-->

অসমীয়াত প্ৰত্যয় মানে কি? । What is Pratyay in Assamese

 


অসমীয়াত প্ৰত্যয় মানে কি? [What is suffix in Assamese?]

উত্তৰঃ-আমি জানো যে ধ্বনিৰ লিখিত ৰূপেই বৰ্ণ। সেইদৰে, এক বা একধিক বৰ্ণ লগ-লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। আকৌ, এই শব্দৰ লগত যিবোৰ প্ৰাকৃতি যুক্ত হয় অৰ্থাত্‍ বৰ্ণ বা বৰ্ণসমষ্টি যু্ক্ত হয় তাকে সৰ্গ বোলে। এই সৰ্গবিলাক মূল শব্দৰ আগত আৰু পিছত যোগ হৈ শব্দ সাধন কৰে। মূল শব্দৰ আগত যোগ হোৱা সৰ্গক পূৰ্ব সৰ্গ বা উপসৰ্গ আৰু পিছত যোগ হোৱা সৰ্গক পৰ সৰ্গ বুলি কোৱা হয়। আকৌ শব্দ সাধনৰ এই সৰ্গবোৰক প্ৰত্যয় (suffix) বুলি কোৱা হয়। সেই ফালৰ ফৰা অসমীয়া প্ৰত্যয়ক পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয় হিচাপে ভাগ কৰা হয়। পূৰ্ব প্ৰত্যয়বোৰেই হ'ল উপসৰ্গ। সেইদৰে পৰ প্ৰত্যয় ২ (দুই) প্ৰকাৰৰ। (ক) কৃত্‍ প্ৰত্যয় আৰু (খ) তদ্ধিত্‍ প্ৰত্যয়। কিন্তু সংস্কৃত ভাষাৰ মতে প্ৰত্যয় চাৰি প্ৰকাৰৰ। যেনেঃ (ক) কৃত্‍ প্ৰত্যয়, (খ) তদ্ধিত্‍ প্ৰত্যয়, (গ) স্ত্ৰী প্ৰত্যয় আৰু (ঘ) বিভক্তি, আনহাতে অসমীয়া দুই প্ৰকাৰৰ। তলত সেইবোৰৰ বিষয়ে আলোচনা কৰা হ'ল।

(i) কৃত্‍ প্ৰত্যয় (Primary Suffix):- ধাতুৰ পিছত যিবোৰ প্ৰত্যয় যোগ কৰি নতুন অৰ্থবাচক শব্দ গঠন কৰে তাকেই কৃত্‍ প্ৰত্যয় বোলে। তলত কৃত্‍ প্ৰত্যয়বোৰৰ উদাহৰণ দিয়া হ'ল।
১) অক (পাৰ্গত অৰ্থত) : লিখ + অক = লিখক,  গণ + অক = গণক, বুদ্ধি + অক = বুধিয়ক, ফন্দি + অক = ফন্দিয়ক
     অক (কৰে অৰ্থত) : খেতি + অক = খেতিয়ক।
২) অতি (চলি থকা অৰ্থত) : বাপ + অতি = বাপতি, সৰ্ব + অতি = সৰ্বতি (কাল), পাঁচ + অতি = পাঁচতি।
৩) অতী (পাৰ্গত অৰ্থত) : লাহ + অতী = লাহতী, নাম + অতী = নামতী, ফুল + অতী = ফুলতী।
৪) অতীয়া (উত্‍পত্তি হোৱা সময় বুজোৱা অৰ্থত) : শেষ + অতীয়া = শেহতীয়া, আগ + অতীয়া = আগতীয়া, পাচ + অতীয়া = পাচতীয়া।
    অতীয়া (অধিকাৰ বা পোৱা অৰ্থত) : বাপ + অতীয়া = বাপতীয়া।
৫) অনী (বিস্তৃত বা জুৰি) : বন + অনি = বনানি,  ধান + অনি = ধাননি।
   অনী (থকা অৰ্থত) : কাঠ + অনি = কাঠনি,  নাহৰ + অনি = নাহৰনি, ফুল + অনি = ফুলনি, গছ + অনি = গছনি, নৰা + অনি = নৰানি, উলু + অনি = উলুৱনি, চুৱাপাত + অনি = চুৱাপাতনি।
৬) অৰি (ভাৱাৰ্থত) : ভাল + অৰি = ভালৰি, লাহ + অৰি = লাহৰি, ফুল + অৰি = ফুলৰি।
৭) অৰী (ভাৱাৰ্থত) : লগ + অৰী = লগৰী, বন + অৰী = বনৰী।
৮) অৰীয়া (তাত থাকে বা বাস কৰে অৰ্থত) : নগৰ + অৰীয়া = নগৰীয়া, চহৰ + অৰীয়া = চহৰীয়া, নাওঁ + অৰীয়া = নাৱৰীয়া, বন + অৰীয়া = বনৰীয়া।
৯) অলীয়া (তাত থাকে অৰ্থত) : গাওঁ + অলীয়া = গাওঁলীয়া, বাৰী + অলীয়া = বাৰীঅলীয়া।
    অলীয়া (তুল্য অৰ্থত) : গাজ + অলীয়া = গজলীয়া, মাজ + অলীয়া = মজলীয়া
    অলীয়া (পাকৈত অৰ্থত) : মিছা + অলীয়া = মিছলীয়া, মত + অলীয়া = মতলীয়া।
১০) অনীয়া (জোখ বুজোৱা অৰ্থত) : আঁঠু + অনীয়া = আঠুৱনীয়া, কৰংগন + অনীয়া = কৰংগনীয়া।
১১) অৰুৱা (অভ্যস্ত বা তাত ফুৰে অৰ্থত) : বাট + অৰুৱা = বাটৰুৱা, হাট + অৰুৱা = হাটৰুৱা।
১২) (আছে অৰ্থত) : জাবৰ + আ = জবৰা, ভোবৰ + আ = ভোবৰা, জাপৰ + আ = জপৰা।
১৩) আল (আছে অৰ্থত) : পেট + আল = পেটাল, খং + আল = খঙাল, নেজ + আল = নেজাল, নোম + আল = নোমাল, তেজ + আল = তেজাল, দয়া + আল = দয়াল, বিষ + আল = বিষাল, মুখ + আল = মুখাল।
 আল (তাত বা কাষত বাস কৰে অৰ্থত) : চাপৰি + আল = চাপৰিয়াল, নদী + আল = নদীয়াল, হাবি + আল = হাবিয়াল, চকী + আল = চকীয়াল।
 আল (ব্যৱসায় অৰ্থত) : গো + আল = গোৱাল, চাকৰি + আল = চাকৰিয়াল
১৪) আলি (পাকৈত অৰ্থত) : বেজ + আলি = বেজালি, ঘটক + আলি = ঘটকালি।

সৌ:- ৰচনা বিচিত্ৰ (ধৰ্ম্ম সিংহ ডেকা)


HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ

1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

2. অসমীয়াত প্ৰত্যয় । Pratyay in Assamese

3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

4. অসমীয়া বাক্য ৰচনা । Make sentence in Assamese Pt-2

5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms

7. অসমীয়াত প্ৰত্যয় মানে কি?

8. কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?

9. পুৰুষবাচক প্ৰত্যয় কি?

10. স্ত্ৰী প্ৰত্যয় কি?

11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?

12. বিভক্তি কাক বোলে?

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি

14. অসমীয়া ৰচনা । ASSAMESE ESSAY

15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »

5 Comments

Click here for Comments