-->

Class 12 Adv Assamese Chapter 5 Kangchanjunghar Buranji

কাঞ্চনজংঘাৰ বুৰঞ্জী 
-জ্যোতিপ্ৰসাদ আগৰৱালা

 Class 12 Advanced Assamese, Chapter 5 কাঞ্চনজংঘাৰ বুৰঞ্জী -জ্যোতিপ্ৰসাদ আগৰৱালা। Kanchanjanghar buranji by Jyotiprasad Agarwala. ইয়াত তোমালোকে উচ্চ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ "কাঞ্চনজংঘাৰ বুৰঞ্জী"ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।

1. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল? HS-2018
উত্তৰঃ ১৯০৩ চনত।

2. 'কাঞ্চনজংঘাৰ বুৰঞ্জী' নামৰ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালা। 


3. প্রথম আধুনিক অসমীয়া কবিতাটোৰ নাম কি? ইয়াৰ ৰচকৰ নাম লিখা। HS-2017
উত্তৰঃ- 'কাঞ্চনজংঘাৰ বুৰঞ্জী' অসমীয়া ভাষাৰ প্রথম আধুনিক কবিতা।
    ইয়াৰ ৰচক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

4. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা ঠাইখনৰ নাম কি?     HS-2017
উত্তৰঃ- ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হৈছিল।

5. প্রথম অসমীয়া কথাছবি নির্মাতা কোন?
উত্তৰঃ- জ্যোতিপ্রসাদ আগৰৱালা।

6. জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰঃ— 'শোণিত কুঁৱৰী' আৰু 'কাৰেঙৰ লিগিৰী'

7. 'ৰূপকোঁৱৰ' আখ্যা কাক দিয়া হৈছে?         HS-2012
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ আখ্যা দিয়া হৈছে।

8. জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্যত কি নামেৰে পৰিচিত?     HS-2002
উত্তৰঃ- 'ৰূপকোঁৱৰ' নামেৰে পৰিচিত।

9. জ্যোতিপ্ৰসাদ আগৰৱালাই উলিওৱা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰঃ- জয়মতী।

10. 'সুৰধনী গংগা' – ইয়াত 'শৈলজা' শব্দই কাক বুজাইছে?     HS-2009
উত্তৰঃ- 'শৈলজা' শব্দই পর্বত-কন্যাক বুজাইছে।

11. 'জয়মতী' কথাছবি কিমান চনত নির্মাণ কৰা হৈছিল?         HS-2012
উত্তৰঃ- ১৯৩৫ চনত নির্মাণ কৰা হৈছিল।

12. 'ইন্দ্ৰমালতী' কথাছবিৰ নির্মাতা কোন?     HS-2015
উত্তৰঃ- ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।

13. সুৰধনি গংগা মানে কি?
উত্তৰঃ- সুৰধনী গংগা মানে কল-কল শব্দৰে সংগীতৰ সুৰৰ দৰে বৈ যোৱা গংগাৰ জলৰাশি।

14. কাঞ্চনজংঘাৰ 'কিন্নৰী বালিকা' কোন?
উত্তৰঃ- সুললিত স্বৰেৰে মুখৰিত কৰি থকা চৰাই চিৰিকতিবোৰ। 



দীঘল প্ৰশ্ন আৰু উত্তৰঃ-
1. 'প্ৰকৃতিৰ অভিনয় মানপী পুতলা' – ইয়াত মানুহক 'প্ৰকৃতিৰ অভিনয় পুতলা' বোলাৰ কাৰণ কি? HS-2013, 2015, 2018, 2019

উত্তৰঃ- মানুহ হৈছে ক্ষণস্থায়ী জীৱ। ৰংগ মঞ্চত ভাৱৰীয়াই ভাও দিয়াৰ দৰে মানুহে জীৱনত নিজৰ নিজৰ ভাও লয়। এচাম
আহে এচাম যায় কিয়নো মানুহৰ স্থায়িত্ব নাই সেয়েহে মানুহক 'প্রকৃতিৰ অভিনয় পুতলা' বুলি কোৱা প্ৰকৃতিৰ বুকুত মানুহে নানা ৰূপত অভিনয় কৰি নানা খেলা খেলি আহিছে। পৃথিৱীৰ বুকুত মানুহৰ স্বাভাৱিক জীৱন ৰংগ মঞ্চৰ পুতলাৰ অভিনয়ৰ নিচিনা। নাটকত সূত্রধাৰে যিদৰে পুতলা নচুৱাই মানুহেও পুতলাৰ দৰে পৃথিৱীত ভাও দিয়ে।
    প্ৰকৃতিৰ বুকুত মানুহে যুগ যুগ ধৰি সুৰধনী গংগাৰ দৰে অহৰহ সভ্যতাঁৰ ভঙা-গঢ়াৰ অভিনয় কৰাৰ বাবে মানুহক প্ৰকৃতিৰ অভিনয় মানপী পুতলা বোলা হৈছে।

