-->

মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । Mill's Methods of Experimental Enquiry

AHSEC Solution for Class 12 Logic & Philosophy  মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । Mill's Methods of Experimental Enquiry. All the important questions answers are discussed in this article.

মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Mill's Methods of Experimental Enquiry


মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । Mill's Methods of Experimental Enquiry ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philosophy  মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । Mill's Methods of Experimental Enquiry has been discussed in systematic way. There are approximately important 53 questions answers in this article.


1. মিলে কেইটা পৰীক্ষামূলক পদ্ধতি স্বীকাৰ কৰিছে?
উত্তৰঃ- পাঁচটা।

2. মিলৰ মতে আগমনৰ মৌলিক পদ্ধতিবোৰ কি কি?
উত্তৰঃ- (ক) অন্বয়ী প্রণালী, (খ) ব্যতিৰেকী প্রণালী।

3. মিলৰ আগমন পদ্ধতিবোৰৰ লক্ষ্য বা উদ্দেশ্য কি?
উত্তৰঃ- ঘটনাৰ মাজৰ কার্য-কাৰণ সম্বন্ধ আৱিস্কাৰ আৰু প্রমাণ কৰাই হৈছে মিলৰ আগমন পদ্ধতিবোৰৰ লক্ষ্য।

4. অপসাৰণৰ সূত্ৰ বুলিলে কি বুজা?
উত্তৰঃ- যি সূত্র অনুসৰি অপ্রাসংগিক বিষয় বর্জন কৰি কার্য-কাৰণ সম্বন্ধ আৱিস্কাৰ আৰু প্রমাণ কৰাত সহায় কৰোতাকে অপসৰণ সূত্র বোলে।

5. অন্বয়ী প্রণালী প্রয়োগৰ বাবে কিমান দৃষ্টান্তৰ আৱশ্যক? HS-2020
উত্তৰঃ- দুই বা ততোধিক।

6. ব্যতিৰেকী প্রণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়। HS-2012
উত্তৰঃ- দুটা দৃষ্টান্ত।

7. কাকতালীয় দোষ কি?
উত্তৰঃ- যিকোনো আকস্মিক পূর্বৱর্তী ঘটনাক কাৰ্যৰ-কাৰণ বুলি গ্ৰহণ কৰিলে যি দোষ ঘটে তাক কাকতালীয় দোষ বোলে।

৪. অন্বয়ী প্রণালীৰ প্ৰয়োগে এটা নিশ্চিত সিদ্ধান্ত দিয়েনে? HS-2012
উত্তৰঃ- নিদিয়ে
অন্বয়ী প্রণালীৰ সিদ্ধান্ত নিশ্চিত নে? HS-2019
উত্তৰঃ- নিশ্চিত নহয়

9. 'ব্যতিৰেকী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত'-কথাষাৰৰ সৈতে তুমি একমত নে?
উত্তৰঃ- হয়।

10. সহপৰিৱৰ্তন প্রণালী বিশেষকৈ স্থায়ীকাৰণৰ ক্ষেত্ৰত নে অস্থায়ী কাৰণৰ ক্ষেত্ৰত প্রয়োগ কৰিব পাৰি?
উত্তৰঃ- স্থায়ী কাৰণৰ ক্ষেত্ৰত প্রযোজ্য।

11. মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালীত ......... দৃষ্টান্তৰ আৱশ্যক।
উত্তৰঃ- দুটা শ্ৰেণীৰ।

12. ....... পদ্ধতিৰ অসাৱধানভাৱে প্ৰয়োগ কৰাৰ ফলত 'কাকতালীয়' দোষ ঘটে।
উত্তৰঃ- ব্যতিৰেকী।

13 অন্বয়ী প্রণালী ................. দোষৰ দ্বাৰা দূষিত হোৱাৰ সম্ভাৱনা থাকে।
উত্তৰঃ- নানা কাৰণ।

14 মিলে কেইটা পদ্ধতি স্বীকাৰ কৰিছে?
উত্তৰঃ- পাঁচটা।

15. অন্বয়ী প্রণালী প্রয়োগৰ বাবে কিমান দৃষ্টান্তৰ আৱশ্যক?
উত্তৰঃ- দুই বা ততোধিক দৃষ্টান্তৰ আৱশ্যক।

16. পৰিশেষ প্রণালী নিগমনাত্মক নে?
উত্তৰঃ- পৰিশেষ প্রণালী নিগমনাত্মক নহয়।

17. ব্যতিৰেকী প্রণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়?
উত্তৰঃ- দুটা দৃষ্টান্ত।

