-->

মনলৈ উভতি আহে ল’ৰালি । Monoloi ubhoti aahe lorali-জুবিন গাৰ্গ


মনলৈ উভতি আহে ল’ৰালি । Monoloi ubhoti aahe lorali-জুবিন গাৰ্গ


1. মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলো তোৰে মৰমতে খেলি
মোৰো ভাল লাগে তাকে সুঁৱৰি
মনলৈ...
তোকে লৈ দেখো মই বকুৰে এটি এটি সপোন
আবেগে ওপচে ভাবিলে তয়েতো মোৰ আশাৰে জোন
ময়ো দেখো সপোন দিনে-ৰাতিয়ে সোণ
প্ৰায়েই আজিকালি।
ল’ৰালি আজিওচোন আঁতৰাই নাই
কিনো কওঁ দাদা ময়ো তোৰেহে ভাই
মনলৈ...
কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে
কথা দিলো আজি আনিমেই আজুৰি
তোৰে সপোনকে
আগলৈ হবি তই মোৰ পৰিচয়
আৰু লাগিছেনো কি?
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
কইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাতলী।

2. সোণেৰে সজোৱা পঁজা । Xonere xajowa ponja


সোণেৰে সজোৱা পঁজা জহি খহি যায়
কোনে আজি সাজিবহি পাৰিব দুনাই।
এধানী এধানীকে মেদিনী হেৰাই
সাতোৰঙীৰ ৰামধেনু ডাৱৰত লুকাই।
কোনেও নুবুজে কাকো নিজকে ধিয়াই।
বুঢ়ী আইৰ জুহালতে চকুলো শুকাই
দেউতাৰো একে দশা পদূলিলে চাই
বহুদিন হ’ল সৰু বোপাৰ মুখ দেখা নাই
চেনেহীৰ আকাশত আজি জেন তৰা নাই।
হালৰ গৰু গোহালিতে পথাৰো শুকাই।
ৰাতি হ’লে গুলীৰ শব্দ ৰজনজনাই।।
স্বাধীনতাৰ বুজ লওঁতেই এশ বছৰ গ’ল
বিষ্ণু-জ্যোতিৰ জোনাকী দেশ এতিয়াও নহ’ল।
মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ
পঢ়া-শুনা সংস্কৃতি সকলো অসাৰ
এয়াই জানো সপোন আছিল কুৰি শতিকাৰ
সকলোতে মাথোঁ প্ৰশ্ন অনিয়ম অনাচাৰ।
সোণেৰে... ।



3. ঐ মাছৰে ভালে পাওঁ । Ei maachare bhale pao


ঐ মাছৰে ভালে পাওঁ মোৱা, খলিহনা
শাকৰে ভালে পাওঁ পালেং, লফা
ছোৱালীৰ ভালে পাওঁ মিঠা বৰণ ঐ
কঁকাল লাহী পাহি কুন্দত কটা
তোকে দেখা পাই বাঢ়িছে জান ঐ
মনৰে ভিতৰৰ নৈ নিজৰা
ঘৰৰ ভাড়াঘৰ বিচৰা নাই
তোৰ বুকুতে জাননে নাই
বছৰ দুবছৰ কটাই অনালে
বাসস্থান নিবলে মোৰ সময় নাই
মাছৰে ভাল পাওঁ....।
ভৰসা কৰিব পৰা এজন
কটাব পাৰি যাৰ স’তে জীৱন
সদায়েটো লগ নাপাবি জান ঐ
সময় থাকোতে তই মোক বাচি ল।

 

4. অলপ শান্তি দিয়া । Olop shanti diya


অলপ শান্তি দিয়া
অলপ মৰম দিয়া
অলপ জিৰণি দিয়া
সপোন চুব দিয়া
মৰণ যজ্ঞৰ ধোঁৱা
স্বাধীনতা বুলি কোৱা
কাৰ বাবে কোৱা
কোনে দেখিব কোনে বুজিব
কোন ৰ’বগৈ কোৱা
নিজক সুধি চোৱা
চকু মেলি চোৱা
মৰিশালিৰ বাট নিজে খুলি ল’লা
ঘৰখনি দিয়া
মা-দেউতা দিয়া
ভাই-ভনী দিয়া
দিয়া ঘূৰাই দিয়া
বানক ৰুধি দিয়া
পথাৰ ধূৰাই দিয়া
ভঁৰাল পূৰাই দিয়া—
— দিব পাৰা যদি তুমি
চকুলো মচি দিয়া
বুকু ভৰাই দিয়া
যদি দিব পাৰা কোৱা
অশ্ৰু শীতল আইৰ চকুত
বেদনাৰে জুই
কোনে নুমাব কোনে বুজাব
আছে সকলো শুই
চেঁচা গধূলি চেঁচা পদুলি
চোতালৰে জোন
কাৰ পৰাণত আছে শকতি
ঘূৰাই আনিব সোণ।

Previous
Next Post »