ই যে অগ্নি-বীণাৰ তান
-অম্বিকাগিৰী ৰায়চৌধুৰী
Class 12 Advanced Assamese, Chapter 3 ই যে অগ্নি-বীণাৰ তান -অম্বিকাগিৰী ৰায়চৌধুৰী। E je agni binar tan by Ambikagiri Raychoudhuri. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "ই যে অগ্নি-বীণাৰ তান"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
1. অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা। HS-2019
উত্তৰঃ— (ক) চেতনা আৰু (খ) ডেকা অসম।
2. অসমীয়া সাহিত্যত 'অসম কেশৰী' বুলি কাক আখ্যা দিয়া হৈছে? HS-2012, 2015, 2018
উত্তৰঃ- অসমীয়া সাহিত্যত অসম কেশৰী' বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক আখ্যা দিয়া হৈছে।
3. কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা মৰণোত্তৰভাৱে লাভ কৰিছিল? HS-2014, 2018
উত্তৰঃ- ‘বেদনাৰ উল্কা’ গ্রন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা মৰণোত্তৰভাৱে লাভ কৰিছিল।
4. অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন গীতৰ পুথিৰ নাম লিখা।
উত্তৰঃ- অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন গীতৰ পুথিৰ নাম হ'ল— চেতনাৰ কণ্ঠ।
5. কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ- ১৯৫০ চনত অসম সাহিত্য সভাৰ একবিংশতিতম অধিৱেশনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল।
6. অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰঃ- অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ১৮৮৫ চনত বৰপেটাত হৈছিল।
7. অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতাপুথিৰ নাম লিখা।
উত্তৰঃ- (ক) বীণা আঁৰু (খ) অনুভূতি
দীঘল প্ৰশ্ন আৰু উত্তৰঃ-
1. ই যে 'অগ্নি-বীণাৰ তান' কবিতাটিত প্ৰকাশ পোৱা দেশপ্রেমৰ আভাস, দাঙি ধৰা। HS-2013,2015,2017
উত্তৰঃ- অসম কেশৰী বুলি খ্যাত অম্বিকাগিৰি ৰায় চৌধুৰী 'ই যে অগ্নি বীণাৰ তান' শীর্ষক কবিতাটিৰ মাজেৰে গভীৰ স্বদেশপ্রেম প্রকাশ পাইছে। ৰায়চৌধুৰীৰ কবিতা আৰু গীতত দুটা সুৰৰ প্রকাশ দেখা যায়। এটা হ'ল ৰহস্যবাদী প্ৰেমৰ সুৰ আৰু আনটো হ'ল গভীৰ স্বদেশপ্রেমৰ সুৰ। কবিতাটোৰ মাজেৰে কবিয়ে দেশৰ জনগণৰ পৰাধীনতাৰ শিকলি ছিঙি, সমাজৰ পৰা হীনতা-নীচতা কলুষ-কালিমা নাশ কৰি এক শ্রেণীহীন সমাজ গঢ়াৰ বাবে কবিয়ে দৃঢ়সংকল্প লৈছে। যিখন সমাজত হীনতা, নীচতা, ভীৰুতাভাৱ নাথাকে।
কবিৰ মতে জীৱনটো হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান নহয়। ইয়াৰ এক মহৎ উদ্দেশ্য আছে। জীৱনটো হৈছে মৰণ-পণৰ এক সংগ্রামহে৷ এই সংগ্রাম হৈছে অপমান লাঞ্ছনাৰ বিৰুদ্ধে। এই সংগ্রাম সুধাৰ কাৰণে, অমৃত মন্থনৰ বাবে। কবিয়েদেশমাতৃৰ বাবে জীৱন দান কৰিবলৈ হাবিয়াস কৰিছে কবিয়ে শোষিত-জর্জৰিত, নিষ্পেষিতক অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ জগাই তুলিছে। মানৱীয় অধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে বজ্র নিনাদ গুজৰি এটা পৰিকল্পিত অভিযান চলাবলৈ কৈছে। স্বদেশ-স্বজাতি মহামানৱতা মূৰ্চ্ছিত কৰি ঘোৰ অপমান, উৎপীড়ন কৰা সেই গর্বীসকলৰ গর্ব চুৰমাৰ কৰি মানৱৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সকীয়াই দিছে। ভাৰতৰ লাঞ্ছিত জনতাৰ এই ঘৃণনীয় ইতিহাস মচি দিবলৈ 'মানৱতা অৱমাননাকাৰী'ক নিঃশেষ কৰিবলৈ আহ্বান জনাইছে। হেজাৰ ত্যাগ স্বীকাৰ কৰি, হেজাৰ বাধা অতিক্ৰম কৰি দৃঢ় মনোভাবেৰে দেশৰ মংগল সাধন কৰিবলৈ কবিতাটোৰ দ্বাৰা সকলোকে কবিয়ে আহ্বান জনাইছে।
