-->

ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । Religion: Its meaning and nature

AHSEC Solution for Class 12 Logic & Philisophy  ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । Religion: Its meaning and nature. All the important questions answers are discussed in this article.

ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি
Religion: Its meaning and nature 

ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । Religion: Its meaning and nature ৰ প্ৰশ্ন উত্তৰ:-

               The questions answers of Class 12 Logic & Philisophy  ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । Religion: Its meaning and nature has been discussed in systematic way. There are approximately important 38 questions answers in this article.

1. ধর্ম জীৱনৰ দৰকাৰী অংশ হয় নে?
উত্তৰঃ- হয়।

2. ধর্মক তুমি নৈতিক জীৱনৰ গুৰুত্বপূর্ণ অংশ বুলি বিবেচনা কৰা নে?
উত্তৰঃ- ধর্ম হ'ল নৈতিক জীৱনৰ গুৰুত্বপূর্ণ অংশ আৰু নীতিৰ শেষ পৰিণতি ধর্ম। 


3. ধর্ম কি?  HS-2014
উত্তৰঃ- ধৃ ধাতুৰ লগত 'মন' প্রত্যয় সংযোগ কৰি সংস্কৃতত ধর্ম শব্দটোৰ উৎপত্তি হয়। যি ধাৰণ কৰে সেয়েই ধর্ম।

4. ৰেলিগিয়েৰ (Religare) শব্দটোৰ অর্থ কি?  HS-2013,2014,2015, 2020
উত্তৰঃ- ৰেলিগিয়েৰ শব্দটোৰ অৰ্থ হ'ল বন্ধন অর্থাৎ যিয়ে বান্ধি ৰাখে।

5. ধর্ম শব্দটোৰ অর্থ কি?
উত্তৰঃ- ধৰ্মৰ শব্দটোৰ অৰ্থ হ'ল ধাৰণ কৰা।

6. ধর্মৰ মানসিক উপাদান আছে নে?
উত্তৰঃ- ধর্মত মানসিক উপাদান আছে কাৰণ 'ধৃ' ধাতুৰ লগত 'মন' প্রত্যয় সংযোগ কৰি সংস্কৃতিত 'ধর্ম' শব্দটোৰ উৎপত্তি হৈছে।

7. ধর্ম আমি কেনেদৰে অনুভৱ কৰোঁ।
উত্তৰঃ- বিশ্বাসৰ যোগেদি।

৪. কিহৰ মাজেৰে ধর্মীয় অনুভূতি প্রকাশ পায়?
উত্তৰঃ- ধৰ্মৰ এটা বাহ্যিক দিশো আছে। ই হ'ল ধর্মীয় আচাৰ অনুষ্ঠান। এই বাহ্যিক দিশৰ মাজেদিয়েই ধর্মীয় অনুভূতি প্রকাশ পায়।

9. আমি কি প্ৰকাৰে ধৰ্মৰ প্ৰকৃতিক বুজাব চেষ্টা কৰে?
উত্তৰঃ- আমি ধৰ্মৰ সংজ্ঞা নিৰূপণ কৰি ধৰ্মৰ স্বৰূপ বুজিব পাৰো বা ধৰ্মৰ লগত মানুহৰ অন্যান্য আচৰণ বা ক্রিয়া সম্পর্ক নিৰূপণ কৰিও আমি ধৰ্মৰ স্বৰূপ বা প্রকৃতিক বুজাৰ চেষ্টা কৰিব পাৰো।

10. ধৰ্মৰ দুটা দিশ কি?
উত্তৰঃ- ধৰ্মৰ দুটা দিশ হ'ল এটা সামাজিক আৰু আনুষ্ঠানিক।

11. হেগেলৰ মতে ধর্ম জ্ঞানৰ বিষয় হয় নে?
উত্তৰঃ- হেগেলৰ মতে ধর্ম জ্ঞানৰ বিষয়।

12. ধর্ম নৈতিকতাৰ ওপৰত প্রতিষ্ঠিত হয় নে?
উত্তৰঃ- ডেকার্ট, ল'ক, পেলেৰ মতে ধর্ম নৈতিকতাৰ ওপৰত প্রতিষ্ঠিত।

13. ধর্ম নৈতিকতাৰ উৎস হয় নে?
উত্তৰঃ- কাণ্ট, মার্টিনিউ আদি নীতিবিজ্ঞানী সকলৰ মতে, ধর্ম নৈতিকতাৰ উৎস।

14. Religion শব্দটোৰ কৰ পৰা উৎপত্তি হৈছে?  HS-2018
উত্তৰঃ- Religare শব্দৰ পৰা।

15. পৃথিৱীৰ বিখ্যাত ধর্ম কেইটামানৰ নাম লিখা। উত্তৰঃ- বিখ্যাত ধর্ম কেইটা হ'ল– হিন্দু, মুছলিম, খ্রীষ্টিয়ান, বৌদ্ধ ধর্ম আদি।

16. নীতি অবিহনে ধর্ম সম্ভৱ নে?
উত্তৰঃ- কাণ্ট, মার্টিনিউ আদি কিছুমান নীতিবিজ্ঞানীৰ মতে সম্ভৱ নহয়।

17. কাণ্ট এজন নৈতিকতাবাদী চিন্তাবিদ হয় নে?
উত্তৰঃ- কাণ্ট এজন নৈতিকতাবাদী চিন্তাবিদ।

18. ধৰ্মৰ উদ্দেশ্য আছে নে?
উত্তৰঃ- নাই, কাৰণ ধর্ম নিজেই নিজৰ উদ্দেশ্য।

19. ধৰ্মৰ লগত জড়িত উপাদান কেইটা কি কি?  HS-2020
উত্তৰঃ- (ক) বিশ্বাস (খ) ৰহস্যবাদী চিন্তা (গ) অর্থাৎ চিন্তা অনুভূতি আৰু বুদ্ধি।

20. মেথিউ আৰ্ণল্ডৰ মতে ধর্ম কি?
উত্তৰঃ- মেথিউ আৰ্ণল্ডৰ মতে ধর্ম হ'ল আৱেগস্পর্শিত নৈতিকতা।

21. কোনজন দার্শনিকৰ মতে, 'ধর্ম হ'ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পর্কজ্ঞান'। উত্তৰঃ- হেগেলৰ মতে।

22. আমাৰ সকলো কর্তব্যক ঐশ্বৰিক অংশ ৰূপে স্বীকাৰ কৰি লোৱাই হ'ল ধর্ম- কথাষাৰ কোনজন দার্শনিকৰ?
উত্তৰঃ- ইমানুৱেল কাণ্টৰ।

23. 'ধর্মই নৈতিকতাক গঢ় দিয়ে' -কথাষাৰ তুমি বিশ্বাস কৰা নে?
উত্তৰঃ- কৰো।

24. তুমি বিশ্বাস কৰা নে যে ধর্ম নিজে নিজৰ উদ্দেশ্য?
উত্তৰঃ- হয়।

25. 'ধর্ম হ'ল আধ্যাত্মিক জীৱত বিশ্বাস’-কাৰ উক্তি?
উত্তৰঃ- টাইলাৰ।

26. 'ধর্ম হ'ল অসীমৰ প্ৰত্যক্ষণ উপলব্ধি' -কাৰ উক্তি?
উত্তৰঃ- মেক্সমূলাৰ।

27. 'ধর্ম হ'ল এক আনুমানিক ধাৰণা যি এই বিশ্বজগতক ৰোধগম্য কৰি তোলে।' কথাষাৰ কাৰ? উত্তৰঃ- হার্বাট স্পেন্সাৰ।

28. কাৰ মতে, ধৰ্মৰ মূল কথা হ'ল -মূল্য নিত্য?
উত্তৰঃ- হেৰল্ড হফডিঙৰ মতে।

29. 'ধর্ম হ'ল এনে এক মানসিক প্ৰৱণতা ষাৰ দ্বাৰা মানুহে অসীমক উপলব্ধি কৰিব পাৰে’-এই উক্তিটোৰ সৈতে সম্পর্কিত দার্শনিকগৰীক নাম লিখা।
উত্তৰঃ- হেগেল।

30. 'ধৰ্মৰ নুন্যতম সংজ্ঞা হ'ল আধ্যাত্মিক সত্তাত বিশ্বাস' -এই উক্তিটোৰ সৈতে সম্পর্কিত দার্শনিক গৰাকীৰ নাম লিখা।
উত্তৰঃ- ই.বি. টেইলৰ।

31. 'ধর্ম হ'ল এক উচ্চতৰ শক্তি বা শৃংখলা, যিয়ে মানৱ জীৱনৰ গতিপথ পৰিচালিত কৰে আৰু যিবিলাকক প্রসন্ন কৰিব লাগে' - এই উক্তিটোৰ সৈতে সম্পর্কিত দার্শনিকগৰাকীৰ নাম লিখা।
উত্তৰঃ- ছাৰ ফ্ৰেজাৰ।

32. 'ধর্ম হ'ল, সসীমত অসীমৰ এক উষ্ম আন্তৰিক, নিকটৱর্তী অনুভৱ, ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতাবোধ’- এই উক্তিটোৰ সৈতে সম্পর্কিত দার্শনিকগৰাকীৰ নাম লিখা।
উত্তৰঃ- শ্লেয়াৰমেকাৰ।

33. 'ধর্ম হ’ল নিয়ত অস্তিত্বশীল ঈশ্বৰত বিশ্বাস, সেয়া হ'ল স্বৰ্গীয় মন আৰু ইচ্ছাই বিশ্ব ব্রহ্মাণ্ডক শাসন কৰি আছে আৰু মানৱ জাতিৰ সৈতে নৈতিক সম্পৰ্ক ৰক্ষা কৰি আছে' -এই উক্তিটোৰ সৈতে কোন জড়িত?
উত্তৰঃ- মার্টিনিউ।

34. 'ধর্ম হ'ল মূল্যৰ অবিনশিতাত বিশ্বাস' - এই উক্তিটোৰ সৈতে জড়িত দার্শনিকগৰাকীৰ নাম লিখা।
উত্তৰঃ- হেৰল্ড হফ্‌ডিঙ।

35. ''নৈতিকতা ধৰ্মৰ উত্‍স’- ইয়াক কোনে সমর্থন কৰে?
উত্তৰঃ- মার্টিনিউ।

36. নৈতিক ৰিচাৰৰ প্ৰকৃত বিষয়বস্তু কি?  HS-2019
উত্তৰঃ- অভিপ্ৰায়

37. 'ধৰ্ম' শব্দটো কি সংস্কৃত ধাতুৰ পৰা আহিছে?  HS-2017, 2019
উত্তৰঃ- 'ধৃ'

38. 'ধৃ' শব্দৰ অৰ্থ কি?
উত্তৰঃ- ধাৰণা কৰা বা ধৰি ৰখা।


 Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »