-->

HSLC Translation - Assamese to English

 


HSLC Translation - Assamese to English  । Fully solved HSLC Question Answer 1998-2023

HSLC-2023

(a)  মানুহ মৰণশীল।

Ans:- Man is mortal.

(b)  আমি ডাঙৰক সন্মান কৰিব লাগে।

Ans:- We should respect our elders.

(c) কাশ্মীৰক পৃথিৱীৰ ভূ-স্বৰ্গ বুলি জনা যায়।

Ans:- Kashmir is known as the Heaven on Earth.


HSLC-2022
(a) অসমৰ চাহপাত জগত বিখ্যাত।
Ans:- The tea of Assam is world famous.
(b) মানুহজন সিমান চহকীও নহয় নাইবা সিমান দুখীয়াও নহয়।
Ans:- The man is neither too rich nor too poor.
(c) গুৱাহাটীত এখন চিৰিয়াখানা আছে।
Ans:- There is a zoo in Guwahati.
(d) ৰমেন ক'ত থাকে তুমি জানানে?
Ans:- Do you know where Ramen lives?
(e) চোৰটোক গাঁৱৰ পৰা খেদি দিয়া হৈছিল।
Ans:- (i) The thief was driven out of the village.
(ii) The thief was driven away from the village.
(f) ৰূপ সোণৰ সমান মূল্যবান নহয়।
Ans:- Silver is not as precious as gold.


HSLC-2021 (Special)
(a) অৰুণাচলৰ প্ৰাকৃতিক দৃশ্য মনোৰম।
Ans:-The natural scenery of Arunachal is attractive.
(b) ইটানগৰ অৰুণাচলৰ ৰাজধানী চহৰ।
Ans:-Itanagar is the capital of Arunachal.
(c) ৰাজীব গান্ধী বিশ্ববিদ্যালয় অৰুণাচলৰ ৰোনো হিলচত অৱস্থিত।
Ans:-Rajiv Gandhi University is situated in Reno Hills.
(d) নানা জাতি-উপজাতিৰ লোক এইখন প্ৰদেশত বাস কৰে।
Ans:-Different tribes and communities live in this state.
(e) অৰুণাচলক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয়।
Ans:-Arunachal is called the land of rising sun.
(f) তুমি কেতিয়াবা অৰুণাচললৈ গৈছানে?
Ans:- Have you ever been to Arunachal?

HSLC - 2020
(i) আকাশত মেঘ নাছিল।
Ans: There was not clouds in the sky.
(ii) শিক্ষকজনে কৈছিল,"সদায় সচাঁ কথা ক'বা।"
Ans: The teacher said, "Always speak the truth.
(iii) তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে?
Ans: Can you swim across the river?
(iv) প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে।
Ans: Promises have to be kept.

(v) মৌ খাবলৈ মিঠা।
Ans: Honey is sweet.
(vi) মোৰ এটা কলমৰ প্ৰয়োজন।
Ans: I need a pen.

HSLC - 2019
(a) যদুৱে মোক সুধিছিল, "ৰাজু ইংৰাজীত ভালনে?
Ans : Jadu asked me, "Is Raju good in English?"
(b) দোকমোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস।
Ans : Getting up at dawn is his habit.
(or) To get up at dawn is his habit.
(c) মিছা কথা কোৱা উচিত নহয়।
Ans : Lie should not told.
(d) সৌ গছডাল ইমান ওখ!
Ans : How tall the tree is!
(e) কিতাপখন টেবুলৰ ওপৰত আছে।
Ans : The book is on the table.

HSLC - 2018
(a) মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও তেনেকুৱা।
Ans : Lila is as intelligent as Mina.
(b) জোনে ৰাতিহে পোহৰ দিয়ে।
Ans : The Moon gives light at night.
(c) তুমি কালি স্কুললৈ গৈছিলানে?
Ans : Did you go to school yesterday?
(d) সি ককায়েকক খুব ভাল পায়।
Ans : He loves his brother very much.
(e) ৰিণ্টুৱে কৈছিল, "এইটো কি সুন্দৰ পুতলা!"
Ans : Rintu said, "What a beautiful toy it is !"

HSLC - 2017
(i) পৃথিৱীখন ঘূৰণীয়া।
Ans : The earth is round.
(ii) তেওঁ লোকক ভিতৰলৈ আহিব দিয়া।
Ans : Let them come in.
(iii) তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ?
Ans : How much time do you spend daily in your study?
(iv) আজি ৰাতি বৰষুণ দিব পাৰে।
Ans : It may rain tonight.
(v) বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়।
Ans : The old man speaks very slowly.
 

HSLC - 2016
(i) এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ।
Ans : This book is mine and that's yours.
(ii) সোন এবিধ মূল্যবান ধাতু।
Ans : Gold is a valuable metal.
(iii) অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা।
Ans : Please tell him to open the door.
(iv) তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ।
Ans : I was reading a newspaper when he came.
(v) আলিবাট পাৰ হওঁতে সাবধান হ'বা।
Ans : Be careful while crossing the road.
 

HSLC - 2015
(i) মায়ে মোক সুধিছিল, "সচাঁ কথা কৈছানে?"
Ans : Mother said to me, "Are you speaking the truth?"
(ii) মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।
Ans : I can hardly swim.
(iii) তুমি কেতিয়াবা সিংহ দেখিছানে?
Ans : Have you ever seen a lion?
(iv) যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ।
Ans : I know the man who came to our school yesterday.
(v) মই নহালৈকে তুমি ৰ'বা।
Ans : Wait until I come.

HSLC - 2014
(a) অসম এখন ধুনীয়া প্ৰদেশ।
Ans : Assam is a beautiful state.
(b) ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত।
Ans : It is situated in the north eastern part of India.
(c) শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম ব্যক্তি।
Ans : Srimanta Sankardev is the noblest person of Assam.
(d) মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।
Ans : One should always love one's fellowmen.
(e) তুমি মটৰ গাড়ী চলাব জানানে?
Ans : Do you know how to drive a car?
(f) শিক্ষক জনে ৰমেনক কলে,"আলিবাট পাৰ হওঁতে সাৱধান হবা।"
Ans : The teacher said to Ramen, "Be careful while crossing the road."

HSLC - 2013
(a) গছৰ পাতবোৰ সেউজীয়া।
Ans : Leaves are green.
(b) গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে।
Ans : Trees give us flower, fruit and shade.
(c) জ্ঞানী লোকে কয়, "এজোপা গছ দহজন পুতেকৰ সমান।"
Ans : Wise man says, "A tree is equal to ten sons."
(d) তুমি গছৰ যতন কৰানে?
Ans : Do you take care of tree?
(e) পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবলৈ লাগিব।
Ans : We must take care of trees to keep the earth green.
(f) গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।
Ans : Trees and animals are dependent on each other.

HSLC - 2012
(a) সজ নাগৰিকসকল দেশ এখনৰ সম্পদ।
Ans : Good citizens are resources of a country.
(b) দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে।
Ans : Development of a country depends on them.
(c) ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়।
Ans : Students life is the time for preparation.
(d) এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত।
Ans : It is during this time that the students should practise the good habits.
(e) তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব।
Ans : Then only they can be good citizens in future.
(f) এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে।
Ans : Teaches may help the students in this regard.
 

HSLC - 2011
ললিতা এজনী মেধাবী ছাত্ৰী।
Ans : Lalita is a meritorious student.
এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।
Ans : Her maternal uncle presented her an English dictionary a year ago.
তেওঁ তাইক কৈছিল, "এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা, নহয় নে?
Ans : He said to her, "A dictionary is a essential tool in learning a language, Isn't it?"
যদি তুমি নতুন শব্দ এটা পোৱা,অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰুব্যৱহাৰ শিকিবা।
Ans : If you find a new word, you look it up the dictionary and learn its meaning and usage.
অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে।
Ans : He taught her how to use a dictionary.
উপহাৰটো সঁচাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে।
Ans : The present has really inspired Lalita.
তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে।
Ans : The dictionary has been her helper in her study room since then.
এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি আছে।
Now she is reading very much for the examination.

HSLC - 2010
ৰাজীৱ আৰু মই একে শ্ৰেণীতে পঢ়োঁ।
Ans : Rajib and I read in the same class.
ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক।
Ans : Rajib's father is our teacher.
তেখেতে আমাক বিজ্ঞান শিকায়।
Ans : His father teaches us Science.
আজি মই স্কুললৈ যাব পৰা নাছিলো।
Ans : Today I could not go to school.
মোৰ মাৰ অসুখ হৈছিল।
Ans : My mother was ill.
মই ডাক্তৰ মাতিবলৈ গৈছিলো।
Ans : I went to call a doctor.
আবেলি মই ৰাজীৱক লগ পাবলৈ গ'লো।
Ans : I went to meet Rajib in the evening.
শ্ৰেণীত কি শিকোৱা হ'ল মই জানিব খুজিছিলো।
Ans : I wanted to know what was taught in the class.
ৰাজীৱৰ দেউতাকে মোক সুধিলে, "আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?"
Ans : Rajib's father said to me, "You haven't gone to school today, have you?
মই তেখেতক ক'লো যে মোৰ মাৰ অসুখ।
Ans : I told him that my mother was ill.

 HSLC - 2009
আজি দেওবাৰ। আমাৰ দেউতাও ঘৰত থাকিব। তেখেত চৰকাৰী চাকৰিয়াল। মই আৰু মোৰ ভাইটো আজি চিৰিয়াখানা চাবলৈ যাম। যোৱা কালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ। তেখেতে ক'লে, "আৰু কোনোবা যাবনে কি?" মই কলো যে আমাৰ লগত অইন কোনো নাযায়। আমি দুয়োজন একেলগে যাম। তেতিয়া দেউতাই ক'লে---"তেনেদৰে যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে লৈ যাম।
Ans : Today is Sunday. Our father also will be at home. He is a government employee. My brother and I shall go to visit the zoo today. Yesterday we sought permission from father. He said, "Will someone else go with you?" I told that no one else go with us. We two would go together. Then father said, "You cannot go like that. I shall take you by car."

HSLC - 2008
(i) বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়।
Ans : The sun rises in the east and sets in the west.
(ii) তোমালোক এতিয়া কি কৰি আছা?
Ans : What are you doing now?
(iii) আমি সদায় নদীৰ পাৰত ফুৰোঁ।
Ans : We always walk on the river bank.
(iv) ছোৱালীজনীয়ে গান গাই আছে।
Ans : The girl is singing.
(v) তুমি গাড়ী চলাব পাৰা নে?
Ans : Can you drive a car?
(vi) তেওঁৰ ভাগৰ লাগিছে।
Ans : He is tired.
(vii) ল'ৰাটোক বুধিয়ক যেন লাগে।
Ans : The boy seems to be intelligent.
(viii) যোৱামাহত মই তিতাবৰলৈ গৈছিলোঁ।
Ans : I went to Titabar last month.
(ix) তাত মোৰ মাক-দেউতা থাকে।
Ans : My parents live there.
(x) তেওঁলোক তাত জন্মৰ পৰাই আছে।
Ans : They have been there since they were born.

 HSLC - 2007
(i) আমি এখন গাঁৱত বাস কৰোঁ।
Ans : We live in a village.
(ii) গাওঁখন চহৰৰ পৰা বেছি আঁতৰত নহয়।
Ans : The village is not far from the town.
(iii) ঘৰত মোৰ মাক-দেউতা আৰু ভনী এজনী আছে।
Ans : I have in my home my parents and a sister.
(iv) দেউতাই আমাৰ নিজৰ মাটীত খেতি কৰে।
Ans : Father does cultivation in our own land.
(v) তেখেতক সহায় কৰিবলৈ দুজন বনুৱাৰ ৰাখিছে।
Ans : He has also kept two labours to help him.
(vi) আমাৰ লাগতীয়াল বহুতো বস্তু আমি কিনিব নালাগে।
Ans : We need not to buy many of the things essential for us.
(vii) সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়।
Ans : They are produced in our fields.
 (or) Those are grown in our field.
(viii) আমাৰ এটা মাছ পোহা পুখুৰীও আছে।
Ans : We have also a fishery.
(ix)কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি বৈ গৈছে।
Ans : The river Kaldia flows by our village.
(x) মাজে সময়ে আমি নৈত মাছ ধৰোঁ।
Ans : Occasionally we catch fish in the river.

