-->

পুৰণি শব্দৰ আধুনিক শব্দৰ ৰূপ । HSLC Old words in new form

 

 

পুৰণি শব্দৰ আধুনিক শব্দৰ ৰূপ । HSLC Old words in new form

1) অপাৰ = অশেষ
2) আউৰ = আৰু
3) আখি = চকু
4) আচমান = আকাশ
5) আজোড়ন্তে  = আজুৰি থাকোঁতে
6) আঞ্চোৰে = আঁচলেৰে
7) আদম = আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানুহ
8) আসি = আহি
9) উত্তৰকৰাইছে = উত্তৰদিছে
10) উত্তৰে আটয়ে নাহি পাৰি = উত্তৰত বলে নোৱাৰি
11) উনিকৰ = এওঁৰ
12) এমত = এনেদৰে
13) ওহি = এই
14) ওহি বুলি = এই বুলি

15) কুকুহা = এবিধ চৰাই। দেখাত কাউৰীৰ সমান, ডাঙৰ, ইটাবৰণীয়া
16) কঙ্কণ = খাৰু
17) কাঠবাজী = যি তিৰোতাৰ সন্তান নাই
18) কাহাৰ = কাৰ
19) কিসৰ = কিহৰ
20) কে পুছত = কোনে সোধে
21) কৈছে = কেনেকৈ
22) কোপে = খঙত
23) কটাহ = ঢাকনি বা আৱৰণ, কোনো বস্তুৰ টান বাকলি
24) কুটুব = ধ্ৰুৱ নক্ষত্ৰ
25) কণ্টকি = কাঁইটীয়া গছ
26) কণ্টক বন = কাঁইটেৰে ভৰা বন
27) কৰকৰা ভাত = ঠাণ্ডা (বাহি) ভাত
28) কৰসি = কৰিছা
29) কলঙ্ক কৰসি = বদনাম ৰটিছে
30) ক্ষৌম বস্ত্ৰ = পাটৰ কাপোৰ
31) কহ = কোৱা
32) কয় কহুঁ = কৰি পেলাই
33) কয়লা = কৰিলে
34) খিণ্ডৱে = খণ্ডন বা দূৰ হ'ব
35) খেডি = খেলা
36) গাবি = গালি
37) গাৰি = গালি
38) গঢ়ায় = গঢ়াই
39) গলে বান্ধি = ডিঙিত সাৱটি
40) ঘোৰ = ভয়াবহ
41) ঘৰ মহ = ঘৰৰ ভিতৰত
42) চাণ্ড = জোৰকৈ
43) চোৰ চাতুৰীয়ে = চলে-কৌশলে
44) চৌপৰ = চাৰি প্ৰহৰ
45) চুম্বন কয়ে = চুম্বন কৰি
46) চলহ = বলা
47) ছাড়হ = এৰা
48) ছাতিয়াল = ছতিয়ানা গছ
49) ছালিবে = ছলনা কৰিলোঁ
50) ছায়া = চাই
51) ছোড় = ছিঙি দিয়া
52) জিতো = যিটো
53) জিনিলে = জিকিলে
54) জৈচন = যেনেকৈ
55) জৈচন = যেনেকৈ
56) জোৱা = যোৱা
57) জুড়াৱল = শান্ত হ'ল
58) জুৰাবল = জুৰ কৰিলে
59) যেহেন = যেন
60) যত্ন = যতন
61) টনা = দুই মূৰ মোনাৰ দৰে সীয়া এৰীয়া গামোচা
62) ঠাৱে = ঠাইত
64) ঠেঙ্গনা = গালি
65) ডাক = মাত
66) ডৰে = ভয়তে
67) ডৰত = ভয়তে
69) ঢাণ্ডি = শকত-আৱত, লুধুমী, পেটুলী
70) তা = তাক
71) তাপ = দুখ
72) তাৱক্ষণে = তত্‍ক্ষণাত্‍
73) তাসম্বাক = তেওঁলোকক
74) তিৰ্‌বেণী = ত্ৰিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থান
75) তেখনে = তেতিয়া
76) তেজি = ত্যাগ কৰি
77) তেজিলা = ত্যাগ কৰিলা
78) তেজহ = ত্যাগ কৰা
79) খসি = খহি
80) তোহাৰি = তোমাৰ
81) তোহোঃ = তুমি, আপুনি
82) তযু = তোমাৰ
83) তত = সিমান
84) তত্ত্ব = মূল সত্য
85) তথি = চালৈ
86) তদন্তৰে = তাৰ পিছত
87) তনু = শৰীৰ
88) তনয় = পুত্ৰ
89) তহিতে = তাত
90) থিক = আছে
91) দিব্য = স্বর্গীয়
92) দেখিলন্ত = দেখিলে
93) দেখিয়া = দেখি
94) দেখল = দেখিলোঁ
95) দোলে = দুলি থাকে; লৰে
96) দধি দুগ্ধ-লৱণু = দৈ গাখীৰ
97) দৰিয়া = সাদৰ, নদী
98) দুৰ্জন = দুষ্টলোক
99) দশন = দাঁত
100) ধাই = ধাত্ৰী
101) ধিয়ায় = ধ্যান কৰে
102) নাহি = নাই
103) নিকাৰ = যন্ত্ৰণা
104) নিকটে = কাষত
105) নিগম = নিগম শাস্ত্ৰ
106) নিন্দিয়া = নিন্দা কৰি
107) নিৰন্তৰে = সদায়, সৰ্বদাই
108) নিষেধি = বাধা দি
109) নটুৱা = মতা বা তিৰোতাৰ বেশ লৈ নচা ল'ৰা
110) নন্দজায়া = নন্দৰজাৰ পত্নী
111) পাৱল = পালে
112) পাশ = কাষ
113) পেখি = দেখি
115) পৈসল = প্ৰৱেশ কৰিলে, সোমাল
116) পুছে = সোধে
117) পঞ্চামৃত = এৱাঁ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলাই কৰা পানীয়
118) পড়াক = চুবুৰীৰ
119) পঢ়াক = চুবুৰিৰ
