-->

Class 12 Advanced Assamese-অলংকাৰ Alankar

অলংকাৰ Alankar

 Class 12 Advanced Assamese অলংকাৰ। Alankar. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "অলংকাৰ"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযগ কৰিব পাৰিব।

1. সাহিত্যত অলংকাৰ বুলিলে কি বুজা? সাহিত্যত অলংকাৰৰ প্ৰয়োজন কিয়?  HS-2019 অলংকাৰ কেই প্ৰকাৰৰ আৰু কি কি?   HS-2014, 2015, 2016, 2018 

উত্তৰঃ- মানুহে দৈহিক সৌন্দর্য বর্ধনৰ বাবে অলংকাৰ পৰিধান কৰে। অলংকাৰে মানুহক যিদৰে সৌন্দর্য বৃদ্ধি কৰে ঠিক তেনেদৰে সাহিত্যতো অলংকাৰে শোভাবর্ধন কৰে। অলংকাৰবিহীন শৰীৰতকৈ অলংকাৰ মুক্ত শৰীৰ বেছি মুগ্ধকৰ সাহিত্যতো লালিত্যপূর্ণ আৰু ব্যঞ্জনাময় কৰিবলৈ অলংকাৰৰ প্রয়োজন। যেনে— চকুৰ সৌন্দর্য বর্ণনা কৰিবলৈ পূর্ণিমাৰ জোনৰ লগত তুলনা কৰাৰ ফলত আৰু মধুৰ বা ৰমণীয় হৈ পৰে। অলংকাৰিক ভাসৰ মতে ''সকলো অলংকাৰৰ মূল হ'ল বক্রোক্তি। বক্রোক্তি হ'ল পোনপটীয়া ভংগীৰ সলনি বেঁকাকৈ কোৱা ভংগী। যেতিয়া আমি এজনৰ মুখৰ বৰ্ণনা দিওঁতে মুখচন্দ্ৰ বুলি কওঁ তেতিয়া আমাৰ উক্তি পোনপটীয়া নহৈ বক্র হৈ ইয়াত অলংকাৰ প্রয়োগ হৈছে। কাব্যত অলংকাৰ প্ৰয়োগৰ হেতু হ'ল অভিব্যঞ্জনাৰ স্পষ্টতা। সামান্যধর্মী অর্থ প্রকাশ কৰাৰ ক্ষমতা ভাষাৰ আছে। কিন্তু অলংকাৰ প্ৰয়োগৰ ফলত ভাষাৰ প্রকাশিকৰ শক্তি বৃদ্ধি হয়। গতিকে কাব্যিক প্রয়োজনৰ বাবেহে অলংকাৰ ব্যৱহাৰ কৰা হয়। অলংকাৰ দুবিধ— (১) শব্দালংকাৰ আৰু (২) অর্থালংকাৰ। সংস্কৃত 'অলম' শব্দৰ পৰা আহিছে 'অলংকাৰ' শব্দটো। 'অলম' শব্দৰ অৰ্থ দুটা। যথেষ্ট ভাৱ আৰু ভূষণ।
    সাহিত্যত অলংকাৰৰ ব্যৱহাৰ সাধাৰণতে তিনিটা, যেনে—(১) কাব্যিক বিষয় প্রভাৱশালী আৰু ব্যঞ্জনাময় কৰি তোলা। (২) বর্ণনীয় বিষয় প্রকটভাৱে দাঙি ধৰা বা স্পষ্টীকৰণ (৩) বর্ণনীয় বিষয়ত ৰমনীয়তা প্রদান কৰা

2. শব্দালংকাৰ আৰু অর্থালংকাৰ বুলিলে কি বুজা? উদাহৰণ দি দুয়োৰে মাজত থকা পার্থক্য বুজাই লিখা।
উত্তৰঃ- অলংকাৰ দুবিধ যেনে— (ক) শব্দালংকাৰ আৰু (খ) অর্থালংকাৰ।
(ক) শব্দালংকাৰঃ- HS-2019  যিবোৰ অলংকাৰ সম্পূৰ্ণৰূপে শব্দৰ ধ্বনিৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি হয় তাকে ''শব্দালংকাৰ'' বোলে। শব্দালংকাৰত অৰ্থৰ বিশেষ ভূমিকা নাথাকে ইয়াত ধ্বনিৰ বা সুৰৰ ওপৰত গুৰুত্ব দি শব্দ প্রয়োগ কৰা হয়। উদাহৰণ—
স্বামী তোৰ গুণৱন্ত শ্ৰীমন্ত মহন্ত।
সন্তক পালন্ত যত অসন্ত নাসন্ত।।
    ইয়াত 'ন্ত'— এই সংযুক্ত ধ্বনি পুনঃপুনঃ প্রয়োগৰ ফলত উচ্চাৰণৰ ক্ষেত্ৰত সৌন্দৰ সৃষ্টি হৈছে।
(খ) অর্থালংকাৰ যিবোৰ অলংকাৰ অৰ্থৰ ওপৰত নিৰ্ভৰশীল আৰু অৰ্থৰ বৈচিত্র্যই যিবোৰ অলংকাৰত প্রধান ভূমিকা লয় তাকে অর্থালংকাৰ বোলে। অর্থাত এইবিধ অলংকাৰ বৈচিত্র্য আৰু মাধুৰ্যৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি হয়। অর্থালংকাৰে বস্তু এটাৰ গুণ বা ক্রিয়াক ব্যাখ্যা কৰি শ্ৰোতাৰ মনত বস্তুটোৰ গুৰুত্ব বৃদ্ধি কৰি আনন্দ দিয়ে। উদাহৰণ—
''নৃপতিৰ মাজে ৰাজা প্রকাশন্ত বলি।
গ্রহগণ মধ্যে যেন পূর্ণিমাৰ শশী।।''
    ইয়াত 'নৃপতি' আৰু 'ৰাজা'ক গ্রহ আৰু পূর্ণিমাৰ জোনৰ লগত তুলনা কৰিছে। ফলত একে ধৰণৰ কাব্যিক মাধুর্য বা সৌন্দর্যৰ সৃষ্টি হৈছে।

(ক) উপমাঃ-   HS-2013, 2015, 2016, 2017, 2018, 2019
উত্তৰঃ- কাব্যসাহিত্যত স্পষ্ট আৰু বৈচিত্র্যময় সাদৃশ্যক উপমা বোলে। উপমা বহুলভাৱে ব্যৱহাৰ হয়। কাব্যসাহিত্যত যেতিয়া কোনো এটা ধাৰণাক অইন কোনো বিসদৃশ ধাৰণাৰ লগত তুলনা কৰা হয় তাকে উপমা বোলে। উপমা অলংকাৰত যি বস্তুটো তুলনা কৰা হয় তাক 'উমপেয়' আৰু যাৰ লগত তুলনা কৰা হয় তাক 'উপমান' বোলে। এই সাদৃশ্য গুণগত, ক্রিয়াগত বা গুণ আৰু ক্রিয়া উভয়গত হ'ব পাৰে। উপমা অলংকাৰত উপমানটো সদায় বিসদৃশ বস্তু হ'ব লাগিব। উপমা অলংকাৰত 'দৰে', 'নিচিনা', 'যেন' আদি তুলনাবাচক বিশেষণ ব্যৱহাৰ কৰা হয়।
যেনে—
''মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে।
সেউজীয়া বননিৰে বৰণেৰে ঢকা।"
    ইয়াত হিয়াখনি হৈছে উপমেয়, জেতুকাপাত হৈছে উপমান।

(খ) ৰূপকঃ-   HS-2012
        উপমেয়ক উপমানৰ লগত অভেদ বুলি যেতিয়া কল্পনা কৰা হয় তাকে ৰূপক অলংকাৰ বোলে। ৰূপক অলংকাৰত এটা বস্তুক বিসদৃশ আন এক বস্তু বুলি কল্পনা কৰা হয়। ৰূপক অলংকাৰত উপমানে উপমেয়ক আচ্ছন্ন কৰি ৰাখে। যেনে—
''এতিয়া কৰিলে কান ধেমালিত হানি,
বিদ্য ধন উপার্জন কৰিব কাহানি।"
    ইয়াত উপমেয় বিদ্যাক আৰু উপমেয় ধনৰ লগত অভেদ কল্পনা কৰা হৈছে।

(গ) শ্লেষঃ-  HS-2013, 2015, 2017
    এটা শব্দক দুটা বা তাতকৈ অধিক অর্থত ব্যৱহাৰ কৰিলে তাকে শ্লেষ অলংকাৰ বোলে। ইয়াৰ ৰূপ দুটা। (১) শব্দ শ্লেষ আৰু (২) অর্থ শ্লেষ। শব্দ শ্লেষত শব্দটো পৰিৱৰ্তন কৰিলে অর্থ ব্যাহত হয়। কিন্তু অর্থশ্লেষত শব্দটো পৰিৱৰ্তন কৰিলেও অলংকাৰ ব্যাহত নহয়। অর্থ শ্লেষত অলংকাৰ অর্থতহে থাকে ধ্বনিত নাথাকে। যেনে-
নৰক বিনাশন কৃষ্ণ।
    ইয়াত দুটা অর্থ আছে। এটা হ'ল নৰকৰ ভয় নাশ কৰোঁতা আৰু আনটো হ'ল নৰক নামৰ অসুৰৰ বিনাশকাৰী৷ ইয়াত এটা শব্দত দুটা অর্থ থকা বাবে শ্লেষ হৈছে।

(ঘ) অনুপ্রাসঃ-   HS-2012, 2013, 2015, 2016, 2018
    অনুপ্রাস হৈছে এক প্রকাৰৰ শব্দালংকাৰ। যেতিয়া এটা পংক্তি বা এটা বাক্যত এটা ব্যঞ্জন বর্ণ বা ব্যঞ্জন ধ্বনি এবাৰতকৈ বেছি উচ্চাৰিত হয়, তাকে অনুপ্রাস বোলে। ইয়াত প্রয়োগৰ শ্রুতিমধুৰতাৰ ওপৰত্ব গুৰ দিয়া হয়। অনুপ্রাসত স্বৰ ধ্বনিৰ স্বীকৃতি নহৈ ব্যৱহাৰ হোৱা বর্ণবোৰ স্পষ্টভাৱে ব্যঞ্জনবর্ণহে হ'ব লাগে। উদাহৰণ-
'বগাকৈ বগলী বহলাই বহিছে।
    বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববছা বনতে
    বুটলি বিলাওগৈ বলা।'
    এই উদাহৰণটোত বাৰে বাৰে ব্যঞ্জন 'ব' ধ্বনিৰ উচ্ছাৰণ হৈছে।

(ঙ) সমাসোক্তিঃ- নির্জীৱ পদার্থত সজীৱ পদাৰ্থৰ গুণ, স্বভাৱ, কার্য আদি প্রয়োগ কৰিলে তাকে সমাসোক্তি অলংকাৰ বোলে। ইয়াত একে কার্য, একে লিংগ আৰু একে বিশেষণেৰে বর্ণনা কৰা হয়। উদাহৰণ—
''পুৱাৰ মলয়ে দুৱাৰে দুৱাৰে।
নতুন বাতৰি ফুৰিছে কই।'
    ইয়াত মলয়ক বাতৰি কোৱা বুলি বার্তাবাহকৰ লগত তুলনা কৰাত সমাসোক্তি অলংকাৰ হৈছে।

(চ) উৎপ্রেক্ষাঃ-   HS-2012
    যি অলংকাৰত উপমেয় আৰু উপমানৰ মাজত প্ৰৱল সাদৃশ্য থকা বাবে উপমেয়কেই উপমান বুলি যদি সন্দেহ জন্মে, তেনে তুলনাকে উৎপ্রেক্ষা অলংকাৰ বোলে। অসমীয়া অলংকাৰ শাস্ত্ৰত 'সন্দেহ' নামৰ এক অলংকাৰ আছে। 'সন্দেহ' নামৰ অলংকাৰত সন্দেহ উপমান আৰু উপমেয় দুয়োটাতে থাকে। কিন্তু উৎপ্রেক্ষা অলংকাৰত সন্দেহ কেৱল উপমাত থাকে। উদাহৰণ-
পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত।
    শুনো যেন বিননিৰ সুৰ।'
    ইয়াত জুৰিৰ জিৰজিৰণি গুচি কবিৰ কাণত বিননিৰ সুৰ হৈ পৰিছে৷ ইয়াত উপমান অর্থাৎ জুৰিৰ জিৰজিৰণিত কবিৰ মনত সন্দেহৰ সৃষ্টি হৈছে।
(ছ) ব্যাজস্তুতিঃ- নিন্দাৰ ছলেৰে কৰা স্তুতি বা স্তুতিৰ ছলেৰে নিন্দা কৰিলে ব্যাজস্তুতি অলংকাৰৰ সৃষ্টি হয়। যেনে—
''গোপ বোলে উপকাৰ কৰি আছ ভাল কিসক জগাইলা মোৰ নিন্দাৰ ছৱাল।''
    ইয়াত মুখেৰে ভাল উপকাৰ কৰিছা বুলি ক'লেও আচল অর্থত বেয়া কৰাহে বুজাইছে। ভাল বুলি আওপকীয়াকৈ বেয়াটোৰ কথাহে কৈছে। স্তুতিৰ ছলেৰে এইটো নিন্দা কৰিছে।

(৩) অতিশয়োক্তিঃ-  HS-2012, 2013, 2016, 2018, 2019
    উপমেয়ক উল্লেখ নকৰি উপমানক উপমেয় ৰূপে নির্দেশ কৰিলে অতিশয়োক্তি অলংকাৰৰ সৃষ্টি হয়। অতিশয়োক্তি হৈছে অসম্ভৱ বা অতিমাত্রা বর্ণনা। যেনে—
'আইৰে মুখেদি মৗৱে বৰষিছে ফুলাম গামোচাৰ পাগ।'
    ইয়াত মুখেদি মৌৰদৰে মাত ওলাইছে। কিন্তু মাত উপমেয়টো উল্লেখ নকৰি ''উপমান মৌটোকে উপমেয়ৰূপে দেখুওৱা হৈছে।

(জ) যমক   HS-2013, 2016, 2017, 2018, 2019
    যমক হৈছে এক প্রকাৰৰ শব্দালংকাৰ। এনে অলংকাৰত একে উচ্চাৰণক বিভিন্ন অর্থত দুটা শব্দ ব্যৱহাৰ কৰা হয়। উদাহৰণ-
'বল থক বলী, বলহীন বলি।'
    ইয়াত 'বলী' আৰু 'বলি' শব্দ দুটাক লৈ যমক অলংকাৰ সৃষ্টি হৈছে। প্রথম 'বলী'য়ে শক্তিশালী অর্থ প্রকাশ কৰিছে। দ্বিতীয় 'বলি' শব্দই 'বলি' নামৰ ৰজাক বুজাইছে।

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese

Previous
Next Post »