-->

Class 12 Adv Assamese Chapter 6 Anbeshan অন্বেষণ

Anbeshan । অন্বেষণ

Class 12 Advanced Assa mese, Chapter 6 অন্বেষণ -সীতানাথ ব্ৰহ্মচৌধুৰী । Anbeshan by Sitanath Brahmachaudhury. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "অন্বেষণ"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযগ কৰিব পাৰিব। 


1. 'অন্বেষণ' কবিতাটি কি ভাৱৰ কবিতা?
উত্তৰঃ- প্ৰেম ভাবৰ কবিতা।

2. 'সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছো বিচাৰি' -কবিয়ে কাক বিচাৰি ফুৰিছে। HS-2011
উত্তৰঃ- কবি তেওঁৰ প্ৰেয়সী প্ৰিয়তমা বিচাৰি ফুৰিছে।

3. সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।
উত্তৰঃ— (ক) কমলকলি আৰু (খ) চকুলো।

4. সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কিমান চনত আৰু ক'ত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰঃ- সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ১৯০৮ চনত গোৱালপাৰাৰ ভালুকমাৰীত জন্ম গ্ৰহণ কৰিছিল।

5. অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰঃ- অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিৱেশনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সভাপতিত্ব কৰিছিল।

6. সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কলেজীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিল? তেওঁৰ কিমান চনত মৃত্যু হৈছিল?
উত্তৰঃ- সীতানাথ ব্ৰহ্মচৌধুৰীয়ে গুৱাহাটীৰ কটন কলেজত শিক্ষা গ্ৰহণ কৰিছিল।
    সীতানাথ ব্ৰহ্মচৌধুৰীৰ ১৯৮২ চনত মৃত্যু হৈছিল।

7. সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত কি ভাৱৰ প্ৰকাশ ঘটিছে?
উত্তৰঃ- সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত ৰোমান্টিক ভাবাদর্শ, প্ৰেম আৰু সৌন্দর্য প্ৰকাশ ঘটিছে।

8. সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ- ১৯৮২ চনত সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু হৈছিল।

9. সীতানাথ ব্ৰহ্মচৌধুৰী কেইবাৰ 'অসম সাহিত্য সভা'ৰ সভাপতি নির্বাচিত হৈছিল?
উত্তৰঃ- সীতানাথ ব্ৰহ্মচৌধুৰী দুবাৰ 'অসম সাহিত্য সভানৰ তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতি নির্বাচিত হৈছিল।

দীঘল প্ৰশ্ন আৰু উত্তৰঃ-
1. 'ই জন্মত ক'ত আছে, কেনে আছে, কোনে জানে হায়।' —এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় তেনেদৰে কৈছে লিখা।

উত্তৰঃ- উদ্ধৃত কবিতাফাকিৰ বক্তা হৈছে 'অন্বেষণ' কবিতাটিৰ কবি সীতানাথ ব্ৰহ্মচৌধুৰী।
    কবিতাটিত কবিয়ে পূর্বজন্মৰ প্ৰেয়সীক বিচাৰি নাপাই মনত সৃষ্টি হোৱা বিৰহ প্ৰকাশ কৰিছে। কবিয়ে প্ৰিয়তমাক বিচাৰি গোটেই জগত ঘূৰি ফুৰিছে যদিও ক'তো বিচাৰি পোৱা নাই। প্ৰিয়তমা ক'ত আছে, কেনে আছে ভাৱি কবিয়ে নিজৰ মনৰ দুখ প্ৰকাশ কৰিছে।
    পূর্বজনমত প্ৰিয়তমাৰ লগত কবিৰ সম্পৰ্ক আছিল অতি মধুৰ। তেওঁৰ প্ৰিয়তমা দেখাতো বৰ ধুনীয়া আছিল। পূর্বজন্মৰ প্ৰেম সোঁৱৰি এই জন্মত কবিয়ে জগত বিচাৰি চলাথ কৰিও প্ৰিয়তমাক এবাৰলৈয়ো দেখা পোৱা নাই। সেইবাবে কবিতাফাকিৰ জৰিয়তে কবিয়ে দুখ প্ৰকাশ কৰিছে।

2. 'নিজ মনে গাই বিৰহৰ কৰুণ সংগীত।
সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছো বিচাৰি৷
—কবিয়ে কিদৰে বিৰহৰ কৰুণ সংগীত গাই ঘূৰি ফুৰিছে লিখা।    HS-2012, 2017

উত্তৰঃ- কবি সীতানাথ ব্ৰহ্মচৌধুৰীয়ে নিজেই তেওঁৰ প্ৰিয়তমাক বিচাৰি ফুৰিছে। সমস্ত জগত ঘূৰিও তেওঁ প্ৰিয়তমাক বিচাৰি নাপাই বিৰহৰ কৰুণ গীত গাইছে।
    প্ৰিয়তমাৰ লগত পূর্বজন্মত কবিৰ সম্পর্ক আছিল অতি মধুৰ। তেওঁৰ প্ৰিয়তমাজনী দেখাতে বৰ আকর্ষণীয় আছিল। পূর্বজনমত প্ৰেমৰ ৰঙেৰে তাইৰ প্ৰতিটো অংগ জিলিকি উঠিছিল। পূর্বজন্মৰ প্ৰেম সুঁৱৰি এই জন্মত কবিয়ে জগত বিচাৰি চলাথ কৰিও প্ৰিয়তমাক এবাৰলৈয়ো দেখা পোৱা নাই। সেয়েহে কবিয়ে বিৰহৰ কৰুণ গীত গাইছে।

