-->

Class 12 Advanced Assamese মানৱ বন্দনা । Manav Bandana

মানৱ বন্দনা 
-চন্দ্ৰকুমাৰ আগৰৱালা

 Class 12 Advanced Assamese, Chapter 2 মানৱ বন্দনা -চন্দ্ৰকুমাৰ আগৰৱালা । Manav Bandana by Chandrakumar Agarwala. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "মানৱ বন্দনা"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযগ কৰিব পাৰিব।

1. প্রথম অসমীয়া ৰোমান্টিক কবিতাণ্টিৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰঃ- প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম বন-কুঁৱৰী। ইয়াৰ ৰচক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা।

2. জোনাকী আলোচনীৰ প্রথম সম্পাদক কোন?
উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা।

3. চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বনকুৱৰী' গীতি কবিতাটো প্ৰথম ক'ত প্ৰকাশ হৈছিল?
উত্তৰঃ- 'জোনাকী' আলোচনীৰ প্ৰথম বছৰৰ প্রথম সংখ্যাত।

4. জোনাকী কাকত কিমান খ্রীষ্টাব্দত প্রথম প্রকাশ পায়? HS-2017
উত্তৰঃ- ১৮৮৯ খ্রীষ্টাব্দত

5. চন্দ্র কুমাৰ আগৰৱালাৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ- তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত।

6. প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি? ইয়াৰ ৰচক কোন? HS-2015
উত্তৰঃ-

7. 'বনকুৱৰী' কবিতাটি কোনখন আলোচনীত প্রকাশ পাইছিল?
উত্তৰঃ- জোনাকী।

8. চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত প্রথম কাব্যপুথিখনৰ নাম কি? HS-2015
উত্তৰঃ- প্রতিমা

9. চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত দ্বিতীয় কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ- বীণবৰাগী

10. চন্দ্ৰকুমাৰ আগৰৱালাৰ প্রথম কবিতাপুথিৰ নাম লিখা। HS-2016
উত্তৰঃ-

11. চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতাপুথিৰ নাম লিখা। HS-2016
উত্তৰঃ- 'প্রতিমা' আৰু 'বীণ-বৰাগী'।

12. 'প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ'- উক্ত মন্তব্যষাৰ কাৰ? HS-2010
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱাৰ।

13. 'প্রতিমাৰ খনিকৰ' কাক আখ্যা দিয়া হৈছে? HS-2009,2011
উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালাক

14. চন্দ্ৰকুমাৰ আগৰৱালাক অন্য কি নামেৰে জনা যায়?
উত্তৰঃ- প্রতিমাৰ খনিকৰ।

15. অসমীয়া কাব্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?
উত্তৰঃ- 'প্রতিমাৰ খনিকৰ' বুলি জনা যায়।

16. 'মানৱ-বন্দনা' কবিতাটি কোন শ্রেণীৰ কবিতা?
উত্তৰঃ- ৰোমাণ্টিক কবিতা।

17. 'মানৱ বন্দনা' কবিতাটিৰ মাজত ৰোমাণ্টিক কবিতা কোনটো প্রধান বৈশিষ্ট্য পৰিলক্ষিত হৈছে?
উত্তৰঃ- মানৱতাবাদ।

18. চন্দ্ৰকুমাৰ আগৰৱালাই উলিওৱা সাদিনীয়া বাতৰি কাকতখনৰ নাম কি?
উত্তৰঃ- অসমীয়া।

19. প্রথম আধুনিক অসমীয়া কবিতাটোৰ নাম কি?
উত্তৰঃ- বনকুঁৱৰী।

20. 'জোনাকী' কাকতৰ প্ৰথম বছৰ প্রথম সংখ্যাত প্রকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম লিখা। HS-2013
উত্তৰঃ- 'বন-কুঁৱৰী'।

21. প্রথম আধুনিক অসমীয়া কবিতাটোৰ নাম কি? ইয়াৰ ৰচকৰ নাম লিখা। HS-2017
উত্তৰঃ-

22. 'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা।

23. 'জোনাকী' কাকতখন কিমান চনত প্রকাশ পায়? ইয়াৰ প্ৰথম সম্পাদক গৰাকীৰ নাম কি?
উত্তৰঃ- জোনাকী কাকতখন ১৮৮৯ চনত প্রকাশ পায়।
    ইয়াৰ প্ৰথম সম্পাদক গৰাকীৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা।