120) পৰিহাৰ = পৰিত্যাগ
121) প্রয়াসি = যত্ন কৰি
122) প্ৰভাত = পুৱা
123) পৰম আনন্দ = বৰ আনন্দ
124) পশিলন্ত = সোমালহি
125) পুহাইল = পুৱাল
126) ফিৰত = ঘূৰি ফুৰা
127) বাত = বাৰ্তা
128) বাত = বাৰ্তা,খবৰ
129) বান্দা = ভৃত্য
130) বান্ধীসবক = চাকৰণীহঁতক
131) বাপি = বোপাই
132) বাৰ্তা = বাতৰি
133) বালক = ল'ৰা
134) বালাই লঞ = অশুভ বা বিপদ মূৰ পাতি লওঁ
135) বিগুটিয়া = ঠাট্টা কৰা
136) বিনোদ = আমোদ, বিহাৰ
137) বিনোদ নৃত্য = আনন্দাদায়ক নাচ
138) বিস্তৰ = বহুত
139) বেকত = ব্যক্ত, জন্মলাভ
140) বেকত হুয়া = ব্যক্ত হৈ, আৱিৰ্ভাৱ হৈ
141) বেদক পঢ়াইলো = বেদ ভগৱানৰ বাণী বুলি কোৱা হয়। এই বেদ ভগৱানে ব্ৰহ্মাক কৈছিল
142) বেহাব = বেপাৰ কবিৰ
143) ব্যগ্ৰতা = আগ্ৰহ
144) ব্যৰ্থ = বিফল
145) বদন = মুখ
146) বদন = মুখ
147) বৰ্ষা = বাৰিষা/বৰষা
148) বসি = বহি
149) ভক্তি = ভকতি
150) ভঙ্গ মানল = পৰাজয় স্বাকীৰ কৰিলে
151) ভেল = হ'ল
152) ভুঞ্জন্ত = খালে
153) মুখে ছাৰ পৰক = মুখত ছাই পৰক অৰ্থাত্‍ মৰি যাওক
154) মাখিয়ে = সানি
156) মাথক = মূৰৰ
157) মেলান = মেল খোৱা বা মুকলি হোৱা
158) মোক্ষ = মুক্তি
159) মোমিন = বিশ্বাসী, মুছলমান
160) মোহোৰ = মোৰ
161) মঞি = মই
162) মথনি = গাখীৰ যুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি
163) মধ্যে = মাজত
164) মৰ্ত = মৰত
165) মৰ্ম = মৰম
166) মস্তকত = মূৰত
167) মহাত্ৰাস = খুব বেছি ভয় খোৱা
169) ৰাজমাৰগে = ৰাজ আলিত
170) ৰচুল = দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত
171) ৰৈলা = ৰ'ল
172) ৰোষ = খং
173) ৰজনী = ৰাতি
174) ৰত্ন = ৰতন
175) ৰহম = দয়া
176) লঞ = লওঁ
177) শক্তি = শকতি
178) শিকিয়া = কোনো বস্তু ওপৰত আঁৰি থ'বৰ বাবে ৰচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি
179) শুতিয়া = শুই
180) শুনহ = শুনা
181) শ্ৰোণী ভৰে = নিতম্ব বা তপিনাৰ ভৰত
182) সাখী = সাক্ষী
183) সাখী মানত = সাখী (সাক্ষী) কৰিলে
184) সিঞ্চিৰাই = ছটিয়াই দি, সিঁচি দি
185) সিহঁৰিল = শিয়লি উঠিল
186) সে = সেই
187) সেৱালি = প্ৰণাম, সেৱা
188) সঞ্চাৰ = তলা, সঁচাৰ
189) সুঠান = সুগঢ়
190) স্পৰ্শ = পৰশ
191) স্বাদ = সোৱাদ
192) স্বৰ্গ = সৰগ
193) স্বৰ্ণ = সোণ
194) সৱশৰীৰ = সৰ্ব শৰীৰ
195) সমীপ = ওচৰ
196) সম্বল = সমল
197) সুমৰি = স্মৰণ
198) সুমৰন্তে = সুঁৱলি
199) স্ৰৱৈ = বৈ থকা
200) সহিতে = সৈতে
201) হইব = হ'ব
202) হৰিবোল হৰি = হৰি হৰি বোলা
203) হামু = মই, আমি
204) হামাৰ ঘৰে = মোৰ ঘৰত
205) হাৰলি = অতি মৰমৰ
206) হৈল = হ'ল
207) ৰাজ মাৰগে = 

208) ভৈলাহো = হ'লোঁ।

209) জনেৰ = জনৰ।

210. কহয় = কয়।

211. তুমিসে = তুমিয়ে।

212. আসি- আহি। HSLC-2024

213. পুহাইল -পুৱাল। HSLC-2024


অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Hindi Grammar :
         विपरीतार्थक या विलोम शब्द



English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner 
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE 

Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History. contact us (whatspp no 7020477396)

Previous
Next Post »

1 Comments:

Click here for Comments
Xyz
admin
October 24, 2022 at 11:17 AM ×

নপাৱম্ভ - পুৰণি শব্দৰ আধুনিক শব্দৰ ৰূপ কি হ'ব?

Congrats bro Xyz you got PERTAMAX...! hehehehe...
Reply
avatar