-->

Class 12 Advanced Assamese - উপন্যাস Upanyash

উপন্যাস
Upanyash

Class 12 Advanced Assamese


Class 12 Advanced Assamese - উপন্যাস । Upanyash. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "উপন্যাস"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।


1. অসমীয়া উপন্যাস সাহিত্য জগতলৈ পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান আলোচনা কৰা।   HS-2014, 2017
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱা হৈছে অসমীয়া উপন্যাস সাহিত্যৰ পদপ্রদর্শক। তেওঁ 'ভানুমতী' আৰু 'লাহৰী নামৰ উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা আৰম্ভ কৰে। 'ভানুমতী' সেই যুগৰ অন্যতম আলোচনী 'বিজুলী'ৰ পাতত প্রকাশ পায় যদিও পিছত পুথি আকাৰে প্রকাশ হয়।
    তাৰ পাছত তেওঁৰ দ্বিতীয়খন উপন্যাস 'ভানুমতী' মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত হয়। তেওঁৰ ৰচিত দুয়োখন উপন্যাসেই নায়িকা প্রধান। ইয়াত এটি অসমীয়া পৰিয়ালৰ পাৰিবাৰিক জীৱনৰ শোকাবহ কাহিনী বর্ণনা কৰিছে। তেওঁৰ দ্বিতীয়খন উপন্যাস 'লাহৰী'খনো ঐতিহাসিক পটভূমিক লৈ ৰচিত যদিও ঐতিহাসিক ঘটনাই তেওঁৰ উপন্যাসখনত ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই। সেয়েহে তেওঁৰ উপন্যাস দুখনক ঐতিহাসিক উপন্যাস বুলি ক'ব নোৱাৰি।

2. বিষয়বস্তু অনুসৰি উপন্যাসৰ শ্ৰেণীবিভাগৰ বিষয়ে লিখা।    HS-2013, 2015
উত্তৰঃ- সাহিত্যৰ অন্যান্য ঠালৰ তুলনাত উপন্যাসৰ ক্ষেত্ৰখন ব্যাপক। বহল মানৱ সমাজৰ প্রতিচ্ছবি ফুটাই তোলাৰ বাবে নতুন নতুন কৌশল প্রয়োগ কৰি ভিন ভিন উপন্যাসিকে ভিন ভিন উপন্যাস ৰচনা কৰিছে। দেশ-বিদেশৰ সাহিত্যতো নানান উপন্যাসৰ সৃষ্টি হৈছে। বিষয়বস্তু অনুসৰি উপন্যাস সাহিত্যক কেইবাটাও ভাগত ভগাব পাৰি। ভাগকেইটা হ'ল— সামাজিক উপন্যাস, বুৰঞ্জীমূলক উপন্যাস, ৰাজনৈতিক উপন্যাস, ভৌতিক বা ৰহস্যধর্মী উপন্যাস আদি।