2. প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা।
(ক) অহৰহ আছে বৈ।
সুৰধনী গংগা ময়ো উদাসী আছোঁ
কাঞ্চন জংঘা।         HS-2017

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কাঞ্চনজংঘাৰ বুৰঞ্জীৰ পৰা তুলি অনা হৈছে।
    যুগৰ পৰিৱর্তনে কিঞ্চিতে বিচলিত কৰিব নোৱাৰা কাঞ্চনজংঘা একেদৰেই যে আছে তাকেই বুজাবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।   
    যুগৰ পৰিৱর্তনে ভাৰতবৰ্ষক আগুৱাই নিছে। সভ্যতাৰ নতুন পথত আগুৱাই নিছে যদিও অতীতৰে পৰা কাঞ্চনজংঘা একেদৰেই আছে পৰিৱৰ্তন হোৱা নাই। অতীতৰে পৰা বৰ্তমানলৈকে আৰু বৰ্তমানৰ পৰা হয়তো ভৱিষ্যতলৈও ইয়াৰ পৰিৱৰ্তন নহয়। সেয়েহে কবিয়ে ভাৰতবৰ্ষৰ কিৰিটি স্বৰূপ কাঞ্চনজংঘা ভাৰতবৰ্ষৰ উত্থান-পতনৰ সাক্ষী বুলি কৈছে। সুৰধনী গংগা অতীতৰ পৰা যিদৰে একেদৰেই অহৰহ বৈ আছে, কাঞ্চনজংঘাও সেইদৰেই ৰৈ আছে।

2. (খ) 'ৰূপান্তৰেদি আহি
বৰণ সলাই হাঁহি।
মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত।'

উত্তৰঃ- উক্ত কবিতাফাকি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত 'কাঞ্চনজংঘাৰ বুৰঞ্জী' নামৰ কবিতাটোৰ পৰা উদ্ধত কৰা হৈছে।
    ভাৰতবৰ্ষই ৰূপান্তৰ হৈ আজিৰ গৌৰৱময় অৱস্থাত যে উপনীত হৈছে সেই প্রসঙ্গত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
    ৰূপান্তৰে ধুনীয়া সৃষ্টি কৰে। ৰূপান্তৰক কবিয়ে ফুলৰ মন্ত্ৰ বুলি ভাৱে। কবিৰ মতে পুৰণিৰ বুকুতে নতুনে জন্ম লয়। প্রাচীনকালৰ পৰাই ভাৰতত নানান সভ্যতা গঢ়ি উঠিছে। যুগৰ পৰিৱর্তনৰ লগে লগে মানুহ সভ্যতাৰ দিশত ধাবমান হয়। মানুহৰ জীৱন ক্ষণস্থায়ী মানুহ মহাকালৰ মাজত বন্দী। যুগে যুগে বহুতো মহান মনীষীয়ে ভাৰত ভূমিত জন্ম গ্রহণ কৰি এই ভাৰতবৰ্ষৰ মঞ্চত অভিনয় কৰি বিদায় লৈছে। তেওঁলোকৰ অৱদানে ভাৰতক আজি সভ্যতাৰ দিশত বহুদূৰ আগবাঢ়িবলৈ সক্ষম কৰিছে। অর্থাৎ পুৰণিৰ বুকুত নানান ৰাজ বংশৰ উত্থান-পতন হৈছে। সেইসকলৰ অবদানত ভাৰতে আজি বিশ্বৰ সভ্যতাত গৌৰৱময় স্থান অধিকাৰ কৰিছে।