HSLC - 2006
(i) আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে।
Ans : There is a playground in front of our school.
(ii) আমি মাজে সময়ে তাত খেলা-ধূলা কৰোঁ।
Ans : We play there occasionally.
(iii) শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে।
Ans : The teachers inspire us to play.
(iv) আমাৰ প্ৰধান শিক্ষকে কয়,"তোমালোকে খেলত ভাগ লব লাগে। ই স্বাস্থ্যৰ বাবে উপকাৰী।"
উত্তৰ : Our headmaster says, "You should take part in games and sports. It is useful for health."
(v) সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়।
Ans : We are allowed to play one day in a week.
(vi) মই ফুটবল অথবা ভলীবল খেলোঁ।
Ans : I play football or volleyball.
(vii) আন কিছুমানে ক্ৰিকেট খেলে।
Ans : Some others play cricket.
(viii) বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ।
Ans : We come here to play in holidays.
(ix) দুই-এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে।
Ans : A few young teachers also come to play with us.

 HSLC - 2005
(i) মই এজন ভাৰতীয় নাগৰিক।
Ans : I am an Indian citizen.
(ii) ভাৰতবৰ্ষ এখন বিশাল দেশ।
Ans : India is a vast country.
(iii) অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য।
Ans : Assam is a small province of India.
(iv) ই ভাৰতৰ পূব দিশত অৱস্থিত।
Ans : It is situated in the eastern side of India.
  (or) It is in the east of India.
(v) মোৰ অসমত জন্ম হৈছিল।
Ans : I was born in Assam.
(vi) বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত।
Ans : At present my residence is in Guwahati.
(vii) গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ।
Ans : Guwahati is the largest city of Assam.
(viii) ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছোঁ।
Ans : I am reading in an Assmese medium school here.
(ix) মোৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ।
Ans : My father is the principal of our school.
(x) আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে দেউতাইপৰিশ্ৰম কৰে।
Ans : Father labours hard for the development of the school.

HSLC - 2004
(i) আমাৰ গাওঁ খন এটা পিচপৰা অঞ্চলত।
Ans : Our village is situated in a backward area.
(ii) গাওঁখন সৰু, জনসংখ্যাও কম।
Ans : The village is small and the population also is small.
(iii) প্ৰতিবছৰে ইয়াত বানপানী হয়।
Ans : Flood occurs here every year.
(iv) গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া।
Ans : Majority of the people in the village are farmers and very poor.
(v) প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে।
Ans : Every year the flood does great loss to them.
(vi) আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম।
Ans : The number of educated people too is very small in our village.
(vii) ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে।
Ans : There is only one primary school here.
  (or) Here is only a primary school.
(viii) মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলো।
Ans : My sister and I too read there.
(ix) এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ।
Ans : Now we are reading in a high school.
(x) আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ কাঢ়িব লাগে।
Ans : We have to walk a long distance to go to school.

HSLC - 2003
(i) মই এতিয়া স্কুললৈ যাম।
Ans : Now I shall go to school.
(ii) আমাৰ স্কুল ন বজাত বহে।
Ans : Our school starts at nine O'clock.
(iii) মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ।
Ans : I always reach school before the bell rings.
(iv) আমাৰ স্কুলত আজি এখন তৰ্ক প্ৰতিযোগিতা হ'ব।
Ans : There will be held a debating competition in our school today.
(v) ময়ো তাত অংশ গ্ৰহণ কৰিম।
Ans : I shall also take part in it.
(vi) মই ইংৰাজীতে ক'ম বুলি ঠিক কৰিছোঁ।
Ans : I have decided to say in English.
(vii) প্ৰধান শিক্ষকক আজি মই এই বিষয়ে ক'ম।
Ans : Today I shall tell the Headmaster about this.
(viii) এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
Ans : He always encourages us in such matters.
(ix) যোৱা বছৰৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ।
Ans : I stood first in the last year's debating competition.
(x) মোৰ মাক-দেউতাই বৰ আনন্দ পাইছিল।
Ans : My parents felt very glad.

HSLC - 2002
(i) মামুৱে পুৱাই উঠে।
Ans : Mamu gets up early in the morning.
(ii) ল'ৰাবিলাকে সাঁতুৰি আছে।
Ans : The boys are swimming.
(iii) চিকাৰীজনে বাঘটো মাৰিলে।
Ans : The hunter killed the tiger.
(iv) তেওঁলোকে ইয়াত এমাহ থাকিব।
Ans : They will stay here for a month.
(v) প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে।
Ans : Prakash Barhua has been suffering from fever since January.
(vi) তেওঁক সকলোৱে জানে।
Ans : Everybody knows him.
(or) He is known to all.
(vii) ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল।
Ans : The patient had died before the doctor came.
(viii) মধুমালা আহোতে বৰষুণ দি আছিল।
Ans : It was raining when Madhumala came.
(ix) তেওঁ ইংৰাজী জানেনে?
Ans : Does he know English?
(x) শিক্ষকজনে কৈছিল,"সদায় সচাঁ কথা কবা।"
Ans : The teacher said, "Always tell the truth."

HSLC - 2001
(i) আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে।
Ans : All the members of our family get up early in the morning.
(ii) যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো।
Ans : I went to Shillong during the summer vacation last year.
(iii) গীতা তিনিবছৰ বয়সৰ পৰা আমেৰিকাত আছে।
Ans : Geeta has been in America since she was 3 years old.
(iv) তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো।
Ans : When you came, I was reading English.
(v) আমি খেলপথাৰ পোৱাৰ আগত খেল আৰম্ভ হৈছিল।
Ans : The match had begun before we reached the field.
(vi) কালি মই চুলি কটালো।
Ans : I had my hair cut yesterday.
(vii) বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হ'ল।
Ans : The tiger was killed by a hunter named Jim Corbett.
(viii) তেওঁ মোক সুধিলে, "তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে?
Ans : He said to me, "Can you swim across the river?"
(ix) তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও হ'ব লাগিব।
Ans : You need to be not only intelligent but also diligent.
(x) তুমি কালি লগ পোৱা মানুহজন এজন ভাল সঙ্গীতজ্ঞ।
Ans : The man whom you met yesterday is a good musician.

HSLC - 2000
(i) আমাৰ স্কুলত এখন খেলপথাৰ আছে।
Ans : There is a playground in our school.
(ii) আমি তাত ফুটবল খেলোঁ।
Ans : We play football there.
(iii) স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়।
Ans : The sports competitions of the school are held there.
(iv) যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ।
Ans : Last year I stood first in the 400 metre race.
(v) তোমালোকৰ স্কুলত খেলপথাৰ আছে নে?
Ans : Is there any playground in your school?
(vi) তুমি কি খেল আটাইতকৈ ভাল পোৱা?
Ans : Which game do you like the best?
(vii) আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে খেলাৰ সলনি টেলিভিছন চায়।
Ans : Now-a-days some children instead of playing watch television programmes.
(viii) আমি তেনে কৰা উচিত নহয়
Ans : We should not do like that.
(ix) জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ আহা।
Ans : Let us try to be successful in life.
(x) ভগৱানে আমাক সকলোকে সহায় কৰক।
Ans : May God help us all.

HSLC - 1999
(i) তোমাৰ চিঠিখন কালি পালো।
Ans :Yesterday I received your letter.
(ii)এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।
Ans : I have written a letter to you just now.
(iii) তুমি চিঠি লিখি ভালপোৱা, নহয় নেকি?
Ans : You like writing letter, don't you?
(iv) যদি গৰমৰ বন্ধত আহা, তোমাৰ লগত শ্বিলঙলৈ যাম।
Ans : If you come in summer vacation, I will go to Shillong with you.
(v) শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
Ans : The climate of Shillong is better than that of Guwahati.
(vi) আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
Ans : It has been raining here for some days.
(vii) বৰষুণ শস্যৰ কাৰণে ভাল।
Ans : The rain is good for the crops.
(viii) এইবাৰ বানপানীত বহুত শস্য নষ্ট হ'ল।
Ans : Much crops were destroyed during this flood.
(ix) তুমি সাঁতুৰিব জানানে?
Ans : Do you know how to swim?
(x) দেউতাই কৈছিল,"সাঁতোৰা এটা ভাল অভ্যাস।"
Ans : Father said, "Swimming is a good exercise."