3. প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ-
'বিৰহ-কাতৰ মই, বিৰহত মৰো দেই-পুৰি'
অ' মোৰ প্ৰাণৰ প্ৰিয়া, ক'ত যাম তোমাক বিচাৰি।'     HS-2010, 2014, 2015, 2018

উত্তৰঃ- ব্যাখ্যেয় কবিতাফাকি সীতানাথ ব্ৰহ্মচৌধুৰীৰ ৰচিত 'অন্বেষণ' নামৰ কবিতাটোৰ পৰা অনা হৈছে।
    কবিয়ে সমস্ত জগত চলাথ কৰিও প্ৰিয়তমাক বিচাৰি নাপাই কবিতাফাকিৰ জৰিয়তে অন্তৰৰ গভীৰ দুখ প্ৰকাশ কৰিছে।
    প্ৰিয়তমাৰ লগত পূর্বজনমত কবিৰ সম্পৰ্ক অতি মধুৰ আছিল। তেওঁৰ প্ৰিয়তমা দেখাতো বৰ ধুনীয়া আছিল। পূর্বজনমত তাইৰ দেহত বসন্তই খেলা কৰিছিল আৰু প্ৰেমৰ ৰঙেৰে তাইৰ প্ৰতিটো অংগ জিলিকি উছিঠিল। পূর্বজন্মৰ প্ৰেম সোঁৱৰি এই জন্মত কবিয়ে প্ৰেয়সীক বিচাৰি চলাথ কৰিও দেখা পোৱা নাই। সেইবাবে কবিৰ হৃদয় বিৰহত দহিছে।

4. অন্বেষণ কবিতাটিৰ সাৰাংশ লিখা। HS-2019

উত্তৰঃ- সীতানাথ ব্ৰহ্মচৌধুৰীৰ ৰোমাণ্টিক ভাৱ দর্শনৰ 'অন্বেষণ' নামৰ কবিতাটি মূলতে এটা প্ৰেমৰ কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেয়সীৰ সতে হোৱা বিচ্ছেদ বেদনাৰ এখন ছবি অংকন কৰিছে। বিৰহত কাতৰ কবিয়ে প্ৰিয়তমাক বিচাৰি নাপাই ব্যাকূল হৈ পৰিছে।
    পূর্বজন্মত বিশ্বাসী কবিয়ে পূর্বজনমত লগপোৱা প্ৰেয়সীক বিচাৰি চলাথ কৰিছে। কবিৰ মতে তেওঁৰ প্ৰেয়সী আছিল অনুপমা সৌন্দর্যৰ প্ৰতিমা। পূর্বজনমত তাই যৌৱনৰ প্ৰথম ঢৌ তুলি কবিৰ প্ৰেম সত্বাক জগাই তুলিছিল। বর্তমান তাইক ক'তো কবিয়ে বিচাৰি পোৱা নাই। তাইৰ দেহৰ প্ৰতিটো অংগ প্ৰেমৰ ৰঙেৰে জিলিকি উঠিছিল। পূর্ব জনমত সৌন্দর্যময়ী লাৱণী দেহত যৌৱনৰ বসন্তই খেলা কৰিছিল, প্ৰেমৰ ৰঙেৰে তাই আৰু জিলিকি উঠিছিল। কবিৰ ওঠৰ এটি প্ৰেমভৰা চুমাত তেওঁৰ প্ৰেয়সী প্ৰেমত মতলীয়া হৈ পৰিছিল। পূর্ব জনমৰ জীৱনৰ কোনোবা সন্ধিয়াত কবিৰ সতে প্ৰেয়সীৰ বিচ্ছেদ হ'ল যদিও এই জনমতো তেওঁ পাহৰিব পৰা নাই। ভাৰতীয় দর্শনত বিশ্বাসী কৰিয়ে পূর্বজন্মৰ লগৰী প্ৰিতমাক বিচাৰি চলাথ কৰিছে। বিদায় লগ্নত তেওঁৰ প্ৰিয়তমায়ো কবিৰ পৰা বিদায় লৈছিল আৰু বিৰহৰ চকুলোৰে প্ৰিয়তমাৰ চকু ভৰি পৰিছিল। কবিয়ে পূর্ব জনমৰ তেওঁৰ যৌবনৰ প্ৰথম লহৰীত লগপোৱা সেই প্ৰেয়সীজনী এতিয়া ক'ত কেনেকৈ আছে তেওঁ নাজানে। সেয়েহে কবিয়ে সেই প্ৰেয়সীয়ে আকৌ ক'ত জনম ল'লে আৰু ক'ত কেনেকৈ আছে তাকে জানিবলৈ ব্যাকূল হৈছে। তেওঁৰ মোহময়ী প্ৰেয়সীক ক'তো বিচাৰি নাপাই কবি বিৰহত ভাগি পৰিছে।
 
5. শব্দার্থঃ-
লৱণ— মাখন।
অধীৰ— অস্থিৰ।
লহৰী— ঢৌ।
আকুল— কাতৰ।
বিৰহ— বিচ্ছেদ।
নিৰুপমা— অতুলনীয়।

Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, 
Advanced Assamese

Previous
Next Post »