-->

আগমনৰ ভিত্তি । Grounds of Inductions in Assamese

AHSEC Solution for Class 12 Logic & Philosophy আগমনৰ ভিত্তি । Grounds of Inductions. All the important questions answers are discussed in this article.

আগমনৰ ভিত্তি

Grounds of Inductions

Class 12 Logic & Philosophy আগমনৰ ভিত্তি । Grounds of Inductions ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philosophy আগমনৰ ভিত্তি । Grounds of Inductions has been discussed in systematic way. There are approximately important 66 questions answers in this article.

1. খালি ঠাই পূৰণকৰাঃ
(ক) আগমনৰ ভিত্তি ____ প্ৰকাৰৰ।
উত্তৰঃ- দুই
(খ) প্ৰকৃতিৰ এক ৰূপতা বিধি আগমন অনুমানৰ ____ ভিত্তি।
উত্তৰঃ- আকাৰগত
(গ) ____ প্ৰকৃতিয়ে একে আচৰণ কৰে।
উত্তৰঃ- একে পৰিস্থিতিত
(ঘ) আগমনৰ বিৰোধাভাসৰ অৰ্থ আগমনৰ ___ বোলা কথাষাৰ মিলৰ উক্তিটোত নিহিত আছে।
উত্তৰঃ- ফল
(ঙ) নিৰীক্ষণ আৰু পৰীক্ষণৰ পার্থক্য ____ ।
উত্তৰঃ- পৰিমাণগত
(চ) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰীসৰ অতি ____ ।
উত্তৰঃ- ব্যাপক

2. শুদ্ধ উত্তৰ নির্ণয় কৰাঃ-
(ক) আগমনৰ ভিত্তি/পদ্ধতি/শ্রেণী বিভাজনৰ লগত হে আগমনৰ বিৰোধাভাসৰ সম্পর্ক।
উত্তৰঃ- ভিত্তি।
(খ) প্রকৃতিৰ একৰূপতা বিধিটো আগমনৰ আকাৰগত/বস্তুগত।
উত্তৰঃ- আকাৰগত ভিত্তি।
(গ) কার্যকৰণ বিধি/প্ৰকৃতিৰ একৰূপতা বিধি অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি।
উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধি।
(ঘ) প্রকৃতিৰ একৰূপতা বিধিয়ে প্রকৃতিৰ বৈচিত্র স্বীকাৰ কৰে/স্বীকাৰ নকৰে।
উত্তৰঃ- স্বীকাৰ কৰে।
(ঙ) “প্ৰকৃতিৰ একৰূপতা নীতিয়ে বহুত্ব বা অনৈক্য অস্বীকাৰ নকৰে”কথাষাৰ তুমি একমত নে?
উত্তৰঃ- হয়।
(চ) প্রকৃতি মাত্র একৰূপীয়েই নহয়, প্রকৃতি ____ ।
উত্তৰঃ- অনন্ত বৈচিত্রময়ী

3. উদাহৰণ দিয়াঃ-
(ক) নানাকাৰণ বাদঃ- 'মৃত্যু'ৰ কাৰণ এটা নহৈ বহুতো হ'ব পাৰে। বেমাৰ, বিষপান, দুৰ্ঘটনা, আত্মহত্যা আদি বহুতো কাৰণত মৃত্যু হ'ব পাৰে।
(খ) উপাদান কাৰণঃ-কাপোৰ তৈয়াৰ কৰোঁতে শিপিনীয়ে ব্যৱহাৰ কৰা সূতাখিনিয়েই হৈছে উপাদান কাৰণ।
(গ) নিমিও কাৰণঃ-কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সূতাখিনিত প্রয়োগ কৰা শক্তি বা দক্ষতাই হৈছে কাপোৰখনৰ নিমিও কাৰণ। HS-2013, 2014, 2016
(ঘ) ভ্রান্ত পৰ্য্যবেক্ষণঃ-কম পোহৰত ৰসী এডালক সাপ বুলি ভাবা।
(ঙ) প্রযোজক আৰু সংস্থাঃ- জ্বলি থকা জুইশলাৰ কাঠি এডালক শুকান খেৰৰ দম এটাত লগাই দিয়াত জুই জুলি উঠিল। ইয়াতে জলি থকা কাঠিডাল প্রয়োজক আৰু শুকান খেৰৰ দমটো সংস্থা।
(চ) কাৰ্য্য সংমিশ্রণঃ-এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজনৰ নহয়, বহুকেইজন খেলুৱৈৰ প্ৰচেষ্টাৰ দৰকাৰ।
(ছ) অনবেক্ষণ দোষঃ- মেকুৰি বাট কাটিলে অশুভ বুলি ভাবা।
(জ) সার্বজনীন ভ্রান্ত পৰ্য্যবেক্ষণঃ- ৰেলেৰে যাওঁতে সন্মুখৰ বস্তুবোৰক বেগাই বিপৰীত ফালে যোৱা যেন দেখা।
(ঝ) কাৰণ সমন্বয়ঃ- এটা অন্ধকাৰ কোঠালি পোহৰৰ বাবে একেলগে কেইবাডাল মোমবাতি জলোৱা।

4. মিলৰ আগমনাভাসত কি দোষ ঘটিছে? [2016]
উত্তৰঃ- চক্ৰক দোষ।

5. “জগতৰ ক্ৰম কেৱল এটা নিয়মৰ অধীন নহয়। ই বহুতো নিয়মৰ অধীন”। কথাষাৰ কোনেকৈছে। [2018]
উত্তৰঃ- জে. এছ. মিল (J.S. Mill)

6. আগমনৰ বিৰোধাভাস প্ৰকৃতিৰ একৰূপতা নীতিৰ লগত সংযুক্ত। কথাষাৰ শুদ্ধ নে? [2019]
উত্তৰঃ- শুদ্ধ।

7. কোনজন চিন্তাবিদৰ মতে নিৰীক্ষণ, হল আবিস্কাৰ আৰু পৰীক্ষণ হল ঘটনাৰ সৃষ্টি?
উত্তৰঃ- তর্কবিদ বেইনৰ মতে। [2013, 2015, 2017]

8. পৰ্য্যবেক্ষণ আৰু পৰীক্ষণৰ মাজৰ পার্থক্য কেবল পৰিমাণতহে, গুণগত নহয়- কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ- জেভেন্সে কৈছিল।

 
9. পৰ্য্যবেক্ষণৰ দোষবোৰ কি কি?
উত্তৰঃ- (ক) অ-পৰ্য্যবেক্ষণৰ
    (খ) ভ্রান্ত-পৰ্য্যবেক্ষণৰ|

 
10. নিৰীক্ষণৰ সাধাৰণ চৰ্ত কেইটা?
উত্তৰঃ-  তিনিটা।

11. নিৰীক্ষণ কোন প্রকাৰৰ ভিত্তিৰ অন্তৰ্গত?
উত্তৰঃ- বস্তুগত ভিত্তি।

12. কাৰ্য-কাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি। কথাষাৰ সত্যনে? [2013]
উত্তৰঃ- অসত্য

13. 'আগমনৰ ভিত্তিয়েই আগমনৰ ফল' - এইটো উক্তিটো কোনে কৈছিল? [2014, 2020]
উত্তৰ:- জে. এছ. মিল (J.S. Mill)

14. নিম্নোক্ত কোনটা উক্তি সত্য? [2015]
(ক) কাৰ্যকাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি।
(খ) নিৰীক্ষন আৰু কাৰ্যকাৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি৷
(গ) নিৰীক্ষণ আৰু পৰীক্ষণ হৈছে আগমনৰ আকাৰগত ভিত্তি৷
(ঘ) ওপৰোক্ত কোনো এটা উক্তিয়েই সত্য নয়।
উত্তৰ:- (ঘ) ওপৰোক্ত কোনো এটা উক্তিয়েই সত্য নয়।

15. মিলৰ আগমনাভাসত দোষ ঘটিছে। [2016]
উত্তৰ:- চক্ৰক দোষ

16. "কাৰ্যকাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি"- কথাষাৰ সছাঁনে? [2017]
উত্তৰ:- মিছা

17. "কাৰণ ভাৱাত্‍ কাৰ্য ভাৱঃ"- উক্তিটো কাৰ।
উত্তৰঃ- মহৰ্ষি কণাডৰ।

22. নিম্নোক্ত কোনটো শুদ্ধ নিৰীক্ষণ এটা চৰ্ত নহয়? [2014]
(i) নিৰীক্ষকগৰাকী পক্ষপাতিত্বহীন হ'ব লাগিব।
(ii) নিৰীক্ষকগৰাকীয়ে কৃত্ৰিম সঁজুলি ব্যৱহাৰ কৰিব লাগিব।
(iii) নিৰীক্ষকগৰাকীৰ সুস্থ মন আৰু শৰীৰ থাকিব লাগিব।
উত্তৰ:- (ii) নিৰীক্ষকগৰাকীয়ে কৃত্ৰিম সঁজুলি ব্যৱহাৰ কৰিব লাগিব।
 