2. প্রসঙ্গ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ-
(ক) 'ইযে হীনতা, নীচতা, ভীৰুতা-দীনতা জোকাৰি-পেলোৱা ভাৱ, ই যে এক ৰূপৰসে, একে ৰঙে চঙে এক কৰি দিয়া ছাৱ।'
উত্তৰঃ- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীদেৱৰ ৰচিত 'ই যে অগ্নিবীণাৰ তান' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
জীৱনৰ প্রকৃত কর্তব্য কি সেই বিষয়ে কোৱাৰ প্রসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ উপস্থাপন কৰিছে।
ৰায় চৌধুৰীদেৱে গভীৰ জাতীয় চেতনাৰে উদ্বুদ্ধ আছিল। সেয়েহে কবিয়ে দেশত চলি থকা ভেদাভেদ, ভীৰুতা, দীনতা আদি দেখা পাই মর্মাহত হৈছে। তেওঁ কৈছে যে এই সকলোবোৰ হীনতা, ভীৰুতা, মচি পেলোৱাৰ সময় সমাগত। তেওঁ আশাবাদী যে সমাজৰ পৰা এনে কুপ্রভাৱবোৰ মচি পেলাব পাৰিলে এখন সাম্য শোষণমুক্ত সুন্দৰ সমাজ গঢ়ি উঠিব।
2. (খ) 'এইতো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান ই যে জীৱন-মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ তান।' HS-2010,2014
উত্তৰঃ- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য'ৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত 'ই যে অগ্নিবীণাৰ যে তান' শীর্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে।
উক্ত কবিতাফাকিৰ দ্বাৰা কবিৰ অন্তৰত অহৰহ বাজি থকা স্বদেশপ্রেমৰ বৰ্ণনা কৰা হৈছে।
কবিতাফাকিৰ দ্বাৰা কবিয়ে মানুহৰ জাতীয় চেতনাক সুপ্ত অৱস্থাৰ পৰা জাগ্রত কৰিবলৈ চেষ্টা কৰিছে। সেয়েহে দেশৰ প্ৰতিটো স্বার্থৰ প্রতি তেওঁ সদায় সজাগ। কবিৰ অন্তৰত বীণ আৰু সুৰ দৰে এটি সুৰ অহৰহ বাজিব লাগিছে। বীণাৰ মনোমোহা সুৰ শুনিলে সাধাৰণতে মানুহৰ মনত আনন্দ লাগে, দুখ-কষ্ট আৰু ভাগৰ আঁতৰে। কিন্তু কবিৰ অন্তৰত যি সুৰ বাজিব লাগিছে সেই সুৰ হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা সুৰ নহয়। সেই সুৰ হৈছে জীৱন মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ সুৰ, জাতীয় চেতনাক জাগ্রত কৰাৰ সুৰ। এই সুৰ জীৱন-পণ কৰি মাতৃভূমিক উদ্ধাৰ কৰাৰ বুক বাবে, স্বদেশ-স্বজাতিৰ বাবে এক হৈ আত্মবলিদানৰ হকে সকলোকে ওলাই আহিবলৈ কৰা আহ্বানৰ উত্তপ্ত সুৰ।
3. 'ই যে মাতৃ আদেশ, সন্তান প্রাণ দিবলকে বলিদান' কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা। HS-2012,2016
উত্তৰঃ- কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 'ই যে অগ্নিবীণাৰ তান' কবিতাটিৰ মাজেদি দেশৰ প্ৰতি থকা স্বদেশপ্রেম প্রকাশ কৰিছে।
দেশ মাতৃৰ সন্তান হিচাপে প্ৰতিজন মানুহৰে মাতৃভূমিৰ প্রতি দায়িত্ব আছে। জীৱনটো হাঁহি তামাচাৰে পাৰ নকৰি দেশৰ বাবে কৰিবলগীয়া কাম আছে। পৰাধীন অৱস্থাত থকা সময়ত নিজ মাতৃভূমিত শোষকসকলে জনতাৰ ওপৰত কৰা অত্যাচাৰ, অপমান, লাঞ্ছনা আদিত কবি মর্মাহত তেওঁৰ অন্তৰত যেন স্বদেশ-স্বজাতিৰ উদ্ধাৰৰ চিন্তাত অগ্নিশিখা জ্বলিব লাগিছে। স্বদেশৰ জনতাক সকলো 'নীচতা' ভীৰুতা-দীনতা জোকাৰি দলিয়াই পেলাই ঐক্যবদ্ধভাৱে স্বদেশৰ হকে ওলাই আহিবলৈ তেওঁ আহ্বান জনাইছে। অমৃত লাভৰ বাবে দেৱ-দানবে যিদৰে কঠোৰ পৰিশ্ৰম কৰি সাগৰ মন্থন কৰিছিল। যিদৰে মৃত্যুঞ্জয়ী হ'বলৈ হলাহল পান কৰিছিল। ঠিক তেনে মৰণপণ কৰি স্বদেশৰ জনতাৰ লাঞ্ছিত হোৱা ভয়াবহ অপমানৰ ইতিহাস মুচি পেলাব লাগিব। শাসক-শোষকৰ ঘৃণিত উৎপীড়ন আৰু গর্ব নাশ কৰি দেশত শান্তি প্রতিষ্ঠা কৰিব লাগিব যাতে সকলোতে মানৱতা সুপ্রতিষ্ঠিত হয়। দেশমাতৃৰ পন্তান হিচাপে মৃত্যুক আকোৱালি ল'বলৈ কোন্ঠাবোধ কৰিব নালাগে। মাতৃভূমিৰ বন্ধ শিকলি ছিঙি পেলাবলৈ, সন্তান ৰক্তেৰে ৰঞ্জিত হোৱা মাতৃৰ বুকুৰ তেজ ধুই নিবলৈ, মহাপ্লাৱনৰ সৃষ্টি কৰি নৰনাৰায়ণস্বৰূপ জনতাক কবিয়ে আহ্বান জনাইছে। কবিয়ে শেষত ক'ব বিচাৰিছে যে দেশ মাতৃৰ মংগলৰ হকে দেশৰ সন্তানসকলে নিজকে বলিদান দিবলৈকো প্রস্তুত থাকিলেহে দেশৰ শৌর্য-বীর্য চিৰদিন উচ্চ হৈ জিলিকি থাকিব।
4. 'ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰৱণৰ মহাবাণ, ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান। HS-2016, 2018 উত্তৰঃ- উদ্ধত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত 'ই যে অগ্নিবীণাৰ তান’ শীর্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে।
এই কবিতাফাকিৰ দ্বাৰা কবিয়ে মাতৃভূমিৰ প্ৰতি সন্তানৰ কৰণীয় ত্যাগৰ বিষয়ে উল্লেখ কৰিছে।
কবিয়ে দেশৰ পৰাধীন অৱস্থাত থকা গর্বিত শাসক-শোষকে স্বদেশ আৰু স্বজাতিৰ প্ৰতি কৰা শোষণ, লাঞ্ছনা, অত্যাচাৰ-অপমানত অতিকৈ মর্মাহত। সেয়ে কবিয়ে মাতৃভূমিক বন্দীত্বৰ পৰা উদ্ধাৰকৰি জনতাৰ ঘৃণিত ইতিহাস মুচি পেলাবলৈ জনতাক উদাত্ত কণ্ঠে আহ্বান জনাইছে। কবিৰ মতে প্রতিজন মানুহৰ দেশৰ প্রতি দায়িত্ব আছে। প্রয়োজনতে বুকুৰ তেজ দি হ'লেও মাতৃঋণ পৰিশোধ কৰি দেশমাতৃক বিপদমুক্ত কৰিব লাগে। কবিৰ মতে শোষক শত আঘাতত ৰক্তৰে ৰঞ্জিত হোৱা মাতৃৰ বুকু ধুৱাই নিব পৰা মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ আই মাতৃয়ে তেওঁৰ সন্তানসকলক আত্মবলিদান দিবলৈ কৰুণ আহ্বান জনাইছে। মাতৃৰ এই আদেশ গ্রহণ কৰি সন্তানসকলক দেশৰ হকে আত্মবলিদান দিবলৈ কবিয়ে আহ্বান জনাইছে।
5. শব্দার্থঃ-
শ্ৰাৱণ- শাওন
নিনাদ- শব্দ
তান- সুৰ
সুধা- অমৃত
মর্দিত- যাক পিহন কৰা হৈছে
হলাহল- বৰ চোকা বিষ
Syllabus of Class 12 Advanced Assamese
1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN
2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA
3. CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN
4. CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON
5. CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI
6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ
7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA
8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ
9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA
10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU
11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ
12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN
13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO
14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL
15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY
16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ । ALANKAR
17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Whatsapp no.-8812946512
contact us (whatsapp no 7020477396) For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese
ConversionConversion EmoticonEmoticon