-->

Class 12 Advanced Assamese চুটিগল্প। Chutigalpo । Short story

চুটিগল্প। Chutigalpo । Short story

Class 12 Advanced Assamese, চুটিগল্প। Chutigalpo । Short story ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "চুটিগল্প"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।  

1. চুটিগল্প কাক বোলে? ইয়াৰ লক্ষণবোৰ লিখা।      HS-2013, 2015, 2016, 2017, 2019
(নাইবা)  চুটিগল্পৰ তিনিটা বৈশিষ্ট্য লিখা।
(নাইবা) আধুনিক চুটি গল্পৰ প্রধান বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ- কোনো এটা কাহিনী বা গল্পক পূর্ণাংগ ৰূপ নিদি চমুকৈ আংশিকভাৱে বুৰ্ণনা কৰিলে তাকেই চুটি গল্প বুলি কোৱা হয়।
    চুটিগল্প হৈছে দৈনন্দিন জীৱনত ঘটি থকা বিভিন্ন ঘটনাৱলীৰ মাজৰ একোটা বিশেষ ঘটনাৰ কলাত্মক ৰূপায়ণ। চুটিগল্পৰ আৰম্ভণি আৰু শেষত আকস্মিকতা থাকে। চুটিগল্প এনে এক লিখনি যা একে বহাতে, পঢ়ি শেষ কৰিব পাৰি। চুটিগল্প পঢ়ি শেষ হোৱাৰ পিছলে পাঠকুৰ মন আৰু চিন্তাত তাৰ ক্রিয়া চলি থাকে। চুটিগল্পত অবাস্তব কথাৰ স্থান নাই। ব্ৰেণ্ডাৰ মেথিইজৰ মতে ঐক্য, সমাহাৰ আৰু ঘটনাৰ কেন্দ্রীকৰণ চুটিগল্পৰ ঘাই লক্ষণ। চুটিগল্পৰ কোনো এক মূহুর্তৰ ওপৰত উজ্জ্বল আলোপত কুৰি তাক সুস্পষ্টকৈ দেখুওৱা চুটিগল্পৰ বৈশিষ্ট্য। চুটিগল্পৰ তিনিটা বৈশেষ্ট্য হ'ল—
(ক) এটা কেন্দ্রীয় ঘটনা বা চৰিত্ৰক লৈ চুটিগল্প ৰচিত হয়।
(খ) চুটিগল্পৰ আৰম্ভণি আৰু শেষত আকস্মিকতা থাকে।
(গ) জীৱনৰ কোনো এক মূহুৰ্তৰ ওপৰত উজ্জ্বল আলোকপাত কৰি তাক আৰম্ভণিৰ পিছত গল্পটো নিজা গতিৰে আগুৱাই যায়। নিজে সৃষ্টিকর্তা হ'লেও লেখকে আপোন অভিৰুচি মতে ঘটনা প্রবাহতওভোতনি বোৱাবলৈ চেষ্টা নকৰে। লেখকে নিজে মাত্ৰ নিৰপেক্ষ দর্শক হৈ থাকে। পাৰিপাৰ্শিক অৱস্থাৰ হেঁচাত ব্যক্তিৰ অসহায়তা নাইবা ব্যক্তি জীৱনৰ কৰুণতা চিত্রিত কৰিব খুজিলে স্বাভাৱিক অৱস্থাৰ মাজত ব্যক্তি চৰিত্র স্পষ্ট হ'ব লাগে।
    দৃষ্টিভংগী প্ৰকাশৰ চেষ্টাৰ ফলত আধুনিক চুটিগল্পৰ সৃষ্টি হৈছে। ঊনবিংশ শতিকাৰ মানৱৰ সন্দেহবাদী মনৰ ওপৰত প্ৰভাৱ পেলাব খুজিলে গল্পৰ কথা আৰু ভংগী দুয়োটাৰেই পৰিৱৰ্তন অৱশ্যম্ভাৱী।
    চুটিগল্প আধুনিক যুগৰ সৃষ্টি। মানৱ সমাজ ক্রমোন্নতিৰ পথত আগবঢ়াৰ লগে লগে সমাজৰ প্রয়োজনবোধে পৰিৱৰ্তন হ'ব ধৰিলে।

 (নাইবা)

আধুনিক চুটি গল্পৰ প্রধান বৈশিষ্ট্যসমূহ হ'ল—
(i) কাহিনীঃ- চুটি গল্পত মাত্র এটি কাহিনী থাকে। চুটিগল্পৰ পৰিসৰ কম বাবে ইয়াত একাধিক কাহিনীৰ স্থান নাই।আকৌ ইয়াৰ কাহিনীটো কাল্পনিক যদিও বাস্তৱৰ ওপৰত প্রতিষ্ঠিত।
(ii) চৰিত্রঃ- চৰিত্ৰ হৈছে চুটিগল্পৰ প্রধান উপাদান। কেইটামান চৰিত্ৰৰ উপস্থাপন কৰি গল্পকাৰে গল্পটো আগবঢ়াই লৈ যায়। চৰিত্ৰৰ যিটো ফাল প্রকাশিত হয় তাৰ ওপৰত ঘটনাৰ প্ৰভাৱ পৰে। বাস্তৱ সমাজৰ পটভূমিৰ ওপৰত চুটিগল্প আধাৰিত গতিকে ইয়াৰ প্রধান চৰিত্ৰ হৈছে মানুহ। ইয়াৰ উপৰিও চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াৰ চৰিত্ৰৰ সংখ্যাও কম। চুটিগল্পত এটা কেন্দ্রীয় চৰিত্র থাকে। কেন্দ্রীয় চৰিত্ৰৰ লগত আন কিছুমান তলতীয়া চৰিত্ৰ থাকে। গল্পকাৰৰ বর্ণনা আৰু তলতীয়া চৰিত্ৰবোৰৰ ঘাই চৰিত্ৰৰ লগত ঘটা সংস্পৰ্শৰ পৰা পাঠকে ঘাই চৰিত্র সম্পর্কে নিজ নিজ ধাৰণা পোষণ কৰে। সকলো গল্পতে চৰিত্ৰবোৰ সুস্পষ্ট হৈ নাথাকে। গল্পকাৰে কম কথা আৰু কম সময়ৰ ভিতৰত গল্প সৃষ্টি কৰিব লাগে।
(iii) পৰিৱেশঃ- আমাৰ চাৰিওফালৰ প্রাকৃতিক বা মানৱ সৃষ্ট অৱস্থাই হৈছে পৰিৱেশ। পৰিৱেশে গল্পৰ নায়ক, নায়িকা বা ব্যক্তি এজনৰ দেহ ভংগী, পোছাক-পৰিচ্ছদ আদিকো সামৰি লয়। চুটি গল্পৰ লিখক এজনে বর্ণনা কৰিবলৈ লোৱা কাহিনী এটা কি পৰিৱেশত সংঘটিত হৈছে তাৰ বৰ্ণনা চুটি গল্পত থাকিব লাগে। পৰিৱেশ অংকনে চুটি গল্প এটাক বাস্তৱধর্মীতা আনি দিয়ে। যি অনুভূতিক অৱলম্বন কৰি গল্প ৰচিত হয়, সেই অনুভূতিৰো তীব্ৰ ৰূপ ধাৰণৰ ক্ষমতা থাকিব লাগে আৰু জীৱনৰ কৰুণ মুহূর্তক ৰূপ দিয়াৰ চেষ্টা কৰা হয়, সেই কৰুণতা গভীৰ হোৱাৰ যোগ্যতাও মুহূৰ্তটোৰ ভিতৰত লুকাই থাকিব লাগে। কোনো ঘটনাৰ ভিতৰত আৰু পৰিস্থিতিৰ বুকুত নানান ভাব মূর্ত হোৱাৰ যোগ্যতা আছে। গল্পলেখকৰ মুখ্য কর্তব্য হ'ল গুৰুত্বপূর্ণ ঘটনাৰ মাজত মহৎ ভাবৰ আৱিষ্কাৰ।
(iv) সংলাপঃ-   HS-2019
সংলাপ বুলিলে দুই বা ততোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। চুটি গল্পৰ সংলাপ সংক্ষিপ্ত আৰু যথাযথ হোৱা উচিত। সংলাপসমূহ এনে হ'ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ স্বভাৱ আদি প্রকাশ পায়।
(v) লিখকৰ জীৱন দৰ্শনঃ- চুটি গল্পত লিখকৰ জীৱন দৰ্শন কেতিয়াবা প্রত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাৱে প্রকাশ পায়। অৱশ্যে লিখকৰ জীৱন দর্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্রকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীৱন দৰ্শনটো উহ্যও কৰি থব পাৰে।
    গতিকে গল্প লিখকে যি বস্তুৰ ওপৰত ৰচনা কৌশল প্রয়োগ কৰে সেই বস্তুৰ নিজা সৌন্দর্য থাকিব লাগে।