3. কাঞ্চনজংঘাক ভাৰতৰ অতীত বর্তমানৰ সাক্ষী কিয় কৰা হৈছে?
উত্তৰঃ- কবি জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতাটোত কাঞ্চনজঘাৰ অপৰূপ সৌন্দর্য দাঙি ধৰিছে। কাঞ্চনজংঘা হৈছে ভাৰতৰ হিমালয় পর্বতশ্রেণীৰ এটি সুউচ্চ শৃঙ্গ। ই অতীতৰ পৰা বর্তমানলৈকে গৌৰৱ ধবজা উৰুৱাই থিয় হৈ আছে। কাঞ্চনজংঘাই ভাৰতৰ প্ৰতিটো ঘটনাৰ সাক্ষী হৈ আছে। সময়ৰ লগে লগে ভাৰতৰো নানা পৰিৱৰ্তন হ'ল। ৰজা-মহাৰজাই যশ্যসা আজি পৃথিৱীৰ পৰা বিদায় ল'লে। নতুন নতুন সভ্যতাৰ সৃষ্টি হ'ল। ইয়াৰ নামনিতে থকা ভাৰতবৰ্ষৰ প্রতিটো ঘটনা প্রবাহ ইয়াৰ চকুৰ আগতে ঘটি আছে বুলি কবিৰ কল্পনাত স্থান পাইছে। কবিৰ মতে যুগে যুগে বহুতে ৰাজবংশ, ৰজা-মহাৰজাৰ উত্থান পতনৰ ই সাক্ষী হৈ আছে। মঞ্চত যেনেকৈ মানুহে অলপ সময়ৰ বাবে ভাও দি গুচি যায় ঠিক তেনেদৰে ভাৰতবৰ্ষ নামৰ বিশাল ভূ-মঞ্চখনত বহুতে বিভিন্ন ভাও দি গুচি গৈছে। মানুহে ক্ষন্তেকীয়া জীৱন যাপন কৰাৰ দৰে কাঞ্চনজংঘাৰ স্থিতি ক্ষন্তেকীয়া নহয়। মানুহৰ সকলো সু-কীর্তি আৰু কু-কীর্তি সাক্ষী হৈ ৰয় এই সুউচ্চ সুপ্রাচীন কাঞ্চনজংঘা। সময়ৰ গতিত ভাৰতবর্ষ আগুৱাই গ'লেও সুৰধনী কাঞ্চনজংঘা গংগাৰ দৰে ৰৈ থাকিব। যুগৰ পৰিৱর্তনে ভাৰতবৰ্ষৰ স্বৰূপ সলনি কৰিলেও, সভ্যতাৰ পথত ধাৱমান অতীত আৰু বৰ্তমানৰ নিচিনাকৈ হয়তো ভৱিষ্যতেও সুৰধনী গংগা বৈ থকাৰ দৰেই কাঞ্চনজংঘাও বৈ থাকিব। সেয়েহে কবিয়ে কাঞ্চনজংঘাক ভাৰতবৰ্ষৰ অতীত আৰু বৰ্তমানৰ সাক্ষী বুলি কৈছে।

4. ''মই কাঞ্চনজংঘা
তুষাৰ শুভ্রশিৰ
ময়ে অভ্রভেদী বীৰ।''
—ইয়াত কাঞ্চনজংঘাত কাৰ গুণ আৰোপ কৰা হৈছে আৰু কিয় আৰোপ কৰা হৈছে?    HS-2016

উত্তৰঃ- 'কাঞ্চনজংঘাৰ বুৰঞ্জী' নামৰ কবিতাটোত জ্যোতিপ্রসাদ আগৰৱালাই হিমালয়ৰ সুউচ্চ শৃংগ কাঞ্চনজংঘাৰ সৌন্দর্য বর্ণনা কৰিছে। কবিয়ে কাঞ্চনজংঘাক মহাদেৱৰ জটাৰ সৌন্দৰ্যৰ লগত তুলনা কৰিছে।
    মহাদেৱ হিন্দুসকলৰ এজন চিৰ উপাস্য দেৱতা। মহাদেৱৰ শৰীৰ যিদৰে ভষ্মৰে ধূসৰিত সেইদৰে কাঞ্চনজংঘাৰ দেহাও বৰফাবৃত। জটাধাৰী বাঘৰ ছাল পৰিহিত মহাদেৱৰ দেহৰ সৌন্দর্যও অতি মনোৰম। তুষাৰ শুভ্র ৰাশিৰে শোভাষিত হৈ থকা কাঞ্চনজংঘাক অভ্রভেদী বীৰৰ ৰূপত কবিয়ে কল্পনা কৰিছে। বৰফেৰে আবৃত কাঞ্চনজংঘাৰ পৰা নিগৰি অহা বৰফৰ গলিত জলৰাশিযে মহাদেৱৰ জটাৰ পৰা বৈ অহা সুৰধনী গংগাহে।
    কাঞ্চনজংঘা হৈছে হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত ভাৰতৰ অন্যতম সুউচ্চ পর্বত। গোটেই বছৰ ইয়াৰ শিখৰ শুভ্র বৰফে আবৃত হৈ থাকে। ভাৰতবৰ্ষত হিন্দুসকলৰ বাবে যেনেদৰে মহাদেৱৰ স্থান উচ্চ ঠিক তেনেদৰে পর্বতশৃঙ্গৰ ভিতৰত কাঞ্চনজংঘাৰ স্থান উচ্চ।
    যুগৰ পৰিৱর্তনৰ লগে লগে ভাৰতবৰ্ষও সভ্যতাৰ নতুন পথত আগবাঢ়ি গৈছে। কিন্তু অতীতৰে পৰা কাঞ্চনজংঘাৰ কোনো পৰিৱর্তন হোৱা নাই। ই নিজৰ ঠাইত অপৰিৱৰ্তিতভাৱে থিয় হৈ আছে আৰু থাকিবও। অতীতৰ পৰা বৰ্তমানলৈ আৰু বৰ্তমানৰ পৰা হয়তো ভৱিষ্যতলৈয়ো ইয়াৰ পৰিৱৰ্তন হোৱাৰ কোনো আশা নাই। সেই বাবে কবিয়ে ভাৰতবৰ্ষৰ কিৰিটিস্বৰূপ কাঞ্চনজংঘা ভাৰতবৰ্ষৰ উত্থান-পতনৰ সাক্ষী বুলি কৈছে। সুৰধনী সংগা অতীতৰ পৰা যিদৰে একেদৰে অবিৰাম গতিত বৈ আছে উদাস কাঞ্চনজংঘাও সেইদৰেই ৰৈ আছে আৰু অনন্ত কাললৈ ৰৈ থাকিব বুলি কবিৰ বিশ্বাস।

