-->

Class 12 Advanced Assamese বর্ষা বর্ণন । Barsha Barnan

বর্ষা বর্ণন । Barsha Barnan

Class 12 Advanced Assamese, Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ। Barsha Barnan by Shankardev. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "বৰ্ষা বৰ্ণন"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযগ কৰিব পাৰিব।


1. শংকৰদেৱৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ- ১৪৪৯ চনত।

2. শংকৰদেৱৰ ক'ত জন্ম হৈছিল?
উত্তৰঃ- নগাওঁ জিলাৰ বৰদোৱাত।

3. শ্ৰীশংকৰদেৱ কোন যুগৰ কবি?
উত্তৰঃ- বৈষ্ণৱ যুগৰ কবি।

4. শ্ৰীশংকৰদেৱে প্ৰচাৰ কৰা ধর্মটোৰ নাম কি?
উত্তৰঃ- নৱ বৈষ্ণৱ ধর্ম।

3. পৰীক্ষিত ৰজাৰ আগত কোনে বর্ষাৰ বৰ্ণনা দিছিল? HS-2019
উত্তৰঃ- পৰীক্ষিত ৰজাৰ আগত শুক মুনিয়ে বর্ষাৰ বৰ্ণনা দিছিল।

4. বর্ষা বর্ণন কাব্যাংশ কোনখন পুথিৰ পৰা অনা হৈছে? HS-2013,2015,2019
উত্তৰঃ- বর্ষা বর্ণন কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতৰ দশম স্কন্ধ পুথিখনৰ পৰা অনা হৈছে।

5. শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ-ভাঙনি কৰিছিল? HS-2018
উত্তৰঃ- শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ডৰ পদ-ভাঙনি কৰিছিল।

6. 'বর্ষা বর্ণন' কবিতাটিৰ কবি কোন?
উত্তৰঃ- শ্ৰীশংকৰদেৱ।

7. নিৰ্গুণ ইন্দ্রধনুৰ বৰণ কেইটা?
উত্তৰঃ- নির্গুণ ইন্দ্রধনুৰ বৰণ পাঁচটা দৃশ্যমান হয় যদিও ইয়াৰ ৰঙ সাতটা।

8. 'বর্ষা বর্ণন' কবিতাটিৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্যগ্রন্থৰ নাম লিখা। HS-2016
উত্তৰঃ- ৰুক্মিণী হৰণ।

9. শ্ৰীমন্ত শংকৰদেৱৰ নাম প্রসংগমূলক এখন গ্ৰন্থৰ নাম লিখা। HS-2014, 2017
উত্তৰঃ- কীর্তন ঘোষা

10. শংকৰদেৱৰ কেতিয়া তিৰোভাৱ ঘটে?
উত্তৰঃ- ১৫৬৮ খৃষ্টাব্দত।

11. 'কৰিলে গুৱালী পলুৰংগা থানে থান'– পলুৰংগা মানে কি?
উত্তৰঃ- ইয়াত পলুৰংগা শব্দই বাৰিষাকালত সৃষ্টি হোৱা কণ কণ মাটিৰ দ'ম বা কেঁচুমটাক বুজাইছে।

12. 'পর্বতৰ নিৰ্ঝনৰ নাদ শুনি আতি'—নিৰ্বন মানে কি?
উত্তৰঃ- নিৰ্ঝান মানে নিজৰা বা জুৰি।

13. 'লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক' - 'তিৰিমিৰি' শব্দৰ অর্থ কি?
উত্তৰঃ- তিৰ্‌বিৰণি।।

14. শংকৰদেৱে ৰচনা কৰা এখন অংকীয়া নাটৰ নাম লিখা।
উত্তৰঃ- পত্নী প্রসাদ।

15. শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভখনৰ নাম কি?
উত্তৰঃ- কীৰ্ত্তনঘোষা।

16. "বর্ষা বর্ণন" কবিতাটি ক'ৰ পৰা লোৱা হৈছে?
উত্তৰঃ- 'দশম'ৰ পৰা লোৱা হৈছে।

17. 'নিঝৰ' শব্দৰ অৰ্থ লিখা।
উত্তৰঃ- নিজৰা।

18. সাংখ্য দর্শনত উল্লিখিত ত্রিগুণৰ প্ৰথমটোৰ নাম কি?
উত্তৰঃ- সত্ব।

19. অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱতক কোন?
উত্তৰঃ- শংকৰদেৱ।

20. মহাপুৰুষ শংকৰদেৱৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল?
উত্তৰঃ- নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰীত, ১৪৪৯ চনত জন্ম হৈছিল।

21. শংকৰদেৱে ৰচনা কৰা দুখন কাব্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ- হৰিচন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান।

22. শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নামৰ উল্লেখ কৰা।
উত্তৰঃ- কালিয় দমন, কেলিগোপাল।

23. শংকৰদেৱে ৰচনা কৰা দুখন ভক্তিতত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- ভক্তি-প্রদীপ, অনাদি পাতন।

24. বর্ষা ঋতুৰ জৰিয়তে কবিয়ে কি কথা ক'ব বিচাৰিছে?
উত্তৰঃ- বর্ষা ঋতৰ বৰ্ণনাৰ জৰিয়তে কবিয়ে হৰি ভক্তিৰ মাহাত্ম্যৰ কথা ক'ব বিচাৰিছে।

25. 'সত্ত্বঃ' মানে কি বুজা?
উত্তৰঃ- সত্বঃ হৈছে সাংখ্য দর্শনত উল্লিখিত ত্রিগুণৰ ভিতৰত প্ৰথমটো গুণ, নম্র আৰু শান্ত গুণ। ৰস, সাৰভাগ, আত্মা, প্রাণ।

26. শুকমুনি কাৰ পুত্ৰ আছিল? তেওঁ কাৰ আগত বর্ষাকালৰ কথা বর্ণনা কৰিছিল?
উত্তৰঃ- ব্যাসদেৱৰ। পৰীক্ষিত ৰজাৰ আগত।

27. শংকৰদেৱৰ ৰচিত দুখন নাটকৰ নাম লিখা।
উত্তৰঃ- শংকৰদেৱৰ ৰচিত দুখন নাটকৰ নাম হ'ল— (১) কালীয় দমন আৰু (২) পাৰিজাত হৰণ।

28. 'আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব' - 'সত্ত্ব' শব্দই কি বুজাইছে?
উত্তৰঃ- সত্ত্ব শব্দই পৃথিৱীৰ ৰস বা জীপ বুজাইছে।

29. 'মুষলধাৰে মেঘ বৰষিল' – ইয়াৰ মুষলধাৰ কি অর্থত হৈছে?

উত্তৰঃ- ইয়াত মুষলধাৰ শব্দই ডাঙৰ ডাঙৰ টোপালেৰে অহা ধাৰাসাৰ বৰষুণক বুজাইছে।

30. 'বর্ষা বর্ণন' কবিতাটিৰ ৰস উৎস গ্রন্থ কি? এই কবিতাটিৰ কবিজনৰ এখন কাব্যগ্রন্থৰ নাম লিখা। HS-2013
উত্তৰঃ- 'বর্ষা বর্ণন' কবিতাৰ উৎস গ্রন্থ হ'ল– দশম স্কন্ধ ভাগৱত। এই কবিতাটোৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত এখন কাব্যগ্রন্থৰ নাম হ'ল - 'ৰুক্মিণী হৰণ কাব্য'।

31. 'লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক।।'
—কি প্ৰসংগত এনেদৰে কোৱা হৈছে বুজাই লিখা।

উত্তৰঃ- বাৰিষাকালত বৰ জোৰেৰে বতাহ বলে আৰু গোটেই আকাশ আৱৰি মেঘৰ মহা আন্দোলন হয়। আকাশত মেঘৰ মাজত ঘনে ঘনে বিজুলীৰ তিৰবিৰণি চকুত পৰি চকু ছাট মাৰি ধৰি একো নেদেখা হয়। এই প্রসংগতেই কবিয়ে এনেদৰে কৈছে।