2. চমুটোকা লিখাঃ-
(ক) চুটি গল্পৰ কলা-কৌশলঃ-

    উপন্যাসৰ দৰে চুটিগল্পও আধুনিক যুগৰ সৃষ্টি। কলা-কৌশলৰ সহায়ত চিত্র ফুটাই তুলিব নোৱাৰিলে অকল কাহিনীৰ মাধুৰ্যৰ ফলত শ্রেষ্ঠ গল্পৰ সৃষ্টি সম্ভৱ হৈ নুঠে। চুটি গল্পৰ কলা-কৌশল সম্পর্কে কোনো নির্দিষ্ট ধৰা-বন্ধা নীতি নাই যদিও ইয়াৰ কিছুমান সাধাৰণ উপাদান আছে।
(১) চুটিগল্পত এটা মাত্র কাহিনী থাকে। কাহিনীটো কাল্পনিক যদিও ই বাস্তৱ মানৱ সমাজৰ ওপৰত প্রতিষ্ঠিত।
(২) চুটিগল্পত এটা বা দুটাতকৈ অধিক প্রধান চৰিত্ৰ থাকিব নোৱাৰে।
(৩) ইয়াত কোনো জীৱ-জন্তু বা চৰাই-চিৰিকটি চৰিত্ৰ হ'ব পাৰে যদিও ইয়াৰ প্রধান চৰিত্ৰ সদায় মানুহ হ'ব লাগে। নতুন নতুন লেখকে নতুন নতুন কলা-কৌশল উদ্ভাৱন কৰাৰ ফলত চুটিগল্পৰ গঢ় সম্পূর্ণ নতুন হৈ পৰিল। চুটিগল্প লেখকৰ স্বতন্ত্রতাতকৈ বাধা বেছি। চিন্তা ধাৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, শব্দপ্রয়োগৰ কৌশলত আৰু দৃশ্য বা চিত্রাদিৰ গল্প-লেখকে ভাবপ্রৱণতা হেঁচি ৰাখি সংযমৰ মাজেদি সকলো প্রকাশ কৰিব লাগে। কম কথাৰ সহায়ত বেছি অর্থ প্রকাশৰ চেষ্টা, আৰু দুই চাৰি চিত্ৰৰ মাজেদি অপ্রকাশিত নতুন ভাৱ ব্যঞ্জিত কৰাৰ অকাংঙ্খা গল্প লেখকৰ আছে। হিয়া উবুৰিয়াই সকলো কথা উলিয়াই দিয়াৰ ইচ্ছা তেওঁৰ নাই, কিন্তু অপ্রকাশিত বস্তু বা ৰস দ্যোতিত কৰাৰ আকাংঙ্খা তেওঁৰ আছে। চৰিত্ৰ-সৃষ্টি সদায় মুখ্য উদ্দেশ্য নহয়, ঘটনা-বৈচিত্র্যত তেওঁৰ চিত্ত-চাঞ্চল্য জাগি নুঠে আৰু অনুভূতিৰ তীব্রতা উপলব্ধ হ'লেও তেওঁৰ বাক্-সংযম আঁতৰি নাযায়। চুটিগল্প চুটি হ'ব লাগে এই কথাত কাৰে দ্বিমত নাই। কম কথা আৰু কম সময়ৰ ভিত্ৰত কোনো চিত্র ফুটাই তুলিব লাগিলে তাত আর্টিষ্টৰ কৌশল প্রয়োজন। সেয়েহে চুটিগল্পৰ গঠন ভংগীৰ যথেষ্ট মূল্য আছে। গল্পত স্বাভাৱিক পৰিৱেশ সৃষ্টি আধুনিক যুগৰ প্রচেষ্টা। এনে পৰিৱেশৰ মাজত চৰিত্ৰৰ যিটো অংশ প্রকাশিত হৈ উঠে তাৰ ওপৰত ঘটনাৰ প্ৰভাৱহে থাকে। লেখকৰ প্ৰভাৱ নাথাকে।