18. ব্যতিৰেকী প্রণালী আৱিস্কাৰৰ নে প্রমাণৰ প্ৰণালী?
উত্তৰঃ- প্ৰমাণৰ প্ৰণালী।

19. নিৰীক্ষণৰ প্ৰণালীৰূপে ব্যতিৰেকী প্রণালী প্রয়োগ কৰিলে যি দোষেৰে দূষিত হয় তাৰ নাম লিখা।
উত্তৰঃ- বহুকাৰণ সম্ভাৱনা দোষ।

20. 'অন্বয়ী প্রণালী মূলতঃ নিৰীক্ষণমূলক' -কথাষাৰ সঁচানে?
উত্তৰঃ- সঁচা।

21. অন্বয়ী প্ৰণালীৰ সিদ্বান্ত নিশ্চিত স্বভাৱৰ হয়নে?
উত্তৰঃ- নহয়।

22. কি বিশেষ ক্ষেত্ৰত সহ-পৰিৱৰ্তন প্রণালীৰ প্ৰয়োগ অপৰিহাৰ্য হৈ পৰে?
উত্তৰঃ- স্থায়ী উপাদানৰ মাজত থকা কার্য-কাৰণ সম্বন্ধ নির্ণয়ৰ ক্ষেত্ৰত।

23. সহ-পৰিৱৰ্তন প্রণালী নিৰীক্ষণমূলক নেপৰীক্ষণ মূলক?
উত্তৰঃ- উভয়ে।

24. 'সহ-পৰিৱৰ্তন প্রণালী স্থায়ীকৰণৰ ক্ষেত্ৰতে বিশেষভাৱে প্রযোজ্য' -কথাষাৰ সঁচানে?
উত্তৰঃ- সঁচা।

25. কি বিশেষ ক্ষেত্ৰত সহ-পৰিৱৰ্তন প্ৰণালীৰ প্ৰয়োগ অপৰিহাৰ্য হৈ পৰে?
উত্তৰঃ- পৰিমাণগত হ্রাস-বৃদ্ধিৰ ক্ষেত্ৰত।

26. মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালী প্রয়োগৰ কাৰণে কিমান দৃষ্টান্তৰ প্রয়োজন?
উত্তৰঃ- দুটা দৃষ্টান্তৰ।

27. অন্বয়ী প্রণালীক নিষ্ফল কৰি তোলা প্রধান দোষটো কি?
উত্তৰঃ- নানা কাৰণ সম্ভাৱনা।

28. 'উষ্ণতা বঢ়াৰ লগে লগে থার্ম'মিটাৰৰ পাৰাৰ পৰিমাণ বাঢ়ি যায়। সেই বাবে বিস্তৃতৰ কাৰণ হ'ল উষ্ণতা। —ওপৰৰ সিদ্ধান্ত উপনীত হ'ব পৰা পৰীক্ষণ পদ্ধতিটোৰ নাম লিখা।     HS-2013
উত্তৰঃ- সহপৰিৱৰ্তন প্রণালী।

29. তর্কবিজ্ঞানত কোনেপ্ৰথমে 'পদ্ধতি' প্রয়োগ কৰে?
উত্তৰঃ- তৰ্ক বিজ্ঞানী পিটাৰ ৰামচে।

30. বৈজ্ঞানিক আগমনৰ উদ্দেশ্য কি?
উত্তৰঃ- যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা।

31. প্ৰমাণৰ প্ৰণালী কাক বোলে?
উত্তৰঃ- ব্যতিৰেকী প্রণালীক।

32. ব্যতিৰেকী প্ৰণালীক নিৰীক্ষণেৰে বিশ্লেষণ কৰিলে কি দোষ ঘটে?
উত্তৰঃ- কাকতালীয়া দোষ।

33. দ্বৈত অন্বয়ী প্রণালী কাক কোৱা হয়?
উত্তৰঃ- মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালীক।

34. কোন তর্কবিদজনে পৰিশেষ প্রণালীক আৱিস্কাৰৰ সংকেতক বুলি কৈছে?
উত্তৰঃ- তর্কবিদ মেলোন।

35. নিমোক্ত অপসৰণৰ সূত্ৰটোৰ ওপৰত প্রতিষ্ঠিত পৰীক্ষণমূলক প্রণালীটোৰ নাম লিখা।     HS-2014, 2016
“কার্যৰ কোনো ক্ষতি নোহোৱাকৈ পূর্ববর্তী ঘটনাৰ যি অংশ বর্জন কৰিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যৰ কাৰণ বা কাৰণৰ কোনো অংশ হ'ব নোৱাৰে।"