দীঘল প্ৰশ্নোত্তৰঃ-
1. 'তপ উপবাসে দেহা আছিল শুখাই।
দুনাই ভোগ ভূ ঞ্জিলাত আপুনি পুষ্টাই।।'
- কবিতাফাকিৰ তাৎপর্য কি?        HS-2014

উত্তৰঃ- 'বর্ষা বর্ণন' কাব্যাংশত কবিয়ে বাৰিষাকালৰ এটি মনোৰম বর্ণনা দিছে। এই কবিতাফাকিৰ দ্বাৰা যোগী-তপস্বীসকলৰ দেহা শুকাই আছিল বুলি কোৱা হৈছে। এই প্রসংগতে কবিয়ে কৈছে যে যাগী তপস্বী সন্ন্যসীসকলে ভগৱানক লাভ কৰিবলৈ উপবাসে থাকি কঠোৰ তপস্যা কৰে। ইয়াৰ ফলত তেওঁলোকৰ দেহ শুকাই-খীণাই যায়। তপস্যা সাধনৰ অন্তত পুনৰ ভালদৰে খোৱা-বোৱা কৰিলে তেওঁলোকৰ সেই শুকাই-খীণাই যোৱা দেহা যিদৰে পুনৰ পৰিপুষ্ট হৈ পৰে, তেনেদৰে গ্রীষ্মকালত বৰষুণৰ অভাৱত শুকাই যোৱা পৃথিৱীও বাৰিষাকালত বৰষুণৰ পানী পাই পৰিপুষ্ট হৈ উঠে।

2. 'বর্ষা বর্ণন' কবিতাটিৰ মাজেৰে বর্ষাকালৰ চিত্র কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰা। HS-2010,2012, 2013,2018, 2019
উত্তৰঃ- শ্ৰীমন্ত শংকদেৱৰ 'বর্ষা বর্ণন' কবিতাটো দশম স্কন্ধ ভাগৱতৰ পৰা তুলি ধৰা হৈছে। ইয়াত বাৰিষা কালৰ এটি মধু চিত্র কবিয়ে অংকন কৰিছে। গ্রীষ্মকালৰ অন্তত আৰম্ভ হোৱা বর্ষাকালত তীৰ বেগত বলা বতাহে প্ৰৱল কোলাহলৰ সৃষ্টি কৰে। এই সময়ত সমগ্র আকাশ আকাশ মেঘেৰে ঢাক খাই পৰে। মেঘে হোৱা সংঘর্ষত উৎপন্ন হোৱা বিজুলীয়ে সকলোৰে চকু ছাট মাৰি ধৰে তেতিয়া চন্দ্র, সূর্য নক্ষত্রৰাজি আকাশত হেৰাই যায়। মুষলধাৰে হোৱা বৰষুণৰ পানীয়ে পৃথিৱী ধুৱাই পেলাই খাল-বাম একাকাৰ হয়। নদ-নদী, জান-জুৰিৰে পানী প্রবাহিত তোলে। গ্রীষ্ম কালৰ প্ৰখৰ ৰদত শুকাই যোৱা তৰু-লতা, গছ-গছনি বাৰিষাৰ জীপাল পৰশত পুনৰ ঠন ধৰি উঠে। প্ৰকৃতিয়ে মনোমোহা সেউজ বৰণ ধাৰণ কৰে। মেঘৰ নাদ শুনি ভেকুলীবোৰে টোৰ-টোৰাবলৈ ধৰে। গছ-লতা, ফুলে-ফলে পৃথিৱী জাতিষ্কাৰ হৈ পৰে। ঠায়ে ঠায়ে বেংছতা বা কাঠফুলাই ধৰা পৃষ্ঠৰ শোভাবর্ধন কৰে। মেঘৰ গুৰু গুৰু শব্দত ম'ৰা চৰায়ে প্রাণ ঢালি নাচে। শীতৰ শীতল সেমেকাত মৰহিযাব ধৰা গছ-লতিকাই প্রাণ পাই উঠে। প্ৰকৃতিৰ আটাইবোৰ উপাদানে ন-সাজেৰে বিভূষিত হৈ পৰে। শিমলু, পলাশ, মদাৰ আদি নানাৰঙী ফুলবোৰে পুৰণি সাজ সলাই নতুন সাজেৰে প্ৰকৃতিজগতত ৰমক-জমককৈ আত্ম প্রকাশ কৰে। মুঠতে ফল-ফুলে পৃথিৱী জাতিষ্কাৰ হৈ পৰে। ফল-ফুল ভক্ষণ কৰি গছৰ ডালে ডালে চৰাই-চিৰিকটিৰবাৰে গীত গাই নাচি আত্মহাৰা হয় আৰু এনে গীতৰ সুৰ শুনি বনৰ হৰিণীও আনন্দত মতলীয়া হৈ পৰে। এনেদৰে বাৰিষা কালত পশু-পক্ষী, গছ-লতিকা, তৰু-তৃণ সকলোৱে যেন এক বা নতুন জীৱন লাভ কৰে। বাৰিষাকালত বসুমতীৰ ৰূপ মেহনীয়া হৈ উঠে। লহপহকৈ বাঢ়ি অহা শস্যই কৃষকৰ মনত হাঁহি বিৰিঙায়। বাৰিষাৰ নতুন পানীত জল-স্থলবাসীয়ে স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে। বাৰিষাৰ এনে মধুৰ সৌন্দর্যত গোপ শিশুসকলো আনন্দত আত্মহাৰা হয়। ভগৱান কৃষ্ণই প্রকৃতিৰ এনে ৰূপ দেখি প্রশংসা কৰিছে। স্বর্গ মর্ত্য সকলোতে আনন্দৰ জোৱাৰ উঠে।

