-->

Class 12 Advanced Assamese-Upanyash aru chutigalpar parichay

 উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Upanyash aru chutigalpar parichay

Class 12 Advanced Assamese উপন্যাস আৰু চুটিগল্পৰ পৰিচয়। Upanyash aru chutigalpar parichay. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "উপন্যাস আৰু চুটিগল্পৰ পৰিচয়"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযগ কৰিব পাৰিব।

1. ৰহদৈ লিগিৰী উপন্যাসখনৰ ৰচক কোন?   HS-2019
উত্তৰঃ- ৰজনীকান্ত বৰদলৈ।

2. জোনাকী কাকতৰ প্রথম প্রকাশ কিমান চনত হৈছিল?  HS-2012
উত্তৰঃ- ১৮৮৯ চনত।

3. 'বাজীকৰ' গল্প পুথিখন কোনে ৰচনা কৰিছিল?    HS-2015, 2018
উত্তৰঃ- শৰৎচন্দ্র গোস্বামী।

4. জোনাকী কাকতৰ প্রথম প্রকাশ কিমান চনত হৈছিল?    HS-2012
উত্তৰঃ- ১৮৮৯ চনত।

5. 'বাজীকৰ' গল্প পুথিখন কোনে ৰচনা কৰিছিল?    HS-2015, 2018
উত্তৰঃ- শৰৎচন্দ্র গোস্বামী।

6. অসমীয়া চুটি গল্পৰ জনক কোন?   HS-2012
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱা।

7. অসমীয়া সাহিত্যৰ প্রথম উপন্যাসখনৰ নাম কি? এই উপন্যাসৰ ৰচক কোন?    HS-2014
উত্তৰঃ- ভানুমতী।
এই উপন্যাসৰ ৰচক হ'ল—পদ্মনাথ গোহাঞি বৰুৱা।

8. 'লাহৰী' উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱা।

9. হোমেন বৰগোহাঞিওয়ে ৰচনা কৰা এখন গল্প পুথিৰ নাম লিখা।
উত্তৰঃ- বিভিন্ন কোৰাচ।

10. 'জোনাকী' কাকতৰ প্রথম সম্পাদক কোন আছিল?  HS-2011, 2019
উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা।

11. ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস দুখনৰ নাম লিখা।    HS-2015
উত্তৰঃ- (১) মিৰিজীয়ৰী আৰু (২) নির্মল ভকত।

0-0-0- 178-2

12. পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ- ভানুমতী।

13. 'ত্রৈলোক্যনাথ গোস্বামী'ৰ এখন গল্প পুথিৰ নাম লিখা।    HS-2018
উত্তৰঃ- অৰুনা, মৰীচিকা।

14. দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ?    HS-2015
উ : দণ্ডিনাথ কলিতা মুখ্যত ঔপন্যাসিক।

15. 'ব্যর্থতাৰ দান' কাৰ ৰচনা?
উত্তৰঃ- লক্ষ্মীধৰ শৰ্মাৰ ৰচনা।

16. অ, ভা, উ. সা. সভা কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ- ১৮৮৮ চনত স্থাপিত হৈছিল।

17. 'পদুম কুঁৱৰীৰ ৰচক কোন?   HS-2012/14/16
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱা।

18. 'সাতসৰী' গল্প পুথিৰ লেখক কোন?   HS-2012
উত্তৰঃ- ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।

19. : 'অপূর্ণ' কোন শ্রেণীৰ ৰচনা?   HS-2012, 2015
উত্তৰঃ- 'অপূর্ণ' দৈৱচন্দ্র তালুকদাৰৰ এখন ৰাজনৈতিক উপন্যাস।

20. 'মনোমতী'কাৰ ৰচনা?  HS-2012
উত্তৰঃ- ৰজনীকান্ত বৰদলৈ।

21. 'সাধনা' গ্রন্থৰ ৰচক কোন?    HS-2013
উত্তৰঃ- দণ্ডিনাথ কলিতা।

22. 'আৱাহন' কাকত প্রথম প্রকাশ কিমান চনত হৈছিল?     HS-2013
উত্তৰঃ- ১৯২৯ চনত।   

23. 'ইন্দ্ৰমালতী' কথাছবিৰ নির্মাতা কোন?
উত্তৰঃ- জ্যোতিপ্রসাদ আগৰৱালা।

24. শৰৎ চন্দ্র গোস্বামীৰ এখন চুটিগল্পৰ পুথিৰ নাম লিখা।        HS-2014, 2016, 2017
উত্তৰঃ- বাজীকৰ।

25. অপূর্ণ চুটিগল্প নে উপন্যাসৰ পুথি?   HS-2016
উত্তৰঃ- অপূর্ণ উপন্যাসৰ পুথি।

26. দন্দুৱাদ্রোহ উপন্যাসৰ ৰচক কোন?   HS-2016
উত্তৰঃ- ৰজনীকান্ত বৰদলৈ।

27. নির্মল ভকত উপন্যাসখন কোনে লিখিছিল?   HS-2017
উত্তৰঃ- ৰজনীকান্ত বৰদলৈ।

28. ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা ৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ- মিৰিজীয়ৰী

29. 'অপূর্ণ' উপন্যাসৰ ৰচক কোন?   HS- 2014, 2016, 2017, 2018
উত্তৰঃ— দৈৱচন্দ্র তালুকদাৰ।

30. 'জোনাকী' কাকতৰ প্ৰথম বছৰ প্রথম সংখ্যাত প্রকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম কি?
উত্তৰঃ- বনকুঁৱৰী।

31. অসমীয়া চুটিগল্পৰ জনক কোন? তেওঁৰ চুটিগল্প বিষয়ে আলোচনা কৰা।   HS-2012, 2017, 2018
উত্তৰঃ- অসমীয়া চুটিগল্পৰ জনক হ'ল— অসমীয়া সাহিত্যত ৰসৰাজ উপাধিৰে বিভূষিত লক্ষ্মীনাথ বেজবৰুৱা। দেশপ্রেমত উদ্ধৃদ্ধ বেজবৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰাই নহয় অসমীয়া সমাজত থকা কুসংস্কাৰ নিকা কৰি অসমীয়াজাতিৰ অন্তৰত চেতনাৰ বীজ ৰোপণ কৰিলে। লক্ষ্মীনাথ বেজবৰুৱাই একেধাৰে কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ, দি থৈ যোৱা অৱদানে অসমীয়া ভাষা আৰু সাহিত্যক এখোপ আগুৱাই নিলে।
    অসমীয়া সাহিত্যত প্রথম চুটি গল্প ৰচোঁতা হ'ল- লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী কাকতত চুটিগল্প লিখা আৰম্ভ কৰে। 'সুৰভি', 'জোনবিৰি', 'সাধুকথাৰ কুকি' আৰু 'কেহোঁকলি'- এই কেইখন তেওঁৰ চুটিগল্পৰ পুথি। বেজবৰুৱাই তেওঁৰ গল্পৰ মাজেৰে সেইসময়ৰ অসমীয়া সমাজখনৰ অৱক্ষয়ৰ সকলো দিশ সুন্দৰকৈ ফুটাই তুলিছে। তেওঁ ৰচিত চুটিগল্পবোৰ হ'ল– মুক্তি, মিলাৰামৰ আত্মজীৱনী, পাতমুগী আদি। তেওঁ সেইসময়ত অসমীয়া সমাজত থকা অহংকাৰ, নীচ, ভণ্ডামি আদিৰ পৰা সমাজখনক গল্পৰ দ্বাৰা মুক্ত কৰিব বিচাৰিছিল। তেওঁৰ একমাত্র উপন্যাসখন হ'ল- 'পদুম কুঁৱৰী'। বেজবৰুৱাদেৱে দুই ধৰণৰ নাটক লিখিছিল। এবিধ হাস্য-ৰসাত্মক আৰু আনবিধ বুৰঞ্জীমূলক। 'লিতিকাই', 'নোমল', 'পাচনি' আৰু 'চিকৰপতি-নিকৰপতি', হাস্য ৰসাত্মক আৰু 'জয়মতী কুঁৱৰী', 'বেলিমাৰ' আৰু 'চক্ৰধ্বজ সিংহ' বুৰঞ্জীমূলক নাটক। হাস্য ৰসাত্মক নাটকবোৰৰ মূল উদ্দেশ্য আছিল মানুহক কেৱল আমোদ দিয়া। কিন্তু বুৰঞ্জীমূলক নাটকবোৰৰ উদ্দেশ্য আছিল গভীৰ। তেওঁৰ ৰচিত উপন্যাসৰ ভাষাৰ সৰলতা, পৰিৱেশ, পৰিস্থিতিৰ নিখুঁত বর্ণনাই আৰু আকর্ষণীয় কৰি তুলিছে। বেজবৰুৱাদেৱৰ সাধুকথা আৰু গল্পৰ মাজত বিশেষ পার্থক্য নাছিল বুলিয়েই ক'ব পাৰি। হাস্য ব্যাগৰ প্রাধান্যতাও বেজবৰুৱাৰ গল্পত দেখা যায়। সমাজৰ দোষ-ত্রুটি বেজবৰুৱাদেৱৰ গল্পৰ মাজত প্রকাশ পায়। গ্রাম্য জীৱনৰ অশিক্ষিত, সহজ-সৰল, খেতিয়কৰ চিত্ৰও তেওঁ সুন্দৰকৈ উপস্থাপন কৰিছে।

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese

Previous
Next Post »