24. 'প্রতিমা' কাব্যপুথি সম্পর্কে লক্ষ্মীনাথ বেজবৰুৱাই কি মন্তব্য আগবঢ়াইছিল?
উত্তৰঃ- 'প্রতিমা' কাব্যপুথি সম্পর্কে লক্ষ্মীনাথ বেজবৰুৱাই মন্তব্য আগবঢ়াইছিল— “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ”।

25. 'প্রতিমাখন সৰ, কিন্তু নিভাঁজ সোণৰ'— কোনে এনেদৰে মন্তব্য কৰিছিল?   HS-2010, 2012
(নাইবা) চন্দ্রকুমাৰ আগৰৱালাৰ 'প্রতিমা' নামৰ কাব্যপুথি সম্পর্কত লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি মন্তব্য কৰিছিল?
উত্তৰঃ- 'প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ' সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এনেদৰে মন্তব্য কৰিছিল।

26. প্রথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰঃ- বনকুঁৱৰী। ইয়াৰ ৰচক চন্দ্ৰকুমাৰ আগৰৱালা।

27. “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ”— কোনে আৰু কিয় এই মন্তব্য আগবঢ়াইছিল? HS-2012
উত্তৰঃ- প্রতিমাখনৰ কবিতাবোৰ ইমানেই সুন্দৰ আৰু হৃদয়স্পর্শী আছিল, যাৰবাবে লক্ষ্মীনাথ বেজবৰুৱাই এই মন্তব্য আগবঢ়াইছিল।

28. 'জোনাকী'ৰ ত্রিমূর্তি কোন কোন?
উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্র গোস্বামী।

29. চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কাব্যগ্রন্থৰ নাম লিখা।
উত্তৰঃ- প্রতিমা আৰু 'বীণ বৰাগী'।
 
30. চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্রথম কবিতা পুথিখনৰ নাম কি? HS-2015

31. মানৱ বন্দনা কবিতাটোৰ দ্বাৰা কবিৰ কি ভাৱ প্রকাশ পাইছে?
উত্তৰঃ- মানৱ বন্দনা কবিতাটোৰ দ্বাৰা কবিৰ মানৱসেৱাৰ মনোভাৱ অতি সুন্দৰকৈ প্রকাশ পাইছে।

32. 'বনকুৱৰী' কবিতাটি কোনখন আলোচনীৰ কিমান নম্বৰ সংখ্যাত প্রকাশ পাইছিল?
উত্তৰঃ- 'বনকুৱৰী' কবিতাটি 'জোনাকী' আলোচনীৰ প্ৰথম বছৰৰ প্রথম সংখ্যাত প্রকাশ পাইছিল।

33 অর্ধ মানে কি?
উত্তৰঃ- অর্ঘ মানে হৈছে—পূজাৰ উপকৰণ।

34. 'পৰাৎপৰ' মানে কি?
উত্তৰঃ- শ্রেষ্ঠতকৈও শ্রেষ্ঠ বা পৰম সত্য।

দীঘল প্ৰশ্ন উত্তৰঃ-
1. 'এই যে পৃথিৱী     স্বৰ্গতে অধিক
    মানুহৰ নিজাপী ঘৰ।'
-কবিয়ে কিয়, কি প্রসঙ্গত এইদৰে কৈছে? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে?     HS-2011

উত্তৰঃ- প্রকৃতিৰ সৃষ্ট জীৱসমূহৰ ভিতৰত মানুহেই হৈছে শ্রেষ্ঠ আৰু এই পৃথিৱীখনেই মানুহৰ নিজাপি ঘৰ স্বৰূপ— এই কথাষাৰ বুজাবলৈ গৈ কবি চন্দ্ৰকুমাৰ আগৰৱালাই উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
    কবিৰ মতে পৃথিৱীখনেই হৈছে মানুহৰ নিজাপী ঘৰ আৰু মানুহেই হৈছে সকলো জীৱৰ ভিতৰত শ্রেষ্ঠ জীৱ মানৱ কল্যাণ আৰু মানৱপ্রেম মানুহৰ শ্ৰেষ্ঠ কর্ম। মানুহক দেৱতা জ্ঞান কৰি পূজা-অর্চনা কৰিলে মানুহে ইয়াতেই স্বর্গতকৈয়ো অধিক সুখ লাভ কৰিব পাৰে। এই পৃথিৱীত মানুহে পৰস্পৰে পৰম্পৰক মৰম-চেনেহ কৰি এখন সুখৰ ঠাই হিচাপে গঢ়ি তুলিব পাৰে। তেতিয়াহে এই পৃথিৱীখনো এদিন স্বৰ্গৰ দৰে সুখৰ ঠাই হ'ব।

2. প্রসঙ্গ-সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।
(ক) মানুহৰ মৰম    বুজিব মানুহে
    ধৰম যে মৰমতে।    HS-2013

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত 'মানৱ বন্দনা' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
    কবিয়ে মানুহৰ প্রতি মানুহৰ ব্যৱহাৰ কেনে হোৱা উচিত আৰু মানুহৰনো প্রকৃত ধর্ম কি, তাকে বর্ণনা কৰিবলৈ গৈ উক্ত কবিতাফাকিৰ উপস্থাপন কৰিছে।
    এই পৃথিৱীত মানুহৰ জন্ম-মৃতুৰ সোঁতঅৱিৰতভাৱে বৈ আছে। এই সোঁত কোনোদিনে অন্ত হোৱা নাই। গতিকে পৃথিৱীখনেই হৈছে মানুহৰ 'নিজাপী ঘৰ'। এই নিজাপী ঘৰত অর্থাৎ পৃথিৱীত মানুহৰ বাবে মানুহেই শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ আৰু ই পৰম সত্য। আনহাতে পৃথিৱীত মানুহেই মানুহৰ একমাত্র সংগ বা লগ। সেয়ে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহে মানুহৰ প্রতি দয়াশীল, মৰমীয়াল হ'ব লাগে। মানুহৰ প্রতি মানুহে আগবঢ়োৱা মৰমেই হৈছে মানুহৰ পৰম ধর্ম। এই ধৰ্মৰ দ্বাৰা মানুহে পৃথিৱীত স্বৰ্গতে অধিক সুখ লাভ কৰিব পাৰে। সেয়ে কবিয়ে মানুহক মানৱ প্ৰেম আৰু মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে। বর্তমানৰ পৃথিৱীখন হিংসা, কপটতাৰে ভৰপূৰ। যাৰ ফলত পৃথিৱীখন নৰককুণ্ডলৈ পৰিণত হৈছে। গতিকে মানুহে নিজৰ পাপবোৰ মৰমেৰে নিকা কৰি পৃথিৱীখনক স্বৰ্গতকৈয়ো মনোৰম কৰি গঢ়িব পাৰে।

2. (খ) 'মানুহেই দেৱ    মানুহেই সেৱ
    মানুহ বিনে নাই কেৱ।।'         HS-2012, 2015, 2019

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত 'মানৱ বন্দনা' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
    ধৰা পৃষ্ঠত থকা সকলো জীৱৰ ভিতৰত মানুহেই যে শ্রেষ্ঠ তাকে প্রতিপন্ন কৰিবলৈ কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।
    ইয়াত কবিয়ে কৈছে যে সকলো জীৱৰ ভিতৰত মানুহেই শ্রেষ্ঠ। মানুহৰ সেৱা কৰাই হৈছে সর্বশ্রেষ্ঠ পূজা। এই মর্ত্যত মানুহৰ বাহিৰে আন কোনো জীৱ মানুহৰ বাবে প্রয়োজনীয় নহয়। মানৱ প্রেম, মানৱ কল্যাণ মানুহৰ শ্ৰেষ্ঠ কৰ্মৰাজিৰ অন্তৰ্গত। মানুহক দেৱতা জ্ঞান কৰি পূজা সেৱা কৰিলে মানুহে এই পৃথিৱীতে স্বর্গতকৈয়ো অধিক সুখ লাভ কৰিব পৰে। সেয়ে মানুহে মানুহক দেৱতাতকৈয়ো শ্রেষ্ঠ জ্ঞান কৰি মানৱ সেৱা কৰিব লাগে। মানুহে সৎ কর্ম আৰু মানৱ প্ৰেমৰ দ্বাৰা পৃথিৱীখনক শ্রেষ্ঠ ঠাই হিচাপে গঢ়ি তুলিব লাগে।

3. 'মানৱ বন্দনা' কবিতাটোৰ অন্তর্নিহিত সাৰমৰ্মৰ আভাস দিয়া। HS-2018
(নাইবা) 'মানৱ বন্দনা' কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ- উদাৰ মানৱতাবাদ প্রকাশ পোৱা ‘মানৱ বন্দনা কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি অপূর্ব সৃষ্টি। ৰোমাণ্টিক ভাৱধাৰাৰে পৰিপুষ্ট কবিতাটোৰ জৰিয়তে কবিয়ে মানুহৰ জয়গুণ বর্ণনা কৰিছে। কবিৰমতে এই পৃথিৱীত মানুহৰ অহা-যোৱা সোঁতৰ অন্ত নাই। এই পৃথিৱীলৈ অহৰহ মানুহ চামে চামে আহিও আছে গৈয়ো আছে। মানুহৰ জন্মৰ দৰে মৃত্যুও হৈ আছে। যুগে যুগে পৃথিৱীলৈ মানুহৰ অহা-যোৱা সোত বৈ আছে। কবিয়ে নিভাজ দৃষ্টিৰে মানুহক ভাল পাইছিল। তেওঁৰ মানস পটত মানুহৰ মহত্ব আৰু দেৱত্ব ভাৱ সদায় বিৰাজ কৰিছিল। কবিতটিত মানুহেই দেৱ, মানুহেই সেৱ, মানুহেই পৰাৎপৰ মাজেদি মানুহৰ মাজত স্বার্থপৰতা, নীচতা, হীনতা থাকিলেও মানুহ হিচাপে মানুহৰ মানৱ সত্বাক কোনেও অৱমাননা কৰিব নোৱাৰে। এই পৃথিৱীখন বিমল সুখৰ আলয়। ইয়াক মাথোন অসুন্দৰ কৰি তোলে দুখ, দ্বন্দ্ব, শোক আৰু কোঢ়ালে। এই উপসর্গ দূৰ হ'লেই। পথিৱী হৈ পৰিব স্বর্গতকৈয়ে মনোৰম। মানুহ দেৱতাতকৈয়ো শ্রেষ্ঠ। মানুহৰ প্রীতি সাধিবৰ বাবেই বিশ্ব জগত নির্মিত হৈছে। সৃষ্টিৰ দিনৰে পৰা আৰম্ভহোৱা মানৱ জীৱনৰ অনন্ত যাত্ৰাত কবিয়ে প্রত্যক্ষ কৰিছে চৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলোকি থকা মানৱ সত্ত্বাক। যাৰ বাবে কবিয়ে পাদ্যঅর্ঘ্য লৈ মানুহৰ পজা কৰিবলৈ সকলোকে আহ্বান জনাইছে।

4. 'এই যে পৃথিৱী সূর্গত অধিক,
মানুহৰ নিজাপী ঘৰ।' -কবিয়ে কিয় এনেদৰে কৈছে। HS-2011

উত্তৰঃ- কবিয়ে বিশ্বমানৱক বুজোৱাৰ চেষ্টা কৰিছে যে আচলতে দেৱতাতকৈও শ্রেষ্ঠ আৰু মানৱসেৱাইহে প্রকৃত ধর্ম। মানুহেহে পৃথিৱীত মানুহৰ সংগী হয়। তেনে প্রসংগতে কবিয়ে পৃথিৱীবাসী মানুহক কৈছে যে মানহৰ নিজা ঘৰ স্বৰূপ এই পৃথিৱীখন দেৱলোক স্বর্গতকৈও শ্রেষ্ঠ। মানৱী জনম লৈ পৃথিৱীলৈ বহুযুগ অতীজৰে পৰাই মানুহৰ অহা-যোৱা সোঁত বৈ আছে। এই মৰত বা পৃথিৱীত মানুহৰূপে জন্ম লাভ কৰা প্রতিজন মানুহেই মানৱীয় কর্তব্য কৰি জীৱন অতিবাহিত কৰিব লাগে। মানুহৰ প্রতি মৰম থাকিলেহে ধর্ম আচৰণ সম্ভৱ হ'ব। দেৱতাতকৈও শ্রেষ্ঠৰূপে মানৱীয় কর্তব্যৰ যোগেদি মানুহে পৃথিৱীখনক স্বৰ্গতকৈও শ্রেষ্ঠৰূপে মানৱীয় কর্তব্যৰ যোগেদি মানুহে পৃথিৱীখনক স্বৰ্গতকৈও শ্রেষ্ঠ ৰূপত গঢ় দিব লাগে। কাৰণ মানুহৰ স্থায়ী ঘৰস্বৰূপ পৃথিৱীখনত মানুহেই মানুহৰ লগ-সংগ।

5. শব্দার্থঃ-
ময়াপী— মায়া, মোহ, ভ্রান্তি ওপজোৱা জীৱ
পৰাৎপৰ— শ্ৰেষ্ঠতকৈয়ো শ্রেষ্ঠ, পৰম সত্য
নিজাপী— সম্পূর্ণ নিজৰ
অৰুণ— সূর্য
দধি— গাখীৰ
লৱণ— মাখন।


Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (brahmaratan@gmail.com/7020477396) for pdf notes of Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Economics, Education, History.   

Previous
Next Post »