3. "বর্ষা কালৰ বৰ্ণন"ৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে আলোচনা কৰা। HS-2011, 2014, 2016, 2017
উত্তৰঃ- "বর্ষা বর্ণন" কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা অনা হৈছে। ইয়াত কবিয়ে বর্ষা ঋতুক ৰূপক হিচাপে গ্রহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ অৱতাৰণা কৰিছে ভক্তি ধর্ম প্রচাৰ কৰাই কবিটোৰ মূল উদ্দেশ্য। ঋতু পৰিৱৰ্তনৰ স্বাভাৱিক বর্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে।
    কবিতাটোত কবিয়ে বর্ষা ঋতুৰ এটা মনোমোহা দৃশ্য দাঙি ধৰিছে। বর্ষা ঋতুত আকাশত গ্রহ নক্ষত্র দেখা নাযায়। আকাশৰ চন্দ্র, সুর্য, তৰা, নক্ষত্রসমূহক বাৰিষাৰ মেঘে ঢাকি ৰাখে ঠিক সেইদৰে আমাৰ শৰীৰত জীৱাত্মা ঢাক খাই থাকে। কবিয়ে মেঘক জীৱৰ লগত তুলনা কৰিছে। জীৱ যিদৰে নিজৰ শৰীৰত বিলোপ হয় তেনেদৰে মেঘৰ মাজত গ্রহ, নক্ষত্রও বিলোপ হৈ পৰে। খৰালিত শুকাই যোৱা খাল-বিল, নদ-নদী, জান-জুৰি বাৰিষাকালৰ বৰষুণত উপচি পৰে। উপবাসে থাকি শুকাই-খীণাই যোৱা তপসীসকলে যিদৰে খাই-বৈ পুষ্ট হোৱাৰ দৰে শুকাই যোৱা খাল-বিল, জান-জুৰিবোৰক বৰষুণৰ পানীয়ে পুনৰ পৰি পুষ্ট কৰি তোলে।
    ইয়াত কবিয়ে পর্বতৰ ৰূপকৰ মাজেৰে বুজাবলৈ। প্রয়াস কৰিছে যে মুষলধাৰ বৰষুণে পৰ্তৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক তেনেদৰে কৃষ্ণত যাৰ মন আসক্ত তেনেলোকক বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে বিচলিত কৰিব নোৱাৰে। যিসকল লোকৰ মন ভক্তি ধর্মত আসক্ত হৈ থাকে সেইলোকসকলক বাস্তৱ জীৱনৰ সামগ্রিক যন্ত্রণাই একো কৰিব নোৱাৰে।
    বর্ষা ঋতুত আকাশত চালে চকু ৰোৱা ৰামধেনুয়ে। অতুলনীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। কবিৰ মতে ৰামধেনুৰ দৰেই ভগৱানৰো নিজৰ কোনো গুণ নাই যদিও সকলোতে তেওঁ বিৰাজমান। ভগৱানে তেওঁৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্রকাশ কৰে। অর্থাৎ এই বিশ্বব্রহ্মাণ্ডৰ সকলোবস্তুৰ মাজেৰে ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। এইদৰে মহাপুৰুষ শংকদেৱে বর্ষাঋতুৰ স্বাভাৱিক মনোমোহা দৃশ্যৰ দ্বাৰা ভক্তি ধৰ্মৰ তাত্ত্বিক মহত্বৰ কথা বর্ণনা কৰিছে।

4. প্রসঙ্গ-সংগতি দেখুৱাই ব্যাখ্যা কৰা।
(ক) যদ্যপি মুষলধাৰে মেঘে বৰষিল।
তথাপি পর্বতে পীড়া কিছো নজানিল।।

উত্তৰঃ- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত শ্রীশংকৰদেৱে ৰচনা কৰা "বর্ষা বর্ণন" নামৰ কবিতাটোৰ পৰা অনা হৈছে।
    বর্ষাকালৰ সৌন্দৰ্যৰ বিষয়ে ক'বলৈ গৈ কবিয়ে ভক্তিত নিমর্জিত লোকক বৈষয়িক দুখ-যন্ত্রণাই যে জৰ্জৰিত কৰিব নোৱাৰে তাকে ক'বলৈ কবিতাফাকিৰ অৱতাৰণা কৰিছে।
    বর্ষা কালত মুষলধাৰে বৰষুণ হোৱাৰ ফলত নদ-নদীৰ পাৰ উপচি পৰি মানুহৰ অশেষ ক্ষতি হয় যদিও ই পৰ্বতৰ কোনোধৰণে ক্ষতি কৰিব নোৱাৰে। পর্বতে নির্বিবাদে সকলো মূৰ পাতি লয়। এই দৰে যিসকলৰ হৃদয় একান্তভাৱে ভগৱানৰ ওচৰত অর্পিত হৈছে, তেওঁক পাৰ্থিৱ, দুখ-ক্লেশ-যাতনাই হৰি ভক্তিৰ পৰা কণমানো বিচলিত কৰিব নোৱাৰে। ওখ পর্বতবোৰে বৰষুণৰ আঘাত নির্বিবাদে সহ্য কৰাৰ দৰে একান্ত ভকতসকলেও সাংসাৰিক দুখ-কষ্ট ভগৱানৰ দান বুলি মানি লৈ হৰি ভক্তিত বান্ধ খাই থাকে।

4. (খ) "বহৱৈ বিপথে আতি ক্ষুদ্র নদী যত।
কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্বত।।" HS-2008

উত্তৰঃ- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা "বর্ষা বর্ণন" নামৰ কবিতাটোৰ পৰা অনা হৈছে।
    মানুহে ধনৰ গর্বত কিদৰে অকার্য বা অনৈতিক আচৰণ কৰিবলৈ লয়, সেই কথা ক'বলৈ কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।
    বাৰিষা কালত বৰষুণৰ পানীয়ে নদ-নদী, জান-জুৰি উপচাই পেলায়। সৰু সৰু নৈবোৰো পানীৰে পৰিপূৰ্ণ হৈ পাৰ ভাঙি চাৰিওফালে গতি কৰে। আকৌ বাৰিষা যোৱাৰ লগে লগে নদীৰ এনে ক্ষন্তেকীয়া অহংকাৰ। নাইকীয়া হয়। পানী শুকাই যায়। কবিৰ মতে ধনৰ গর্বত অহংকাৰী হৈ মানুহে যিকোনো অনৈতিক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। ধনৰ গৰ্বত অহংকাৰ কৰা লোকসকলে কৰা কামবোৰক কবিয়ে নদীবোৰৰ বর্ষাকালৰ আচৰণৰ লগত তুলনা কৰিছে। সৰু সৰু নদীবোৰৰ বিপথে বৈ যোৱা পানীয়ে যিদৰে আনৰ অপকাৰ কৰে সেই দৰে ধনীৰ অকার্যবোৰেও সমাজৰ অনিষ্ট কৰে।