(খ) চটিগল্পৰ ঐক্যঃ-
    ব্ৰেণ্ডাৰ মেথিইজৰ মতে ঐক্য, সমাহাৰ আৰু ঘটনাৰ কেন্দ্ৰীকৰণ চুটিগল্পৰ ঘাই লক্ষণ। পিছে, সাহিত্যৰ আন আন ঠালতো অখণ্ডতা বা ঐকিক প্ৰভাৱ আছে। ঘটনাৰ কেন্দ্রীভূত বিন্যাসৰ মাজেদি যি ঐক্য স্থাপিত হয়, চুটিগল্পত সেই আকাৰহে প্রয়োজন। বিক্ষিপ্ত ঘটনাসমূহৰ সমন্বয়ৰ ফলতে শেহত ঐক্য স্থাপন হ'ব পাৰে। কিন্তু গল্পত সমন্বয়-সাধনৰ পিছত আহি পৰা ঐক্যৰ প্রয়োজন কম। এই ঐক্য ৰক্ষাৰ অৰ্থে সৃষ্টি কৰিব খোজা আৰ্টৰ প্রতি গল্প-লেখকসকল প্রতি মুহূর্তে সচেতন হৈ থাকে। গল্পত ঠাই কম, সময়ো কম। সেইবাবে গল্পত প্ৰতিটো শব্দই আৰু প্ৰতিটো বাক্যই অর্থব্যঞ্জক হোৱা দৰকাৰ।
(গ) চুটি গল্পত মনস্তত্ত্ব বিশ্লেষণঃ-
    মনস্তত্ত্ব বিশ্লেষণ চুটিগল্পৰ এটি গুৰুত্বপূর্ণ বিষয়। মনস্তাত্ত্বিক বিশ্লেষণে চুটিগল্পত বিশেষ স্থান দখল কৰিছে বিশেষকৈ সমসাময়িক ঘটনাৰ ওপৰত আলোকপাত কৰি ব্যক্তিমনৰ ক্রিয়া-প্রতিক্রিয়া গল্পত স্থান পোৱা বাবে গল্পত মনস্তাত্ত্বিক বিশ্লেষণ সম্ভৱ হৈছে। অসমীয়া চুটি গল্পকাসকলৰ ভিতৰত যোগেশ দাস, হোমেন বৰগোহাঞি, চৈয়দ আব্দুল মালিক আদিৰ গল্পবোৰত মনস্তত্ত্ব বিশ্লেষণৰ সফল ৰপায়ণ আছে। ঊনবিংশ শতিকাৰ মাজভাগত ৰুচ গল্পকাৰ গগলৰ ''ওভাৰকোট" নামৰ গল্পটো ভালমান ভাষালৈ অনুদিত হৈছে। টুর্গেনিভেও মানুহৰ কামনা বাসনাক ভিত্তি কৰি যিবোৰ গল্প লিখিছে বাহ্যিক দৃষ্টিত সেইবোৰৰ সৌন্দর্য ধৰিব পৰা নাযায়। কিন্তু বিশ্লেষণৰ পাছত গল্পবোৰ যে শিল্পী মনৰ পৰিচায়ক তাক বুজিবলৈ সময় নালাগে। বিশেষ অৱস্থাৰ মাজত মানৱ চৰিত্ৰৰ চিত্র সুস্পষ্টকৈ ফুটাই তুলি তেওঁলোকৰ পৰা সমাদৰ লাভ কৰিছে।
(ঘ) চুটি গল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি   HS-2015, 2017
    জীৱনৰ কোনো এটা মূহুৰ্তৰ ওপৰত উজ্বল আলোকপাত কৰি তাক সুস্পষ্টকৈ দেখুয়াই হৈছে চুটিগল্পৰ প্রধান বৈশিষ্ট্য। আমাৰ সাহিত্যত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথমতে চুটিগল্প ৰচনা কৰে। চুটিগল্পৰ আৰম্ভণি আৰু সামৰণি মন কৰিবলগীয়া বৈশিষ্ট্য। চুটিগল্পৰ আৰম্ভণি প্রায়ে আকস্মিক হোৱা উচিত অর্থাৎ ইয়াৰ আৰম্ভণি এনেভাৱে কৰিব লাগে যেন গল্পটো শেষলৈ পঢ়ি যাবলৈ পাঠকৰ মনত কৌতুহলৰ সৃষ্টি হয়। চুটিগল্পৰ আৰম্ভণি আকস্মিক বা নাটকীয় হোৱাৰ দৰে সামৰণিও অভিনৱ বা নাটকীয় হোৱা উচিত। অর্থাৎ কাহিনীটো পঢ়ি উঠাৰ পিছত গল্পটো শেষ হ'লেও পঢুৱৈৰ মনত শেষ নোহোৱা ভাৱ এটা যেন থাকি যায়। এনে হ'লে ঘটনাৰ পৰৱর্তী পৰিস্থিতিৰ বিষয়ে পাঠকৰ মনত আগ্ৰহ ৰৈ যায়।
(ঙ) চুটি গল্প আৰু সাধুকথাৰ মাজৰ পাৰ্থক্য   HS-2014, 2016, 2018
উত্তৰঃ- চুটি গল্প আৰু সাধুকথৰ মাজত মিল আছে যদিও যথেষ্ট পার্থক্যও আছে।
(১) সাধুকথা হৈছে প্রাচীন কালৰে পৰা প্ৰচলিত। ইয়াত মানুহৰ বাহিৰেও জীৱ-জন্তু, চৰাই-চিৰিকটিও ইয়াৰ চৰিত্র। কিন্তু চুটি গল্প হৈছে বাস্তৱ ভিত্তিক আৰু ইয়াৰ চৰিত্ৰসমূহ সদায় মানুহ।
(২) মানুহক নৈতিক বা আধ্যাত্মিক শিক্ষা প্রদান কৰা প্রাচীন যুগৰ সাধুকথা বা আখ্যানমূলক কাহিনী প্রধান উদ্দেশ্য আছিল কিন্তু আজৰি সময়ত বিনোদন দান কৰা হৈছে আধুনিক যুগৰ চুটি গল্পৰ প্রধান উদ্দেশ্য।
(৩) সাধু কথাসমূহৰ সৰহভাগেই মুখে মুখে প্রচলিত আৰু সেইবোৰ যুগ যুগ ধৰি মুখে মুখে চলি আহিছিল। কিন্তু চুটি গল্প লিখিত ৰূপত আৰু এইবোৰ নির্দিষ্ট লিখকৰ দ্বাৰা লিখিত।
(৪) সাধুকথাৰ নির্দিষ্ট নীতি-নিয়ম নাই কিন্তু চুটিগল্পৰ ধৰা-বন্ধা নীতি-নিয়ম আছে।

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese

Previous
Next Post »