3. অসমীয়া উপন্যাস সাহিত্য সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা।
উত্তৰঃ- অসমীয়া উপন্যাস সাহিত্য পাশ্চাত্যৰ প্ৰভাৱতে সৃষ্টি হৈছে বুলি ক'ব পাৰি। অসমীয়া উপন্যাস সাহিত্য ৰচনা ঊনবিংশ শতাব্দীৰ পৰা আৰম্ভ হয়। প্রথমতে ইংৰাজী আৰু বঙালী উপন্যাস কেইখনমান অনুবাদৰূপত অসমীয়া ভাষাত প্রকাশ হয়। তাৰ ভিতৰত 'যাত্ৰিকৰ যাত্রা', 'ফুলমণি আৰু কৰুণা', 'এলোকেশী বেশ্যাৰ বিষয়', 'কামিনীকান্ত' আদি। 'অৰুণোদয়' যুগত উল্লেখযোগ্য উপন্যাস অসমীয়া ভাষাত প্রকাশ হয়। তাৰ পাছত হেমচন্দ্ৰ বৰুৱাৰ ''বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী'' প্রকাশ হয়। তাৰ পাছত পদ্মনাথ গোহাঞি বৰুৱাই 'ভানুমতী' আৰু 'লাহৰী' প্ৰকাশ কৰি অসমীয়া সমাজ জীৱনৰ ওপৰত আলোকপাত কৰে।
    পদ্মনাথ গোহাঞি বৰুৱাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৱ একমাত্র উপন্যাস 'পদুম কুঁৱৰী' ঐতিহাসিক দন্দুৱাদ্ৰোহৰ পটভূমিত প্রকাশ পায়। অস্বাভাৱিক ঘটনা, চাঞ্চল্যকৰ পৰিস্থিতি আৰু অপ্রয়োজনীয় বর্ণনা এই উপন্যাসখনত দেখা যায় বাবে এইখনক পৰিপূর্ণ উপন্যাস বুলি ক'ব নোৱাৰি যদিওঁ অসমীয়া উপন্যাস সাহিত্যত এইখনৰ বহুতো অৱদান আছে।
    এনেকৈয়ে অসমীয়া উপন্যাস সাহিত্যই ৰজনীকান্ত বৰদলৈদেৱৰ হাতত তেওঁৰ প্রথম উপন্যাস 'মিৰি জীয়ৰী' পূর্ণতা পায়। মিৰি সমাজৰ এহাল ডেকা-গাভৰু জংকি আৰু পানৈইৰ প্ৰেমৰ কৰুণ কাহিনী এইখন উপন্যাসত অংকন কৰিছে। এইখন উপন্যাসক এখন সার্থক সামাজিক উপন্যাস বুলি সাহিত্যপ্রেমী সকলোৱে মানি লৈছে। তাৰ পিছত তেওঁ ইংৰাজ উপন্যাসিক চাৰ ৱাল্টাৰ স্কটৰ অনুকৰণত ঐতিহাসিক উপন্যাস ৰচনাত মনোনিৱেশ কৰে। তেওঁৰ ৰচিত উপন্যাসৰ বেছিভাগেই ঐতিহাসিক উপন্যাস। তেওঁৰ উপন্যাসমূহত বৈচিত্র্যময় ঘটনাৰ সামৱেশ কৰাৰ উপৰিও ইংৰাজ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমৰ ৰীতি-নীতি, ধর্ম-সংস্কাৰ, আচাৰ-অনুষ্ঠান আদিৰ তথা অসমীয়া সমাজখন অংকন কৰিছে।
    বৰদলৈদেৱে অসমীয়া উপন্যাস সাহিত্যক পূর্ণতা আনি দিয়াৰ লগে লগে অসমীয়া ভাষাত উপন্যাস সাহিত্য ৰচনা পূর্ণগতিত আৰম্ভ হল। বৰদলৈদেৱৰ পিছত দণ্ডিনাথ কলিতাৰ 'ফুল' আৰু 'সাধনা' নামৰ উপন্যাস দুখনো হৈছে সার্থক অসমীয়া উপন্যাস।
    অন্য এজন উপন্যাসিক হ'ল দৈৱচন্দ্র তালুকদাৰ তেওঁ 'ধুঁৱলী-কুঁৱলী', 'অপূর্ণ', 'আগ্নেয়গিৰি', 'বিদ্রোহ' আদি উপন্যাসক শক্তিশালী কৰিলে।
    শৰৎচন্দ্র গোস্বামী, হিতেশ্বৰ বৰবৰুৱা, শান্তিৰাম দাস, স্নেহলতা ভট্টাচার্য, হৰিনাৰায়ণ দত্ত বৰুৱা, দীননাথ শর্মা, কমলেশ্বৰ চলিহা আদি উপন্যাসিকে উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস টনকিয়াল কৰি গৈছে।
    অসমত দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা সলনি হ'বলৈ ধৰিলে। অসমীয়া উপন্যাসিকসকলে সফল সামাজিক উপন্যাস ৰচনা কৰিলে। এই যুগত আত্ম প্রকাশ কৰা উপন্যাসিকসকলৰ ভিতৰত হিতেশ ডেকা, কৈলাশ শর্মা, বিৰিঞ্চি কুমাৰ বৰুৱা (জীৱনৰ বাটত), বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য (মৃত্যুঞ্জয়), চন্দ্র প্রসাদ শইকীয়া, প্রফুল্ল দত্ত গোস্বামী, পদ্ম বৰকটকী, ভবেন্দ্ৰ নাথ শইকীয়া, ড° লক্ষ্মীনন্দন বৰা, নিৰুপমা বৰগোহাঞি, মামনি ৰয়চম গোস্বামী, চৈয়দ আব্দুল মালিক আদিৰ নাম উল্লেখযোগ্য। এই সকল উপন্যাসিকে অসমীয়া উপন্যাস সাহিত্যক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰিবলৈ সক্ষম হ'ল।

