-->

Class 12 Advanced Assamese মোৰ গাঁও । Mur Gaon by Dimbeswar Neog

মোৰ গাঁও
-ডিম্বেশ্বৰ নেওগ

Class 12 Advanced Assamese, Chapter 4 মোৰ গাঁও -ডিম্বেশ্বৰ নেওগ । Mur Gaon by Dimbeswar Neog. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "মোৰ গাঁও"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব। 


1. 'ইন্দ্রধনু'ৰ কবি কোন? অসমীয়া সাহিতত তেওঁ কিহৰ বাবে বিখ্যাত হৈ ৰৈছে?         HS-2014, 2019
উত্তৰঃ- ইন্দ্রধনুৰ কবি বুলি ডিম্বেশ্বৰ নেওগক কোৱা হয়। সাহিত্যৰ বুৰঞ্জী প্রণেতা হিচাপে অসমীয়া সাহিত্যত তেওঁ বিখ্যাত।

2. 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' নামৰ গ্ৰন্থখনৰ লেখক কোন?     HS-2018
উত্তৰঃ— ডিম্বেশ্বৰ নেওগ।

3. ডিম্বেশ্বৰ নেওগৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ- মালতী।

4. কমাৰফদিয়া গাঁও অসমৰ কোনখন নদীৰ পাৰত অৱস্থিত?
উত্তৰঃ- অসমৰ দিখৌ নদীৰ পাৰত অৱস্থিত।

5. ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল? HS-2013, 2015, 2016
উত্তৰঃ- ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল মানিক চন্দ্র নেওগ।

6. ডিম্বেশ্বৰ নেওগৰ গীতি-কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ- মুকুতা

7. 'বিশ্বৰ সৌন্দর্য' বুলি কবিয়ে কিহক কৈছে?
উত্তৰঃ- 'বিশ্বৰ সৌন্দর্য' বুলি কবিয়ে নিজ গাঁওখনক কৈছে।

8. ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ- ১৯৬৫ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত সভাপতিত্ব কৰিছিল।

9. ডিম্বেশ্বৰ নেওগৰ জন্ম গাঁওখনৰ নাম কি? HS-2012, 2015
উত্তৰঃ- ডিম্বেশ্বৰ নেওগৰ জন্ম গাঁওখনৰ নাম হ'ল শিৱসাগৰৰ কমাফদিয়া গাঁও।

10. 'ব্রহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ' বুলি কবি ডিম্বেশ্বৰ নেওগে কাৰ কথা কৈছে?
উত্তৰঃ- 'ব্রহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ' বুলি কবি ডিম্বেশ্বৰ নেওগে নিজৰ গাঁওখনৰ কথা কৈছে

দীঘল প্ৰশ্ন-উত্তৰঃ-
1. কবিয়ে কবিতাটিত কমাৰফদিয়া গাৱঁৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা।

উত্তৰঃ- ইন্দ্রধনুৰ কবি ডিম্বেশ্বৰ নেওগে 'মোৰ গাঁও' নামৰ কবিতাটোত গাঁওখনৰ অতীত আৰু বৰ্তমানৰ লগত তুলনা কৰি পোৱা পৰিৱৰ্তনৰ চিত্ৰ সুন্দৰকৈ অংকন কৰিছে। এই পৰিৱৰ্তনত কবি অতিকৈ দুখী। কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত এৰি অহা দিনবোৰৰ দৰে সেই সৰলতা গাওঁখনৱত নাই বুলি ভাবিবলৈ বাধ্য হৈছে। কবিৰ মতে গাঁৱৰ পৰিৱেশ সকলো কৃত্রিম হৈ পৰিছে। পৰিৱৰ্তনৰ বতাহত গাওঁখন সলনি হৈ পৰিছে। দিখৌ নৈ আগৰদৰে অবিৰাম গতিত বৈ আছে যদিও নৈখনক কবিৰ এসময়ৰ কিমান যে লগৰীয়াৰ চিতাৰ জুয়ে ধুৱলী-কুঁৱলী কৰিলে তাৰ হিচাপ নাই। গাৱঁলীয়া জীৱনৰ আর্থিক অৱস্থা অৱনমিত হৈছে৷ বছৰ জুৰি ভঁৰালৰ ভাত খাব নোহোৱা হোৱাত অভাৱৰ তাড়নাত বহুত গঞা ৰাইজে গাঁও এৰি অনাই-বনাই ঘূৰি ফুৰিছে। ডেকা-গাভৰুৰ অন্তৰতো আগৰ সেই উৎসাহ-উদ্দীপনা নাই। বর্তমানৰ ডেকাবোৰে কবিৰ দৰে শৈশৱত গাৰ ছকঠীয়াখন থৈ মেজি খৰি গোটাই গৰু যুঁজ চাবলৈ নাহে। আগৰ সমৃদ্ধিশালী গাওঁখন যেন কঁহ পৰি জীণ যোৱাৰ দৰে সকলোপিনে নির্মাত-নিতাল হৈ পৰিছে। ঢোলৰ মাত শুনি আগৰদৰে ডেকা-গাভৰু মতলীয়া নোহোৱা হ'ল। আগৰদৰে গাঁৱৰ মানুহৰ মাজত মিলা-প্ৰতি নোহোৱা হৈ মনবোৰ হিংসা কপটতাৰে ভৰি পৰিল। ধনৰ মোহত পৰি গাঁৱৰ মানুহৰ দয়ামায়া নাইকিয়া হ'ল।
    কবিয়ে নিজৰ গাঁওখনৰ এনে পৰিৱৰ্ন দেখি মর্মাহত হৈ পৰিছে। সেয়েহে এদিন গাঁওখনৰ অস্তিত্ব হেৰাই যাব বুলি তেওঁ ভাবিবলৈ বাধ্য হৈছে। তথাপি কবি গর্বিত যে শৈশৱত নিজৰ গাঁওখনতে উপভোগ কৰা সেই অকৃত্রিম সৰলতা তেওঁ জগতৰ কতো এনে আপোন ঠাই বিচাৰি পোৱা নাই। 

2. প্রসংঙ্গ-সংগতি দেখুৱাই ব্যাখ্যা কৰাঃ-
(ক) জাতীয় উছৱ আদি                     কোনো ৰঙ ধেমালিতে
                        নাই প্রাণ আগৰ সিদৰে।
        ধনকে মাথোন চিনি                মৰম নিচিনা হ'ল।
                            ধনেই কাল হ'ল।
                        দয়া-স্নেহ মূলতে সবাৰে।'
-কবিয়ে এনেদৰে আক্ষেপ কৰাৰ কাৰণ কি, বুজাই লিখা।    HS-2013, 2017, 2019

উত্তৰঃ- কবিয়ে এৰি অহা নিজ গাঁওখনত অভূতপূর্ব পৰিৱৰ্জন দেখি আচৰিত হৈছে। কবিৰ মতে আগৰ দৰে গাঁওখনৰ মানুহৰ মাজত মৰম স্নেহ নাই। ডেকা-গাভৰুৰ অন্তৰতে আগৰ সেই উৎসাহ-উদ্দীপনা নাই। বর্তমানৰ ডেকাবোৰে কবিৰ দৰে শৈশৱত গাৰ ছকঠীয়াখন থৈ মেজি খৰি গোটাই গৰু যুঁজ চাবলৈ নাহে। আগৰ সমৃদ্ধিশালী গাওঁখন যেন কাঁহ পৰি জীণ যোৱাৰ দৰে সকলোপিনে নিমাত-নিতাল হৈ পৰিছে। ঢোলৰ মাত শুনি আগৰদৰে ডেকা-গাভৰু মতলীয়া নোহোৱা হ'ল। মানুহে কেৱল ধনকহে সকলোৰে মূল বুলি ভাবি ধনৰ চিন্তা আৰু উপার্জনত আত্ম নিয়োগ কৰি দয়া-মৰম বিসর্জন দি মৰম-স্নেহ পাহৰি গ'ল। তেওঁৰ ল'ৰালি কালৰ গাঁৱখনৰ এনে কৃত্রিমতা দেখি কবিয়ে এনেদৰে আক্ষেপ কৰিছে।

2. (খ) 'ব্রহ্মাণ্ডৰ চালি-জাৰি                ক'তো হ'লে পোৱা নাই
                                    এদিনৰ কাৰণেও
                            সৰলতা আজি তেনেকুৱা।'         HS-2014, 2015, 2018