5. শব্দার্থঃ-
কিন্নৰী- সৰ্গত নৃত্য কৰা অপ্সৰী। HS-2019
তুষাৰ- বৰফ।
অভ্রভেদী- আকাশলংঘা।
পয়োধৰা- মেঘ, ডাৱৰ, স্তন।
পিযুষ- মধু, মৌ।
সলিলা- নদী।
সুৰধনী- কলকল শব্দৰে প্রবাহিত নদীৰ জলধাৰা।
অবিৰত- অহৰহ।
শৈলজা- পর্বতত জন্ম হোৱা।
অন্বনৃ- সম্পূর্ণ দেহজুৰি।
দ্যুতি- উজ্জ্বলতা।
আলোক-বোধন:- পোহৰক আহ্বান জনোৱা।
কুটজ- গিৰিমল্লিকা ফুল আৰু তাৰ গছ।
মানপী- মানৱতা, মানুহৰ গুণ, ধর্ম।
সমিৰণছন্দা- মৃদু বতাহ।
শৈলবালা- পর্বত কন্যা, পার্বতী।
কস্তুৰীগন্ধা- মৃগনাভি, গান্ধকলাই।


Syllabus of Class 12 Advanced Assamese

1. CLASS 12 ADV. ASSAMESE বর্ষা বর্ণন । BARSHA BARNAN

 2. CLASS 12 ADVANCED ASSAMESE মানৱ বন্দনা । MANAV BANDANA

3.  CLASS 12 ADVANCED ASSAMESE-E JE AGNI BINAR TAN

4.  CLASS 12 ADVANCED ASSAMESE মোৰ গাঁও । MUR GAON

5.  CLASS 12 ADV ASSAMESE KANGCHANJUNGHAR BURANJI

6. CLASS 12 ADV ASSAMESE ANBESHAN অন্বেষণ

7. CLASS 12 ADV ASSAMESE বুৰঞ্জীৰ দৌৰাত্ম্য | BURANJIR DOURATMYA

8. CLASS 12 ADV ASSAMESE MADHAVDEV । মাধৱদেৱ

9. CLASS 12 ADV ASSAMESE-BOHAG BIHUR PARAMPARA

10. CLASS 12 ADV ASSAMESE-KAPILIPARIYA XADHU

11. CLASS 12 ADV ASSAMESE AMAR SIR । আমাৰ ছাৰ

12. CLASS 12 ADV ASSAMESE-HAATI-HOMEN BORGOHAIN

13. CLASS 12 ADVANCED ASSAMESE চুটিগল্প। CHUTIGALPO

14. CLASS 12 ADVANCED ASSAMESE-উপন্যাস UPANYASH-NOVEL

15. CLASS 12 ADV ASSAMESE-UPANYASH ARU CHUTIGALPAR PARICHAY 

16. CLASS 12 ADVANCED ASSAMESE-অলংকাৰ  । ALANKAR

17. CLASS 12 ADVANCED ASSAMESE - উপন্যাস । UPANYASH


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (brahmaratan@gmail.com/7020477396) for pdf notes of Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Economics, Education, History.   

Previous
Next Post »