4. অসমীয়া উপন্যাস সাহিত্য জগতলৈ বিৰিঞ্চি কুমাৰ বৰুৱাৰ অৱদান আলোচনা কৰা।
উত্তৰঃ- বিৰিঞ্চি কুমাৰ বৰুৱাই 'বীণা বৰুৱা' ছদ্মনামেৰে অসমীয়া সাহিত্যত স্বীকৃতি লাভ কৰে। অসমীয়া লোকসংস্কৃতিৰ অধ্যয়ন আৰু গৱেষণা, বৈষ্ণৱ সাহিত্যৰ অধ্যয়ন কৰাৰ উপৰিও তেওঁ অসমীয়া চুটিগল্প আৰু উপন্যাস সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাললৈ আগবঢ়োৱা দুখন অনুপম উপন্যাস 'জীৱনৰ বাটত' আৰু 'সেউজী পাতৰ কাহিনী'। 'জীৱনৰ বাটত' নামৰ উপন্যাসত অসমীয়া গ্রাম্য জীৱনৰ সৰলতা, সাধুতা আৰু নিষ্ঠাৰ চিত্ৰ দাঙি ধৰিছে। অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ জীৱনযাত্রা সুন্দৰকৈ ৰূপায়িত কৰিছে। এইখন উপন্যাসৰ 'তগৰ' চৰিত্ৰটো কৃষিজীৱী গ্রাম্য সমাজৰ প্রতিনিধি। উপন্যাসখনৰ নায়ক কমলাকান্ত অসমৰ নগৰীয়া জীৱনৰ ভদ্রলোক শ্ৰেণীৰ প্রতিনিধি। অসমত ব্রিটিছৰ লগে লগে কিদৰে নগৰীয়া সভ্যতাই গা কৰি উঠিল আৰু গাঁৱলীয়া তগৰ কিদৰে নগৰীয়া উদ্যোগিক সভ্যতাৰ হাতত লটি ঘটি হ'ল তাকো সুন্দৰকৈ প্ৰকাশ কৰিছে। উপন্যাসখনত কেনেদৰে উদ্যোগিক সভ্যতাৰ হাতত গ্রাম্য সমাজৰ কৃষিজীৱী মানুহে কাৰুণ্য ভুগিছে তাৰ প্রতিচ্ছবি দাঙি ধৰিছে।
    ৰাস্না বৰুৱা ছদ্ম নামত লিখা বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বিতীয় উপন্যাস 'সেউজী পাতৰ কাহিনী'। মধ্যযুগৰ অসমৰ সম্ভ্ৰন্ত পৰিয়ালৰ সন্তানে ব্রিটিছৰ প্ৰভাৱত পৰি নিজৰ কৃষ্টি, সভ্যতা হেৰুৱায় আধুনিক ঔদ্যোগিক সভ্যতাৰ স্থিতি হেৰুৱাইছে তাকে সুন্দকৈ প্রতিফলিত কৰিছে। উপন্যাসৰ নায়কে গাঁৱত যি অসততা আৰু বঞ্চনা পাইছিল চহৰতো একেই পৰিৱেশ পাই মন আস্থিৰ হৈছে। সেই সময়ৰ অসমৰ গাঁৱলীয়া আৰু নগৰীয়া জীৱনৰ স্বাভাৱিক চিত্র অংকন কৰিছে। উপন্যাসখনত ইংৰাজসকলৰ প্ৰভাৱত গঢ়ি উঠা আধুনিক উদ্যোগিক সভ্যতাৰ স্থিতি হেৰুৱাৰ কৰুণ কাহিনী ৰূপায়িত হৈছে।
    ভিন্ন পটভূমিত ৰচিত সকলো দিশৰ পৰাই বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস দুখন অনুপম সৃষ্টি।

