-->

যতি চিহ্ন ব্যৱহাৰ । HSLC Jyoti Chihnor byabohar

 

যতি চিহ্ন ব্যৱহাৰ - Uses of punctuation in Assamese

    বিদ্যাৰ্থীসকলে অলপ মন দিলেই শুদ্ধকৈ যতি চিহ্নৰ ব্যৱহাৰ কৰিব পাৰে। যতি মানে বিৰতি বা বিৰাম। কোনো এটা বাক্য পঢ়োঁতে বা কওঁতে একেলেথাৰিয়ে পঢ়ি বা কৈ গ'লে অর্থ প্রকাশ নহ'বও পাৰে, কিন্তু বিৰতি বা বিৰাম সৃষ্টি কৰিলে সম্পূর্ণ অর্থ প্রকাশ হয়। ইয়াকে যদি বোলে আৰু যি চিনেৰে বিৰতি প্ৰকাশ কৰা হয় তাক যতি চিহ্ন বোলে। যতি চিহ্নৰ দুটামান কেইটামান আৰ্হি তলত দিয়া হ'ল--

1. ৰমেশ বীৰেন আৰু কনক বজাৰলৈ গল। [HSLC-2003]
উত্তৰঃ- ৰমেশ, বীৰেন আৰু কনক বজাৰলৈ গ'ল।

2. তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলোঁ। [HSLC-2004]
উত্তৰঃ- তুমি অংকটো কৰিব নোৱাৰিলা; ময়ো নোৱাৰিলো।

3. ৰামে কৈছিল মই স্কুললৈ যাম। [HSLC-2005]
উত্তৰঃ- ৰামে কৈছিল, "মই স্কুললৈ যাম।"

4. শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। [HSLC-2006]
উত্তৰঃ- শিক্ষকে কৈছিল, "পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে।"

5. শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা। [HSLC-2007]
উত্তৰঃ- শিক্ষকে সুধিলে, "মধুৰাম, তুমি কালি স্কুললৈ কিয় নাহিলা?"

6. শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা। [HSLC-2011]
উত্তৰঃ- শিক্ষকে সুধিলে, "তুমি কালি স্কুললৈ কিয় নাহিলা?"

7. হে ভগৱান দয়া কৰা। [HSLC-2012]
উত্তৰঃ- হে ভগৱান! দয়া কৰা।

8. মই কিন্ত নৰওঁ এতিয়াই যামগৈ। [HSLC-2013]
উত্তৰঃ- মই কিন্ত নৰওঁ, এতিয়াই যামগৈ।

9. হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। [HSLC-2013]
উত্তৰঃ- হে ভগৱান, মই বিপদত পৰিছো; মোক ৰক্ষা কৰা।

10. ৰীণাই কলে আজি স্কুল বন্ধনে? [HSLC-2015]
উত্তৰঃ- ৰীণাই কলে, "আজি স্কুল বন্ধনে?"

11. দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিঁয়হ কিনি আনে। [HSLC-2016]
উত্তৰঃ-দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল, আনাৰস, তিঁয়হ কিনি আনে।

12. প্ৰণবে ক'লে আজি স্কুল খোলা আছেনে? [HSLC-2017]
উত্তৰঃ-প্ৰণবে ক'লে, "আজি স্কুল খোলা আছেনে?"

13. হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। [HSLC-2018]
উত্তৰঃ- হে ভগৱান, মই বিপদত পৰিছো; মোক ৰক্ষা কৰা।

14. তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। [HSLC-2019]
উত্তৰঃ- তেওঁ ক'লে, "মনত ৰাখিবা, তুমি অসমৰ বীৰ সন্তান।"

15. বৰষুণৰ বতৰত কোনো বাহিৰলৈ যাব পৰা নাই। 
উত্তৰঃ- বৰষুণৰ বতৰ, কোনো বাহিৰলৈ যাব পৰা নাই।

16. শিক্ষাকে আশীর্বাদ দিলে তুমি কৃতকার্য লাভ কৰা। 
উত্তৰঃ- শিক্ষকে আশীর্বাদ দিলে, 'তুমি কৃতকার্য লাভ কৰা।"

17. শৰাইঘাটৰ যুদ্ধত লাচিতৰ বীৰত্ব অসমীয়াৰ জয়। 
উত্তৰঃ- শৰাইঘাটৰ যুদ্ধত লাচিতৰ বীৰত্ব, অসমীয়াৰ জয়।

18. প্রণৱে ক'লে আজি স্কুল খোলা আছেনে?
উত্তৰঃ-প্রণৱে ক'লে, "আজি স্কুল খোলা আছেনে?"

19. দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল আনাৰস তিয়ঁহ কিনি আনে।
উত্তৰঃ- দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল, আনাৰস, তিয়ঁহ কিনি আনে।

অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Hindi Grammar :
         विपरीतार्थक या विलोम शब्द



English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner 
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE 

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Previous
Next Post »