4. (গ) "পঞ্চবর্ণে ৰঞ্জিত নিগুণ ইন্দ্রধনু।
গুণৱন্ত মেঘত প্রকাশে পুনু পুনু।।
যেন তিনি গুণময় জগত যতেক।"

উত্তৰঃ- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা "বর্ষা বর্ণন" নামৰ কবিতাটোৰ পৰা অনা হৈছে।
    নিগুণ ভগৱানে যে তেওঁৰ সৃষ্টিৰ মাজেৰে নিজকে প্রকাশ কৰে এই তত্ত্বকে কবিয়ে উক্ত কবিতাফাঁকিৰ জৰিয়তে অৱতাৰণা কৰিছে।
    কবিৰ মতে বাৰিষাৰ মেঘ গুণৱন্ত। কাৰণ মেঘে গাজে, সেইগাজনিত বিজুলীৰ উৎপত্তি হয়, ঢেৰেকনিৰ সৃষ্টি হয় আৰু তাৰ ফলতে মূষলধাৰ বৰষুণ হয়। সেই বৰষুণৰ পানীয়ে পৃথিৱী সজীৱ কৰি তোলে। সূৰ্যৰ ৰশ্মিৰ মাজেদি সৰকি অহা বৰষুণৰ কণিকাই আকাশত ৰামধেনুৰ সৃষ্টি কৰে। ৰামধেনু দেখাত সুন্দৰ যদিও নিজৰ অস্তিত্ব নাথাকে। কবিয়ে ক'ব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো প্রকাশ ৰাশি নাই। নিজৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্রকাশ কৰে। অর্থাৎ কৃষও ভক্তিপৰায়ণ মানুহে বিশ্বব্রহ্মাণ্ডৰ জীৱ আৰু প্রাণী জগতৰ মাজেৰে ভগৱানৰ অস্তিত্বক বিচাৰি পায়।
     সমগ্র জগতখনৰ প্রতিটো বস্তুৰ মাজতে নিগুণ ইন্দ্রধনু বা ৰামধেনুৰ প্রকাশ ঘটাৰ দৰে নিৰ্গুণ ভগৱানৰ ৰূপো জগতৰ প্ৰতিটো গুণাত্মক বস্তুৰ মাজত উদ্ভাসিত হয়।  

5. শব্দার্থঃ-
প্রয়াস–পুৰুষাৰ্থ, চেষ্টা, যত্ন
চগু- খং, বৰ খঙাল
মহি— পৃথিৱী
ছন— ধ্বংস, নষ্ট
মণ্ডল— ঘূৰণীয়া
খব্ব– খৰ, তীক্ষ
নিঝৰ— নিজৰা
উণাৱন্ত— শুনা
পৈশন্ত— প্রৱেশ কৰা
নাকলিয— নোলায়, নাভাবি
ছন— বিয়পি পৰা
গেষ্ঠক— গৰু-ম'হৰ খুটি
চৈতন্য— চেতনা, জীৱনী শক্তি
পলুৰংগা— কেঁচুমাটি, কণ কণ মাটিৰ দ'ম।

 

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-ই যে অগ্নি-বীণাৰ তান -অম্বিকাগিৰী

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE কাঞ্চনজংঘাৰ বুৰঞ্জী -জ্যোতিপ্ৰসাদ

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-বহাগ বিহুৰ পৰম্পৰা

10. CLASS 12 ADV ASSAMESE-কপিলীপৰীয়া সাধু

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-হাতী -হোমেন বৰগোহাঞি

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-উপন্যাস আৰু চুটিগল্পৰ পৰিচয় 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan,
Advanced Assamese
Previous
Next Post »