-->

বাক্য পৰিবৰ্তন । HSLC Change Sentence in Assamese

 


বাক্য পৰিবৰ্তন । HSLC Change Sentence

    গঠনৰ ফালৰ পৰা বৈয়াকৰণিকসকলে বাক্যক তিনিটা শ্ৰেণীত ভাগ কৰি দেখুৱাইছে। সেই তিনি শ্রেণী হৈছে— ক) সৰল বাক্য খ) জটিল বাক্য আৰু গ) যৌগিক বাক্য। যি বাক্যত এটা কর্তা আৰু এটা ক্রিয়া থাকে তাক সৰল বাক্য বোলে। উদাহৰণ- লীলাই কিতাপ পঢ়িছে, ল'ৰাহঁতে খেলিছে, তেওঁলোক আহিছে।
যি বাক্যত মুখ্য বাক্যটোত ভৰ দি অন্য এটা বা অধিক বাক্য লগ লাগে তাক মিশ্র বাক্য বোলে। মিশ্র বাক্যক জটিল বাক্যও বোলে। উদাহৰণ- যি ছাত্রই ভালদৰে পঢ়ে, তেওঁলোকে পৰীক্ষাত ভাল নম্বৰ পায়। যিসকল জ্ঞানী লোক, তেওঁলোকে সমাজৰ লাভ কৰে। যি ছাত্ৰই পিতা-মাতাৰ কথা নুশুনে, সিহঁতে উন্নতি কৰিব নোৱাৰে| 
যি বাক্যত অব্যয় শব্দ সংযোগ হৈ দুটা বা ততোধিক বাক্য যুগ্ম হৈ থাকে তাক যৌগিক বাক্য বোলে। উদাহৰণ- মই ভাত খাই আছিলোঁ আৰু গান শুনি আছিলোঁ। তেওঁক ইমান বুজালোঁ, তথাপি নুবুজিলে। টকাখিনি থৈ দিয়া অথবা কামত লগোৱা।

সৰল বাক্যলৈ নিয়াঃ-

১। মই যেতিয়া পঢ়ো, সি তেতিয়া খেলে। [HSLC-2005]
উত্তৰঃ- মই পঢ়া সময়ত সি খেলে।
২। ল'ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ'ল। [HSLC-2008]
উত্তৰঃ- ল'ৰাটোৱে ভাত খাই স্কুললৈ গ'ল।
৩। আমি যেতিয়া খেলোঁ, সি তেতিয়া পঢ়ে। [HSLC-2008]
উত্তৰঃ- আমি পঢ়াৰ সময়ত সি খেলে।
৪। যিজন লোক অকৃতজ্ঞ, তেওঁক কোনেও ভাল নাপায়। [HSLC-2009, 2015]
উত্তৰঃ- অকৃতজ্ঞ লোকক কোনেও ভাল নাপায়।
৫। মই যেতিয়া খাওঁ, তাই তেতিয়া আহে। [HSLC-2010]
উত্তৰঃ- মই খোৱা সময়ত তাই আহে।
৬। পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়।   [HSLC-2011]
উত্তৰঃ- পানী গোট মাৰিলে বৰফ হয়।
৭। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষা বৃথা। [HSLC-2012]
উত্তৰঃ- শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষা বৃথা।
৮। যি মানুহে দেশক ভাল নাপায়, তেওঁৰ জীৱন বৃথা। [HSLC-2013]
উত্তৰঃ- দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা।
৯। যি সকলে ব্যাকৰণ মনপুতি পঢ়ে, তেওঁলোকে ভাষাটো ভালকৈ জানে। [HSLC-2016]
উত্তৰঃ- ব্যাকৰণ মনপুতি পঢ়াজনে ভাষাটো ভালকৈ জানে।
১০। যিজন লোক অকৃতজ্ঞ, তেওঁ ক'তো স্থান নাপায়। ‌[HSLC-2017]
উত্তৰঃ- অকৃতজ্ঞ লোকে ক'তো আসন নাপায়।
১১। যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। [HSLC-2018]
উত্তৰঃ- পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা।

যৌগিক বাক্যলৈ নিয়াঃ-

১। ল'ৰাটো ভাত খাই স্কুললৈ গ'ল। [HSLC-2003]
উত্তৰঃ- ল'ৰাটো ভাত খালে আৰু স্কুললৈ গ'ল।
২। সি কামটো কৰি লৰালৰিকৈ গুচি গ'ল। [HSLC-2004]
উত্তৰঃ- সি কামটো কৰিলে আৰু লৰালৰিকৈ গুচি গ'ল।
৩। ল'ৰা জন দুখীয়া হ'লেও সৎ।   [HSLC-2006]
উত্তৰঃ- ল'ৰা জন দুখীয়া, কিন্তু সৎ।
৪। তেওঁ বুঢ়া হ'লেও গাত শক্তি আছে। [HSLC-2010]
উত্তৰঃ- তেওঁ বুঢ়া, তথাপি গাত শক্তি আছে।
৫। তেওঁৰ ধন থাকিও উন্নতি কৰিব পৰা নই। 
উত্তৰঃ- তেওঁৰ ধন আছে, অথচ উন্নতি কৰিব পৰা নাই। 
৬। চকীখন তানি তাতে বহা। 
উত্তৰঃ- চকীখন আনা আৰু তাতে বহা। 
৭। জয়মতীয়ে শাস্তি ভোগ কৰিও স্বামীৰ সন্ধান নিদিলে।
উত্তৰঃ- জয়মতীয়ে শাস্তি ভোগ কৰিলে, তথাপি স্বামীৰ সম্ভেদ নিদিলে।

মিশ্ৰ বাক্যলৈ নিয়াঃ-

১। কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিবা। [HSLC-2009]
উত্তৰঃ- যেতিয়া কিতাপ পঢ়া, তেতিয়া হাইউৰুমি নকৰিবা।
২। বুঢ়া মানুহজন দোকানলৈ আহিছিল। তেওঁ এডাল লাখুটি কিনিছিল। [HSLC-2014]
উত্তৰঃ- বুঢ়া মানুহজন দোকানলৈ আহি এডাল লাখুটি কিনিছিল।

জটিল বাক্যলৈ নিয়াঃ-

১। অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। [HSLC-2012]
উত্তৰঃ- যি জন লোক অকৃতজ্ঞ, তেওঁ ক'তো আসন নাপায়।
২। অসাধু লোকক কোনেও সন্মান নকৰে। [HSLC-2013]
উত্তৰঃ- যিজন লোক অসাধু, তেওঁক কোনেও সন্মান নকৰে।
৩। মন দি পঢ়িলে পৰীক্ষাত ভাল ফল পাবাই। 
উত্তৰঃ- যদি মন দি পঢ়া, তেনেহ'লে পৰীক্ষাত ভাল ফল পাবাই। 
৪। পোহৰ হ'লে সূর্য উদয় হোৱা দেখিবা। 
উত্তৰঃ- যেতিয়া পোহৰ হ'ব, তেতিয়া সূর্য উদয় হেৱা দেখিবা। 
৫। মই হোৱা হ'লে তোমাক লগ পালোহেঁতেন।
উত্তৰঃ- যদি মই গ'লোঁহেঁতেন, তেনেহ'লে তোমাক লগ পালোঁহেঁতেন।

অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              















Hindi Grammar :
         विपरीतार्थक या विलोम शब्द

English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner 
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE 

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Previous
Next Post »