-->

Class 12 Adv Assamese Chapter 8 Madhavdev মাধৱদেৱ

মাধৱদেৱ 
-লক্ষ্মীধৰ শৰ্মা

Class 12 Advanced Assamese, Chapter 8 মাধৱদেৱ -লক্ষ্মীধৰ শৰ্মা। Madhavdev by Lashmidhar Sharma ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "মাধৱদেৱ"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযগ কৰিব পাৰিব।



1. লক্ষ্মীধৰ শৰ্মাৰ দুখন গল্প পুথিৰ নাম লিখা। HS-2014, 2018
উত্তৰঃ- (ক) ব্যর্থতাৰ দান আৰু (খ) অনাগতৰ অভিশাপ।

2. লক্ষ্মীধৰ শৰ্মাই কেতিয়া আৰু ক'ত জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ- লক্ষ্মীধৰ শৰ্মাই ১৮৯৭ চনত শোণিতপুৰ জিলাত জন্ম গ্রহণ কৰিছিল।

3. লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম লিখা।
উত্তৰঃ- নির্মলা।

4. লক্ষ্মীধৰ শৰ্মা কেনে ধৰণৰ লিখক আছিল?
উত্তৰঃ- লক্ষ্মীধৰ শৰ্মা প্রগতিশীল লিখক আছিল।

5. লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ- জীৱন-স্মৃতি।

6. 'ধর্মগ্লানি' মানে কি?
উত্তৰঃ- মানুহে যেতিয়া নিজে উন্নতিৰ কাৰণে প্রস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে, তেনে অৱস্থাক 'ধর্মগ্লানি' বোলে।

7. মানৱ মনৰ ক্ৰমবিকাশ কেনেকৈ হয়?
উত্তৰঃ- মানৱ মনৰ ক্ৰমবিকাশ ক্ষুদ্ৰৰপৰা বৃহত্তৰলৈ, অজানৰ পৰা জ্ঞানলৈ হয়। মানৱ মনৰ এই বিৰাট অভিযানেই মানুহক অন্য প্ৰাণীৰ শৰীৰৰ পৰা ক্ৰমে আঁতৰ কৰি আনিছে। এই উন্নতিৰ মূলতে হৈছে মানুহৰ মনৰ উন্নতিৰ ফালে এটি স্বাভাৱিক প্রবৃত্তি।

8. শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পার্থক্য থকা বুলি লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে, বুজাই লিখা।  HS-2013
উত্তৰঃ- লেখকৰ মতে মাধৱদেৱৰ ধী-শক্তি আৰু প্রতিভা এটাও মহাপুৰুষ শংকৰদেৱতকৈ কম নাছিল। কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে মত অমিল আছিল।
মুক্তি দুয়োজন ব্যক্তিয়েই বিচাৰিছিল যদিও শংকৰদেৱে সেই মুক্তি যাত্ৰাত জীৱনৰ অন্যান্য আনুষঙ্গিক কার্য বিলাকক বাদ দিয়া নাছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয়, সেইটো তেওঁ চেষ্টা কৰিছিল। তেওঁৰ আদর্শ আছিল মানৱ সমাজৰ সর্বাঙ্গীণ উন্নতি সাধন কৰা।
    কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ ত্যাগ কৰি যি প্রকৃত সত্য বস্তু, যাৰ গইনা লৈ আত্মাক মুক্তি দিব পাৰি, সেই সাৰ পদাৰ্থৰ একাণপতীয়াকৈ সেৱা কৰা।
    শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ আছিল। এয়ে দুয়োৰে মাজত পার্থক্য। মাধৱদেৱৰ প্রত্যেক কার্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছাস প্রতিফলিত হৈছিল। তেওঁ যি সত্যক উপলব্ধি কৰিছিল তাকেই তেওঁ জীৱনত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল।

9. মাধৱদেৱে অসমীয়া জাতীয় জীৱনলৈ কেনে ধৰণে বৰঙণি আগবঢ়াইছিল, পাঠৰ আধাৰত চমুকৈ বর্ণনা কৰা।  HS-2019
(নাইবা) 'মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে' - কথাষাৰৰ তাৎপর্য বিশ্লেষণ কৰা। HS-2012, 2014, 2015, 2016, 2018

উত্তৰঃ- লেখকৰ মতে মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। অসমীয়া ভাষাক মাধৱদেৱে সবল, সতেজ আৰু দীপ্তিপূর্ণ কৰি গ'ল। মহাপুৰুষ শংকৰদেৱৰ সোঁহাতস্বৰূপ হৈ শংকৰদেৱৰ ভাৰখন যদি মাধৱদেৱে নিজৰ কান্ধত তুলি নলহেঁতেন তেতিয়া শংকৰদেৱৰ কার্য অপূর্ণ থালিহেঁতেন। মাধৱদেৱে ধৰ্মৰ দিশটোৰ লগতে অসমীয়া ভাষাটোকো উন্নতিৰ দিশত অৱদান দি থৈ গ'ল। সাহিত্য নথকাহেঁতেনে অসমীয়া ভাষা বুলি পৃথক ভাষাই নাথাকিলেহেঁতেন।
      ব্যক্তিগত আৰু জাতীয় জীৱনৰ একো একোটা অৱস্থা আহে, যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্রস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে। এই অৱস্থাকে গীতাত ধর্মগ্লানি বোলা হৈছে।
      এনে সময়তে একো একজন মহাপুৰুষৰ আগমন হয় যি এই অস্বাভাৱিক অৱস্থা দূৰ কৰি মানুহক আকৌ সত্য সনাতন পথত অগ্ৰসৰ হ'বলৈ শিকায়। অসমতো তেনে এক সন্ধিক্ষণত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল। মহাপুৰুষ শংকৰদেৱে সমাজত দেখা দিয়া অধৰ্মৰ প্ৰভাৱ নাশ কৰি মানুহক এক সনাতন পথৰ সন্ধান দি অসমীয়া জাতি গঢ়িছিল। এই কার্যত মাধৱদেৱৰ সহযোগ নাথাকিলে সেই মহান কার্য অসম্পূর্ণ হৈ থাকিলহেঁতেন| এই কার্যত মাধৱদেৱে ধর্মীয় দিশৰ উপৰিও অসমীয়া ভাষা আৰু সাহিত্য সংস্কৃতিলৈয়ো বহু অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰালো টনকিয়াল কৰি গৈছে। সেয়েহে 'মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে। মাধৱদেৱে অসমীয়া জাতীয় জীৱনলৈ দি থৈ যোৱা বহুমূলীয়া অৱদানৰ বাবে অসমীয়া জাতীয়ে সদায় তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব।

10. ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত পার্থক্য কি?
উত্তৰঃ- ইউৰোপীয় নৱযুগত কেৱল ধৰ্মৰ পথত স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল, জীৱনৰ সকলো বিষয়কে কেন্দ্র কৰি এক বিৰাট ভাৱৰ জাগৰণ হৈছিল। জীৱনৰ পূৰ্ণতাৰ প্রতি মনৰ হাবিয়াস হৈছিল।
    আনহাতে, ভাৰতৰ নৱযুগ বা বৈষৱ ধৰ্মৰ অভ্যুত্থান প্রধানকৈ ধৰ্মৰাজ্যৰ মানৱাত্মাৰ মুক্তিৰ দিশটোতে প্রায় আৱদ্ধ আছিল।

11. চমুটোকা লিখা : লক্ষ্মীধৰ শৰ্মা  HS-2012, 2017
উত্তৰঃ- ১৮৯৭ চনত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ভীৰ গাঁৱত লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল। সৰুৰে পৰা শিক্ষাৰ প্রতি ধাউতি থকা লক্ষ্মীধৰ শৰ্মাই ১৯১৬ চনত গুৱাহাটীৰ কটন কলেজিয়েট পৰা প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছিল। ১৯২৪ চনত তেওঁ ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ত কলিকতাৰ পৰা প্ৰথম শ্ৰেণীৰ প্রথম স্থান পায়। একে সময়তে বি. এল. পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰে। দেশপ্রাণ শর্মা স্বাধীনতা সংগ্রামী আৰু প্রগতিশীল লেখক আছিল। তেওঁৰ ৰচিত গ্রন্থসমূহ হ'ল- ব্যর্থতাৰ দান, অনাগতৰ অভিশাপ (গল্প) নির্মলা (নাটক) জীৱন স্মৃতি (আত্মজীৱনীমূলক) আদি উল্লেখযোগ্য। শৰ্মাই আৱাহন, অসম হিতৈষী আদি কাকত-আলোচনীত গল্প, প্ৰৱন্ধ, নাটক, আদি লিখি অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে। ১৯৩৪ চনত তেওঁৰ মৃত্যু হয়।

12. শব্দার্থঃ-
উদ্দীপনাঃ— মনত আশাৰ ভাৱ জগাই দিয়া কার্য। HS-2019
ধী-শক্তিঃ-  বুদ্ধি বা মেধাৰ ক্ষমতা।  HS-2015
ইতিহাসঃ- পুৰণি কথা, বুৰঞ্জী
অপূৰ্বঃ- আগেয়ে নোহোৱা
অভিয়ানঃ- যুদ্ধযাত্ৰা

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese

Previous
Next Post »