-->

এন্ধাৰ হ’ব নোৱাৰোঁ । Andhar hobo nowarong-জুবিন গাৰ্গ

এন্ধাৰ হ’ব নোৱাৰোঁ । Andhar hobo nowarong

1. এন্ধাৰ হ’ব নোৱাৰোঁ
মচি দিব নোখোজোঁ
পাখি মেলা অতীতক
কিদৰে পাহৰো... ।
পোহৰ বুলি জীয়ালো
মনে মনে প্ৰাণতে
হাতেৰে ঢুকি নোপোৱা
জোনৰে ছবি
পাখি মেলি সপোনে
আগচিলে জীৱনক
কোনোবা দৰদী
আকাশৰ নীলিমাতে
সেই মন আজি যেন
অসীমত লীন হোৱা তৃষা
কিদৰে পাহৰো মই
এন্ধাৰ হ’ব নোৱাৰোঁ...
সাগৰ নীলা দুচকুত
কি ৰং আনে জীৱনে
নাজানো যদিও দুবাহু আছে মেলি
সঁচা-মিছাৰ সোঁমাজত
সাঁতুৰিছো যদিও
খেদি খেদি সপোনে মিঠা চুমা যাচে।
এই মন আজি যেন পোহৰত
প্ৰাণ পোৱা তৃষা
কিদৰে পাহৰো মই
এন্ধাৰ হ’ব নোৱাৰোঁ...।


2. ৰং তুমি হোৱানে । Rong tumi howane


ৰং তুমি হোৱানে, ৰং তুমি বুজানে
ৰং তুমি দেখানে মৰমৰ...
বুজি যদি নুবুজা, দেখি যদি নেদেখা,
শুনি যদি নুশুনা মোৰ মন মোৰ মন
বুজা নুবুজা কথা, কোৱা নোকাৱা ভাষা,
মিছাতে কিয় কোৱা
ৰং যদি দেখিচাই মন কিয় দিয়া নাই,
জ্বলি জ্বলি এই হৃদয় হ’ব ছাই
ৰং তুমি....
কাণ পাতি শুনাচোন,
কলিজাতে গুপুতে তুমি আছা প্ৰাণ হৈ
প্ৰাণ যদি গোপনে, সাঁচিচাযে যতনে
সাবতাহি কলিজাৰে উম হৈ
ৰং তুমি... ।

3. একবিংশ শতিকাৰ । Ekbingsho xotikaar


একবিংশ শতিকাৰ প্ৰেম কাহিনী
ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙনি
একবিংশ শতিকাৰ মোৰ কাহিনী
ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী
ৰুমালৰ ভাঁজে ভাঁজে দুখৰে বিননি
ৰুমালত কাহিনী, ৰুমালত জীৱনী
ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি
ৰুমাল ৰুমাল ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল ৰুমাল ৰুমাল ৰুমাল
আজি শেঁতা ৰুমাল।
সেই কোন কাহিনী দেখা এযুৰি কাঁজল চকু
মনত পৰিলে আজি মোক শোকে খুন্দে বুকু
কৃষ্ণচূড়াৰ তলত, স্কুলৰ দুপৰীয়া
ক্লাছৰ ফাঁকে ফাঁকে ক’তনো উমাল কথা
লুটিয়াই চালে জীৱনী পাও মাথোঁ
ৰুমাল ৰুমাল ৰুমাল ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল ৰুমাল ৰুমাল ৰুমাল
আজি শেঁতা ৰুমাল।
শীতৰে সেমেকা এটি আবেলি আছে মনত
হঠাতে কাৰোবাক এৰি অহা বেদনা প্ৰাণত
সিক্ত চকুৰ কাজল
অধত তৃষাৰ কোমল
আজলি ভৰাই ল’লো সপোন চিকুণ কোমল
এসাদৰ মৰম নিগৰা সেই ৰুমাল। 


4. সেউজীয়া মন । Xeujeeya mon


সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান
সেউজীয়া দিন মোৰ সেউজীয়া নিশা
প্ৰতিটো প্ৰহৰ আজি ফুল।
তোমাৰ প্ৰেৰণা আজি প্ৰভাতে প্ৰভাতে
তোমাৰ প্ৰেৰণা আজি তেজে তেজে
এন্ধাৰো লুকাই বুকুত তোমাৰ
বিয়পাই যি পোহৰ সোণালী
তোমাৰ তুলনা দিব আকাশে-বাতাহে
তোমাৰ তুলনা দিব ফুলে-পাতে
তোমাৰ জুৰি তোমাৰ মনৰ প্ৰীতি।
Previous
Next Post »