উত্তৰঃ- ব্যাখ্যেয় কবিতাফাকি কবি ডিম্বেশ্বৰ নেওগৰ ৰচিত 'মোৰ গাঁও' নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।
    কবিয়ে নিজ জন্মভূমি, গাঁওখনৰ প্ৰতি থকা অসীম মৰম-ভালপোৱাৰ কথা ক'বলৈ উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।
    কবিয়ে তেওঁৰ জন্মগাঁও কমাৰফদিয়াক 'ব্রহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ' বুলি কবিতাটিত অভিহিত কৰিছে। ব্রহ্মাণ্ডৰ
সকলো সৌন্দর্যৰে ভৰা সেই গাঁওখনতে তেওঁ জন্ম হৈ লগৰ লগৰীয়াৰ সৈতে খেলা-ধুলা কৰি, পুহ মাহৰ জাৰৰ মেজি খৰি বিচাৰি, পথাৰে পথাৰে গৰু-যুঁজ চাই ভাই-ভনীৰ মৰম-চেনেহৰ মাজত তেওঁ শৈশৱৰ কালছোৱা অতিবাহিত কৰিছিল। আজিও সেই শৈশৱ কালৰ স্মৃতিৰ ৰোমন্থনে কবিক ব্যাকুল কৰি অতীতলৈ লৈ যায়। মানুহৰ মাজত থকা সেই মধুৰ সম্পর্ক, গঞাজীৱনৰ সৰলতাই কবিক ব্যাকুল কৰি তোলা তেওঁৰ গাঁওখনৰ সেই সৰলতা বিশ্বব্রহ্মাণ্ডৰ ক'তো বিচাৰি নাপায় বুলি কৈছে। কবিয়ে ব্রহ্মাণ্ডত চালি-জাৰি চাই এদিনৰ কাৰণেও ক'তো তেনে সৰলতা বিচাৰি পোৱা নাই। ভালপোৱা বস্তুত সৰলতা, মধুৰতা আৰু অসীম সৌন্দৰ্য অনুভূত হয়। কবিয়েও আপোন গাঁওখন অতিকৈ ভাণ। পায় কাৰণ ব্রহ্মাণ্ডত নোপোৱা সৰলতাখিনি কবিয়ে তেওঁৰ সেই অতীত আপোন গাঁৱখনতে বিচাৰি পাইছে।

2. (গ) 'বিশ্বৰ সৌন্দর্য খনি        জন্মভূমি তই মাথোঁ
                                    এচমকা ব্রহ্মাণ্ডৰ হিয়া।                 HS-2003, 2014, 2016

উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত 'ইন্দ্রধনুৰ কবি' ডিম্বেশ্বৰ নেওগদেৱৰ দ্বাৰা ৰচিত 'মোৰ গাঁও' নামৰ কবিতাটোৰ পৰা অনা হৈছে।
    কবিৰ কমাৰফদিয়া নামৰ মৰমৰ গাঁওখন যে তেওঁ বাবে কিমান আপোন তাকে বুজাবলৈ উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
    কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ আদিছোৱা কমাৰফদিয়া গাঁওখনতে কটাইছিল। তেওঁৰ বাবে গাওঁখন অতি মৰমৰ। সেই খন গাঁৱতেই তেওঁ পৃথিৱীৰ প্রথম পোহৰ দেখিছিল। সেই সময়ত গাঁওখনত গঞা ৰাইজৰ মাজত মিলাপ্রীতি আছিল। সকলোৱে নিজৰ দৰে বাস কৰিছিল। অর্থনৈতিকভাৱেও তেওঁৰ গাওঁখন স্বাৱলম্বী আছিল। বছৰটো ভঁৰালৰ ধানে খাবলৈ জুৰিছিল। গাঁওখনৰ অপৰূপ প্রাকৃতিক সৌন্দর্যই কবিক আত্মহাৰা কৰি তোলে। তেওঁ অনুভৱ কৰে যে বিশ্বৰ আটাইবোৰ সৌন্দর্য তেওঁৰ এই গাঁওখনতে বিৰাজমান। কবিৰ মতে তেওঁৰ গাঁওখন বিশ্বব্রহ্মাণ্ডৰ ভিতৰতেই মনোমোহা। তেওঁৰ বাবে নিজ জন্মভূমি এই কমাৰফদিয়া গাওঁখন অতি মৰমৰ, অতি চেনেহৰ, প্ৰাণৰো আপোন।

3. 'মোৰ গাঁও' কবিতাটিত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমন্থনৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ- 'মোৰ গাঁও' কবিতাটো কবি ডিম্বেশ্বৰ নেওগৰ নিজৰ কমাৰফদিয়া গাঁওখন সোঁৱৰণ কৰি লিখা এটি সুন্দৰ কবিতা।
    কবিতাটিৰ মাজেদি কবিয়ে গাঁওখনৰ প্ৰতি থকা হিয়াভৰা প্রেম অতি উজ্জ্বল ৰূপত ৰোমন্থন কৰি কবিতাটো লিখিছে।
    নেওগদেৱে তেওঁৰ জন্মস্থান দিখৌ পাৰৰ কমাৰফদিয়া গাঁওখন অতিকৈ ভাল পায়। নিজৰ গাওঁখনকৈ মনত পৰিলে কবিৰ দুচকুৱেদি আনন্দতে অশ্রু নিগৰে। সময়ৰ সোঁতত কবিয়ে নিজৰ গাঁওৰপৰা আঁতৰি প্রবাসী জীৱন অতিবাহিত কৰিলেও তেওঁৰ গাঁওখন মনত সজীৱ হৈ আছে। নিজৰ গাওঁখনক কবিয়ে ব্রহ্মাণ্ডৰ ক্ষুদ্ৰ আভৰণ বুলি কৈছে। কমাৰফদিয়া গাঁওখনতে কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰিছিল। বিনন্দীয়া সৃষ্টিৰ সৌন্দর্যৰে ভৰপুৰ কবিৰ গাওঁখনৰ সকলো মানুহেই বাই-ভনী আৰু বাই-ককাইৰ দৰে আপোন আছিল। গাঁৱত কবিয়ে সমনীয়াৰ লগত উমলি মনৰ কথা পাতি শান্তিৰে দিনবোৰ পাৰ কৰিছিল। কিন্তু জীৱনৰ বিয়লি বেলাত কবি বৰ নষ্টালজিক হৈ পৰিছে আৰু তেওঁ শৈশৱত কটোৱা গাঁওখনৰ কথা ৰোমন্থন কৰি কৈছে যে তেওঁৰ সেই সময়ৰ গাঁওখন আছিল অতি সমৃদ্ধিশালী। মানুহৰ মাজত নাছিল কোনো ধৰণৰ হাই-উৰুমি, ভেদাভেদ থকাৰ পৰিৱর্তে সকলোৰে মাজত বিৰাজ কৰিছিল। পুহ মাহৰ জাৰত কবিয়ে। লগৰীয়াৰ সতে মেজিৰ খৰি গোটাইছিল। পথাৰত গৰু যুঁজ চাই আনন্দত মতলীয়া হৈছিল। তেওঁ গাওঁখনত বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখা পাইছিল। কবিৰ মতে তেওঁৰ গাঁওখন বিশ্বব্রহ্মাণ্ডৰ ক্ষুদ্ৰ আভৰণ। সেয়ে কবিয়ে নিজৰ গাঁওখনক ভাল পায়। সময়ৰ সোঁতত গাওঁখনৰ পৰা দূৰত থাকিলেও কবিয়ে জীৱনৰ বিয়লি বেলাত নিজৰ গাওঁখনৰ কথা মনত পেলাই আনন্দ উপলব্ধি কৰিছে।

4. শব্দার্থঃ-
ছকঠীয়াখনি- গাত লোৱা আলোৱানখন।
জন্মান্তৰ- এইজন্মৰ আগৰ বা পাছৰ কোনো জন্ম।
বিনন্দীয়া- অতি ধুনীয়া, আনন্দপূর্ণ।
কুৰ্চ্চুট- হিংসা, কুটিলতা।
কপট- চাতুৰী।


Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (brahmaratan@gmail.com/7020477396) for pdf notes of Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Economics, Education, History.   

Previous
Next Post »