5. অসমীয়া উপন্যাস সাহিত্য জগতলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যৰ অৱদান আলোচনা কৰা।
উত্তৰঃ- জ্ঞানপীঠ বঁটাৰে সন্মানিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া ঔপন্যাসিকসকলৰ ভিতৰত অন্যতম। 'ৰাজপথে ৰিঙিয়ায়' উপন্যাসখনৰ জৰিয়তে তেওঁ আত্মপ্রকাশ কৰে| তেওঁ মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ ৰচনা কৰা প্রধান উপন্যাসবোৰৰ ভিতৰত ইয়াৰুইঙ্গম, মুনিচুনিৰ পোহৰ, কাল হুমুনিয়াহ, আই, কবৰ আৰু পুল, নষ্টচন্দ্র, চিনাকী সুঁতি প্রতিবাদ আদি উল্লেখযোগ্য।
    বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই তেওঁৰ উপন্যাসৰ জৰিয়তে সমসাময়িক অসমৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদি সকলোবোৰ দিশেই আলোকপাত কৰিছে।
    তেওঁৰ 'ৰাজপথে ৰিঙিয়ায়' উপন্যাসখনত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে লাভ কৰা স্বাধীনতাৰ সমাজবাদী ভাৱধাৰাৰ প্রতিক্রিয়া প্রকাশ কৰিছে। তেওঁৰ 'ইয়াৰুইঙ্গম', 'মৃত্যুঞ্জয়' আৰু 'প্রতিবাদ' উপন্যাস তিনিখন ৰাজনৈতিক বা দেশপ্রেমমূলক উপনাস। 'ইয়াৰইঙ্গম' উপন্যাসখনৰ পটভূমি হৈছে প্রাক-স্বাধীনতা কালৰ নগা পাহাৰৰ ৰাজনৈতিক পৰিস্থিতি। 'মৃত্যুঞ্জয়' উপন্যাসখনৰ পটভূমি হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন। প্রতিবাদ উপন্যাসত ডিগবৈৰ অসম তেল কোম্পানীৰ কৰ্মীসকলৰ ধর্মঘটৰ কাহিনী উপস্থাপন কৰিছে।
    বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই অসমৰ আর্থ-সামাজিক পটভূমিৰ ওপৰতো কেইখনমান উপন্যাস ৰচনা কৰিছিল। মানুহৰ মানৱীয় মূল্যবোধৰ ওপৰত যুদ্ধৰ প্ৰভাৱক লৈ তেওঁ ৰচনা কৰিছে 'শতঘ্নী' 'কবৰ আৰু ফুল' নামৰ উপন্যাস দুখন তেওঁৰ 'নষ্টচন্দ্র', 'চিনাকী সুঁতি' আৰু 'ডাইনী' উপন্যাস কেইখনক মানৱীয় ভাব-অনুভূতি প্রকাশক উপন্যাস বুলি আলোচনা কৰিব পাৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যদেৱে 'আই' উপন্যাসখনত অসমৰ গ্ৰাম্য সমাজৰ চিত্র এটি দাঙি ধৰিছে। অসমীয়া গ্রাম্য সমাজত জনসংখ্যা বৃদ্ধি, মাটিৰ পৰিমাণ হ্রাস হৈ যোৱা আৰু তাৰ ফলত মাটিৰ মালিক আৰু ৰায়তৰ মাজত হোৱা ভুল বুজাবুজি আদিৰ কথা তেওঁ উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। তেওঁৰ উপন্যাসসমূহত সমাজবাদী দৃষ্টিভংগী, মানৱতাবোধ, মানৱ প্ৰমূল্য, অৱহেলিত, পতিত দৰিদ্র জনগণৰ প্রতি সহানুভূতি আদি ভাৱধাৰা প্ৰকাশ পাইছে।

6. অসমীয়া উপন্যাস সাহিত্য জগতলৈ চৈয়দ আব্দুল মালিকৰ অৱদান আলোচনা কৰা।
উত্তৰঃ- ৰামধেনু যুগত উপন্যাসিক হিচাপে চৈয়দ আব্দুল মালিক প্রতিষ্ঠিত। 'ল. সা. গু.' তেওঁৰ প্ৰথমখন উপন্যাস। তেওঁ মুঠতে ডেৰ কুৰিমান উপন্যাস ৰচনা কৰে। তেওঁৰ উল্লেখযোগ্য কেইখনমান উপন্যাস হ'ল— ৰথৰ চকৰি ঘূৰে, ছবিঘৰ, সূৰুযমুখীৰ স্বপ্ন, মাটিৰ চাকি, অঘৰী আত্মাৰ কাহিনী, বনজুই, ওমলা ঘৰৰ ধূলি, চকুলো, সিপাৰে প্ৰাণ সমুদ্র, একাবেঁকা বৃত্ত, ৰজনীগন্ধাৰ চকুলো আদি। তেওঁৰ উপন্যাসবোৰৰ মনকৰিবলগীয়া দিশ হ'ল- অসমৰ শিক্ষিত-অশিক্ষিত, গাঁৱলীয়া-নগৰীয়া, এন্ধাৰ-পোহৰ, সৎ-অসৎ চৰিত্ৰৰ অংকন আদি বিভিন্ন সমাজবাদী মনোভাৱো প্রকাশ ঘটে। কিছুমান উপন্যাসত তেওঁ নৰ-নাৰীৰ মাজৰ সম্পর্কও উদঙাই দেখুৱাইছে। নৰ-নাৰীৰ সম্পৰ্কৰ কাহিনীক ৰূপায়িত কৰা কেইখনমান উপন্যাস হ'ল— অঘৰী আত্মাৰ কহিনী, মাটিৰ চাকি, ৰজনীগন্ধাৰ চকুলো আদি। সামাজিক জীৱনৰ ওপৰত ৰচিত সামাজিক উপন্যাস সুৰুযমুখীৰ স্বপ্নত নদীপৰীয়া মুছলমান গাওঁ এখনৰ কৃষিজীৱী লোকৰ জীৱন কাহিনী সুন্দৰকৈ প্ৰকাশ কৰিছে।
    চৈয়দ আব্দুল মালিকৰ জীৱন ভিত্তিক উপন্যাস দুখন হ'ল- 'ৰূপতীৰ্থৰ যাত্ৰী' আৰু 'ধন্য নৰতনু ভাল' ইয়াৰ 'ৰূপতীৰ্থৰ যাত্রী উপন্যাসখন ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱনৰ আধাৰত ৰচিত। সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনক লৈ 'ধন্য নৰতনু ভাল' উপন্যাসখন শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত। দুয়োখন উপন্যাসেই সার্থক জীৱন ভিত্তিক উপন্যাস হিচাপে, পৰিগণিত হৈছে।
    আব্দুল মালিকে সহজ সৰল ভাষাৰে অসমীয়া উপন্যাস সাহিত্যত অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।

7. অসমীয়া উপন্যাস সাহিত্য জগতলৈ হিতেশ ডেকাৰ অৱদান আলোচনা কৰা।
উত্তৰঃ- 'আজিৰ মানুহ' উপন্যাসখনৰ জৰিয়তে আত্ম প্রকাশ কৰা এজন জনপ্রিয় উপন্যাসিকৰ নাম হ'ল হিতেশ ডেকা। তেওঁ অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাললৈ যথেষ্ট বৰঙনি আগবঢ়াইছে। তেওঁৰ ৰচিত উপন্যাসসমূহ হ'ল— নতুন পথ, ভাড়া ঘৰ, বৈৰী মানুহ, মাটি কাৰ, এয়েতো জীৱন, আচল মানুহ, জীৱন সংঘাত আদি।
    সহজ ভাষাৰে হিতেশ ডেকাই অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশত থকা বাধা তেওঁ উপন্যাসত মূর্তমান কৰি তুলিছে। তেওঁৰ কিছুমান উপন্যাসত বিশেষকৈ পাৰিবাৰিক জীৱনৰ সংঘাত, সমস্যা, সম্পর্ক ভাঙোন আদিৰ চিত্র সুন্দৰকৈ প্রতিফলিত হৈছে।
    ''আজিৰ মানুহ" নামৰ উপন্যাসৰ দ্বাৰা তেওঁ অসমীয়া সাহিত্যত জনপ্রিয় হয়। স্পষ্টবাদী উপন্যাসিক হিচাপে তেওঁ সমাজৰ পাৰিবাৰিক সমস্যাই কৈনেকৈ পৰিয়াল আৰু সমাজত ভাঙোনৰ সৃষ্টি কৰিছে সেইটো সুন্দৰকৈ দেখুৱাইছে।