উত্তৰঃ- অন্বয়ী প্রণালী।

36. কাৰণ আৰু কাৰ্যৰ মাজত থকা পৰিমাণগত সম্পর্ক বিচাৰ কৰা পৰীক্ষণমূলক পদ্ধতিটোৰ নাম কি?  HS-2018
উত্তৰঃ- সহ-পৰিবৰ্তন প্রণালী।

37. অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী প্রণালী প্রতিষ্ঠিত? HS-2019
উত্তৰঃ- অপসৰণৰ প্ৰথম সূত্ৰৰ ওপৰত প্রতিষ্ঠিত।

38. আগমন পদ্ধতি কি?
উত্তৰঃ- তৰ্ক বিজ্ঞানী মিলৰ পৰীক্ষামূলক অনুসন্ধান পদ্ধতিসমূহকেই আগমন পদ্ধতি কয়।

39. অন্বয়ী পদ্ধতি প্রয়োগ কৰিবলৈ কিমানটা দৃষ্টান্তৰ প্রয়োজন?  HS-2015
উত্তৰঃ- অন্বয়ী প্রণালী প্রয়োগ কৰিবলৈ দুটা বা ততোধিক দৃষ্টান্তৰ প্রয়োজন।

40. নিৰীক্ষণৰ প্ৰণালীৰূপে ব্যতিৰেকী প্রণালী প্রয়োগ কৰিলে এই প্রণালী যি দোষেৰে দূষিত হয় তাৰ নাম লিখা।  HS-2013
উত্তৰঃ- কাকতালীয় দোষ।

41. নিম্নোক্ত সুত্ৰটোৰ ওপৰত প্রতিষ্ঠিত পৰীক্ষণমূলক প্রণালীটোৰ নাম লিখা। কোনো এটা ঘটনাক যদি কোনো কার্যৰ কাৰণ বুলি জনা যায়, তেন্তে সি আন কার্যৰ কাৰণ হ'ব নোৱাৰে।  HS-2016
উত্তৰঃ- পৰিশেষ প্ৰণালী।

42. অপসৰণৰ কি মৌলিক নীতিৰ ভিত্তিত ব্যতিৰেকী পদ্ধতিটো গঠন কৰা হৈছে?
উত্তৰঃ- কার্যৰ কোনো ক্ষতি নকৰাকৈ যদিহে পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিয়া নাযায়, তেন্তে সেই অংশটো কাৰ্যটোৰ কাৰণ ৰা কাৰণৰ অংশ হ'ব।

43. কিছুমান তর্কবিদে অন্বয়ী প্রণালীক কিয় অকান্বয়ী প্রণালী বুলি বিচাৰ কৰে?     HS-2016
উত্তৰঃ- মিলৰ মতে অন্বয়ী প্রণালী এটা একান্বয়ী প্রণালী। কাৰণ এই পদ্ধতিত দুটা বা ততোধিক দৃষ্টান্ত সংগ্রহ কৰি পৰস্পৰৰ লগত তুলনা কৰা হয়। তদুপৰি কোনো বিষয়ত, এই বিভিন্ন দৃষ্টান্তসমূহৰ মিল অর্থাৎ অন্বয়ী আছে তাক নির্ণয় কৰিবলৈ অগ্ৰসৰ যোৱা হয়।

44. 'কাৰণ আৰু কাৰ্য দুয়োটাই বিশেষ সময়ত সংঘটিত ঘটনা' —এইটো কাৰণৰ পৰিমাণগত লক্ষণ হয়নে? HS-2016
উত্তৰঃ- নহয়।

45. সহ-পৰিৱৰ্তন পদ্ধতিৰ তিনিটা সুবিধা উল্লেখ কৰা। HS-2012, 2014
উত্তৰঃ- সহ-পৰিৱৰ্তন পদ্ধতিৰ তিনিটা সুবিধা হ'ল—
(ক) এই পদ্ধতি নিৰীক্ষণমূলক আৰু পৰীক্ষণমূলক হোৱা বাবে ইয়াৰ জৰিয়তে কার্যকাৰণ সম্বন্ধ নিশ্চিতভাৱে নির্ণয় কৰিব পাৰি।
(খ) স্থায়ী উপাদনসমূহৰ ক্ষেত্ৰত কেৱল সহ-পৰিৱৰ্তন প্রণালী প্রয়োগ কৰিয়েই কার্যকাৰণ সম্বন্ধ নির্ণয় কৰিব পাৰি।
(গ) কেৱল এই প্রণালীৰ সহায়তহে কার্য আৰু কাৰণৰ পৰিমাণগত স্বভাৱৰ বিচাৰ কৰিব পাৰি।

46. অন্বয়ী প্রণালীক কিয় আৱিষ্কাৰৰ পদ্ধতি বোলা হয়?
উত্তৰঃ- বৈজ্ঞানিক পৰীক্ষণ-নিশীক্ষণত প্ৰকল্প গঠন এটা আৱশ্যকীয় পর্যায়। সকলো বৈজ্ঞানিক আৱিস্কাৰৰ লগত পৰীক্ষা-নিৰীক্ষাত জড়িত থাকে। অন্বয়ী প্রণালীয়ে বৈজ্ঞানিক আৱিস্কাৰৰ ক্ষেত্ৰত প্ৰকল্প গঠনত সহায় কৰাৰ বাবে ইয়াক আৱিষ্কাৰ পদ্ধতি বুলি কোৱা হয়।

47. অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা লিখা। HS-2017 2018
উত্তৰঃ- অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা হ'ল-
(ক) অন্বয়ী প্রণালী যিহেতু নিৰীক্ষণৰ প্ৰণালী গতিকে এই প্রণালীৰ প্ৰয়োগক্ষেত্ৰখন ব্যাপক।
(খ) অন্বয়ী প্রণালীত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰা যায়।
(গ) যিকোনো বৈজ্ঞানিক অনুসন্ধানত অন্বয়ী প্রণালীয়ে প্রকল্প গঠন কৰাত সহায় কৰে।

48. অন্বয়ী প্রণালীক কিয় আৱিষ্কাৰৰ পদ্ধতি বোলা হয়?
উত্তৰঃ- বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত প্রকল্প গঠন এটা আবশ্যকীয় পর্যায়। সকলো বৈজ্ঞানিক আৱিষ্কাৰৰ লগত এই পৰীক্ষা-নিৰীক্ষা জড়িত থাকে। অন্বয়ী প্রণালীয়ে বৈজ্ঞানিক আৱিষ্কাৰৰ ক্ষেত্ৰপ্রকল্প গঠনত সহায় কৰাৰ বাবে ইয়াক আৱিষ্কাৰৰ পদ্ধতি বুলি কোৱা হয়।

49. 'বৰফত তাপ প্রয়োগ কৰিলে বৰফ গলি যায়। তাপ প্রয়োগ নকৰিলে বৰফ গলি নাযায়। গতিকে তাপেই বৰফ গলি যোৱাৰ কাৰণ।'
-উপৰোক্ত যুক্তিটোত প্ৰয়োগ কৰা পৰীক্ষামুলক পদ্ধতিটোৰ নাম কি?  HS-2015

উত্তৰঃ- ব্যতিৰেকী প্রণালী।

50. অন্বয়ী পদ্ধতি সম্পর্কে তর্কবিদ মিলে আগবঢ়োৱা সূত্ৰটো কি? HS-2018
উত্তৰঃ- অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্ত এই সামান্য সংস্থিতিটোতেই মাত্র মিল থাকে, তেন্তে সেইটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কার্য হ'ব।

51. অপসৰণৰ দ্বিতীয় সূত্ৰটো কি? HS-2017
উত্তৰঃ- কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূর্বৱৰ্ত্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশ কার্যটোৰ কাৰণ বা কাৰণৰ অংগ হ'বই লাগিব।

52. অন্বয়ী পদ্ধতিৰ দুটা ব্যৱহাৰিক অপূর্ণতা উল্লেখ কৰা। HS-2017
উত্তৰঃ- (ক) প্রয়োজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা। কাৰণ, দৃষ্টান্ত একাধিক হ'ব পাৰে।
(খ) প্রকৃতিগত দোষ বা অপূর্ণতা নানাকাৰণ সম্ভৱনাই অন্বয়ী পদ্ধতিক নিষ্ফল কৰি তোলে।

53. অন্বয়ী প্রণালীৰ এটা সুবিধা উল্লেখ কৰা এই প্রণালীক কিয় আৱিস্কাৰৰ পদ্ধতি বুলি কোৱা হয়। HS-2017
উত্তৰঃ- অন্বয়ী প্রণালীৰ এটা সুবিধা হ'ল এই প্ৰণালীৰ প্রয়োগ ক্ষেত্র অতি ব্যাপক। অন্বয়ী প্রণালীৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণ লৈ আৰু কাৰণৰ পৰা কার্য নির্ণয় কৰিব পাৰি। ই নিৰীক্ষণ মূলক প্রণালী হোৱাৰ কাৰণে নিৰীক্ষণৰ সুবিধাবিলাক আছে। সেইবাবে অন্বয়ী প্রণালীক আৱিস্কাৰৰ প্রণালী বুলি কোৱা হয়।


 Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »