছিল।
ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে কংগ্ৰেছে আধিপত্য লাভ কৰিছিল। কংগ্ৰেছৰ এই আধিপত্য লাভৰ কিছুমান কাৰণ আছিল এনে ধৰণৰঃ-
(১) জাতীয় সংগ্ৰামৰ উত্তৰাধিকাৰীঃ-
কংগ্ৰেছ দলে জাতীয় আন্দোলনৰ পৰা উত্তৰাধিকাৰী সূত্ৰে এটা বিৰাট সম্বল লাভ কৰিছিল। এই দলে জনগণৰ অন্তৰত এটা প্ৰতিশ্ৰুতি আৰু আশাৰ সঞ্চাৰ কৰিছিল আৰু সেইটোৱেই জনগণৰ পৰা নিস্বাৰ্থ অকুণ্ঠ সমৰ্থন লাভ কৰাত সহায় কৰিছিল।
(২) তৃণমূল পৰ্যায়ৰ সংগঠনঃ-
কংগ্ৰেছেই আছিল একমাত্ৰ দল যাৰ তৃণমূল পৰ্যায়ত সংগঠন অতি দৃঢ় আছিল। এই দলৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোৰ মাজত অন্তনিৰ্হিত আছিল আভ্যন্তৰীণ গণতান্ত্ৰিক ভাবধাৰা। এইটোৱেই দলৰ আভ্যন্তৰীণ দ্বন্দ্ব মীমাংসাৰ পথ প্ৰশস্ত কৰিছিল।
(৩) স্থানীয় পৰিস্থিতিৰ লগত খাপখোৱাঃ-
কংগ্ৰেছৰ প্ৰাধান্যৰ অন্যতম কাৰণ আছিল যে এই দলে স্থানীয় পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰিছিল। দলৰ ভিতৰত গণতান্ত্ৰিক ব্যৱস্থা আৰু নিৰ্বাচনৰ লাভালাভে কংগ্ৰেছ দলক স্থানীয় পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগত নিজকে খাপখুৱাই ল’ব পাৰিছিল। 
(৪) নতুন সমৰ্থকক আকৰ্ষণঃ-
দেশৰ বিকাশৰ বাবে প্ৰচেষ্ট হাতত লোৱাৰ লগে লগে কংগ্ৰেছ দলৰো ক্ৰমাত্‍ বিকাশ লাভ হয়। ফলত এনে বিকাশে দললৈ নতুন এচাম যুৱক আৰু কৰ্মীক আকৰ্ষণ কৰে দলত যোগদান কৰি দলৰ হকে কাম কৰিবলৈ।
(৫) একমাত্ৰ শক্তিশালী দলঃ-
স্বৰাজোত্তৰ কালতো কংগ্ৰেছ দলেই একমাত্ৰ ৰাজনৈতিক দল আছিল যাৰ শাখা-প্ৰশাখা সমস্ত দেশজুৰি বিয়পি আছিল। তেনে অৱস্থাত আন দলে গা-কৰি উঠিবলৈ বিশেষ সুবিধাই পোৱা নাছিল।


23. ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। 
উত্তৰঃ- ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পাছত ১৯৬৯ চনত ৰাষ্ট্ৰপতিৰ পদটো খালী হৈ পৰিল। ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজৰ শত্ৰুতা মুকলিকৈ প্ৰকাশ পায় ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত। কংগ্ৰেছ সংসদীয় ব'ৰ্ডৰ সভাত ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰাৰ বিপৰীতে ছিণ্ডিকেটৰ নেতাসকলে গান্ধীৰ দীৰ্ঘদিনীয়া শত্ৰু নীলম সঞ্জীৱা ৰেড্ডীৰ নামটো প্ৰস্তাৱ কৰে আৰু শেষত তেওঁলোকৰ প্ৰস্তাৱটো গৃহীত হয়। ইন্দিৰা গান্ধীয়ে অসন্তুষ্ট হৈ সেই সময়ত উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ভি ভি গিৰিক নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদন্দিতা কৰিবলৈ সমৰ্থন আগবঢ়ায়। সেই সময়তে গান্ধীয়ে কৌশলগতভাৱে তেওঁ ১৪টা আগশাৰীৰ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে প্রিভি পাৰ্ছ বিলুপ্ত কৰি এলানি জনকল্যাণমূলক নীতি গ্ৰহণ কৰাৰ ঘোষণা কৰে। মোৰাৰজী দেশাই সেই সময়ৰ উপ-প্রধানমন্ত্ৰী আৰু দেশৰ বিত্তমন্ত্ৰী আছিল। ওপৰোক্ত বিষয় দুটাক কেন্দ্ৰ কৰি মোৰাৰজী দেশাই আৰু ইন্দিৰা গান্ধীৰ মাজত তীব্ৰ মতপার্থক্যই গা কৰি উঠিছিল আৰু ইয়াৰ ফলশ্রুতিতেই মোৰাৰজী দেশাইয়ে ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। গতিকে দুয়ো পক্ষৰ মাজত সংঘাত তীব্র হয়। কংগ্ৰেছ সভাপতিয়ে দলীয় প্রার্থী ৰেড্ডিক ভোটদান কৰিবলৈ (হুইপ) দলীয় নির্দেশনা জাৰি কৰে। ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে অখিল ভাৰতীয় কংগ্ৰেছ কমিটি (AICC)ৰ এখন বিশেষ অধিৱেশন আহ্বান কৰিবলৈ দাবী কৰিছিল যদিও দাবী অস্বীকাৰ কৰা হৈছিল। ভি. ভি. গিৰিক নীৰৱে সমৰ্থন কৰি শেষত ইন্দিৰা গান্ধীয়ে 'বিবেক ভোট' আহ্বান কৰে। অর্থাৎ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলক নিজৰ বিবেকমতে ভোটদান কৰিবলৈ সুবিধা কৰি দিলে। শেষত ভি. ভি. গিৰি জয়ী হ'ল। এই নিৰ্বাচনত ৰেডিৰ পৰাজয় আৰু ভি ভি গিৰিৰ বিজয়ে দলৰ বিভাজন প্ৰক্ৰিয়া পূৰ্ণ কৰিলে। কংগ্ৰেছ দলৰ সভাপতিয়ে প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীক দলৰ পৰা বহিস্কাৰ কৰিলে। এনেদৰে ১৯৬৯ চনৰ নবেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ দলৰ সম্পূৰ্ণ বিভাজন হ'ল। ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা গোটটোক কংগ্ৰেছ (R) আৰু চিণ্ডিকেটে নেতৃত্ব দিয়া গোটটোক কংগ্ৰেছ (O) বুলি জনা যায়।

24. আৰাক (মাদক দ্রব্য) বিৰোধী আন্দোলনটোক নাৰী আন্দোলন বুলি তুমি ভাবা নেকি? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া।
উত্তৰঃ- মাদক দ্ৰব্য (আৰাক) বিৰোধী আন্দোলনটোক মই নাৰী আন্দোলন বুলি ভাবো।
    অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত পুৰুষসকলৰ আৰাক নামৰ স্থানীয় সুৰা আসক্তিৰ ফলস্বৰূপে মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হৈছিল। এই সুৰা সেৱনৰ অভ্যাসৰ বাবে পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছিল লগতে বেয়াকৈ প্ৰভাৱ পৰিছিল মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে মাদক দ্ৰব্য (আৰাক) বিৰোধী আন্দোলন আৰম্ভ কৰিছিল। গাঁৱৰ মাদক দ্ৰব্য (আৰাক) বিক্ৰেতাক তেওঁলোকে অৱগত কৰিছিল। মাদক দ্ৰব্য (আৰাক) কঢ়িয়াই অনা জীপ গাড়ীখন ওভোতাই পঠালে। গুণ্ডাবাহিনীৰ দ্বাৰা মহিলীসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। মহিলাসকল কিন্তু অটল থাকিল তেওঁলোকৰ সিদ্ধান্তত। তেওঁলোকে সংগঠিতভাৱে গুণ্ডাৰ আক্ৰমণ প্ৰতিহত কৰাত গুণ্ডাবাহিনীও পলাবলৈ বাধ্য হ’ল। মহিলাসকলে সুৰাভৰ্তি তিনিখন জীপ জ্বলাই দিলে। মহিলাসকলৰ এই প্ৰতিবাদৰ ফলস্বৰূপে নেল্লোৰত ১৭বাৰকৈ আৰাকৰ নিলাম স্থগিত ৰাখিবলগা হৈছিল। নেল্লোৰ জিলাত আৰম্ভ হোৱা এই আন্দোলন অন্ধ্ৰপ্ৰদেশৰ সকলো অঞ্চলত বিয়পি পৰিছিল আৰু অন্ধ্ৰপ্ৰদেশৰ সেই সময়ৰ ৰাজধানী হায়দৰাবাদত মাদক দ্ৰব্য (আৰাক) বিক্ৰীৰ বিৰুদ্ধে বিশাল সমদল উলিয়াইছিল।

25. ভাৰতৰ পাৰমানবিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ-ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্ৰদৰ্শক হিচাপে হোমী জাহাংগীৰ ভাবাক আখ্যা দিয়া হয়।
ভাৰতৰ শক্তিশালী পাৰমাণৱিক নীতি হ’ল ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য। 1940 দশকৰ শেষৰফালে হোমী জাহাংগীৰ ভাবাৰ দৰে বিজ্ঞানী আছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পাৰমাণৱিক যুদ্ধাস্ত্ৰ বিৰোধী আছিল আৰু সেই কাৰণে তেওঁ সু-সংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ আবেদন জনাই আহিছিল।
পৰৱৰ্তী সময়ছোৱাত বিশ্বত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পোৱাত ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰবোৰক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়। কিন্তু ভাৰতে আজিলৈকে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে। কাৰণ ভাৰতে অনুভৱ কৰে যে এই চুক্তিখন বৈষম্যমূলক। অৱশ্যে ভাৰতে ১৯৬৩ চনৰ আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰিছে।
উল্লেখযোগ্য যে পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনোৱা ভাৰত হ’ল বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ। অৱশ্যে ভাৰতে ১৯৭৪  আৰু ১৯৯৮ চনত দুবাৰকৈ ৰাজস্থানৰ পোখৰানত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ভাৰতে এই পাৰমাণৱিক পৰীক্ষা কৰাৰ বাবে বিশ্বত সমালোচনাৰ সন্মুখীন হৈছিল। আনকি আমেৰিকা আৰু জাপানৰ দৰে দেশে ভাৰতৰ ওপৰতৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল।
১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰিছিল। ভাৰতে ঘোষণা কৰে যে ৰাষ্ট্ৰখনে প্ৰথমে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰিব। ২০০৩ চনত ভাৰতে আনুষ্ঠানিকভাৱে 
কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব আনুষ্ঠানিকভাৱে গঠন কৰে। ভাৰত আন্তঃৰাষ্ট্ৰীয় আনৱিক ইন্ধন এজেন্সিৰ সদস্য। তদুপৰি ভাৰতে সুসংগত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ পৰাও আতঁৰি আছে। এনে পৰিস্থিতিত ভাৰতে আনৱিক ইন্ধন শান্তিপূৰ্ণ উদ্দেশ্যত উত্পাঁদন আৰু ব্যৱহাৰক সমৰ্থন কৰি আহিছে।


26. ভাৰতৰ যিকোনো চাৰিটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা। 
উত্তৰঃ- পঞ্জাৱৰ আকালি দল, মহাৰাষ্ট্ৰৰ শিৱসেনা, তামিলনাডুৰ ডি.এম.কে. আৰু অসমৰ এ.জি.পি.

27. সেউজ বিপ্লবৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰা।
উত্তৰঃ- ১৯৬০ৰ দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত আওপুৰণি কৃষি কৌশলৰ স্থান আধুনিক প্ৰযুক্তিবিদ্যাই গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। নতুন উন্নত জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱহাৰৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে। এই নতুন পদ্ধতিটোক 'আধুনিক কৃষি প্ৰযুক্তিবিদ্যা' অথবা 'সেউজ বিপ্লৱ' (Green Revolution) আখ্যা দিয়া হয়।
সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰা। 
(ক) ১৯৬৮-৭০ৰ সময়ছোৱাত কৃষিখণ্ডলৈ চৰকাৰে আনুষ্ঠানিক বিত্ত দুগুণলৈ বৃদ্ধি কৰে।           
(খ) দেশৰ কেইখনমান বিশেষ ৰাজ্যক এই কৃষি বিপ্লৱ বা সেউজ বিপ্লৱৰ বাবে বাছি লোৱা হয়।
(গ) এই লক্ষ্যত উপনীত হ’বৰ বাবে চৰকাৰে কৃষিখণ্ডত অত্যধিক ৰাজ-সাহায্য আগবঢ়োৱাৰ নীতি প্ৰৱৰ্তন কৰে।
        সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফলঃ-
(ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামৰ্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
(খ) ভাৰতে সেউজ বিপ্লৱৰ সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সম্ভ্ৰম আদায় কৰিবলৈ সমৰ্থ হয়।
(গ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে।
            সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফলঃ-
(ক) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান, এই দুই প্ৰধান শস্যৰ উত্পাবদৰ অভাৱনীয় বৃদ্ধি।
(খ) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ তাত্প ৰ্যপূৰ্ণ পৰিৱৰ্তন হয়। 
(গ) সেউজ বিপ্লৱে ভাৰতত স্থানীয় উত্পািদন খণ্ডৰ বৃদ্ধিত বিশেষভাৱে সহায় কৰে। আৰু ই নতুন নিয়োগ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰখনৰ মুঠ ঘৰুৱা উত্পাদন বৃদ্ধিত বৰঙণি যোগায়।


অথবা
ভাৰতৰ পৰিকল্পনা আয়োজনৰ ভূমিকা আলোচনা কৰা। পৰিকল্পনা আয়োগৰ স্থানত নতুনকৈ গঠিত সংগঠনটোৰ নাম লিখা৷         6
উত্তৰঃ- ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। ই এটা অতি শক্তিশালী সংস্থা আছিল। পৰিকল্পনা আয়োগত এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু দহ-বাৰজন সদস্য আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ। পৰিকল্পনা আয়োগে ভাৰতৰ সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদ নিৰ্ধাৰণ কৰিছিল আৰু ৰাষ্ট্ৰখনৰ সম্পদসমূহৰ সুদক্ষ আৰু সন্তুলিত ব্যৱহাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই আয়োগ সংসদৰ কোনো আইনৰ দ্বাৰা সৃষ্টি হোৱা নাই আৰু ই সাংবিধানিক ব্যৱস্থাৰ অন্তৰ্গতও নহয়। এই আয়োগ মন্ত্ৰীসভাৰ এটা সিদ্ধান্তৰ ভেটিত গঠিত হৈছিল। সেয়ে পৰিকল্পনা আয়োগক কেতিয়াবা সংবিধান বহিৰ্ভূত সংগঠন বুলি কোৱা হয়।
পৰিকল্পনা আয়োগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত এক অতি তাত্প্ৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। এই আয়োগে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে 'পঞ্চ বাৰ্ষিক পৰিকল্পনা' আৰম্ভ কৰে। পৰিকল্পনাৰ ফলস্বৰূপে ১.৭ শতাংশ বছৰি জনমূৰি আয় বৃদ্ধি পাইছে। পৰিকল্পনা আয়োগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ ফলস্বৰূপে ১৯৬৬-৬৭ চনত সেউজ বিপ্লৱৰ আৰম্ভ হয়। আয়োগে ঔদ্যোগিক খণ্ডৰ বিকাশতো যথেষ্ট বৰঙণি আগবঢ়ায়। শিক্ষা, চিকিত্সা্ শাস্ত্ৰ আদিতো যথেষ্ট উন্নতি হৈ আছে। সামাজিক ন্যায় প্ৰতিষ্ঠাত আয়োগৰ অৱদান উল্লেখযোগ্য। অৰ্থাত্‍ ভাৰতৰ আৰ্থ-সামাজিক বিকাশত পৰিকল্পনা আয়োগে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰি আছে।
            পৰিকল্পনা আয়োগৰ স্থানত নতুনকৈ গঠিত সংগঠনটোৰ হ’ল নীতি আয়োগ (NITI AYOG)।


28. কাশ্মীৰ সমস্যা সম্পর্কে বিশদ ভাবে আলোচনা কৰা।
উত্তৰঃ-কাশ্মীৰ ভাৰতবৰ্ষ আৰু পাকিস্তান — দুয়োখন দেশৰ সীমাত অৱস্থিত। স্বাধীনতাৰ সময়ত এই ৰাজ্যৰ শাসক আছিল হৰি সিং আৰু তেওঁ হিন্দু ধৰ্মৰ লোক। কিন্তু ৰাজ্যখনৰ ৭৫% লোক আছিল মুছলমান। হৰি সিঙে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু পাকিস্তানৰ সাম্প্ৰদায়িকতাবাদ - দুয়োটাকে ভয় কৰিছিল। তেওঁ কাশ্মীৰক এখন স্বাধীন ৰাজ্য হিচাপে ৰাখিব খুজিলে। কাশ্মীৰৰ জনপ্ৰিয় ৰাজনৈতিক শক্তি আছিল শ্বেখ আব্দুল্লাৰ নেশ্যনেল ফনফাৰেন্স আৰু তেওঁ কাশ্মীৰক ভাৰতবৰ্ষৰ সৈতে চামিল কৰাটো বিচাৰিছিল।
        এনে পৰিস্থিতিৰ মাজতে ১৯৪৭ চনৰ ২২ অক্টোবৰ তাৰিখে পাকিস্তান সমৰ্থিত  পাঠান জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰি ৰাজ্যৰ ৰাজধানী শ্ৰীনগৰলৈ আগবাঢ়ি আহিছিল। মহাৰজা হৰি সিঙে ২৪ অক্টোবৰত ভাৰত চৰকাৰৰ ওচৰত সামৰিক সাহাস্য বিচাৰি আবেদন জনাইছিল। কাশ্মীৰ ভাৰতবৰ্ষৰ লগত চামিল নোহোৱালৈকে ভাৰতবৰ্ষই আন্তৰ্জাতিক আইনৰ নিয়মানুসাৰে সৈন্য প্ৰেৰণ কৰিব নোৱাৰে। এনে পৰিস্থিতিত কাশ্মীৰৰ ৰজাই ২৬ অক্টোবৰ তাৰিখে চামিলকৰণৰ চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ভাৰতৰ অংগৰাজ্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। শ্বেখ আব্দুল্লাক ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰে। ২৭ অক্টোবৰ তাৰিখে ভাৰতীয় সৈন্য কাশ্মীৰলৈ প্ৰেৰণ কৰা হ’ল। তত্কাপলেই শ্ৰীনগৰ উদ্ধাৰ কৰা হ’ল যদিও ৰাজ্যৰ কেতবোৰ অংশ সোনকালে উদ্ধাৰ কৰিব পৰা নগ’ল।
        ভাৰত চৰকাৰে ১৯৪৭ চনৰ ৩০ ডিচেম্বৰ তাৰিখে কাশ্মীৰ সমস্যা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ প্ৰেৰণ কৰিলে। সেই মৰ্মে ভাৰতবৰ্ষ আৰু পাকিস্তানে ১৯৪৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে যুদ্ধ বিৰতি ঘোষণা কৰিলে আৰু যুদ্ধ বিৰতি হোৱা সীমাক ভিত্তি হিচাপে লৈ কাশ্মীৰক দুখন ৰাজ্যত বিভক্ত কৰা হ’ল। ১৯৫১ চনত ৰাষ্ট্ৰসংঘই এটা প্ৰস্তাৱ গ্ৰহণ কৰি কাশ্মীৰৰ গণভোট অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল কিন্তু "আজাদ কাশ্মীৰ"ৰ পৰা পাকিস্তানে সৈন্যবাহিনীক আঁতৰাই নিয়াৰ প্ৰস্তাব মানি নোলোৱাৰ ফলত গণভোট অনুষ্ঠিত নহ’ল।
        শেহতীয়াকৈ ২০১৯ চনৰ ৫ আগষ্ট তাৰিখে জম্মু আৰু কাশ্মীৰটোক ভাৰতৰ লগত সম্পূৰ্ণৰূপে চামিলকৰিবলৈ বিশেষ মৰ্যাদা ৩৭০ নং অনুচ্ছেদক বাতিল কৰা হৈছিল।

অথবা
জৰুৰীকালীন অৱস্থান পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষন কৰা। 6
উত্তৰঃ- জৰুৰীকালীন অৱস্থাই ভাৰতীয় ৰাজনীতিলৈ বহুতো পৰিৱৰ্তন কৰিছিল। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে বহু ধৰণৰ শিক্ষা লাভ কৰিছিল। তাৰে ভিতৰত-(ক) জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতা আৰু সবলতাৰ কথা প্ৰকাশ কৰিছিল। সেই সময়ছোৱাতে গণতন্ত্ৰক অতি দুৰ্বল কৰি তোলা হৈছিল যদিও জৰুৰী অৱস্থাত সৃষ্টি হোৱা ঘটনাসমূহ নিৰ্মূল কৰিবৰ বাবে গণতন্ত্ৰক পুনৰ সবল কৰি তোলা হৈছিল। অৰ্থাত্‍ জৰুৰীকালীন অৱস্থাৰ দৰে সংকটকালীন সময়তো যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটো নিৰ্মূল কৰিব নোৱাৰে সেয়া প্ৰমাণিত হ’ল।
(খ) আমোলাতন্ত্ৰ আৰু ন্যায়পালিকা যে স্বাধীন আৰু নিৰপেক্ষ হ’ব লাগে সেই শিক্ষাও জৰুৰীকালীন অৱস্থাৰ পৰা পোৱা গৈছিল।
(গ) জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা অতি গুৰুত্বপূৰ্ণ বিষয় হ’ল- চৰকাৰৰ প্ৰশাসন তথা ন্যায় সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা হ’ব লাগে।
(ঘ) জৰুৰীকালীন অৱস্থাৰ জৰিয়তে সংবিধানত জৰুৰীকালীন অৱস্থাৰ অস্পষ্টতা আঁতৰ কৰা হয়। মন্ত্ৰীসভাই জৰুৰীকালীন অৱস্থা ঘোষণাৰ বাবে ৰাষ্ট্ৰপতিলৈ লিখিত পৰামৰ্শ আগবঢ়াব লাগিব।
(ঙ) জৰুৰীকালীন অৱস্থাই নাগৰিক স্বতন্ত্ৰতা সম্পৰ্কে সকলোকে সজাগ কৰি তোলে। এই অৱস্থাৰ পিছৰ পৰাই ন্যায়পালিকাই জনসাধাৰণৰ নাগৰিক স্বতন্ত্ৰতা ৰক্ষাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰি অহা দেখা গৈছে।
(চ) জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা এটা অতি জৰুৰী বিষয় হ’ল যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ জৰিয়তে জনসাধাৰণৰ
মনত ৰাজনৈতিক সচেতনতা আৰু সজাগতা বৃদ্ধি পোৱা দেখা যায়। 
ওপৰত উল্লেখ কৰা শিক্ষাসমূহেই জৰুৰীকালীন অবস্থাৰ পৰা ভাৰতে লাভ কৰিছিল।



Political Science 2022

Part-A/ক-অংশ
Contemporary World Politics
(সমসাময়িক বিশ্ব ৰাজনীতি)

1.
(a) NIEO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।  

উত্তৰ:- New International Economic Order.
(b) কোনখন ৰাষ্ট্ৰৰ পতনক "দ্বিতীয় বিশ্ব"ৰ পতন হিচাবে জনা যায়? HS-2019, 2021 (Spl.)
উত্তৰ:-ছোভিয়েট ইউনিয়ন
(c) কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৯৯০ চনত
(d) SAFTA-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- South Asia Free Trade Area
(e) বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল ______ চনত।
উত্তৰ:- ১৯৯২ চনত।
(f) খিলঞ্জীয়া জনসাধাৰণৰ বিশ্বপৰিষদ গঠন হৈছিল ১৯৭৪/১৯৭৫/১৯৬ চনত। (শুদ্ধ উত্তৰটো বাচি উলিওৱা)
উত্তৰ:- ১৯৭৫ চনত

2. মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা।        2
উত্তৰঃ- গ্লাচনোষ্ট (Glasnost) আৰু পেৰেষ্ট্ৰোইকা (Parestroika)

3. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা।            2
উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ৰাছিয়া, ফ্ৰান্স, চীন।

4. সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। 2015, 2019 2
উত্তৰ:- মানৱ অধিকাৰ জাগৰণ (Human Right Watch) আৰু আন্তৰ্জাতিক ক্ষমাদান (Amnesty International)

5. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটাৰ নাম লিখা।                    2
উত্তৰঃ- সাধাৰণ সভা, নিৰাপত্তা পৰিষদ

6. মানৱজাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা।                2
উত্তৰঃ- বিশ্বৰ দৰিদ্ৰতা আৰু সন্ত্ৰসাবাদ।

7. জলপ্ৰদূষণৰ দুটা কাৰণ লিখা।                    2
উত্তৰঃ- জলপ্ৰদূৰষণৰ দুটা কাৰণ হৈছে- (ক) উদ্যোগ অঞ্চলৰ পৰা নিৰ্গত দূষিত পদাৰ্থ। (খ) খেতি পথাৰত ব্যৱহূত ৰাসায়নিক পদাৰ্ষ।

8. বৃহত্‍ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিয় প্ৰয়োজন? চাৰিটা কাৰণ লিখা। HS-2017, 2021(Spl.)  4
উত্তৰ:-  বৃহত্‍ শক্তি ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ প্ৰয়োজন আছিল। ইয়াৰ মূল কাৰণবোৰ তলত উল্লেখ কৰা হ’ল—
 (ক) সৰু সৰু ৰাষ্ট্ৰসমূহৰ ভিন্ন প্ৰাকৃতিক সম্পদ, যেনে— তেল, তীখা, খনিজ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা,
(খ)সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহত্‍ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপণাস্ত্ৰ (Missile) নিক্ষেপ কৰাত সুবিধা হয়।
(গ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰু পক্ষৰ ৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰাত সহায় কৰা।  
(ঘ) বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগলে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় কৰা।
(ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ এই দুই বৃহত্‍ শক্তিৰ মাজত আদৰ্শ বা ভাৱধাৰাৰ যথেষ্ট অমিল আছিল। গতিকে এই বৃহত্‍ শক্তি নিজৰ নিজৰ ভাৱধাৰা বিস্তাৰ কৰাৰ বাবেও সৰু সৰু ৰাষ্ট্ৰৰ মিত্ৰতা বিচাৰিছিল আৰু এনেদৰে শীতল যুদ্ধৰ আৰম্ভ হৈছিল।
    আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ এই দুই বৃহত্‍ শক্তিয়ে শক্তি বৃদ্ধি আৰু নিজৰ নিজৰ আদৰ্শ আন আন ৰাষ্ট্ৰত বিস্তাৰ কৰাৰ উদ্দেশ্যত সৰু সৰু ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা স্থাপন কৰিছিল।

9. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।   2016      4
উত্তৰঃ- উত্তৰ:- বিশ্বযুৰি যিবোৰ শক্তিয়ে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সেই সাম্ৰাজ্যসমূহৰ একো-একোটা সময়ত পতন ঘটিছে আৰু এই পতনৰ বেলিকা আভ্যন্তৰীণ কাৰকসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰতো একেই কথা ক’ব পাৰি। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ বেলিকা তিনিটা গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ কাৰকে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে। সেইবোৰ কাৰক হ’ল—
(ক) সাংবিধানিক গাঁথনি:-
    আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত চৰকাৰৰ তিনিটা অংগ যেনে— বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা স্পষ্ঠভাৱে বিভাজন কৰি দিয়া আছে। ৰাষ্ট্ৰপতিয়ে লব খোজা যিকোনো পদক্ষেপ বেলিকা মাৰ্কিন সংসদে বাধা আৰোপ কৰিব পাৰে।
(খ)মাৰ্কিন মুক্ত সমাজ ব্যৱস্থা:-
    দেখাত আমেৰিকাৰ জনসাধাৰণে চৰকাৰক বা ৰাষ্ট্ৰপতিক বিনা প্ৰশ্নে সমৰ্থন কৰে। কিন্তু সেইটো মুঠেই শুদ্ধ কথা নহয়। মাৰ্কিন ৰাজনৈতিক সংস্কৃতিত চৰকাৰৰ প্ৰতি এক সমালোচনাত্মক দৃষ্টিভংগী বিৰাজমান। উদাহৰণস্বৰুপে ভিয়েটনাম যুদ্ধৰ ক্ষেত্ৰত মাৰ্কিন চৰকাৰৰ বিৰুদ্ধ দেশৰ জনসাধাৰণেই আটাইতকৈ দৃঢ়ভাবে প্ৰতিবাদ সাম্যস্ত কৰিছিল। জৰ্জ এইচ ডব্লিউ বুশ্বৰ ইৰাকী অভিয়ানৰ বিৰুদ্ধেও দেশৰ জনসাধাৰণ সজাগ হৈ উঠিছিল।
    (গ)উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (NATO):-
    মাৰ্কিন যুক্তৰাষ্ট্ৰই উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (NATO)-ক নিজৰ আধিপত্য বৰ্তাই ৰখাৰ স্বাৰ্থতে জীয়াই ৰাখিছে। কিন্তু সমান্তৰালভাৱে এই সংগঠনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ একপক্ষীয় সামৰিক ক্ষমতাকো কম-বেছি পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ সুযোগ পাইছে।

10. ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। 2017, 2020 4
উত্তৰঃ- উত্তৰ:- ভাৰতৰ বৈদেশিক নীতিৰ ভিত্তি হৈছে শান্তি আৰু সহযোগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিছে। কিন্তু ভাৰতে পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত চাৰিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।
    ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৭-৪৮ চনত হোৱা যুদ্ধৰ পৰিণতি স্বৰূপে পাকিস্তানে অধিকৃত কাশ্মীৰ (Occupied Kashmir) আৰু ভাৰতে জম্মু আৰু কাশ্মীৰ প্ৰদেশৰ অধিকাৰী হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবে যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশক লৈ ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতবৰ্ষই জয়লাভ কৰিছিল, কিন্তু কাশ্মীৰ সমস্যাটো অমীমাংসিত ভাৱেই ৰৈ গৈছিল।
    ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ, ধন সামৰিক প্ৰশিক্ষণ আদি দি ভাৰতত সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে। আনহাতে, পাকিস্তানৰ সিন্ধু আৰু বেলুচিস্তান এই প্ৰদেশ দুখনত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ বাবে ভাৰত চৰকাৰ তথা ইয়াৰ নিৰাপত্তা বিভাগক পাকিস্তানে দোষাৰোপ কৰে।
১৯৬০ চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ (Indus Water Treaty)-ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। অৱশ্যে এই চুক্তিখন ব্যাখ্যাৰ ক্ষেত্ৰত যদিও কিছুমান মতানৈক্য আছে তথাপি বৰ্তমানলৈকে এই চুক্তিখন কাৰ্যকৰী হৈ আছে।
১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পাছত ১৯৬৬ চনৰ ৪ জানুৱাৰীত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছখণ্ডত এটা স্থায়ী সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰা শীৰ্ষ সন্মিলনখনকো ঐতিহাসিক আখ্যা দিয়া হয়।
২০১৬ চনৰ জানুৱাৰীত পাঠানকোট বিমানসেৱা ঘাটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত হোৱা তথা ২০০৮ চনত মুম্বাইৰ ভয়াৱহ আক্ৰমণত পাকিস্তানী চোৰাংচোৱা এজেন্সী ISI জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছিল। সেই বছৰতে ছেপ্টেম্বৰ মাহত জম্মু আৰু কাশ্মীৰৰ উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ভাৰত-পাক সম্পৰ্কৰ অধিক অৱনতি ঘটে। পাঠানকোট আৰু উৰিত পাকিস্তানৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আজাদ কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতি সাধন কৰে। আনকি সেই বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ছাৰ্কৰ ১৯তম শীৰ্ষ সন্মিলনৰো বিৰোধিতা ভাৰতে কৰে।

11. বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।    2015, 2018, 2021 (Spl.)     4
উত্তৰঃ- উত্তৰ:- বিশ্বৰ দৰিদ্ৰতাই মানুহৰ দৈনন্দিন জীৱনত আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভুগায়। ই মানৱ জীৱনৰ নিৰাপত্তাহীনতাৰ এক প্ৰধান কাৰণ। ৰাষ্ট্ৰ এখনত যেতিয়া জনসংখ্যা অনুপাতে পৰ্যাপ্ত কৰ্মসংস্থাপনৰ সুবিধা নাথাকে, তেতিয়া সাধাৰণতে জনসাধাৰণ দৰিদ্ৰতাত ভোগে। দৰিদ্ৰতা হ’ল এনে এক অৱস্থা য’ত মানুহৰ জীৱিকাৰ আয়ৰ পৰ্যাপ্ত সুবিধা নাই। যাৰ ফলত ৰাষ্ট্ৰখনৰ জনসাধাৰণে দুবেলা দুমুঠি খাবলৈ নাপায়। ল’ৰা-ছোৱালীক উপযুক্ত শিক্ষা দিব নোৱাৰে, উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয়, মাতৃ আৰু শিশু পুষ্টিহীনতাত ভূগে। এনেদৰে দৰিদ্ৰতাই মানুহক সকলো ফালৰ পৰা নিৰাপত্তা ধনতাত ভূগায়। চমু কথাত দৰিদ্ৰতাই মানুহক তিল-তিলকৈ শাস্তি প্ৰদান কৰে আৰু জীয়াই থকাৰ অৰ্থ হৈ পৰে বঞ্চনাৰ নামান্তৰ। পৃথিৱীত, বিশেষকৈ তৃতীয় বিশ্বৰ কেতবোৰ দেশত বৰ্ধিত জনসংখ্যাই আৰু ধনী আৰু দুখীয়া লোকৰ বৃদ্ধি পোৱা আয় তথা সা-সুবিধাৰ বৈষম্যই দৰিদ্ৰতাৰ সমস্যাক ভয়াৱহ কৰি তুলে। উল্লেখযোগ্য যে বৰ্তমান বিশ্বৰ জনসংখ্যা প্ৰায় ৭০০ কোটি আৰু এনেদৰে বৃদ্ধি হ’লে ২৫ বছৰৰ পাছত এই সংখ্যা বৃদ্ধি হৈ ৮০০ বা ৯০০ কোটি হ’ব। মুঠ জনসংখ্যাৰ আধা সংখ্যক বৃদ্ধি হৈছে চীন, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া আৰু ইণ্ডোনেছিয়া, এই ছয়খন ৰাষ্ট্ৰত। মন কৰিবলগীয়া বিষয়টো হ’ল যে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰত দ্ৰুত হাৰতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কমি আহিছে। ধনী দেশসমূহৰ গড় জনমূৰি আয় এনেয়ে বেছি। তদুপৰি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমি গলে জনমূৰি আয় আৰু বৃদ্ধি পায়। সেয়ে জনসংখ্যা বৃদ্ধি হাৰ হ্ৰাস কৰি জনমূৰি আয় বৃদ্ধি কৰি জনসাধাৰণৰ জীনৱৰ নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দিন বৰ্তমান আহি পৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় যেনে- শিক্ষাৰ ইন্নয়ন, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা আদি অতি প্ৰয়োজন হৈ পৰিছে।

12. বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।    2016, 2021(Spl.)  4
উত্তৰ:- বিশ্বায়নে কোনো দেশৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। এই প্ৰভাৱ সম্পৰ্কেও বিভিন্ন বিতৰ্ক পৰিলক্ষিত হয়। বিশ্বায়নে ৰাজনীতি আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে সংক্ষেপে তলত দিয়া ধৰণে ক’ব পাৰি :
    (ক) বিশ্বায়নে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাৱদ্ধতা আনি দিছে।
    (খ) বিশ্বায়নৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচীক সংকুচিত কৰিছে।
    (গ) বিভিন্ন দেশৰ চৰকাৰ ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিকভাৱে ব্যস্ত হৈ পৰিছে।
    (ঘ) বিশ্বায়নে বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দূৰ্নীতিৰো সূচনা কৰিছে। এই ক্ষেত্ৰত ভাৰতবৰ্ষ এক গুৰুত্বপূৰ্ণ উদাহৰণ।

13. ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? তিনিটা কাৰণ আলোচনা কৰা।     2013, 2015, 2017, 2019, 2021(spl)         6
উত্তৰঃ- উত্তৰ:- আন্তৰ্জাতিক ৰাজনীতিত সাতটা দশকৰো অধিক কাল ধৰি এনে গুৰুত্বপূৰ্ণ ফূমিকা পালন কৰি অহা ছোভিয়েট ইউনিয়নৰ ভাঙোন বিংশ শতিকাৰ আন্তৰ্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম। ছোভিয়েট ইউনিয়নৰ ভাঙোন  অছোভিয়েট ইউনিয়নৰ ভাঙোন অন্তৰালত বহুবোৰ কাৰণ নিহিত আছে।
সেইবোৰ তলত আলোচনা কৰা হ’ল:-
(ক) প্ৰসাশণিক কাৰণ:-
মিখাইল গৰ্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্ৰশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণ ধৈৰ্য্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। কাৰণ, তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহ’ব।  
(খ) ঐতিহাসিক কাৰণ:-
    ছোভিয়েট ইউনিয়ন পতনৰ আন এটা কাৰণ হ’ল ঐতিহাসিক কাৰণ, ছোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ হৈ গঠিত হৈছিল। গতিকে, এই প্ৰজাতন্ত্ৰবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত অভ্যন্তৰীণ সমস্যাই দেখা দিছিল।
(গ) জাতীয়তাবাদী উত্থানৰ কাৰণ:-
    ছোভিয়েট ইউনিয়নৰ অংশীদাৰ ইউৰোপৰ প্ৰজাতন্ত্ৰবোৰ আৰু জয়জয়-ময়ময় অৱস্থাৰ প্ৰজাতন্ত্ৰবোৰ যেনে : ৰাছিয়া, বাল্টিক অঞ্চল, ইউক্ৰেইন আৰু জৰ্জিয়াৰ জাতীয়তাবাদীসকলৰ মতে তেওঁলোকে মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰক ছোভিয়েট ইউনিয়নৰ অংশীদাৰ কৰি ৰখাৰ বাবে অধিক উচ্চ হাৰত আৰ্থিক সহায় দিবলগীয়া হয়। এইটোও ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ।
(ঘ) সাৰ্বভৌমত্বৰ আকাংক্ষা:-
ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ’ল : ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া) ইউক্ৰোইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষা।  
(ঙ) গৰ্বাচেভৰ সংস্কাৰমূলক নীতি:-
মিখাইল গৰ্বাচেভৰ সংস্কাৰ ব্যৱস্থাইও ছোভিয়েট ইউনিয়ন পতন মাতি আনিছিল। তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবোধ, অৰ্থনৈতিক স্ব-নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্ৰস্তুত নকৰাকৈ ছোভিয়েট ইউনিয়নত তেওঁৰ বিখ্যাত Glasnost (ব্যাপক স্বচ্ছতা) আৰু Parestroika ৰ (পুনৰ নিৰ্মাণ) ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।  


                অথবা
অৰ্থনৈতিক মহাশক্তি হিচাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশদভাৱে আলোচনা কৰা।  2019     6

উত্তৰঃ- উত্তৰ:- বিশ্বৰ অৰ্থনীতিক বুজোৱাৰ অৰ্থে গঠনাত্মক (গাঁথনিগত) ক্ষমতা হিচাপে আধিপত্যসূচক প্ৰভাৱৰ সূচনা হৈছে। বিশেষকৈ মুক্ত বিশ্ব অৰ্থনীতিৰ সৃষ্টি তথা ইয়াক বৰ্তাই ৰখাৰ বাবে বৃহত্‍ শক্তিৰ সমৰ্থনৰ প্ৰয়োজন। অৱশেষত, এই বৃহত্‍ শক্তিয়ে হৈ পৰে বিশ্ব অৰ্থনীতিৰ মূল চালক আৰু বিশ্বৰ অৰ্থনীতিৰ গাঁথনিটোৰ ওপৰত আধিপত্যসূচক প্ৰভাৱ বিস্তাৰ কৰে।
    আমি সকলোৱে জানো যে বৰ্তমান আমি এক মুক্ত বিশ্ব অৰ্থনীতিৰ যুগত বাস কৰিছো। এনে অৰ্থনীতি সৃষ্টি আৰু তাক ৰক্ষণা-বেক্ষণ দিবৰ বাবে এক প্ৰতিপত্তিশীল শক্তিৰ প্ৰয়োজন। এনে প্ৰতিপত্তিশীল ক্ষমতাৰ অধিকাৰী শক্তিৰ বিশ্ব অৰ্থনীতিক এক শৃংখলা প্ৰজানৰ সদিচ্ছা তথা সামৰ্থ্য থাকিব লাগিব। আধিপত্যশীল শক্তিয়ে নিজৰ স্বাৰ্থতেই এনে ভূমিকাত অৱতীৰ্ণ হয়। কিন্তু তাকে কৰিবলৈ যাওঁতে আপেক্ষিকভাবে এনে শক্তিৰ লোকচানো হয়। কাৰণ এনে মুক্ত অৰ্থনীতিত অংশগ্ৰহণ কৰা অন্যবোৰ প্ৰতিযোগী ৰাষ্ট্ৰই বিশ্ব অৰ্থনীতিৰ শৃংখলা বৰ্তাই ৰথাৰ জায়িত্ব গ্ৰহণ নকৰাকৈয়ে মুক্ত অৰ্থনীতিৰ সুযোগ-সুবিধা উপভোগ কৰে।
    মাৰ্কিন যুক্তৰাষ্ট্ৰই এই অৰ্থত যি আধিপত্য লাভ কৰিছে তাৰ উমান পাব পাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্ব জনতাৰ সমূহীয়া কল্যাণৰ খাতিৰত পালন কৰা ভূমিকাৰ পৰা। এই ক্ষেত্ৰত আমি বিশ্ব জোৰা সামাজিক সম্পদ (Global Public Goods)ৰ কথা ক’ব পাৰো। এই সামাজিক সম্পদ বা পণ্য হ’ল সেইবোৰ যিবোৰৰ এজনে কৰা ভক্ষনে অন্য এজনক বঞ্চিত নকৰে। উদাহৰণস্বৰূপে বিশুদ্ধ বায়ু আৰু ৰাস্তা-পদূলী এনে সামাজিক সম্পদৰ উত্কৃউষ্ট উদাহৰণ।
    বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত অত্যন্ত ভাল উদাহৰণ হ’ল ভাল যোগাযোগৰ সাগৰীয় পথ (SLOCS)। সাগৰীয়া পথেৰে সাধাৰণতে সদাগৰসকলে জাহাজ চলায়। মুক্ত বিশ্ব অৰ্থনীতি মুক্ত সাগৰীয় পথ অবিহনে সম্ভৱ নহ’ব। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বৃটিছ নৌ-শক্তিৰ আধিপত্য শেষ হোৱাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰই সেই আধিপত্য প্ৰতিষ্ঠা কৰে। সমূহীয়া সম্পদৰ অন্য এক উদাহৰণ হ’ল ইণ্টাৰনেট (Internet)। আজি ইণ্টাৰনেটে এক ভাসমান বিশ্ব সমাজ নিৰ্মাণ কৰি তুলিছে। ইণ্টাৰনেট ব্যৱস্থা মাৰ্কিন যুক্তৰাষ্ট্ৰই 1950 চনতে সূচনা কৰা সামৰিক গৱেষণাৰ ফলশ্ৰুতি।
    বিশ্ব অৰ্থনীতি তথা প্ৰযুক্তিৰ সৰলোবোৰ ক্ষেত্ৰতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপস্থিতি বিদ্যমান। বিশ্ব অৰ্থনীতিত 28 শতাংশৰ অংশীদাৰীত্ব আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ।বিশ্ব বাণিজ্যৰ 15 শতাংশ নিয়ন্ত্ৰণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই। বিশ্ব অৰ্থনীতিৰ সকলোবিলাক ক্ষেত্ৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী বা ফাৰ্মসমূহে প্ৰথম তিনিটা স্থানৰ কোনোৱা নহয় কোনোবা এটা দখল কৰি ৰাখিছে।
    মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক আধিপত্য আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই গঢ়ি তোলা গাঁথনিগত আধিপত্যৰ পৰা। বিশ্ব অৰ্থনীতিৰ আধাৰ নিৰ্মাণ কৰি দিছে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঢ়ি তোলা ব্ৰেটন উদ্‌ছ ব্যৱস্থা (Bretton Woods System)-ই আৰু এই ব্যৱস্থাৰ জন্মদাতা হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰ। বৰ্তমান বিশ্ব অৰ্থনীতিত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বাণিজ্য সংস্থাও মাৰ্কিন আধিপত্যকেই সৃষ্টি।
    বিদ্যায়তনিক ক্ষেত্ৰখনতো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্য মন কৰিবলগীয়া। বৰ্তমান সময়ত বিশ্ব অৰ্থনীতিৰ বাবে আটাইতকৈ উপযোগী বুলি ভবা ডিগ্ৰী হ’ল ব্যৱসাযিক প্ৰশাসনৰ স্নাতকোত্তৰ (MBA) ডিগ্ৰী। ব্যৱসায়িক প্ৰশাসনৰ ধাৰণাটোও মাৰ্কিন বিশ্ববিদ্যালয়ৰ দ্বাৰা সৃষ্টি। 1881 চনতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত প্ৰথমখন ব্যৱসায়িক স্কুল প্ৰতিষ্ঠা কৰা হৈছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰত 1900 চনতেই MBA পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰত 1950 চনতহে প্ৰথমবাৰৰ বাবে MBA পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। পৃথিৱীৰ সকলোবিলাক দেশে আজি MBA ডিগ্ৰীক সন্মানীয় ডিগ্ৰী বুলি গ্ৰহণ কৰে। অৰ্থাত্‍‌ আমাৰ বিদ্যাতনিক চিন্তাকো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিন্তাই সাংঘাটিক ধৰণে প্ৰভাৱান্বিত কৰি আহিছে।

14. ASEAN-ৰ মূল স্তম্ভ কেইটা কি কি? বিশদভাৱে আলোচনা কৰা।     HS-2017, 2019, 2021       6    
উত্তৰঃ- ১৯৬৭ চনত দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা (Association of South East Asian Nations), আছিয়ান প্ৰতিষ্ঠিত হৈছিল। আছিয়ানৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ হ'ল- ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, আৰু থাইলেণ্ড। এই পাঁচখন ৰাষ্ট্ৰই প্ৰথমে বেংককৰ ঘোষণা-পত্ৰত স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছৰ সময়ত ব্ৰুনেই, ভিয়েটনাম, লাওচ পি ডি আৰ, ম্যানমাৰ আৰু কম্পোডিয়া সমস্যভুক্ত হোৱাৰ ফলত ইয়াৰ সদস্যৰ সংখ্যা ১০ খনলৈ বৃদ্ধি হয়।    
    আছিয়ানৰ মুখ্য লক্ষ্য হ’ল অৰ্থনৈতিক উন্নতিৰ প্ৰতি মনোনিবেশ কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধন কৰা। বিশ্বখন বৰ্তমান যিটো অগ্ৰগতিৰে ধাৱিত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আছিয়ান (ASEAN) য়ে ইয়াৰ লক্ষ্য কেৱল অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি বহল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে এই ৰাষ্ট্ৰসমূহে তিনিটা স্তম্ভ গঠন কৰিছে। সেইবোৰ হ'ল—
    (ক) আছিয়ান নিৰাপত্তা পৰিষদ (Asean Security Community)
    (খ) আছিয়ান অৰ্থনৈতিক পৰিষদ (Asean Economic Community)
    (গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ (Asean Socio-Cultural Community)
(ক) আছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য :
    আছিয়ান নিৰাপত্তা পৰিষদ গঠন কৰাৰ মূল উদ্দেশ্য হ'ল এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদে যাতে সশস্ত্ৰ সংঘৰ্ষলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি পৰিষদে লক্ষ্য ৰাখিব। আছিয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে শান্তি-সম্প্ৰীতি তথা নিৰপেক্ষতা বজাই ৰখা, ৰাষ্ট্ৰসমূহে সহযোগিতাৰ মাজেৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কাৰ্যত হস্তক্ষেপ নকৰা আৰু সকলো ৰাষ্ট্ৰৰে সাৰ্বভৌম অধিকাৰৰ প্ৰতি সন্মান জনোৱা আদিৰ বাবে ২০০৩ চনলৈকে বহুত চুক্তি সম্পাদন কৰিছিল। আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু বৈদেশিকৰ নীতিৰ মাজত সমন্বয় ৰক্ষাৰ বাবে আছিয়ান ৰীজ'নেল ফ'ৰাম (ARF) ১৯৯৪ চনত প্ৰতিষ্ঠা কৰিছিল।
(খ) আছিয়ান অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য :
    আছিয়ানে যদিও সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা তথা বৈদেশিক নীতিৰ ক্ষেত্ৰত কিছুমান কাৰ্য সমাপন কৰি আছে, বৰ্তমান ই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ক্ষেত্ৰত অধিক মনোনিবেশ কৰা দেখিবলৈ পোৱা যায়। আছিয়ানৰ অঞ্চলৰ অৰ্থনৈতিক ব্যবস্থা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় সংঘ আৰু জাপানৰ সমপৰ্যায়ৰ নহয়, তথাপি ই অৰ্থনৈতিক দিশত যি দ্ৰুতগতিৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ভৱিষ্যতে ই অৰ্থনৈতিক দিশত আন ৰাষ্ট্ৰতকৈ যথেষ্ট আগবাঢ়়ি অৰ্থনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব।
(গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য :
    আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য হ'ল সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ মাজত সংহতি আৰু একতা স্থাপনৰ অৰ্থে জনমুখী আৰু সামাজিকভাৱে দায়বদ্ধ আছিয়ান সম্প্ৰদায় সৃষ্টিত বৰঙণি আগবঢ়োৱা। এই পৰিষদে জনসাধাৰণৰ সল্যাণ সাধন হোৱা এখন সমাজ গঠনৰ লগতে এক উমৈহতীয়া আত্মপৰিচয় দাঙি ধৰিব বিচাৰে। পৰিষদে বহনক্ষম বিকাশৰ বাবে মানৱ, সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদৰ পৃষ্ঠপোষকতা কৰাত গুৰুত্ব প্ৰদান কৰে।


অথবা                        
চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।    2012, 2018         6

উত্তৰঃ- উত্তৰ:- ভাৰত আৰু চীন হল চুবুৰীয়া ৰাষ্ট্ৰ। এই দুয়োখন ৰাষ্ট্ৰত পশ্চিমীয়া ঔপনিবেশিকতাবাদৰ আগমন হোৱাৰ পূৰ্বে এছিয়াৰ বৃহত্‍‌ শক্তি হিচাবে পৰিগণিত আছিল। চীন হৈছে পৃথিৱীৰ বৃহত্‍ সাম্যবাদী দেশ। আনহাতে, ভাৰত হৈছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। স্বাধীনতাৰ ঠিক পিছতেই দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। ১৯৫৪ চনত ঐতিহাসিক পঞ্চশীল চুক্তিৰ পাছত "হিন্দী-চীনি ভাই ভাই" ধ্বনি শুনিবলে পোৱা গৈছিল। কিন্তু এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক বেছিদিন নাথাকিল।
১৯৫০ চনত চীনে তিব্বত অধিগ্ৰহণ কৰাৰ ফলত ভাৰত আৰু চীনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। সেই সময়ত তিব্বতৰ ধৰ্মগুৰু দালাই লামাক ভাৰতত আশ্ৰয় দিয়াৰ ফলত আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত সীমাবিবাদৰ বাবে বিশেষকৈ অনুণাচল প্ৰদেশ আৰু লাডাখৰ আক্‌চাই চিন অঞ্চলক লৈ ১৯৬২ চনত এখন পূৰ্ণকালীন যুদ্ধ হৈছিল।
    চীন-ভাৰতৰ মাজত যুদ্ধৰ ফলত ৰাষ্ট্ৰ দুখনৰ মাজত থকা সম্পৰ্ক বেয়াৰ ফালে ঢাল খাইছিল। ১৯৭০ দশকৰ মাজভাগত চীনৰ ৰাজনৈতিক নেতৃত্বৰ সলনি হোৱাৰ ফলত ৰাষ্ট্ৰ দুখনৰ মাজত সম্পৰ্ক ক্ৰমাগতভাৱে উন্নতি হৈছিল। ভাৰত আৰু চীনৰ সম্পৰ্ক আদৰ্শগততকৈ বেছি বাস্তৱবাদী আছিল। ১৯৮১ চনত দুয়োখন দেশে সীমা সমস্যাৰ সমাধানৰ বাবে কেইবালানিও আলোচনাত মিলিত হৈছিল। শীতল যুদ্ধৰ অৱসানৰ পিছত ভাৰত আৰু চীনৰ সম্পৰ্ক উল্লেখনীয়ভাৱে উন্নত হৈছিল।
    ১৯৮৮ চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰা চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট অৰিহণা যোগালে। তেতিয়াৰে পৰা দুয়োখন ৰাষ্ট্ৰই সংঘাতৰ পৰা আঁতৰত থাকিব আৰু সীমাত শান্তি অটুট ৰখাৰ পৰিবেশ গঢ়ি তুলিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু ব্যৱসায় বৃদ্ধিৰ বাবে সীমান্ত অঞ্চলত চাৰিটা পথ মুকলি ৰাখিব।
    ১৯৯২ চনত ভাৰত আৰু চীনৰ মাজৰ দ্বি-পাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৩৩৮ নিযুত মাৰ্কিন ডলাৰ। ২০০৬ চনত এই পৰিমাণ ১৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পালে। ১৯৯৯ চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাব ধৰিছে। এনে ঘটনাই দুয়োখন দেশুৰ মাজত সৌহাৰ্দ্যৰ সম্পৰ্ক সুদৃঢ় কৰাত অৰিহণা যোগাইছে। শেহতীয়াভাৱে দুয়োখন দেশে সংঘাত সৃষ্টি কৰিব পৰা ক্ষেত্ৰসমূহতো সহযোগিতা কৰাৰ নীতি গ্ৰহণ কৰিছে। বিশ্ব বাণিজ্য সংস্থাৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানতো ভাৰতবৰ্ষ আৰু চীনে একে ধৰণৰ একে ধৰণৰ নীতি গ্ৰহণ কৰি আহিছে। তাৰোপৰি, এতিয়াও কেতবোৰ বিষয় আছে যিবিলাকৰ বাবে ভাৰত-চীন সম্পৰ্ক তিক্ত হৈ আছে। চীনে পাকিস্তানক পাৰমাণৱিক কাৰ্যসূচীত আগবঢ়োৱা সহায় আৰু বাংলাদেশ তথা ম্যানমাৰৰ সৈতে সামৰিক ক্ষেত্ৰত কৰা সম্পৰ্কই দক্ষিণ এছিয়াত ভাৰতৰ স্বাৰ্থ হানি কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ, অৰুণাচলকে ধৰি অসমৰ তেজপুৰলৈ চীনে নিজৰ বুলি দাবী কৰা আৰু লাডাখ অঞ্চলত ই আৰম্ভ কৰা ব্যাপক নিৰ্মাণ আঁচনিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বেয়া কৰিছে। অৱশ্যে শেহতীয়াভাৱে অৰুণাচল প্ৰদেশ আৰু ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰা বিষয়ক কেন্দ্ৰ কৰি ৰাষ্ট্ৰ দুখনৰ মাজত সংঘাত আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰক ভেটি চীনে নিৰ্মাণ কৰিবলগীয়া বৃহত্‍ নদীবান্ধসমূহে ভাৰতৰ উত্তৰ-পূব তথা বাংলাদেশৰ জলৰাশিত ব্যাপক প্ৰভাৱ পেলেৱাৰ আশংকায়ে দুয়োখন দেশৰ সম্পৰ্ক আৰু বেছি বেয়া কৰিছে।


শাখা-খ
(স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)

15.
(a) ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ- ১৯৫১-৫২ চনত
(b) ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?
উত্তৰঃ- সুকুমাৰ সেন
(c) NEFA-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ- North East Frontier Agency
(d) পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী _____ আৰু চীনৰ মুৰব্বী চৌ এনলায়ে যুটীয়াভাৱে ঘোষণা কৰিছিল। (খালী ঠাই পুৰণ কৰা)
উত্তৰঃ- জৱাহৰলাল নেহৰু
(e) "সৰ্বাত্মক বিপ্লৱ" কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ- জয় প্ৰকাশ নাৰায়ণ
(f) MNF-ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ- Mizo National Front

16. ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?     2
উত্তৰঃ- ভাৰতীয় জনসংঘ 1951 চনত গঠন হৈছিল। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।

17. ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখা।        2
উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাত আৰু ভাৰতীয় জনতা পাৰ্তীৰ পদুম ফুল।

18. ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি লিখা।              2
উত্তৰঃ-(ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত আৰু (খ) কেন্দ্ৰত প্ৰথম মৰ্চা চৰকাৰঃ

19. ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।       HS-2016,2018     2
উত্তৰঃ- (১) মৰ্চা চৰকাৰত অংশলোৱা দলবোৰৰ নিজ স্বার্থ পূৰণ নহ'লে যিকোনো সময়তে সমর্থন উঠাই ল'ব পাৰে। 

(২) এটা দলৰ নেতৃত্বত বহু দলৰ সন্মিলিত চৰকাৰ গঠন কৰা হয় বাবে মৰ্চা চৰকাৰ দুর্বল হয়। 

(৩) মৰ্চা গঠনৰ ক্ষেত্ৰত আদৰ্শৰ ওপৰত গুৰুত্ব প্রদান কৰা নহয়। 

(৪) মৰ্চাত অংশগ্রহণ কৰা অধিকাংশ দলে সুবিধাবাদত গুৰুত্ব দিয়ে।


20. ভাৰতত সাম্প্ৰদায়িকতা উদ্ভৱৰ দুটা কাৰণ লিখা।             HS-2017    2
উত্তৰ:- (ক) বৃষ্টিছৰ বিভাজন আৰু শাসন নীতি
       (খ) সন্তুষ্টকৰণৰ ৰাজনীতি

21. ভাৰতত আঞ্চলিকতাবাদৰ উত্‍পত্তিৰ দুটা কাৰণ লিখা।     HS-2016        2
উত্তৰ:- আঞ্চলিকতাবাদৰ উদ্ভৱৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-
(ক) ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত উল্লেখ থকা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰাত হোৱা বিফলতা আঞ্চলিকতাবাদ উদ্ভৱৰ এটা কাৰণ।
(খ) অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মাজত থকা অসৰ্মতাও আঞ্চলিকতাবাদৰ এটা কাৰণ।

22. "দ্বি-জাতি তত্ত্ব" সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।     HS-2016        4
উত্তৰঃ-দ্বি-জাতি তত্ত্ব (Two Nation Theory) ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল। এই তত্ত্ব মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্নাই আগবঢ়াইছিল। এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু দুটা সম্পূৰ্ণ সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ সুৰক্ষাৰ বাবে বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি মুছলমানসকলৰ এক স্বতন্ত্ৰ গৃহভূমি থকা উচিত। মাউণ্টবেটেন আঁচনিৰ জৰিয়তে দ্বি-জাতি তত্ত্ব আঁচনিয়ে পূৰ্ণৰূপ ধাৰণ কৰে।
    এই তত্ত্বৰ মূল কথা এইয়ে যে ভাৰতবৰ্ষ আচলতে এটা জাতিৰ দ্বাৰা গঠিত হোৱা নাই- ই দুটা পৃথক জাতিৰ সমষ্টি। এই পৃথক জাতি দুটা আধাৰ হ’ল ধৰ্ম আৰু জাতি দুটা হ’ল ক্ৰমে হিন্দু জাতি আৰু মুছলিম জাতি। এই দুটা জাতি এটা ৰাজনৈতিক শাসন ব্যৱস্থাৰ মাজত — অৰ্থাত্‍ এখন জাতি-ৰাষ্ট্ৰৰ অধীনত থাকিব নোৱাৰে। গতিকে হিন্দু আৰু মুছলিমসকলৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰিব লাগে। এই তত্ত্বৰ আধাৰতে মুছলিম লীগে মুছলিমসকলৰ বাবে "পাকিস্তান"ৰ দাবী উত্থাপন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে এই তত্ত্ব মানি লোৱা নাছিল। কিন্তু ১৯৪০-ৰ দশকত মুছলীম লীগে গঢ়ি তোলা তীব্ৰ আন্দোলন আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসকে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ ভিত্তিত ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্তান নামৰ এখন সাৰ্বভৌম ৰাষ্ট্ৰ গঠিত হয়। এইদৰে দ্বি-জাতি তত্ত্বৰ অধীনত ১৯৪৭ চনত ১৪ আগষ্টত পাকিস্তান আৰু ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্মলাভ কৰিছিল।


23. ভাৰতে কিয় গোষ্ঠী-নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল? চমুকৈ আলোচনা কৰা।       HS-2014 2016 2019 4
উত্তৰ:- ভাৰতবর্ষই গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰা বহুতো গুৰুত্বপূৰ্ণ কাৰণ আছে। সেইবিলাক হ’ল—
(i) ভাৰতৰ দৰে বিশাল আৰু জনবহুল ৰাষ্ট্ৰ এখনে কোনো শক্তি গোষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰি বিশ্বৰ ৰাজনীতিত এক সন্মানসূচক আসন গ্ৰহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল।
(ii) অৰ্থনৈতিক উন্নয়নৰ বাবে ভাৰতে কোনো বিশেষ গোষ্ঠীৰ সৈতে মিত্ৰতা ৰক্ষাৰ পৰিৱৰ্তে সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব দিছিল।
(iii) ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰা এটা উল্লেখনীয় কাৰণ হ’ল- অৰ্থনৈতিক উন্নয়নৰ বাবে বৈদেশিক সাহায্যৰ প্ৰয়োজন। ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰি দুই মহাশক্তি গোষ্ঠীৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰিব বুলি আশা কৰিছিল।
(iv) স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰত সামৰিক দিশত শক্তিশালী নাছিল। সেয়ে, গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণৰ দ্বাৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা পোৱাটো সহজ হ’ল।
(v) নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানৰ বাহিৰে আন কোনো ৰাষ্ট্ৰৰ পৰা ভাৰতে ভাবুকি পোৱা নাছিল। ফলত নিৰাপত্তাৰ দিশত বৈদেশিক সাহায্যৰ ওপৰত গুৰুত্ব নিদি গোষ্ঠী নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰে।
(vi) আভ্যন্তৰীণ দিশতো ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। শাসনাধিষ্ঠিত ৰাজনৈতিক দল আৰু বিৰোধী সকলোৱেই এই নীতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।
    উল্লেখিত কাৰণ সমূহৰ বাবেই ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল।


24. কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।    HS-2013     4
উত্তৰঃ-মৰিছ জনছৰ মতে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা হৈছে এটা দলৰ প্ৰধান্য থকা ব্যৱস্থা। ৰজনী কোঠাৰীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক কংগ্ৰেছী ব্যৱস্থা আখ্যা দিছে। ইয়াৰ পৰা বুজা যায় যে ভাৰতত কংগ্ৰেছ দলৰ গুৰুত্ব আৰু আধিপাত্যৰ বিষয়ে জানিব পাৰি। কিন্তু চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস হোৱা দেখা গৈছে। তলত কাৰণসমূহ আলোচনা কৰা হ’ল—
(ক) প্ৰথম আৰু দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিছিল। কিন্তু ১৯৫৭ চনত কেৰেলাত কংগ্ৰেছ দলৰ পতন ঘটে আৰু সাম্যবাদী দলৰ নেতৃত্বত কেৰেলাত পোন প্ৰথমবাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ গঠন হয়।
(খ) ১৯৬২ চনত চীনৰ লগত হোৱা পৰাজয়ে কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস কৰিছিল।
(গ) ইন্দিৰা গান্ধীৰ শক্তীশালী নেতৃত্বই দলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল আৰু আনহাতে, তেওঁৰ স্বেচ্ছাচাৰী শাসনে দলটোৰ প্ৰভূত পৰিমাণে ক্ষতি কৰিছিল।
(ঘ) ১৯৬৭ চনৰ সমসাময়িত সময়ত বিভিন্ন কাৰণত কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত দেখা দিয়া মতপাৰ্থক্যই কংগ্ৰেছ (ইন্দিৰা) আৰু কংগ্ৰেছ (সাংগঠনিক) ভাগত বিভক্ত হৈছে।
(ঙ) অ-কংগ্ৰেছী দলবোৰে একগোট হৈ ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে মুখথেকেচা খাবলৈ বাধ্য হৈছিল।

25. সামাজিক আন্দোলনৰ গুৰুত্ব চমুকৈ আলোচনা কৰা।     HS-2015    4
উত্তৰঃ-ভাৰতত সামাজিক আন্দোলনৰ যথেষ্ট গুৰুত্ব আছে বুলি ভাবো। এই আন্দোলনসমূহৰ জৰিয়তে ভাৰতীয় জনসাধাৰণে প্ৰাপ্য অধিকাৰৰ দাবীত সংঘবদ্ধ হোৱাৰ সুযোগ লাভ কৰিছে। তলত যুক্তিসমূহ আলোচনা কৰা হ’ল-
(ক) সামাজিক আন্দোলনসমূহে সমাজ আৰু ব্যক্তিৰ মাজত সম্পৰ্ক স্থাপন কৰিছে। সামাজিক আন্দোলনসমূহৰ জৰিয়তে জনসাধাৰণৰ বিভিন্ন ধৰণৰ সামাজিক সমস্যা সম্পৰ্কে সজাগ হৈছে।
(খ) সামাজিক আন্দোলনসমূহে সাধাৰণ আৰু নিৰ্দিষ্টভাৱে জনসাধাৰণৰ চিন্তা, আশা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কত চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে।
(গ) সামাজিক পৰিবৰ্তন প্ৰক্ৰিয়াত সমাজৰ লোকসকলৰ অংশগ্ৰহণ আৰু ভূমিকা পালনৰ সুযোগ প্ৰদান কৰিছে এই আন্দোলনসমূহে।
(ঘ) সামাজিক আন্দোলনসমূহে জনসাধাৰণক শিক্ষাপ্ৰদান আৰু গতিশীল কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা, নীতি আৰু পৰিকল্পনাৰ অৰ্থ আৰু প্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।
(ঙ) সামাজিক আন্দোলনসমূহে বিকাশৰ নতুন ধাৰণা আৰু বিকল্প আৰ্হিও উদ্ভাৱন কৰে। ইয়াৰ ফলস্বৰূপে জনসাধাৰণ সচেতন হয় আৰু ৰাজনৈতিক দল আৰু চৰকাৰৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ সমৰ্থ হয়।
(চ) চৰকাৰৰ পৰা ন্যায়, সুবিচাৰ লাভ কৰাৰ ক্ষেত্ৰত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক বিশেষভাৱে সহায় কৰি আছে সামাজিক আন্দোলনসমূহে। গণতান্ত্ৰিক ব্যৱস্থাটো সফল কৰাৰ ক্ষেত্ৰত এই আন্দোলনসমূহৰ ভূমিকা যথেষ্ট তাত্পৰ্যপূৰ্ণ।


26. ভাৰতীয় গণতান্ত্ৰীক ব্যৱস্থাত সংযুক্ত ৰাজনীতি উদ্ভৱৰ যিকোনো দুটা কাৰণ ব্যাখ্যা কৰা।    4
উত্তৰঃ- ভাৰতত সংযুক্ত চৰকাৰৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল-
(ক) অস্থিৰতাপূৰ্ণ মৰ্চাঃ-
    মৰ্চা চৰকাৰসমূহ সাধাৰণতে অস্থিৰতাপূৰ্ণ। ভাৰতত, বিশেষকৈ কেন্দ্ৰত অধিকাংস মৰ্চা চৰকাৰে ব্যৰ্থ হৈছে। মৰ্চা চৰকাৰত আভ্যন্তৰীণ কন্দল এক সাধাৰণ ঘটনা। এই আভ্যন্তৰীণ সংঘাতে মৰ্চা চৰকাৰৰ সুস্থিৰতাত বাধা সৃষ্টি কৰে।
(খ) কংগ্ৰেছৰ বিৰোধিতাঃ-
    ভাৰতত মৰ্চা চৰকাৰৰ উদ্ভৱ হৈছিল কংগ্ৰেছ দলক ক্ষমতাচ্যুত কৰাৰ উদ্দেশ্যে। বিৰোধী দলসমূহে সন্মিলিতভাৱে কংগ্ৰেছক প্ৰতিৰোধ কৰাত সফলতাও লাভ কৰিছে।
(গ) ৰাজনৈতিক সুবিধাবাদঃ-
    মৰ্চা চৰকাৰ গঠনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ৰাজনৈতিক সুবিধাবাদ। ৰাজনৈতিক দলসমূহে মৰ্চা চৰকাৰ গঠনৰ নিজৰ নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰে।
(ঘ) অ-নীতিগত মিত্ৰতাঃ-
    ভাৰতত মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত মতাদৰ্শগত দিশটোক যথোচিত গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে পৰিস্থিতিগত দিশটোকহে অধিক গুৰুত্ব দিয়া হয়।

27. ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহ বিষয়ে আলোচনা কৰা।     HS-2013, 2017 6
উত্তৰঃ-আৰম্ভণিৰ সময়ছোৱাত ভাৰতে গ্ৰহণ কৰা বিকাশৰ কৌশলে বিভিন্ন প্ৰশ্ন আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল। এই বিতৰ্কসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে।
(ক) কৃষি বনাম উদ্যোগ (Agriculture vs Industry):-
    ভাৰতবৰ্ষৰ বিকাশৰ কৌশল গৱেষণা কৰা বিজ্ঞমহলে ক’ব খোজে যে ভাৰতবৰ্ষৰ বিকাশৰ প্ৰক্ৰিয়াটোত কৃষিৰ পৰিৱৰ্তে উদ্যোগখণ্ডই প্ৰাধান্য লাভ কৰি আহিছে। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত যদিওবা কৃষিখণ্ডই সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল, দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ সময়ৰে পৰা কৃষিখণ্ডৰ ওপৰত দিয়া প্ৰাথমিকতা লাহে লাহে কমি আহিবলৈ ধৰিলে। তাৰ উপৰিও, ভূমিহীন কৃষকৰ হাতত ভূমি আবণ্টন দিয়াৰ লক্ষ্য আগত ৰাখি ১৯৫০-ৰ দশকত সূচনা কৰা ভূমিসংস্কাৰৰ নীতিৰ সঠিক প্ৰয়োগৰ ক্ষেত্ৰতো চৰকাৰে পৰ্যাপ্ত পৰিমাণে মনোনিৱেশ নকৰিলে।
    অন্যহাতে, ঔদ্যোগিকৰণৰ বেলিকাও গ্ৰামাঞ্চলৰ পৰিৱৰ্তে নগৰাঞ্চলসমূহেহে অধিক গুৰুত্ব লাভ কৰিলে। বিকাশৰ এই ধাৰা সম্পূৰ্ণৰূপে মহাত্মা গান্ধীৰ চিন্তাৰ বিপৰীতে গ’ল। এনে পৰিস্থিতিত বিশিষ্ট গান্ধীবাদী অৰ্থনীতিবিদ জে.চি. কুমাৰাপ্পাই গ্ৰামাঞ্চলৰ ঔদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া এক বিকল্প অৰ্থনৈতিক ব্লু-প্ৰিণ্ট নিৰ্মাণ কৰি উলিয়াইছিল। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙেও কৃষিখণ্ডই ভাৰতীয় পৰিকল্পনা ব্যৱস্থাত মুখ্য স্থান লাভ কৰিব লাগে বুলি যুক্তি আগবঢ়াইছিল।
(ক) ভাৰতবৰ্ষই লাভ কৰা ৰাজনৈতিক স্বাধীনতা বৰ্তাই ৰাখিবৰ বাবে অৰ্থনৈতিক স্বাধীনতাও লাগিব। তেনে লক্ষ্যত উপনীত হ’বৰ বাবে ঔদ্যোগীকৰণ অপৰিহাৰ্য,
(খ) ভাৰতবৰ্ষই বিশ্ব অৰ্থনীতিত নিজৰ এক সুকীয়া স্থান দখল কৰিব খোজে। তাৰ বাবেও, উদ্যোগীকৰণ তথা বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ অপৰিহাৰ্য।
(খ) ৰাজহুৱাখণ্ড বনাম ব্যক্তিগতখণ্ড (Public Vs Private Sector):-
    ভাৰতবৰ্ষত দেশৰ অৰ্থনীতি বা বিকাশৰ প্ৰক্ৰিয়াটোক চৰকাৰে সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব খোজা নাছিল। তাৰ পৰিৱৰ্তে দেশৰ বিকাশৰ প্ৰক্ৰিয়াটোত চৰকাৰ বা ৰাজহুৱাখণ্ডৰ উপৰিও ব্যক্তিগতখণ্ডৰ অংশগ্ৰহণৰ পোষকতা কৰিছিল চৰকাৰে। সেইবাবেই, ভাৰতীয় অৰ্থনীতিক বিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়।
    কৃষি, বাণিজ্য তথা উদ্যোগৰ বহুবোৰ খণ্ড ব্যক্তিগত খণ্ডৰ হাতত এৰি দিছিল। কিন্তু অৰ্থনীতি বা বিকাশৰ বুনিয়াদ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ তথা বৃহত্‍‌ উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰে নিজাকৈ বিনিয়োগ আৰু পৃষ্ঠপোষকতা কৰিছিল। তাৰ উপৰিও, উদ্যোগ বা বাণিজ্য পৰিচালনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা নিজৰ হাতত ৰাখিছিল চৰকাৰে। উদাহৰণস্বৰূপে, চৰকাৰে নিজাকৈ তীখা উদ্যোগ গঢ়ি তুলিছিল, শক্তি উত্পাউদনৰ ওপৰত প্ৰাধান্য দিছিল আৰু ৰেলওৱে নিজৰ হাতত ৰাখিছিল।
    মিশ্ৰ অৰ্থনীতিৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ ইমান বেছি আছিল যে ই ব্যক্তিগতখণ্ডৰ বিনিয়োগ তথা প্ৰসাৰণৰ বাবে পৰ্যাপ্ত সুযোগ-সুবিধা প্ৰদান কৰা নাছিল। ভাৰতবৰ্ষই স্ব-নিৰ্ভৰশীলতাৰ ওপৰতো অত্যধিক গুৰুত্ব দিছিল। তাৰেই অংশ হিচাপে দেশত উত্পাাদিত সামগ্ৰীৰ ক্ষেত্ৰত ৰক্ষণা-বেক্ষণৰ নীতি গ্ৰহণ কৰিছিল আৰু তেনে সামগ্ৰী অন্য দেশৰ পৰা আমদানি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলৱত্‍ কৰিছিল।
    
অথবা                                 
পৰিকল্পিত বিকাশ মানে তুমি কি বুজা? (2018) ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।    2012, 2019 6

উত্তৰঃ- পৰিকল্পিত বিকাশ হ'ল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ বিকাশ। অৰ্থাত্‍ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ'ব ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত বিকাশ আখ্যা দিয়া হয়।
    ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। ই এটা অতি শক্তিশালী সংস্থা আছিল। পৰিকল্পনা আয়োগত এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু দহ-বাৰজন সদস্য আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ। পৰিকল্পনা আয়োগে ভাৰতৰ সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদ নিৰ্ধাৰণ কৰিছিল আৰু ৰাষ্ট্ৰখনৰ সম্পদসমূহৰ সুদক্ষ আৰু সন্তুলিত ব্যৱহাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই আয়োগ সংসদৰ কোনো আইনৰ দ্বাৰা সৃষ্টি হোৱা নাই আৰু ই সাংবিধানিক ব্যৱস্থাৰ অন্তৰ্গতও নহয়। এই আয়োগ মন্ত্ৰীসভাৰ এটা সিদ্ধান্তৰ ভেটিত গঠিত হৈছিল। সেয়ে পৰিকল্পনা আয়োগক কেতিয়াবা সংবিধান বহিৰ্ভূত সংগঠন বুলি কোৱা হয়।
    পৰিকল্পনা আয়োগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত এক অতি তাত্প্ৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। এই আয়োগে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে 'পঞ্চ বাৰ্ষিক পৰিকল্পনা' আৰম্ভ কৰে। পৰিকল্পনাৰ ফলস্বৰূপে ১.৭ শতাংশ বছৰি জনমূৰি আয় বৃদ্ধি পাইছে। পৰিকল্পনা আয়োগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ ফলস্বৰূপে ১৯৬৬-৬৭ চনত সেউজ বিপ্লৱৰ আৰম্ভ হয়। আয়োগে ঔদ্যোগিক খণ্ডৰ বিকাশতো যথেষ্ট বৰঙণি আগবঢ়ায়। শিক্ষা, চিকিত্সাৱ শাস্ত্ৰ আদিতো যথেষ্ট উন্নতি হৈ আছে। সামাজিক ন্যায় প্ৰতিষ্ঠাত আয়োগৰ অৱদান উল্লেখযোগ্য। অৰ্থাত্‍ ভাৰতৰ আৰ্থ-সামাজিক বিকাশত পৰিকল্পনা আয়োগে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰি আছে।


28. ১৯৭৫ চনৰ ২৫ জনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলোচনা কৰা। HS-2016 2019  6
উত্তৰঃ- সংবিধানৰ ৩৫২-নং অনুচ্ছেদ অনুসৰি ১৯৭৫ চনৰ ২৫ জুন তাৰিখে ভাৰতত পোন প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। বহুতো বিশেষজ্ঞই জৰুৰী অৱস্থা ঘোষণাক ভাৰতীয় গণতন্ত্ৰৰ এক কলা অধ্যায় বুলি কোৱা হৈছিল।
(ক) দেশৰ জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগে লগে দেশজুৰি সংঘটিত হৈ থকা বিক্ষোভ, আন্দোলন তথা ধৰ্মঘটসমূহ বন্ধ কৰি দিয়া হয়।
(খ) আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা আইন (MISA)-ৰ অধীনত আন্দোলকাৰীৰ লগতে বিৰোধী দলৰ বহুতো নেতাক গ্ৰেপ্তাৰ কৰা হয়। তাৰে ভিতৰত জয়প্ৰকাশ নাৰায়ণ, মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী, চন্দ্ৰশেখৰ আদি।
(গ) জৰুৰী অৱস্থা ঘোষণাৰ পাছত চৰকাৰে বাতৰি কাগজৰ ওপৰত নিষেধ্যজ্ঞা (Press Censorship) জাৰি কৰি গণমাধ্যমসমূহৰ স্বাধীনতা সম্পূৰ্ণৰূপে লোপ পায়। বাতৰি প্ৰকাশৰ ক্ষেত্ৰত আগতীয়াকৈ চৰকাৰী অনুমোদন ল’বলগীয়া হয়।
(ঘ) দেশৰ সামাজিক আৰু সাম্প্ৰদায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) জমিয়ত-ই-ইছলামী, আনন্দ মাৰ্গ, CPI(M-L) আদি সংগঠন আৰু দলসমূহৰ কাম-কাজৰ ওপৰত কঠোৰ নিৰ্দেশনা জাৰি কৰে।
(ঙ) জৰুৰীকালীন অৱস্থা ঘোষিত হৈ থকাৰ সময়ত নাগৰিকৰ সকলোবিলাক অধিকাৰ বাতিল কৰি দিয়া হয়। আনকি নাগৰিকৰ অধিকাৰ ৰক্ষণা-বেক্ষণাৰ ক্ষেত্ৰত ন্যায়বিভাগৰ  ক্ষমতাও কৰ্তন কৰা হয়।
(চ) জৰুৰীকালীন অৱস্থা বলবত্‍ হৈ থকাৰ সময়ত নিবাৰক আটক আইন (Preventive Detention Act)-ৰ অধীনত চৰকাৰে বহুতো লোকক গ্ৰেপ্তাৰ কৰে। কিছু লোকক কোনো অপৰাধত অভিযুক্ত নথকা সত্বেও গ্ৰেপ্তাৰ কৰা হৈছিল।
(ছ) জৰুৰীকালীন অৱস্থা ঘোষণাৰ পাছত সংসদৰ সকলো ক্ষমতা অচল হৈ পৰে আৰু ৰাজ্য চৰকাৰসমূহকো কঠোৰভাৱে কেন্দ্ৰৰ নিয়ন্ত্ৰণত ৰখা হয়।


অথবা
উত্তৰ-পূৱ ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা।    HS-2014, 2018 6
উত্তৰ:- ভাৰতৰ উত্তৰ-পূৱ অঞ্চল আঞ্চলিক অনুভূতিক কেন্দ্ৰস্থল বুলি ক’ব পৰা যায়।  নাগালেণ্ড, মিজোৰামৰ আৰু অসমত  সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ বাবে সশস্ৰ পন্থা অৱলম্বন কৰি আহিছে। ভাৰতৰ স্বাধীনতাৰ সময়ৰ পৰাই উত্তৰ-পূৱত এনে প্ৰৱণতা পৰিলক্ষিত হৈ আহিছে।
নাগালেণ্ড
১৯৫১ চনত আংগামী জাপু ফিজোৰ নেতৃত্বত নগাসকলৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে।  ১৯৬৩ চনত পৃথক নগালেণ্ড ৰাজ্য গঠনেও এই সমস্যাৰ কোনো সমাধান কৰিব পৰা নাছিল। ১৯৭৫ চনত প্ৰখ্যাত "শ্বিলং চুক্তি" স্বাক্ষৰিত হয়, কিন্তু National Socialist Council of Nagaland (NSCN)-ৰ এটা গোটে এই চুক্তিক প্ৰত্যাখ্যান কৰিছিল। ফলত NSCN-ৰ বিভাজিত হয়। গঠিকে নাগালেণ্ডত এতিয়াও শান্তি ঘূৰি অহা নাই।
মিজোৰাম
স্বাধীনতাৰ পাছত মিজো পাহাৰ অঞ্চলক স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰি দিয়া হয়। ১৯৫৯ চনত মিজো পাহাৰত দুৰ্ভিক্ষই ভয়াৱহ ৰূপ লয়। অসম চৰকাৰে এই দুৰ্ভিক্ষৰ মোকাবিলা কৰাত সম্পূৰ্ণ ব্যৰ্থ হয়। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে লালডেংগাৰৰ নেতৃত্বত মিজো নেশ্যনেল ফ্ৰণ্ট (Mizo National Front) গঠন কৰা হয়। ১৯৬৬  চনত এই সংগঠনে স্বাধীনতাৰ বাবে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। মিজো নেশ্যনেল ফ্ৰণ্টে পাকিস্তানৰ পৰা সাহায্য লাভ কৰিছিল। প্ৰায় দুই দশক মিজো বিদ্ৰোহী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্ৰ সংঘাত চলি থাকে। অৱশেষত ১৯৮৬ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু লালডেংগাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয়। তাৰ ভিক্তিতে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক সম্পূৰ্ণ ৰাজ্যত্ব প্ৰদান কৰা হয় আৰু লালডেংগাৰ মূখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
    নাগালেণ্ড আৰু মিজোৰামৰ নিচিনা অসমত ULFA, NDFB, কাৰ্বি আৰু ডিমাছাসকলে নিজৰ নিজৰ পৃথক ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি আছে।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
December 17, 2022 at 7:52 PM ×

Thank you sir

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar