-->

Class 12 Adv Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য | Buranjir Douratmya

বুৰঞ্জীৰ দৌৰাত্ম্য 
-লক্ষ্মীনাথ বেজবৰুৱা

Class 12 Advanced Assamese, Chapter 6 বুৰঞ্জীৰ দৌৰাত্ম্য -লক্ষ্মীনাথ বেজবৰুৱা। Buranjir Douratmya by Lakshminath Bezbaruah. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "বুৰঞ্জীৰ দৌৰাত্ম্য"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযগ কৰিব পাৰিব।

1. বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি?    HS-2019
উত্তৰঃ- পদুম কুঁৱৰী।

2. বুৰঞ্জী কোন ভাষাৰ পৰা অহা শব্দ? HS-2013, 2015, 2016, 2018
উত্তৰঃ- বুৰঞ্জী টাই ভাষাৰ পৰা অহা শব্দ।

3. বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি? HS-2014
উত্তৰঃ- বেদান্ত বা উপনিষদ।

4. 'বাঁহী' আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱা।

5. লেমটো শব্দৰ অর্থ কি? HS-2012, 2016, 2018
উত্তৰঃ- কিহবাৰ আশাত আনৰ পিছে পিছে ঘূৰিফুৰা লোক।

6. ন্যায় দর্শন প্রণেতা কোন? HS-2017
উত্তৰঃ- ন্যায় দর্শনৰ প্রণেতা মহর্ষি গৌতম।

7. 'বুৰঞ্জী' শব্দৰ অর্থ কি?    HS-2016
উত্তৰঃ- 'বুৰঞ্জী' শব্দৰ অৰ্থ হ'ল—নজনা কথা জনাৰ ভঁৰাল।

8. 'কদম কলি' কবিতা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল।

9. 'নিবোকা চামোন' মানে কি?
উত্তৰঃ- চামোন বা চোম গছত থকা এবিধ ভূত। সি যাৰে গাত লম্ভে সি মুখেৰে নমতা হয়। চামোনে পোৱাৰ দৰে কথা নপতা মানুহ।

10. বাঁহী আলোচনীৰ প্ৰথম প্রকাশ কিমান চনত হৈছিল?
উত্তৰঃ- ১৯০৯ চনত।

11. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথিখনিৰ নাম কি? HS-2012
উত্তৰঃ- কদম কলি।

12. আয়ুর্বেদ বিষয়ক শাস্ত্র কি? তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুর্বেদ গ্রন্থৰ নাম লিখা।     HS-2012
উত্তৰঃ- আয়ুর্বেদ হৈছে চিকিৎসা বিষয়ক শাস্ত্র। পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুর্বেদ গ্রন্থৰ নাম হ'ল- (১) চৰক সংহিতা আৰু (২) সুশ্রুত সংহিতা।

13. বিষ্ণু পুৰাণ কি বিষয়ক শাস্ত্র?     HS-2012, 2016
উত্তৰঃ- বিষ্ণু পুৰাণ হৈছে বৈষ্ণৱ ভক্ত তথা হিন্দুৰ এখনি পৱিত্ৰ শাস্ত্র। বিষ্ণু পুৰাণত বিষ্ণুৰ মাহাত্ম্য প্রকাশ হৈছে।

14. বাঁহী আলোচনীখন কোন চনৰ পৰা প্রকাশ পায়?
উত্তৰঃ- বাঁহী আলোচনীখন ১৯০৯ চনৰ পৰা প্রকাশ পায়।

15. বেজবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰঃ- বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ।

16. লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত মৃত্যু বৰণ কৰিছিল ?
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাই ১৯৩৮ চনত মৃত্যু বৰণ কৰিছিল।

17. লক্ষ্মীনাথ বেজবৰুৱাই কোনখন অসম সাহিত্যসভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ- ১৯২৪ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত সভাপতিত্ব কৰিছিল।

18. ভৱিষ্য পুৰাণ কি বিষয়ক শাস্ত্র?
উত্তৰঃ- ভৱিষ্য পুৰাণ পাঁচটা পর্বত বিভক্ত। সেয়া হ'লঃ- ব্রাহ্মপর্ব- ইয়াত সূর্যাদিৰ চৰিত্ৰ, সৃষ্টিৰ লক্ষণ আৰু কল্প বৃত্তান্ত কথিত হৈছে। এই পর্ব ব্রহ্মা মহিমা বিষয়ক। দ্বিতীয় পর্বত- ভোগৰ বিষয়ে শিৱৰ মাহাত্ম্য। তৃতীয় পর্বত- মোক্ষৰ বিষয়ে বিষ্ণুৰ মাহাত্ম্য। চতুর্থ পর্বত- চতুর্থবৰ্গৰ বিষয়ে সূর্য মাহাত্ম আৰু পঞ্চম পর্বত আছে প্রতিসর্গ।

19. দর্শনৰ ভাগ কেইটা আৰু কি কি? HS-2019 ষড়দর্শন কি?    HS-2011
উত্তৰঃ- সংস্কৃত দৃশ্য ধাতুৰ পৰা দর্শন শব্দটো নিষ্পন্ন হৈছে। ই নানার্থবোধক। সত্যৰ উপলব্ধিজাত অনুভৱেই হৈছে দর্শন। দর্শনৰ দুটা ভাগ হৈছে—আস্তিক আৰু নাস্তিক। আস্তিক দর্শন ছটা ভাগত বিভক্ত এই ছটাভাগকেই যড়দর্শন বোলে। এই ভাগকেইটা হ'ল- ন্যায়, সাংখ্য, বৈশেষিক, পতঞ্জল, পূর্ব মীমাংসা আৰু উত্তৰ মীমাংসা।

20. চৌষষ্ঠি কলা কি বিষয়ক শাস্ত্র? HS-2013
উত্তৰঃ- এই কলাৰ বিষয়ে বাৎসায়নে 'কামসূত্র'ত উল্লেখ কৰা কেইবিধমান কলা হৈছে— চৌষষ্ঠিবিধ কলাবিদ্যা। সেয়া হ'ল— গীত, বাদ্য, নৃত্য, আলেখা, বিশেষকচ্ছেদ্য, পুষ্পান্তৰণ, দশনবসনাংগৰাগ, মণিভূমিকা কর্ম, শয়ন ৰচনা, উদকবাদ্য, উদকাঘাত, চিত্রযোগ, মালা গথন বিকল্প, নেপথ্য প্রয়োগ, বর্ণত্রভংগ, গন্ধযুক্তি, ভূষণ যোজন, ঐন্দ্রজাল, সূত্রক্রীড়া, ডম্বৰক বাদ্য, প্রহেলিকা, তক্ষণ, বাস্তুবিদ্যা আদি।

21. হৰকান্ত সদৰামিনৰ বিষয়ে চমুকৈ লিখা। HS-2012, 2016
উত্তৰঃ- হৰকান্ত শর্মা মজিন্দাৰ বৰুৱাৰ জন্ম ১৯১৬ চনত। হৰকান্ত সম্পূর্ণ নাম হৈছে হৰকান্ত শর্মা মজিন্দাৰ বৰুৱা। এওঁ প্রথমে নকল-নবীচৰূপে ব্রিটিছৰ কাছাৰীত কাম কৰি পিছত সদৰামিন হিচাপে গুৱাহাটী, মঙ্গলদৈ, তেজপুৰ, নগাঁও আদি ঠাইত চাকৰি কৰি অৱসৰ লয়। তেওঁৰ বুৰঞ্জীচৰ্চাত ৰাপ আছিল। তেওঁ কাশীনাথ দ্বিজ তামুলী ফুকনৰ 'অসম বুৰঞ্জী' প্রকাশ কৰি উলিয়াছিল। ১৯০২ চনত তেওঁৰ মৃত্যু হয়।

22. বেদ কি?     HS-2010, 2013, 2015
উত্তৰঃ- বেদ সংস্কৃত 'বিদ' ধাতুৰ পৰা নিষ্পন্ন হোৱা। বেদ শব্দৰ ব্যাপক অর্থ হ'ল— অখণ্ড জ্ঞানৰাশি। বেদৰ অংশ দুটা-
(১) মন্ত্ৰ আৰু (2) ব্রাহ্মণ। মন্ত্রভাগ পদ্যত ৰচিত আৰু ব্রাহ্মণভাগ গদ্যত ৰচিত। বেদ চাৰিখনঃ (১) ঋক বেদ (২)
যজুবেদ (৩) সামবেদ আৰু (৪) অথর্ববেদ।

23. কাশীনাথ ফুকন কোন?     HS-2011
উত্তৰঃ- শিৱসাগৰৰ কাকতি বংশত কাশীনাথ ফুকনে জন্ম গ্রহণ কৰিছিল। এওঁৰ সম্পূর্ণ নাম কাশীনাথ দ্বিজ তামুলী ফুকন| ফুকন পুৰন্দৰ সিংহৰ ৰাজসভাৰ এজন বিষয়া আছিল। তেওঁ ৰাধানাথ বৰবৰুৱা আৰু আহোমৰ বাইলুং পণ্ডিতৰ সহায়ত 'আসাম বুৰঞ্জী' ৰচনা কৰিছিল। ইংৰাজ আমোলত তেওঁ মুন্সী পদবী লাভ কৰি শিৱসাগৰত কার্যনির্বাহ কৰিছিল।

24. কল্পতৰু কি?    HS-2013, 2016
উত্তৰঃ- হিন্দু শাস্ত্রমতে কল্পতৰু স্বৰ্গৰ এজোপা গছ। সেই গছজোপাই যিয়ে যিহকে বিচাৰে তেওঁক তাকে দান কৰে আৰু মনৰ কামনা পূৰণ কৰে।

25. জ্যোতির্বিদ্যা কি?
উত্তৰঃ- জ্যোতির্বিদ্যা হ'ল জ্যোতিষ, গ্রহ-নক্ষত্রাদিৰ উৎপত্তি, গতি-স্থিতি প্রভৃতি বিষয়ক শাস্ত্র। পুৰণি কালত যজ্ঞকাল নিৰূপণ কৰাৰ বাবে জ্যোতিষ শাস্ত্রৰ প্রয়োজন হৈছিল। এই শাস্ত্ৰৰ প্রৱর্তক স্বয়ং সূর্যদেৱ। পৰৱৰ্তী কালত গৰ্গাদি মুনিসকলে প্রণয়ন কৰা গ্রন্থৰাজিয়ে বর্তমান জ্যেতিষ বিদ্যাৰ ভেটি তৈয়াৰ কৰিছে।

26. আয়ুর্বেদ কি?    HS-2015
উত্তৰঃ- আয়ুর্বেদ হ'ল— চিকিৎসা বিষয়ক শাস্ত্র। ৰোগ নির্ণয় আৰু বোগ উপশমৰ প্ৰয়োজনত এই শাস্ত্ৰৰ সৃষ্টি হৈছে। অশ্বিনীকুমাৰদ্বয়, ধন্বন্তৰি প্রভৃতি এই শাস্ত্ৰৰ অন্যতম উপদেষ্টা 'চৰক সংহিতা', 'সুশ্রুত সংহিতা' প্রভৃতি আয়ুর্বেদৰ অন্যতম প্রামাণ্য গ্রন্থ।

দীঘল প্ৰশ্ন আৰু উত্তৰঃ-
1. পুৰাণ কাক বোলে? পুৰাণৰ কি কি পাঁচোটা লক্ষণ আছে?     HS-2011
(নাইবা) পুৰাণ কি বিষয়ক শাস্ত্র?

উত্তৰঃ- পুৰণি কালৰে পৰা লোক পৰম্পৰাগত যি ব্যক্ত হৈ আহিছে সেয়ে পুৰাণ। প্রথম অৱস্থাত পুৰণাসমূহ পাঁচ লক্ষণযুক্ত আছিল। সেই পাঁচটা হ'ল সর্গ (সৃষ্টি), প্রতিসর্গ (সৃষ্টিৰ পিছত পুনঃ সৃষ্টি), বংশ (দেৱতা আৰু ঋষিসকলৰ বশে) মন্বন্তৰ (মনুৰ অধিকাৰ কাল) আৰু বংশানুচৰিত (বংশোদ্ভূত বিখ্যাত চৰিত্র)। শ্রীমদ্ভাগৱতৰ মতে পুৰাণ দহ লক্ষণযুক্ত। সেই দহটা লক্ষণ হ'ল—সর্গ, বিসর্গ, স্থান, পোষণ, উতি, মনন্তৰ, ঈশান কথা, নিৰোধ, মুক্তি আৰু আশ্রয়। পুৰাণ ওঠৰখন। সেইবোৰ হ'ল— (ক) ব্রহ্ম (খ) পদ্ম (গ) বিষ্ণু (ঘ) বায়ু (ঙ) ভাগৱত পুৰাণ (চ) নাৰদীয় পুৰাণ (ছ) মার্কণ্ডেয় পুৰাণ (জ) অগ্নি পুৰাণ (ঝ) ভৱিষ্য পুৰাণ (ঞ) ব্রহ্মবৈৱৰ্ত্ত পুৰাণ (ট) লিংগ পুৰাণ (ঠ) বৰাহ পুৰাণ (ড) স্কন্ধ পুৰাণ (ঢ) বামণ পুৰাণ (ণ) কূর্ম পুৰাণ (ত) মৎস্য পুৰাণ (থ) গৰুড় পুৰাণ (দ) ব্রহ্মাণ্ড পুৰাণ।

2. মুঠতে কওঁ আগৰ কলীয়া জ্ঞানীসকলে আমাক যিহকে লাগে তাকে দি গৈছিল-- ''বুৰঞ্জীৰ দৌৰাত্ম'' পাঠৰ আধাৰত কথাষাৰ বিশ্লেষণ কৰা।
(নাইবা) অতীত ভাৰতবৰ্ষৰ আর্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।     HS-2016

উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাৰ এই প্ৰৱন্ধটিত অতীত ভাৰতবৰ্ষত আর্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱাদেৱৰ দৃষ্টিভংগী ব্যংগাত্মকভাৱে প্ৰকাশ পাইছে।
    প্রাচীন ভাৰতীয় শিক্ষা, সভ্যতা আৰু সংস্কৃতিলৈ ঋষি মুনিসকলে দি যোৱা অৱদানেৰে ভাৰতীয় সমাজ বর্তি থাকিব বুলি লিখকে কৈছে। বেজবৰুৱাদেৱৰ মতে ঋষি-মুনিসকলৰ মহৎ সাধনাৰ পৰিণতিত ৰূপ লোৱা সেই বেদ, বেদান্ত, দর্শন, জ্যোতির্বিদ্যা, আয়ুর্বেদ, ৰসায়ন, ধনুর্বিদা ন-ভাৰতীয় শিক্ষা-সভ্যতা-সংস্কৃতি-জ্ঞান-বিজ্ঞানৰ আঁকৰ স্বৰূপে গ্রন্থবোৰৰ সনাতন মূল্য চিৰকাল বৰ্তি থাকিব। বেজবৰুৱাদেৱে কৈছে যে ইমানবোৰ তত্ত্বপূর্ণ সুগভীৰ জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয়ৰ মৌলিক গ্রন্থ ৰচনা কৰা লিখকসকলৰ বুৰঞ্জী ৰচনা কৰাৰ প্রতিভাৰ অভাৱ নিশ্চয় হোৱা নাছিল বুলি কৈছে।
    পাশ্চাত্যৰ কিছুমান পণ্ডিতৰ মতে ভাৰতীয়সকলৰ ইতিহাসৰ জ্ঞান নাই। এই প্রসংগত বেজবৰুৱাদেৱে কৈছে যে ভাৰতীয়সকলৰ বুৰঞ্জীতকৈ ভাৰতৰ প্রাচীন শাস্ত্ৰসমূহৰ মহত্ব অতি বেছি। তেওঁৰ মতে সেইবোৰ কানীয়াৰ কীর্তন নাইবা মতলীয়াৰ প্রলাপ নহয়। বৰং সেইবোৰ জীৱনজোৰা সাধনাৰ ফল য'ত মানুহৰ হেজাৰ হেজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ উৎকৃষ্ট সাৰখিনি সংৰক্ষিত কৰি ৰাখিছে।
    ইংৰাজসকলৰ প্ৰভাৱত সাম্প্রতিক যুগত ভাৰতীয়সকলৰ মনত ইতিহাস সম্পর্কে নতুন চেতনাই ঠাই পাইছে। আজিকালি ইতিহাস, বুৰঞ্জী আৰু হিষ্টুৰিৰ ধাৰণা প্রায় একাকাৰ হৈ পৰিছে। সেয়েহে বর্তমান যুগৰ তথাকথিত বুৰঞ্জীবিদসকলে লাংপুং ৰচিত বুৰঞ্জী, ৰবিন্সনৰ প্ৰণিত হিষ্টুৰি, মঞ্চুপ ভণিত 'একচন্দ্র স্তমোহক্তি' আদিকহে বুৰঞ্জীৰ মূল্য দিয়ে। আধুনিক বুৰঞ্জীৰ সমালোচক হিচাপে বেজবৰুৱাদেৱে কৈছে যে প্রাচীন যুগৰ ভাৰতীয় গ্রন্থসমূহৰ উচ্চ মূল্যবোধৰ তুলনাত আধুনিক যুগৰ বুৰঞ্জীসমূহ কেৱল বৈষয়িক আশা-আকাংক্ষাৰ মাজতে সীমাবদ্ধ। বর্তমানৰ ইতিহাসসমূহ আধ্যাত্মিক জ্ঞানশূন্য। এইবোৰ হৈছে মানুহৰ কার্য-কলাপ, যুদ্ধ-বিগ্রহ, সেইবোৰৰ চন তাৰিখ আদিৰ লিপিবদ্ধ থকা একোটা বিৱৰণহে। এনে ইতিহাস পক্ষপাতমূলক আৰু বহু সময়ত এনে ইতিহাসে সত্যক বিকৃত কৰে। এনে ইতিহাস বা বুৰঞ্জীত সত্য বা অসত্য কি তাক বিচাৰি পোৱা অসম্ভৱ হৈ পৰে। সেয়ে বেজবৰুৱাদেৱে কৈছে যে ইতিহাসৰ নামত ভুল তথ্য দাঙি ধৰি বিভ্রান্তি সৃষ্টি কৰাতকৈ প্রাচীন আর্য ঋষিমুনিসকলে ইতিহাস ৰচনা নকৰি উচিত কামেই কৰিছিল। তেওঁলোকৰ আধ্যাত্মিক ভাৱাপন্ন জ্ঞান-বিজ্ঞানৰ সুগভীৰ গ্রন্থসমূহ ভুলে শুদ্ধই লিখা বুৰঞ্জীতকৈ বেছি মূল্যবান। বিভিন্ন জ্ঞান-বিজ্ঞানৰ বিষয়ে সম্ভেদ দি ঋষি মুনিসকলে সামাজিক গুৰু দায়িত্ব পালন কৰিছিল।