8. অসমীয়া সাহিত্যত উপন্যাস সম্রাট বুলি কাক কোৱা হয়? অসমীয়া উপন্যাস সাহিত্য জগতলৈ ৰজনীকান্ত বৰদলৈৰ অৱদান আলোচনা কৰা।   HS-2012, 2014, 2018
উত্তৰঃ- অসমীয়া সাহিত্যত উপন্যাস সম্রাট বুলি ৰজনীকান্ত বৰদলৈক কোৱা হয়।
            অসমীয়া উপন্যাস সাহিত্য জগতলৈ অসমৰ স্কট হিচাপে খ্যাত ৰজনীকান্ত বৰদলৈৰ অতুলনীয় অৱদান আছে। তেখেতৰ দ্বাৰা ৰচিত মূল্যবান উপন্যাসবোৰে আজিও সমাদিত হৈ আছে। ছাৰ ৱাল্টাৰ স্কট, বংকিমচন্দ্র চট্টোপাধ্যায়ৰ উপনাসৰ দ্বাৰা তেওঁ উপন্যাস লিখিবলৈ অনুপ্রাণিত হৈছিল। পদ্মনাথ গোহাঞি বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই আৰম্ভ কৰা অসমীয়া উপন্যাসে ৰজনীকান্ত বৰদলৈদেৱৰ হাতত পূর্ণতা পায়। তেখেতৰ মিৰি জাতীয় জীৱনৰ পটভূমিত ৰচিত 'মিৰি জীয়ৰী' নামৰ উপন্যাসখন প্রথম সামাজিক উপন্যাস। এইখন ১৮৯৪ চনত প্রকাশিত হয়। তেওঁ মিৰি ডেকা জঙ্কি আৰু মিৰি জীয়ৰী পানৈৰ কৰুণ প্রেম কাহিনী মর্মস্পর্শী ৰূপত প্ৰকাশ কৰিছে। মিৰি জনজাতিৰ ৰীতি-নীতিৰে এহাল সহজ-সৰল ডেকা-গাভৰুৰ প্ৰেমৰ কৰুণ চিত্রই উপন্যাসখন সজীৱ কৰি তুলিছে। ইয়াৰ পিছত তেওঁ ৰচনা কৰা উপন্যাসসমূহ হৈছে- ৰঙ্গিলী, মনোমতী, নির্মল ভকত, তাম্ৰেশ্বৰী মন্দিৰ, ৰহদৈ লিগীৰি, দন্দোৱাদ্রোহা, ৰাধা-ৰুক্মিণীৰ ৰণ আদি। তেওঁৰ উপন্যাসবোৰত ইংৰাজৰ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমীয়া ধর্ম-সংস্কাৰ, ৰীতি-নীতি, আচাৰ-অনুষ্ঠান আদিৰ চিত্রাংকন কৰিছে। 'মিৰি জীয়ৰী' উপন্যাসখনৰ বাহিৰে বাকী আটাইকেইখন উপন্যাসেই ঐতিহাসিক উপন্যাস।
        ৰজনীকান্ত বৰদলৈৰ ৰচিত ''মনোমতী'' হ'ল প্রথম প্রকাশিত বুৰঞ্জীমূলক উপন্যাস। বৰপেটা সত্ৰৰ ভকতীয়া পৰিৱেশেৰে এইখন উপন্যাস আৰম্ভ কৰিছে। ইয়াত প্ৰেমৰ হৃদয়স্পর্শী চিত্ৰ দাঙি ধৰিছে। আহোম যুগৰ শেষৰ সময়ছোৱাত কিদৰে নিজৰ মাজতে ক্ষমতাক কেন্দ্ৰ কৰি সংঘাটৰ সৃষ্টি হৈছিল তাকে স্পষ্টকৈ দেখুৱাইছে।
        তেওঁৰ উপন্যাসবোৰত অসমৰ অতীত জীৱনৰ লগতে অসমৰ প্রকৃতি জগতখনো প্রকট হৈ উঠিছে। অসমৰ প্রাকৃতিক সৌন্দর্য চিত্র তেওঁৰ উপন্যাসসমূহত প্ৰকট হৈছে। বৰদলৈদেৱৰ উপন্যাসসমূহ ঐতিহাসিক উপন্যাস যদিও সেইবোৰ ইতিহাস নহয়। আহোম ৰাজত্বক কেন্দ্ৰ কৰি সামাজিক ব্যৱস্থাৰে ইতিহাসৰ ঘটনা এটিক আধাৰ হিচাপে লৈ অসমীয়া সামাজিক আৰু ৰাজনৈতিক জীৱনৰ এক আভাস দিবলৈ চেষ্টা কৰি সফল হৈছে। প্রাকৃতিকজগতৰ লগতে তেওঁৰ উপন্যাসত নাৰী চৰিত্ৰও প্রাধান্য পায়।
        এইদৰে ৰজনীকান্ত বৰদলৈয়ে পাঠকক বিনোদন কি অসমীয়া উপন্যাস সাহিত্যক সুপ্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে তেওঁক অসমীয়া সাহিত্য জগতে আগবঢ়োৱা অৱদানৰ বাবে 'উপন্যাস সম্রাট' উপাধিৰে বিভূষিত কৰিছে।

 

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese

Previous
Next Post »