23. নিম্নোক্ত কোনটো উক্তি সত্য? [2015]
(i) কাৰ্যকৰণ বিধি হৈছে, আগমনৰ বস্তুগত ভিত্তি।
(ii) নিৰীক্ষন আৰু কাৰ্যকৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি।
(iii) নিৰীক্ষন আৰু পৰীক্ষণ হৈছে আগমনৰ আকাৰহত ভিত্তি।
(iv) উপৰোক্ত কোনো এটা উক্তিয়েই সত্য নহয়।
উত্তৰ:- (iv) উপৰোক্ত কোনো এটা উক্তিয়েই সত্য নহয়।

24. নিম্নোক্ত কোনটো উক্তি অসত্য? [2015]
(i) নিৰীক্ষণ হৈছে নিৰ্দিষ্ট উদ্দেশ্যেৰে কৰা এক প্ৰত্যক্ষ।
(ii) নিৰীক্ষণ হৈছে প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ।
(iii) নিৰীক্ষণ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ কৰা কোনো ঘটনা প্ৰত্যক্ষ নহয়।
উত্তৰ:- (iii) নিৰীক্ষণ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ কৰা কোনো ঘটনা প্ৰত্যক্ষ নহয়।

25. নিম্নোক্ত কোনটো উক্তি শুদ্ধি? [2016]
(i) পৰীক্ষণ হৈছে ঘটনাৰ আৱিস্কাৰ আৰু নিৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি।
(ii) নিৰীক্ষন স্থান পৰীক্ষণৰ পিছত।
(iii) পৰীক্ষণত কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পৰা নাযায়।
উত্তৰ:- (iii) পৰীক্ষণত কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পৰা নাযায়।

26. আগমনৰ বিৰোধাভাস কাৰ্যকাৰণ বিধিৰ সৈতে/ব্যতিৰেকী পদ্ধতিৰ সৈতে/প্ৰকৃতিৰ একৰূপতা বিধিৰ সৈতে জড়িত। - সঁচাটো লিখা।
উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধিৰ সৈতে।

27. প্ৰকৃতিৰ একৰূপতা বিধিয়ে প্ৰকৃতিৰ বৈচিত্ৰ্যৰ স্বীকাৰ কৰে/নকৰে।
উত্তৰঃ- স্বীকাৰ কৰে।

28. আগমনৰ বিৰোধাভাস প্ৰকৃতিৰ একৰূপতা নীতিৰ লগত সংযুক্ত কথাটো শুদ্ধনে? [2019]
উত্তৰঃ- শুদ্ধ, আগমনৰ বিৰোধাভাস প্ৰকৃতিৰ একৰূপতা নীতিৰ লগত সংযুক্ত।

29. কোনো বস্তুক যথাৰ্থ প্ৰত্যক্ষ নকৰাটোক অপ্ৰত্যক্ষ/ভ্ৰান্ত প্ৰত্যক্ষ বোলে।
উত্তৰঃ- ভ্ৰান্ত প্ৰত্যক্ষ

30. আগমনৰ উদ্দেশ্য কি?
উত্তৰঃ- আগমনৰ উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা সত্য সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা।

31. আগমনৰ ভিত্তি দুটা কি কি?
উত্তৰঃ- আগমনৰ ভিত্তি দুটা হৈছে-
(ক) আগমনৰ আকাৰগত ভিত্তি
(খ) আগমনৰ বস্তুগত ভিত্তি

32. "পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমতুল্য"- উক্তিটো কাৰ?
উত্তৰঃ- কাৰ্ভেথ ৰীডৰ

33. "প্ৰকৃতি একৰূপীয়েই নহয়, প্ৰকৃতি অনন্ত বৈচিত্ৰ্যময়"- সঁচানে?
উত্তৰঃ- সঁচা

34. "জোনাক ৰাতি মাটিত পৰি থকা ৰছী এডালক সাপ যেন দেখা"- ই কোন প্ৰকাৰৰ দোষৰ উদাহৰণ?
উত্তৰঃ- ভ্ৰান্ত পৰ্যবেক্ষণ

35. আগমনৰ আকাৰগত ভিত্তিসমূহ কি কি?
উত্তৰঃ- আগমনৰ আকাৰগত ভিত্তি হ'ল-
(ক) প্ৰকৃতিৰ একৰূপতা বিধি আৰু
(খ) কাৰ্যকাৰণ বিধি

36. আগমনৰ বস্তুগত ভিত্তি কি কি?
উত্তৰঃ- আগমনৰ বস্তুগত ভিত্তি দুটা হৈছে-
(ক) নিৰীক্ষণ আৰু
(খ) পৰীক্ষণ

37. 'নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজৰ পাৰ্থক্য গুণগত নহয়, পৰিমাণগতহে।' -এইটো গ্ৰহণযোগ্য নে?
উত্তৰঃ- হয়

38. 'নিৰীক্ষণ হ'ল ঘটনাৰ আৱিস্কাৰ আৰু পৰীক্ষণ হ'ল ঘটনাৰ সৃষ্টি' - এইটো উক্তিটো কোনে কৈছিল? [2013,2015,2017]
উত্তৰঃ- বেইনে কৈছিল।

39. 'নানা কাৰণবাদৰ সম্ভাৱনীয়তাই অন্বয়ী প্ৰণালীক নিষ্ফল কৰিব নোৱাৰে' - এইটো শুদ্ধনে? [2015]
উত্তৰঃ- অশুদ্ধ।

40. ''কাৰণ হ'ল সদৰ্থক আৰু নঞৰ্থক উপকাৰণৰ সমষ্টি'' - এই উক্তিৰ লগত জড়িত তৰ্কশাস্ত্ৰবিদ গৰাকীৰ নাম লিখা। [2017]
উত্তৰঃ- জে. এছ. মিল (J.S. Mill)

41. ''কাৰ্যকাৰণ নীতি হ'ল আগমনৰ বস্তুগত ভিত্তি''- কথাষাৰ সত্যনে? [2013]
উত্তৰঃ- অসত্য

42. উপাদান কাৰণৰ সংজ্ঞা দিয়া। [2015,2017]
উত্তৰঃ- যি উপাদান, দ্ৰব্য বা পদাৰ্থৰ দ্বাৰা কাৰ্য উত্‍পন্ন কৰা হয় তাক উপাদান কাৰণ বোলে।

43. এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ থাকিব পাৰেনে? [2018]
উত্তৰঃ- পাৰে।

44. 'আগমনৰ ভিত্তি' বুলিলে কি বুজা?
উত্তৰঃ- আগমন অনুমানত এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে যি দুটা সাৰ্বিক আৰু মৌলিক বিধি পূৰ্ব স্বীকাৰ্য হিচাপে মানি লোৱা হয়, তাকে আগমনৰ ভিত্তি বুলি কোৱা হয়।

45. প্ৰকৃতিৰ একৰূপতাৰ বিধি বুলিলে কি বুজা? [2012,2013,2018]
উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধিৰ বুলিলে ইয়াকে বুজায় যে প্ৰকৃতি ৰাজ্য নিয়মৰ অধীন। এক বিশেষ পৰিস্থিতিত যি ঘটে, সেই একে পৰিস্থিতিত সি সদায় ঘটিব। অৰ্থাত্‍ প্ৰকৃতিৰ আচৰণ সদায় একে আৰু প্ৰকৃতি ৰাজ্য‌ত কোনো বিশৃংখলতা নাথাকে।  

46. নিমিত্ত কাৰণত উদাহৰণসহ সংজ্ঞা দিয়া। [2013,2016,2018]
উত্তৰঃ- কাৰ্য এটা উত্‍পন্ন কৰিবলৈ যি শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাকে নিমিত্ত কাৰণ বোলে। উদাহৰণ পেণ্ট এটা তৈয়াৰ কৰিবলৈ যাওঁতে দৰ্জিয়ে প্ৰয়োগ কৰা শক্তি বা দক্ষতাই হৈছে পেণ্টৰ নিমিত্ত কাৰণ।

47. কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ উল্লেখ কৰা  [2013,2014,2019]
উত্তৰঃ-কাৰণৰ দুটা গুণগত লক্ষণ হ'ল- (ক) কাৰণ আৰু কাৰ্য পৰস্পৰ নিৰ্ভৰশীল কাৰণ অবিহনে কাৰ্যৰ কোনো অৰ্থ নাই আনহাতে অৰ্থ অবিহনে কাৰণৰো কোনো মূল্য নাই।
(খ) কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা। কিন্তু যিকোনো কাৰ্যৰ পূৰ্বে কোনো পৰিৱৰ্তন ব্যতিক্ৰম নোহোৱাকৈ সদায় সংঘটিত হয়।

48. প্ৰকৃতিৰ একৰূপতা বিধি কেইপ্ৰকাৰৰ আৰু কি কি? [2014]
উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধি দুই প্ৰকাৰৰ-
(ক) অনুক্ৰমিতাৰ একৰূপতা আৰু
(খ) সহ-অৱস্থানৰ একৰূপতা।

49. উপাদান কাৰণ কি এটা উদাহৰণ দিয়া।  [2020]
উত্তৰঃ- যি উপাদান বা দ্ৰৱ্য বা পদাৰ্থৰে কাৰ্য উত্‍পাদন কৰা হয় তাক উপাদান কাৰণ বোলে।
উদাহৰণ- এখন কাপোৰ তৈয়াৰ কৰোতে শিপিনিয়ে ব্যৱহাৰ কৰা সূতাখিনি হৈছে উপাদান কাৰণ।


Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »