-->

Class 12 Adv Assamese-Bohag Bihur parampara

বহাগ বিহুৰ পৰম্পৰা
-ড° প্রফুল্ল দত্ত গোস্বামী


Class 12 Advanced Assamese, Chapter 9 বহাগ বিহুৰ পৰম্পৰা-ড° প্রফুল্ল দত্ত গোস্বামী। Bohag Bihur parampara by Dr. Prafullya Dutta Goswami ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "বহাগ বিহুৰ পৰম্পৰা"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
 
1.  "বিলাতী হোজা" গ্ৰন্থখনৰ লেখক কোন?   HS-2019
উত্তৰঃ- ড° প্রফুল্ল দত্ত গোস্বামী

2. 'অসমীয়া জনসাহিত্য' নামৰ গ্ৰন্থখনৰ ৰচক কোন?   HS-2018
উত্তৰঃ-ড° প্রফুল্ল দত্ত গোস্বামী

3. ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন ইংৰাজ গ্রন্থৰ নাম লিখা।
উত্তৰঃ- (1) Folk Literature of Assam আৰু
(2) Bihu Songs of Assam.

4. ড° প্রফুল্ল দত্ত গোস্বামীয়ে কেতিয়া আৰু ক'ত জন্ম গ্ৰহণ কৰিছিল? HS-2013
উত্তৰঃ- ১৯১৯ চনৰ ১৮ মার্চত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত জন্ম গ্রহণ কৰিছিল।

5. ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ– (১) অসমীয়া জন সাহিত্য আৰু (২) সাহিত্য আৰু জীৱন।

6. 'বহাগ বিহুৰ পৰম্পৰা' প্ৰৱন্ধটিৰ লিখক কোন?
উত্তৰঃ- ড° প্রফুল্ল দত্ত গোস্বামী।

7. কোনখন উপন্যাসত প্ৰথমবাৰৰ বাবে বিহুনাচ আৰু বিহুগীতৰ বহুল বর্ণনা পোৱা যায়?   HS-2012
উত্তৰঃ- ৰজনীকান্ত বৰদলৈৰ মিৰি জীৱৰী উপন্যাসত প্ৰথমবাৰৰ বাবে বিহুগীতৰ বহুল বর্ণনা পোৱা যায়।

8. 'বিহু এক ধর্মীয় অনুষ্ঠান'— বিহুক ধর্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।   HS-2012
(নাইবা) অসমত বিযুৱ সংক্রান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপর্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায় নে, আলোচনা কৰা। HS-2016, 2018

উত্তৰঃ- বিহু কেৱল অসমতে নহয় ভাৰতৰ অন্যান্য অঞ্চলতো ইয়াক বেলেগ বেলেগ নামেৰে পালন কৰা হয়। অসমত বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপর্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত বিভিন্নৰূপত পালন হোৱা দেখা যায়। যেনে— দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক 'বিষু' বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো 'বিষু উৎসৱ' (মেলা) বুলি এক উৎসৱৰ প্রচলন আছে। মধ্য প্রদেশৰ ওৰাওঁসকলে গ্রীষ্ম কালত 'বিষু চিকাৰ'ৰ ব্যৱস্থা কৰে— ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। কিছুমান অঞ্চলত 'বিষু' নুবুলি 'বৈশাখী' বোলা হয়।

9. চমুটোকা লিখাঃ
(ক) মিৰি জীয়ৰী   HS-2014, 2018

    মিৰিজীয়ৰী 'উপন্যাস সম্রাট' ৰজনীকান্ত বৰদলৈৰ দ্বাৰা মিচিং সমাজৰ আধাৰত ৰচিত প্রখ্যাত উপন্যাস। এইখন উপন্যাসত জংকী আৰু পানৈৰ প্রেম
কাহিনী সুন্দৰকৈ উপস্থাপন কৰিছে। ইয়াত মিচিংসকলৰ মাজত প্রচলিত বিহু নৃত্য আৰু গীতৰ বহুল বিৱৰণী পোৱা যায়।

9. (খ) বলীনাৰায়ণ বৰা   HS-2019
    উত্তৰ গুৱাহাটীত জন্ম হোৱা, দত্তনাৰায়ণ বৰাৰ পুত্র বলীনাৰায়ণ বৰাই ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। ১৮৭১ চনত এফ এ পৰীক্ষাত কৃতকার্যতা লাভ কৰাৰ এবছৰ পিছত গীলক্রাইষ্ট বৃত্তি লৈ তেওঁ বিলাতলৈ যায়। ইং ১৮৭৭ চনত কুপাৰ হিল্‌ছ কলেজৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ উপাধি লাভ কৰি ঘৰলৈ ৰাওনা হয়। নগাঁও, শিৱসাগৰ আৰু বংগদেশৰো নানা ঠাইত সুখ্যাতিৰে কার্যনির্বাহ কৰি ১৯০৭ চনত অধীক্ষক অভিযন্তাৰূপে তেওঁ অৱসৰ লয়। নগাঁৱত চাকৰি কৰা কালত ইং ১৮৮৬ চনৰ ডিচেম্বৰ মাহত 'মৌ' নামেৰে কাকত এখন উলিয়াইছিল। চাৰিটা সংখ্যা উলিয়ালে বেজবৰুৱা প্ৰমুখ্যে এচাম কলিকতা প্রবাসী ছাত্ৰৰ বিৰোধিতাৰ বাবে কাকতখনি বন্ধ কৰিবলৈ বাধ্য হয়। তেওঁ ইংৰাজীত ৰচিত গ্রন্থৰ ভিতৰত 'A Geography of India' 'ভাৰতবৰ্ষৰ বুৰঞ্জী', 'অসমীয়া প্রবচন' আদি উল্লেখযোগ্য।

9. (গ) আসাম বন্ধ   HS-2012, 2014, 2016
উত্তৰঃ- 'অৰুনোদই' কাকত প্রকাশৰ প্ৰায় দুকুৰি বছৰ পিছত ১৮৮৫ চনত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত 'আসাম বন্ধ' নামৰ মাহেকীয়া আলোচনীখন কলিকতাৰ পৰা প্রকাশ পায়। ইং ১৮৯৪ চনলৈ চলা এই আলোচনীখনত বা-বাতৰিৰ উপৰি অসমৰ সাহিত্য, বুৰঞ্জী তথা সমাজৰ নৈতিকতা সম্পর্কে নানা কথাই স্থান পায়।

9. (ঘ) বাঁহী     HS-2013, 2015, 2017, 2018
    ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত 'বাঁহী' নামৰ আলোচনীখন কলিকতাৰ পৰা প্রকাশ পায়। দশম বছৰে পৰা 'বাঁহী' চন্দ্ৰকমল বেজবৰুৱাৰ দ্বাৰা পোনতে ডিব্ৰুগড় আৰু পিছত গুৱাহাটীৰ পৰা ওলায়। ১৯১৭ চনত বাঁহীত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল ''বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেইদেখি বিহুক লোকে হাঁহে, বেয়া পায়।"

9. (ঙ) বিষ্ণুপুৰাণ   HS-2012, 2018
উত্তৰঃ- বিষ্ণুপুৰাণ হৈছে বৈষ্ণৱ সম্প্রদায়ৰ এখন প্রধান গ্রন্থ। ৰামানুচার্যই তেওঁৰ বেদান্ত সূত্ৰৰ টীকাত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। পুৰাণখনিৰ বিষয়বস্তুৰ ধাৰাবাহিকতাই প্রমাণ কৰে যে ই এখন প্রাচীন পুৰাণ আৰু ইয়াৰ মূল ৰূপটি আজিলৈকে অপৰিৱর্তিত হে আছে। পুৰাণৰ পঞ্চলক্ষণ ইয়াত বর্তমান। বৈষ্ণৱসকলৰ গ্ৰামাণ্য গ্রন্থ হ'লেও ইয়াত বিষ্ণুৰ উদ্দেশ্যে কোনো যাগ-যজ্ঞানুষ্ঠানৰ কথা লিপিবদ্ধ হোৱা নাই।

9. (চ) হলিৰাম ঢেকিয়াল ফুকন   HS-2019
    হলিৰাম ফুকনৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম কামেশ্বৰী আছিল। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্রকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। ইং ১৮২৫ খ্রীষ্টাব্দত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰী চিৰস্তাদাৰ পদত নিযুক্ত হোৱাৰ পিছত হোৱাইট চাহাবৰ সৈতে মতানৈক্য ঘটাত সেই পদ এৰি দি ১৮৩২ চনত গুৱাহাটীত এছিষ্টেণ্ট মেজিষ্ট্রেট পদত নিযুক্ত হয়। ১৮২৯ চনত তেওঁ বঙলা ভাষাত 'আসাম বুৰঞ্জী' ৰচনা কৰে। ১৮৩২ চনত 'তীর্থ যাত্রা পদ্ধতি' নামেৰে সংস্কৃতত লিখা পুথি এখনো প্রকাশ পায়। বঙলা 'সমাচাৰ দৰ্পণ', 'সমাচাৰ চন্দ্রিকা', প্রভৃতিত তেওঁৰ কেইবাটাও উল্লেখযোগা প্রবন্ধ প্রকাশ পোৱাটো উল্লেখযোগ্য।

10. বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি, তোমাৰ পাঠ্য প্ৰৱন্ধৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ- 'বহাগ বিহু পৰম্পৰা' নামৰ প্ৰৱন্ধটোত প্ৰৱন্ধকাৰ ড° প্রফুল্ল দত্ত গোস্বামীয়ে বিহুক জাতীয় উৎসৱ হিচাপে প্রতিপন্ন কৰিছে। বিহুক জাতীয় উৎসৱ বুলি কোৱাৰ বহুতো কাৰণ আছে।
    পণ্ডিতসকলে ঠাৱৰ কৰিছে যে বিহু শব্দৰ উৎপত্তি সংস্কৃত বিষুৱণ শব্দৰ পৰা হৈছে। অথর্ববেদ আৰু ঐতৰেয় ব্রাহ্মণ আদি পুৰণি শাস্ত্ৰত পায় যে বিষুৱণ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্রণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। অর্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনৰ যাগ-যজ্ঞৰ আয়োজন।
    বিহু উৎসৱত অৱশ্যে কেইবাটাও উপাদান লগ লাগিছে। ইয়াত এহাতে আর্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে, আনহাতে অনার্য অথবা প্রাক্‌-আর্য প্রাচীন উর্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে। স্ত্রী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতো পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ এক প্রাচীন ব্যৱস্থা, বিশেষকৈ কৃষি অৱলম্বন কৰা লোকৰ মাজত। পুৰণি অসমীয়া পুথিত কেতিয়াবা ক'ৰবাত বিষুৱ আৰু বিহু শব্দটোৰ উল্লেখ পায়, কিন্তু উৎসৱ হিচাপে তাৰ বৰ্ণনা ক'তো পাবলৈ নাই। এই ক্ষেত্ৰত সম্ভৱতঃ সপ্তদশ শতিকাত এজন মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বর্ণনাই প্রথম বর্ণনা।
    বিহু হৈছে কৃষিমুখী উৎসৱ। এই কৃষিভিত্তিক উৎসৱটো কালক্ৰমত বিভিন্ন সংস্কৃতিৰ সংস্পর্শত অসমৰ জাতীয় উৎসৱ হৈ পৰিল। কৃষি উৎসৱৰ লগত জড়িত গৰু বিহু বিহুৱান দিয়া, সেৱা সত্‍কাৰ কৰা, নাম-কীৰ্তন কৰা আদি সামাজিক পৰম্পৰাত পৰিণত হৈছে।
    বিহু উৎসৱত অসমীয়া লোকে ঘৰ-বাৰী পৰিস্কাৰ কৰা, কাপোৰ-কানি ধোৱা, গৰুৰ যতন লোৱা আদি কাম কৰা দেখা যায়। এইবোৰ কাৰ্যৰ লগত ধর্মীয় সম্পর্ক আছে যদিও সময়ৰ পৰিৱর্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈ বিহু ধর্মীয় উৎসৱৰ পৰিৱর্তে সাংস্কৃতিক উৎৱত পৰিণত হৈছে। বর্তমান শিক্ষিত মধ্যবিত্ত লোকৰ বিহু সম্পর্কীয় ধাৰণা সলনি হ'ল। বর্তমান বহাগ বিহু উৎসৱৰ যোগেদি সকলো অসমীয়াই একগোট হোৱাৰ সুযোগ লাভ কৰিছে। লিখক ড° প্রফুল্ল দত্ত গোস্বামীৰ মতে ই বিভিন্ন খেলৰ বিভিন্ন লোকৰ মিলনৰ ক্ষেত্র হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্রতীক হৈ পৰিছে।
    'অতিকৈ চেনেহৰ বহাগৰ বিহু' হৈ পৰিল জাতীয়তাৰ সঁজুলি। বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়, ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্রতীকস্বৰূপ। আনহাতে বর্তমান সময়ত ই বিভিন্ন খেলৰ, বিভিন্ন ভাষাৰ লোকৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্রতীক হৈ পৰিল।

11. বিহুৰ উৎপত্তি আৰু বিহুনৃত্য সম্বন্ধে বিভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ- বহাগ বিহুৰ পৰম্পৰা প্রাচীন। বিহু আৰু বিহু নৃত্য উৎপত্তি কেতিয়া, ক'ত, কেনেদৰে হৈছিল তাক সঠিককৈ ক'ব নোৱাৰি। বিহুৰ উৎপত্তিৰ ওপৰত বিভিন্ন পণ্ডিতে বিভিন্ন সময়ত বিভিন্ন মত আগবঢ়াইছে|
    কিছুমান পণ্ডিতে ঠাৱৰ কৰিছে যে বিহুৰ উৎপত্তি সংস্কৃত 'বিষুৱণ' শব্দৰ পৰা আহিছে। 'অথর্ববেদ' আৰু 'ঐতৰেয় ব্রাহ্মণ' আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে সেই সময়ত 'বিষুৱণ' আছিল যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞই সূর্যৰ গতি নিয়ন্ত্রণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। অর্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনত যাগ-যজ্ঞৰ আয়োজন কৰা হৈছিল।
    বিষুৱ সংক্রান্তিৰ দিনা পালন কৰা উৎসৱৰ পৰাও বিহুৰ উৎপত্তি হোৱা বুলি ভবাৰ থল আছে। প্রাচীন অসমত বিষুৱ সংক্রান্তিৰ দিনত ৰজাসকলে ব্রাহ্মণক ভূমিদান কৰিছিল। বিষুৱ সংক্রান্তিৰ সময়ত পালন কৰা এনে মাংগলিক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূৱ চুকৰ অসমতে হৈছিল এনে নহয়, ভাৰতৰ অন্যান্য অঞ্চলতো লোপ পোৱা নাছিল।
    দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক 'বিষ্ণু' বোলে। সেই দৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো বিষু বুলি উৎসৱ মেলাৰ প্রচলন আছে। তেনেদৰে মধ্য প্রদেশৰ ওৰাওঁসকলে গ্রীষ্ম কালত 'বিষু চিকাৰ'ৰ ব্যৱস্থা কৰে- মাঘ বিহুৰ সময়ত অসমৰ মানুহে যেনেকৈ সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। ইয়াক কিছুমান অঞ্চলত বিষুৰ পৰিৱর্তে 'বৈশাখী' বোলা হয়।
    মুঠতে বিহু উৎসৱটো কেতিয়া ক'ত কেনেদৰে উৎপত্তি হৈছিল তাৰ সঠিক তথ্য আজিলৈ উদ্ধাৰ হোৱা নাই যদিও ই যে পোনতে এক কৃষি উৎসৱ আছিল তাত অৱশ্যে কাৰো সন্দেহ নাই। কালক্ৰমত এই কৃষি উৎসৱটোত আৰ্য আৰু অনার্যৰ উপাদান লগলাগি এক জাতীয় সাংস্কৃতিক উৎসৱত পৰিণত হয়।
    বিহু নৃত্য সম্পর্কেও এইখিনি জনা যায় যে কৃষি বৃত্তি অৱলম্বন কৰা লোকৰ মাজত স্ত্রী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতে পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ এক প্রাচীন ব্যৱস্থা আছিল। সম্ভৱতঃ সপ্তদশ শতিকাত এজন মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বর্ণনাই প্রথম বর্ণনা। এই ভ্রমণকাৰীজনে 'নওৰোজ' বা নৱবর্যত অসমৰ ৰাজধানীত পুৰুষ-স্ত্রী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং-ধেমালি কৰিছিল তাৰ বর্ণনা দিছে। ঢোল, পেঁপা, টকা আদি বাদ্যযন্ত্রৰ উল্লেখ এওঁ কৰিছে। এওঁ আকৌ কৈছে যে ডেকা-গাভৰু মনৰ আদান-প্রদানো এই সময়ত হয়। সম্ভৱ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি বিহুক এটি জাতীয় গঢ় দিয়াত সহায় কৰিলে। অর্থাৎ শাসকসকলৰ অনুমোদন পাই ই জাতীয় উৎসৱৰূপে এক আভিজাত্য লাভ কৰিছে।
    বর্তমান সময়ত আমাৰ বিহুত যিবিলাক নীতি-নিয়ম লক্ষ্য কৰা যায় যেনে- ঘৰ-বাৰী শুচি কৰা, নিকা বা ন কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, দেৱতা বা গোসাঁইক পূজা-পাতল দিয়া, নৃত্য আৰু গীত— এই আর্য আৰু অনার্য আচাৰৰ উদ্দেশ্য একেই। আটাইবিলাকৰ উদ্দেশ্য হ'ল ৰাইজ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা। এইফালৰ পৰা চাবলৈ গ'লে বিহু এক ধর্মীয় অনুষ্ঠান।

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese

Previous
Next Post »