3. ''অসমীয়া বুৰঞ্জী নিশ্চয় আহোমসকলৰ দান।'' এই কথাষাৰৰ প্ৰসংগত পুৰণি আহোম বুৰঞ্জী সম্পর্কে লেখকে কেনেভাৱ পোষণ কৰিছে, আভাস দিয়া।         HS-2018
(নাইবা) 'বৰঞ্জী' শব্দৰ অর্থ কি? বেজবৰুৱাই কাৰ দান বুলি কৈছে? বুৰঞ্জী লিখিবলৈ গৈ অনেক অজ্ঞাতসাৰে অসত্য কথাটো লিপিবদ্ধ কৰাৰ কাৰণ দি?—'বুৰঞ্জী দৌৰাত্ম' পাঠটিৰ আধাৰত চমুকৈ লিখা।    HS-2012, 2013, 2014, 2015, 2017

উত্তৰঃ- অসমত আহোমৰ প্রথম স্বৰ্গদেউ চুকাফাৰ দিনতে বুৰঞ্জী লিখা আৰম্ভ হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে যে ভাৰবৰ্ষত ঋষি মুনিসকলে বেদ, বেদান্ত জ্যোতিবিদ্যা, আয়ুর্বেদ, ৰসায়ন, ষড়দর্শন আদি জ্ঞান-বিজ্ঞানৰ গ্ৰন্থ আধ্যাত্মিক বিদ্যাৰ গ্রন্থ, পুৰাণ, সাহিত্য, নৃত্য, গীত ন্যাস, নীতি আদি চৌষষ্ঠি কলাৰ গ্রন্থকে ধৰি অসংখ্য গ্রন্থ ৰচনা কৰিছিল। কিন্তু বুৰঞ্জী ৰচনা কৰিবলৈ তেওঁলোকে পিছুৱাই থাকিল। স্বৰ্গদেউ চুকাফাই শ্যান দেশৰ পৰা ৰাজনৈতিক অভিযানৰ উদ্দেশ্য তীব্বতেদি আহি অসমত প্ৰৱেশ কৰিছিল৷ আহোঁতে তেওঁ লগত আনিছিল পূর্বৰ সমাজৰ বুৰঞ্জী লিখা সম্প্রদায়ৰ কেইজনমান বাইলুংলোকৰ নির্দেশত অসমত বুৰঞ্জী লিখাৰ প্ৰথা গঢ় লৈ উঠিছিল। বেজবৰুৱা ডাঙৰীয়াই সেয়েহে আহোমসকলৰ এই গুণটোক যথাযোগ্য সন্মান প্রদর্শন কৰিছে। তেওঁ কৈছে তেওঁলোকৰ বুৰঞ্জী সম্পর্কে থকা Sense বংশ আৰ জন্মগত। তেওঁলোক অনা আহোমসকলৰ শিক্ষাগুৰু। জ্ঞানে অসমৰ আন আন লোকক বুৰঞ্জীৰ জ্ঞান দান কৰিছে। বুৰঞ্জীৰ পিতৃ হিচাপে আহোমসকলক বেজবৰুৱাদেৱে গণ্য কৰিছে।
    আহোমসকলৰ এই মহত্বৰ আঁৰত লুকাই থকা ঐতিহাসিক চিন্তা-চৰ্চাৰ বিকাশে সেই সময়ৰ অসমৰ বিভিন্ন ৰাজফৈদ বা বংশক অনুপ্রাণিত কৰিছিল। যদিও বুৰঞ্জী ৰচনাৰ নামত ভালেমান জাহি-জাৱৰৰ দ'মৰহে সৃষ্টি হৈছিল বুলি লিখকে স্বীকাৰ কৰিছে। কিয়নো তেতিয়াৰ অসমৰ বিভিন্ন নামজ্বলা ফৈদ বা বংশৰ মুখীয়ালসকলৰ মাজত নিজ নিজ বংশৰ বুৰঞ্জী একোখন লিখি ঘৰতে ৰাখি থৈ গর্ববোধ কৰাৰ এৰ পৰম্পৰা আছিল। ফলত সেইবোৰ বুৰঞ্জী প্রকৃতার্থত সত্যুৰ আধাৰত সৃষ্টি হৈছিল বুলি ক'ব নোৱাৰি বৰং প্রত্যেকে নিজকে 'A lion is painting himself' ৰ দৰে চিহ্নিত কৰিছিল বা কৰোৱা হৈছিল। সমাজক প্ৰভাৱিত কৰা কিছুমান ঘটনাৰ বাহিৰে বেছিভাগতে স্বদেশ-স্বজনৰ জয় জয়কাৰ আৰু যাক ভাল নাযায় তাক কলমেৰে কালিমা সনা হৈছিল। তাৰ ফল আছিল মাৰাত্মক। সমাজত হিংসা-অৰাজকতাৰ বৃদ্ধি হৈছিল। কীর্তিচন্দ্র বৰুৱাই এনেবোৰ কাৰণতে ভালেমান বুৰঞ্জী জ্বলাই দিছিল। মুঠতে লেখক বেজবৰুৱা ডাঙৰীয়াই আহোমসকলৰ বুৰঞ্জী চিন্তাক সন্মন জনালেও তাৰ বিৰূপ পৰিণতিৰ কথাহে পাঠটোত দাঙি ধৰিবলৈ প্রয়াস কৰিছে। অনেকে বুৰঞ্জী লেখিবলৈ গৈ অজ্ঞাতসাৰে অসত্য কথাকো লিপিবদ্ধ কৰে, কাৰণ তেওঁৰ Angle of vision অর্থাৎ চকুত যি পৰে বা আনৰ ৰা যি শুনে, তাকে তেওঁ লেখে। তেওঁ মিছলীয়া নহ'লেও সৰবজান নহয়। কণাই হাতী দেখা সাধুটোৰ উৎপত্তিও এই বাবেই। বিদেশী ভাৰত-বুৰঞ্জী লেখকৰ চকুৰে চাই হিন্দুৱে কোনো কোনো মুছলমান নবাব বাদছাহৰ বিষয়ে এনে বিভীষণ ধাৰণা কৰি লৈছে, দেখিলে দুখ লাগে। উদাহৰণস্বৰূপে, বঙ্গৰ নবাব ছিৰাজ-উদ্দৌলা আৰু দিল্লীৰ সম্রাট ঔৰংজেৱ। আজিকালি অনেক আচল সত্যৰ ফালে চকু মুকলি হৈছে যদিও আৰু অনেক বাকী।

4. শব্দার্থঃ-
বুৰঞ্জী- নজনা কথা জনাৰ ভঁৰাল (টাই ভাষাৰ শব্দ)
কল্পতৰ- স্বৰ্গৰ এজোপা গছ।
বেদান্ত- বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম
ভৱনদী- সংসাৰ।
ইতিহাস- পুৰণি কথা, নজনা কথাৰ ভঁৰাল।
দকচি- অতিপাতকৈ।


Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese.

Previous
Next Post »