HSLC - 1998
(i) তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।
Ans : Yesterday your father came to our village.
(ii) তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল।
Ans : He was born in this village.
(iii) তেখেত মোৰ দেউতাৰ বন্ধু।
Ans : He is my father's friend.
(iv) তোমালোক এতিয়া দিল্লীত থাকা, নহয় জানো?
Ans : Now you live in Delhi, don't you?
(v) তুমি অসমীয়া লিখিব পাৰানে?
Ans : Can you write Assamese?
(vi) অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
Ans : Please come to our village in the next Bihu.
(vii) আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
Ans : The Bihu is not celebrated on
the stage in our village.
(viii) কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।
Ans : Some youths dance and sing in the field.
(ix) তুমি আহিলে এই বিহুনৃত্য উপভোগ কৰিব পাৰিবা।
Ans : If you come, you can enjoy the Bihu dance.
(x) তোমাক লগ পালে মই বৰ আনন্দ পাম।
Ans : If I meet you, I shall be glad.


HSLC - 1997

(i) অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া।

Ans:- (i) The natural scenery of Assam is very beautiful. 

(ii) এই দৃশ্য চাবলৈ বিদেশৰ মানুহ অসমলৈ আহে।

Ans:- Foreigners come to Assam to enjoy this scenery. 

(iii) ভূমি গুৱাহাটীৰ চিৰিয়াখানা দেখিছানে? 

Ans:- Have you seen the zoo in Guwahati ?

(iv) তাত নানা ধৰণৰ পশু-পক্ষী আছে। 

Ans:- There are a variety of animals and birds there.

(v) অসমৰ কাজিৰঙা পৃথিবী বিখ্যাত। 

Ans:- Kaziranga of Assam is world famous.

(vi) তাত থকা গঁড় অতি মূল্যৱান জন্তু। 

Ans:- The rhino found there is a very valuable animal.

(vii) মই এতিয়ালৈকে কাজিৰঙা দেখা নাই। 

Ans:- I have not seen Kaziranga yet.

(viii) পৰীক্ষাৰ পাছত তালৈ যাম বুলি ভাবিছো। 

Ans:- I have planned to go there after the examination.

(ix) তুমি যদি আহা, আমাৰ লগতে যাব পাৰিবা।

Ans:- If you come, you can go with us.

(x) আমাৰ শ্ৰেণীশিক্ষকে কৈছিল, "ভ্রমণে জ্ঞান বৃদ্ধি কৰে।"

Ans:- Our class teacher said, "Travelling increases knowledge."


HSLC - 1996

(i) গোটেই ৰাতিপুৱা বৰষুণ দি আছিল।

Ans:- (i) It had been raining the whole of the morning.

Or, It had been raining all through the morning.

(ii) দেউতাই ক'লে, "এতিয়া ওলাই নাযাবা।"

Ans:- Father said, "Do not go out now."

(iii) "যদি এই বৰষুণত ওলাই যোৱা, তোমালোক তিতিবা।"

Ans:- "If you go out in this rain, you will get wet." 

(iv) বৰষুণ এৰালৈকে আমি ৰৈ থাকিলো।

Ans:- We were waiting until the rain stopped. 

(v) আবেলি বেলিকা বতৰ মুকলি হ'ল। 

Ans:- The weather became clear in the afternoon. 

(vi) আকাশত মেঘ নাছিল।

Ans:- There was no cloud in the sky.

(vii) কিন্তু চিৰিয়াখানালৈ যাবলৈ দেৰি হ'ল।

Ans:- But it was late to go to the zoo.

(viii) ম‍ই লালা আৰু ৰাণাক ক'লো, "ব'লা আমি নৈৰ পাৰলৈ যাওঁ।"

Ans:- I said to Lala and Rana, “Let us go to the bank of the river.

(ix) আমি নৈৰ পাৰে পাৰে ফুৰিলো আৰু ধুনীয়া দৃশ্যবোৰ উপভোগ কৰিলো।

Ans:- We walked along the bank of the river and enjoyed the beautiful sights.

(x) আন্ধাৰ হোৱাৰ লগে লগে আমি ঘৰলৈ উভতিলো।

Ans:- We returned home as soon as it became dark.


Mr. Rupjyoti Goswami
Post Graduate Teacher (English)
Bhogeswar Hazarika Girls' Higher Secondary School, Bebejia, Nagaon, Assam.
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
Contact us (whatsapp no-7020477396) for free notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Previous
Next Post »