-->

পুৰুষাৰ্থ । Purusharta

AHSEC Solution for Class 12 Logic & Philisophy  পুৰুষাৰ্থ । Purusharta. All the important questions answers are discussed in this article.

পুৰুষাৰ্থ 

Purusharta

Logic & Philisophy  পুৰুষাৰ্থ । Purusharta ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philisophy পুৰুষাৰ্থ । Purusharta has been discussed in systematic way. There are approximately important 19 questions answers in this article.

1. পুৰুষাৰ্থ কি?
উত্তৰঃ- মানৱ জীৱনৰ সৰ্ব্বোচ্চ লক্ষ্যক পুৰুষাৰ্থ বোলে। পুৰুষ বা ব্যাক্তিয়ে যি কামনা কৰে, সিয়ে পুৰুষাৰ্থ।

2. মানৱ জীৱনৰ চৰম লক্ষ্য কি?
উত্তৰঃ- পুৰুষাৰ্থ।

3. ধর্ম শব্দৰ অৰ্থটো কি?
উত্তৰঃ- ধাৰণ কৰা।

4. ধর্ম সম্পৰ্কত গীতাৰ মত কি?
উত্তৰঃ- গীতাৰ মতে ধর্ম হ'ল স্বধর্ম নাইবা নিজৰ কৰ্ম বা কর্তব্য।

5. অর্থই প্রাথমিক প্রয়োজন পূৰণ কৰিব পাৰেনে?
উত্তৰঃ- মানুহৰ প্রাথমিক প্রয়োজন অর্থৰ দ্বাৰাহে পূৰণ কৰা সম্ভৱ অর্থাৎ অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ বাবে অর্থ প্রয়োজন।

6. অৰ্থৰ লক্ষ্য কি?
উত্তৰঃ- অর্থৰ মূল লক্ষ্য হৈছে পুৰুষাৰ্থ সিদ্ধিৰ পথ সুগম কৰি তোলা।

7. কামক পুৰুষাৰ্থ হিচাপে গণ্য কৰিব পাৰিনে?
উত্তৰঃ- পাৰি। ভাৰতীয় নীতিশাস্ত্রত কামক পুৰুষাৰ্থ হিচাপে স্বীকৃতি দিয়া হৈছে।

8. কামৰ তিনিটা প্রকাৰ কি কি?
উত্তৰঃ- সাত্ত্বিক, ৰাজসিক আৰু তামসিক।

9. কামৰ লক্ষ্য কি?
উত্তৰঃ- কামৰ লক্ষ্য মানৱ জীৱনক সুখ আৰু আনন্দ দিয়া।

10. ভাৰতীয় দর্শন মতে জীৱনৰ চৰম লক্ষ্য কি?

উত্তৰঃ- মোক্ষ প্রাপ্তি।

11. অজ্ঞানতা দুখৰ মূল কাৰণ হয়নে?
উত্তৰঃ- হয়।

12. নির্বাণ কি?
উত্তৰঃ- বৌদ্ধই মোক্ষক নির্বাণ বুলি কৈছে।

13. মোক্ষ সম্পৰ্কত ন্যায় দর্শনৰ মত লিখা।
উত্তৰঃ- ন্যায় দর্শনৰ মতে মোক্ষক বিদেহ মুক্তি বোলে।

14. মোক্ষ সম্পৰ্কত ঘাইকৈ দুটা মত পোৱা যায়। মত দুটা কি কি?
উত্তৰঃ- বিদেহ মুক্তি আৰু জীৱন মুক্তি।

15. মানৱ জীৱনৰ পৰম মূল্য কেইটা আৰু কি কি? কি আৰ্দশ বা মূল্যৰ লগত নীতিবিদ্যা জড়িত।
উত্তৰঃ- মানৱ জীৱনৰ পৰম মূল্য চাৰিটা। যেনে—ধর্ম, অর্থ, কাম, মোক্ষ। নীতিবিদ্যা মানুহৰ আচাৰ-আচৰণৰ লগত জড়িত বিদ্যা।

16. নীতিবিদ্যাক কিয় আদর্শনিষ্ঠ বিজ্ঞান বোলে? HS-2020
উত্তৰঃ- নীতিবিদ্যাই সত্য, শিৱ, সুন্দৰৰ আদৰ্শক পৰম আদর্শ হিচাপে গ্ৰহণ কৰি মানুহৰ আচৰণৰ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ বিচাৰ কৰে বাবে ইয়াক আদর্শনিষ্ঠ বিজ্ঞান বোলে।

17. এজন উম্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কর্ম বুলি ক'ব পাৰিনে? তোমাৰ মতৰ সপক্ষে এটা যুক্তি দিয়া। HS-2018
উত্তৰঃ- এজন উম্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কর্ম বুলি ক'ব নোৱাৰি। কাৰণ, মানসিক বিকৃতিৰ বাবে তেনে লোকৰ বিচাৰ ক্ষমতা নাথাকে বাবে তেওঁলোকৰ ক্ৰিয়াক নৈতিক কর্ম বুলিব নোৱাৰি।

18. অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয়? HS-2017
উত্তৰঃ- কোনো এটা কামক ইচ্ছাকৃতভাৱে বাৰে বাৰে অনুশীলন কৰা হয় বাবে ইয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি গণ্য কৰা হয়।

19. ত্ৰিবৰ্গৰ অর্থ কি?
উত্তৰঃ- হিন্দু নীতিশাস্ত্ৰত পুৰুষাৰ্থ ত্রিবর্গহে ধর্ম অর্থ আৰু কাম। মোক্ষক পৰমার্থ বুলি গণ্য কৰা হয়। ত্রিবর্গ (ধর্ম, অর্থ, কাম) হ'ল সাধন আৰু মোক্ষ হ'ল সাধ্য। এই চাৰি পুৰুষাৰ্থৰ জৰিয়তে মানৱ জীৱনৰ আধ্যাত্মিক পূর্ণতা আৰু সার্থকতা লাভ কৰিব পাৰি।


Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »

1 Comments:

Click here for Comments
December 29, 2022 at 7:00 AM ×

Thank you sir

Congrats bro Sanowar Hussain you got PERTAMAX...! hehehehe...
Reply
avatar