-->

অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

অসমীয়াত বাক্য ৰচনা কৰা 
Make sentence in Assamese fully solved

HS second year 2024
কথা চহকী, গা গধুৰ, ঘৰ গোনা, চকুৰ মণি, ঢৌতে খৰ মৰা, দাঁতে-ওঁঠে নলগা, মাটিৰ মানুহ, যাউতি যুগীয়া
কথা চহকী (বেছিকৈ কথা কোৱা লোক) : 
গা গধুৰ (এলেহুৱা) : গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে। hs-2002
ঘৰ গোনা (ঘৰৰ বাহিৰ নোহোৱা) : ৰহিম এজন ঘৰ ঘোনা ল'ৰা। Hs- 2021 (Spl)
চকুৰ মণি (অতি মৰমৰ) : সন্তান যিমানে দুষ্ট নহওক তথাপি মাকৰ মনত সি চকুৰ মণি। Hs-2020
ঢৌতে খৰ মৰা (নানা কামৰ মাজতো সময় উলিওৱা) : পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল। Hs- 1999, 2020
দাঁতে-ওঁঠে নলগা (সমুলি কাজিয়া নলগা) : ল'ৰাহালৰ সৰুৰেপৰাই এনে মিল, কেতিয়াও দাঁতে ওঁঠে লগা দেখা নাই।
মাটিৰ মানুহ (অতি সহজ-সৰল মানুহ) : এনে মাটিৰ মানুহ মই আৰু দ্বিতীয়জন দেখা নাই দেই।
যাউতিযুগীয়া (চিৰ যুগমীয়া) : তাজমহল পৃথিৱীৰ এটি যাউতিযুগীয়া সৌধ।

HS second year 2023
কপালৰ ঘাম মাটিত পেলা, চকুত ধূলি নাৰ, টুপাই বুৰ নাৰ, হাড়ত বন গজা, চকুৰ ভেকুলী, বগলী ভকত, ঊনৈশত বা বলা
কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰ) : অসমৰ খেতিয়ক সকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিও লঘোনে থাকিব লগিয়া হয়।
চকুত ধূলি মাৰ (ফাঁকি দে, প্ৰৱঞ্চনা কৰ) : মোৰ চকুত ধূলি মাৰি যেনিবা সাৰিলি, পিছে পুলিচৰ চকুত পাৰিলি জানো?
টুপাই বুৰ মাৰ (আসৈ মাত) : অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।
হাড়ত বন গজা (মৃত্যু হোৱা) : এদিনৰ জ্বৰতে নগেনৰ মাকৰ হাড়ত বন গজিল।
চকুৰ ভেকুলী
বগলী ভকত (ভিতৰি দুষ্ট বাহিৰত শান্ত লোক) : বর্তমান ৰাজনীতিত বগলী ভকতৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা) : হেৰৌ! তই যেনেকৈ হে ঊনৈশত বা বলাই ফুৰিচ, যেন তইহে মেট্ৰিক পাছ কৰিলি।

HS second year 2022

আঁঠুৱাৰ তলৰ মহ (অধীন লোক, সামান্য ধন) : হেৰৌ! মোৰ কাৰণে সি আঁঠুৱাৰ তলৰ মহ; তাক বলাবলৈ কিমান পৰ?

একাদশত বৃহস্পতি (সৌভাগ্য উপস্থিত হ) : ৰমেনৰ অৱস্থা এনেয়ে জয়জয় ময়ময়, তাতে আকৌ এশাদশত বৃহস্পতি পৰাদি লটাৰীৰ মাৰুতি গাড়ীখনো তাৰ হাতলৈকে আহিল।

গোৰ মাৰি গংগাত পেলোৱা (অপকাৰ কৰিবলৈ খোজোতে উপকাৰ হোৱা) : মদাহীজনকনগুৰ শাস্তি দিয়াত অপমান বোধ কৰি বেচেৰাই মদকে এৰি পেলালে। ৰাইজে তাক গোৰ মাৰি গংগাতহে পেলালে।

চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা) : তোৰ নিচিনা চকু চৰহা পৃথিৱীত আৰু ওলাব নে?

নপতা ফুকন (নিজে ডাঙৰ মানুহ বুলি ভবা) : ৰমেনে নিজকে নপতা ফুকন বুলি ভাবি লৈ ওলাইছে৷

পানীৰ তলৰ কাঁইট (অজ্ঞাত শত্রু) : পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত বহুতো অঘটন ঘটায়।

লেক্‌লৌ পৰুৱা (লানি নিছিকৈ যোৱা পৰুৱা) : লেক্‌লৌ পৰুৱা দৰে মুখ্যমন্ত্ৰী গাড়ীৰ পাছে পাছে অলেখ গাড়ী গৈছে।

সাত বিহুৰ সৈয়া কণী (অশেষ ঠেকা খাই টেঙৰ হোৱা মানুহ) : উজ্জ্বলক ঠগিব নোৱাৰা গাঁও খনৰ ভিতৰত সিয়েই সা বিহুৰ সৈয়াকণী।

হাত দীঘল (ক্ষমতাশালী) : বোপাই! তুমি হাত দীঘল মানুহ বুলিহে তোমাৰ ওচৰ চাপিছো। ল'ৰাটোৰ চাকৰি এটাৰ কিবা এটা দিহা কৰি দিয়া।


HS second year 2021 (Spl.)

এলাই বাদু (অকাজী) : বোপায়ে এই এলাই বাদু (আলাইবাদু) তিৰোতাজনী চপাই দি মোৰ ডিঙিত হাৰমালহে আঁৰি দিলে।
কাণে কাণ মাৰি (টনাটনি, কোনোমতে) : ৰামে কাণে কাণ মাৰি পৰীক্ষাত পাছ কৰিলে।
ঘৰগোনা (সদায় ঘৰত থকা) : ৰহিম এজন ঘৰ ঘোনা ল'ৰা।
ডলাৰ বগৰী (থান-থিত নোহোৱা) : দেউতাকক মৃত্যুৰ পিছত ৰমেশে ডলাৰ বগৰী হৈ ঘূৰি ফুৰিছে।
তলে পুতল (গোপন কাৰ্য কৰা) : আমাৰ গাৱৰ ৰাতুলে তুলে পুতুল কাৰ্যত লিপ্ত হৈ থাকে, যদিও ধৰিবলৈ টান। 
পাবত গজা (মূল নোহোৱা) : পাবত গজা কথাবোৰত গুৰুত্ব দিব নালাগে।
বাপতি সাহোন (পুৰণা সম্পত্তি) : এই মাটিডোখৰ মোৰ বাপতি সাহোন।
হিয়াৰ আমঠু (অতি আদৰৰ) : হৰি মাকৰ হিয়াৰ আমঠু।

HS second year 2020

কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা) : অকণৰ চাকৰিটোৱে দেউতাকৰ কপাল ফুলালে।
কপাল ফুটা (দুর্ভামনগ্য উপস্থিত হোৱা) : বানপানীয়ে সিহঁতৰ কপাল ফুটালে।
কাঁহ পৰি জীণ যা (নিশ্চূপ হৈ ৰোৱা) : প্রধান শিক্ষকজন প্রৱেশ কৰাৰ লগে লগে শ্ৰেণীকোঠাটো কাঁহ পৰি জীণ যোৱাৰ দৰে হ'ল।
খাই পাত ফলা (বিশ্বাসঘাতক/অশলাগী) : ৰমেন এজন খাই পাত ফলা মানুহ, তাৰ কোনো কথাতে বিশ্বাস নাই।
গাই বাই চা (চেষ্টা কৰি চোৱা) : পৰীক্ষাত প্রথম শ্রেণী পাবলৈ গাই ব চাচোন, কিজানি ভগৱানে সহায় কৰেই।
সোণৰ সোলেং (অতি সাদৰৰ) : ককাকৰ দিনৰ সম্পদখিনি ৰমেনৰ বাবে সোণৰ সোলেং স্বৰূপ আছিল।
ঢৌতে খৰ মৰা (সময় নষ্ট কৰা) : চাকৰিৰ ব্যস্ততাৰ মাজতো ৰাতুলে ঢৌতে খৰ মাৰি ঘৰ সজা কামটো কৰিছিল।
পেটে-ভাতে খা (কোনো ৰকমে খাই জীয়াই থকা) : বস্তুৰ জুই-ছাই দামৰ বাবে সাধাৰণ মানুহৰ পেটে-ভাতে খাই থকা মুস্কিল হৈছে।
কাণ বাগৰা (লোকৰ মুখে শুনা) : যুদ্ধৰ সময়ত কাণ বাগৰা কথাত মন নিদিবা। 
শালৰ মাজত শিঙি (ডাঙৰ মানুহৰ লগত ফুৰা সামান্য মানুহ) : আজি কালি সমাজত শালৰ মাজত শিঙি বহুতো ওলাইছে।
চকুৰ মণি (অতি আদৰৰ) : সন্তান যিমানে দুষ্ট নহওক তথাপি মাকৰ মনত সি চকুৰ মণি।
নাদৰ ভেকুলী (আও-ভাও নোপোৱা মানুহ) : আজিৰ যুজৰ গাৱলীয়া মানুহ নাদৰ ভেকুলী হৈ থকা নাই।

HS second year 2019
পানীৰ তলৰ কাঁইট (অজ্ঞাত শত্রু) : পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত বহুতো অঘটন ঘটায়।
অজীণ পাতকী (কাৰো লগত মিলিব নোৱাৰা) : প্ৰকৃত সমাজ-সেৱকে অজীণ পাতকী লোকৰ কু-চক্ৰান্তক ব্যৰ্থ কৰি সমাজৰ মংগল সাধিবলৈ চেষ্টা কৰে।
ঊন্নৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা) : সাধাৰণ চাকৰিটো পাই বিমাণে ঊন্নৈশত বা বলাই ফুৰিছে।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু চৰহা লোকে আনৰ উন্নতি দেখি মনত শান্তি নাপায়।
ভতৰ ওপৰত দানহ
নোম টেঙৰ (অতি চতুৰ) : ৰমেন এজন নোম টেঙৰ লৰা।


HS second year 2018
কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা) : অকণৰ চাকৰিটোৱে ঘৰখনৰ কপাল ফুলালে।
কাণে কাণ মাৰি (কোনোমতে) : বর্তমান সময়ত কাণে কাণ মাৰি উত্তীর্ণ হৈ একো লাভ নাই।
গা টঙা (সুস্থ হৈ উঠা) : বহুত যত্নৰ মূৰত মানুহজনীয়ে গা টাঙিছে।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু চৰহা লোকে আনৰ উন্নতি দেখি মনত শান্তি নাপায়।
উৰুলি পুঙা (থান থিত নহোৱা) : উৰুলি পুঙা স্বভাৱৰ লোকে উন্নতি সাধন কৰিব নোৱাৰে।
মুখ বজোৱা (কাজিয়া কৰা) : অনাহকত মুখ বজাই ফুৰাটো ভাল স্বভাৱ নহয়।

HS second year 2017
আঁচলৰ ধন (অতি মৰমৰ) : আঁচলৰ ধন একমাত্র পুতেকৰ বেমাৰত বুঢ়া মাক বাপেকৰ থৰজাকুটি হেৰাইছে।
খাই পাত ফলা (বিশ্বাসঘাতক/অশলাগী) : ৰমেন এজন খাই পাত ফলা মানুহ, তাৰ কোনো কথাতে বিশ্বাস নাই।
পানীত হাঁহ নচৰা (অতি বিপদ হোৱা) : বানপানীয়ে সিহঁতৰ পানীত হাঁহ নচৰা অৱস্থা কৰিলে।
শঠা-মিতিৰ (কপট চৰিত্ৰৰ) : নিতাইৰ শঠা-মিতিৰ স্বভাৱটোৰ কাৰণে কোনেও তাক বিশ্বাসত নহল।
চকুৰ পচাৰতে (নিমিষতে/পলকতে/হঠাতে) : বানপানীয়ে চকুৰ পচাৰতে গাঁওখন উটুৱাই লৈ গ'ল।
জয়দেউ কাকুতি (মাতৰ অনুৰাোধ) : জয়দেউ কাকুতি কৰিও জংকি-পানৈয়ে বাৰেগামৰ বিচাৰৰ সুফল নাপালে।
তেজক পানী কৰ (কঠোৰ পৰিশ্ৰম কৰা) : বিমানক মানুহ কৰিবলৈকে বাপেকে তেজক পানী কৰি পৰিশ্ৰম কৰিছে।

HS second year 2016
ধোৱা-খুলীয়া (নিচাসক্ত) : ৰহিমৰ ধোঁৱা খুলীয়া স্বভাৱৰ বাবেই ল'ৰা-ছোৱালী কেইটাও অবাটে গ'ল।
ৰৌটোকে ঢৌটো কৰ (সৰু কথাক ডাঙৰ কৰ) : যদু আৰু মধুৰ মাৰ-পিটৰ ঘটনাক মধুৱে ৰৌটোকে ঢৌটো কৰি থাপি-থুপি থলে।
পানী কৰ (অর্থ বুজিবলৈ সহজ কৰ) : অতি কঠিন বিষয় একোটাও শিক্ষকে পানী কৰি বুজাই দিয়া বাবে ছাত্র-ছাত্রীৰ উপকাৰ হয়। 
হাত দীঘল (ক্ষমতাশালী) : হাত দীঘল মানুহক সকলোৱে সন্মান কৰে।
কঁকাল দঙা (মুকলি হোৱা) : খেতিৰ কাম শেষ কৰি মাধৱে কোনোমতে আজি কঁকাল দাঙিছে।
ঘৰ গোণা (সদায় ঘৰত থকা) : অসমীয়া মানুহক তেওঁলোকৰ উন্নতিৰ ঘৰ গোণা স্বভাৱে বাধা দি আহিছে।
পাবত গজা (মূল নোহোৱা) : আজি-কালি য’তে-ত’তে পাবত গজা নেতা-পালিনেতাৰ ভিৰ দেখা যায়।

HS second year 2015
কপাল ফুটা (দুর্ভামনগ্য উপস্থিত হোৱা) : বানপানীয়ে সিহঁতৰ কপাল ফুটালে।
হাড় পেলা (মৰিবলৈ লোৱা) : ৰমেশ্বৰে জীৱনৰ শেষৰ দিনকেইটা গাঁৱৰ ঘৰ থাকি হাড় পেলাবৰ ইচ্ছা কৰিলে।
বুকুৰ তেজ (প্ৰাণৰ শক্তি) : বিমলে বুকুৰ তেজ ঢালি পুতেকক পঢ়ালে; কিন্তু পুতেক হ'লগৈ গভাইত চোৰ।
কুন্দত কটা (ধুনীয়া) : কুন্দত কটা যেন চেহেৰাৰ ছোৱালীজনী দেখি ডেকাবোৰৰ গা-ৰাঁইজাই কৰিছে।
পেট মচা (একমাত্র সন্তান) : গিৰীয়েকৰ মৃত্যুৰ পিছত অলকাই পেট মচা সন্তানটিক লৈ বৰ কষ্ট খাবলগীয়া হৈছিল।
ধোৱা-খুলীয়া (বেছিকৈ খৰচ কৰা মানুহ) : ধোৱা-খুলীয়া মানুহ বেছিকৈ সঞ্চয় কৰিব নোৱাৰে।

HS second year 2014
আঁচলৰ ধন (অতি মৰমৰ) : আঁচলৰ ধন একমাত্র পুতেকৰ বেমাৰত বুঢ়া মাক বাপেকৰ থৰজাকুটি হেৰাইছে।
শঠা-মিতিৰ (কপট চৰিত্ৰৰ) : নিতাইৰ শঠা-মিতিৰ স্বভাৱটোৰ কাৰণে কোনেও তাক বিশ্বাসত নহল।
পাবত গজা (মূল নোহোৱা) : আজি-কালি য’তে-ত’তে পাবত গজা নেতা-পালিনেতাৰ ভিৰ দেখা যায়।
ঘৰ গোণা (সদায় ঘৰত থকা) : অসমীয়া মানুহক তেওঁলোকৰ উন্নতিৰ ঘৰ গোণা স্বভাৱে বাধা দি আহিছে।
সোণৰ সোলেং (অতি সাদৰৰ) : ককাকৰ দিনৰ সম্পদখিনি ৰমেনৰ বাবে সোণৰ সোলেং স্বৰূপ আছিল।
পানীৰ মিঠৈ (অলীক কল্পনা) : বন্ধু, পানীৰ মিঠৈ কথা বাদ দি হাতে কামে লাগি যোৱা।
(i) পেট কুলি (বাহিৰত শান্ত, ভিতৰি দুষ্ট) : হৰিৰ পেটকুলি স্বভাৱৰ কাৰণে কোনোৱে তাক বিশ্বাসত নলয়।
(ii) পেট কুলি (বাহিৰে অজলা ভিতৰে টেঙৰ) : পেট কুলি মানুহে সমাজত অঘটন ঘটায়।

HS second year 2013
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : ৰমেশৰ উন্নতি দেখি চকু চৰহাইত মনত শান্তি নাইকীয়া হ’ল।
হাড় পেলা (মৰিবলৈ লোৱা) : ৰমেশ্বৰে জীৱনৰ শেষৰ দিনকেইটা গাঁৱৰ ঘৰ থাকি হাড় পেলাবৰ ইচ্ছা কৰিলে।
ঢোলৰ লগৰ টেমেকা (ডাঙৰ মানুহৰ পিছত ঘূৰি ফুৰা সৰু মানুহ) : দাস ডাঙৰীয়াৰ লগত ৰজনীয়ে গোটেই জীৱন ঢোলৰ লগৰ টেমেকা হৈয়ে কটালে।
বগলী ভকত (ভিতৰি দুষ্ট বাহিৰত শান্ত লোক) : বর্তমান ৰাজনীতিত বগলী ভকতৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
চকু মুদা কুলি (অতি বুধিয়ক) : ৰমেশে ইমান বেয়া কাম কৰা জানিও তাৰ বাপেকে চকু মুদা কুলিৰ ভাও ধৰিলে।
আকাশত চাং পতা (অসম্ভৱ) : আকাশত চাং পতা কথা শুনি কাৰোৱেই ভাল নালাগে।
কাঁহ পৰি জীণ যা (নিশ্ৰুপ হৈ ৰোৱা) : প্রধান শিক্ষকজন প্ৰৱেশ কৰাৰ লগে লগে শ্ৰেণীকোঠাটোত কাঁহ পৰি জীণ যোৱাৰ দৰে হ’ল।

HS second year 2012
আথে বেথে (অতি আগ্ৰহেৰে) : কান্দি থকা কেঁচুৱাটিক তাই আথে বেথে কোলাত তুলি ল'লে।
হাত দীঘল (ক্ষমতাশালী) :  হাত দীঘল মানুহ সকলোৱে সন্মান কৰে।
পানীত হাঁহ নচৰা (অতি বিপদ হোৱা) : বানপানীয়ে সিহঁতৰ পানীত হাঁহ নচৰা অৱস্থা কৰিলে।
কাণে কাণ মাৰি (কোনোমতে) : জীবনে কাণে কান মাৰি পৰীক্ষাত উত্তীৰ্ণ হ'ল।
হাঁড়ক মাটি কৰা (কঠোৰ পৰিশ্ৰম কৰা) : ৰামৰ দেউতাকে ঘৰখনৰ কাৰণে হাঁড়ক মাটি কৰি পৰিশ্ৰম কৰিব লগা হৈছে।
পানীৰ তলৰ কাঁইট (নেদেখা শত্ৰু) : ৰমেশক এনেকুৱা পানীৰ তলৰ কাঁইট বুলি কোনেও নাজানিছিল।

HS second year 2011
কাণে কাণ মাৰি (কোনোমতে) : জীবনে কাণে কান মাৰি পৰীক্ষাত উত্তীৰ্ণ হ'ল।
চকু মুদা কুলি (অতি বুধিয়ক) : ৰমেশে ইমান বেয়া কাম কৰা জানিও তাৰ বাপেকে চকু মুদা কুলিৰ ভাও ধৰিলে।
 

আকাশ কুসুম, পানীৰ তলৰ কাঁইট। [HS-2010]
আকাশ কুসুম (মনৰ মিছা কল্পনা) : আকাশ কুসুমত সময় কটায় কোনো লাভ নাই।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : আমি সকলোৱে পানীৰ তলৰ কাঁইটক চিনিব পৰাকৈ বুদ্ধিমান হ'ব লাগে।


বিনা মেঘে বজ্ৰপাত, আমন-জিমনকৈ, উলহ মালহ, ডলাৰ বগৰী। [HS-2009]
বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে, অকস্মাৎ বিপদ অহা) :
আমন-জিমনকৈ (মনমৰা) : বেয়া খবৰটো পাই সি আমন-জিমনকৈ বহি আছে।
উলহ মালহ (আনন্দ উৎসৱ সহ) : বহু দিনৰ মূৰত ল'ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ) : সৰু সৰু ল'ৰা-ছোৱালীবিলাক গোটেই দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে।

পানীৰ তলৰ কাঁইট, চকুৰ কুটা দাঁতৰ শাল। [HS-2008]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটে ক'ত কি বিপদ ঘটায় ক'ব নোৱাৰি।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) : আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ লাভ নাই।

পেটে ভাতে খা, নাকত তেল দি শোৱা, চকু দিয়া, দুই নাও দুই ভৰি হোৱা। [HS-2007]
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক) : দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে ভাতে খাই জীয়াই থকাই টান হৈ পৰে।
নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা নোহোৱাকৈ থকা) : তোৰ সকলো কাম আনে কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।
চকু দিয়া (নজৰ ৰখা) : ল'ৰা-ছোৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত।
দুই নাও দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা) : দুই নাও দুই ভৰি হোৱাতকৈ শান্ত হৈ বাট মোকোলোৱাটোয়েই শ্ৰেষ্ঠ।

পানীৰ তলৰ কাঁইট, টুপাই বুৰ মাৰ, খাই পাত ফলা, ধোদৰ পচলা। [HS-2006]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।
টুপাই বুৰ মাৰ (আসৈ মাত) : অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা) : খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
ধোদৰ পচলা (এলেহুৱা, অকামিলা) : ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।

উভৈনদী, কাণ বাগৰা, গাজত লগা, হাত টান। [HS-2005]
উভৈনদী (অপৰ্যাপ্ত, উপচি) : ভাগ্য ভাল হ'লে মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰিছে।
কাণ বাগৰা (লোকৰ মুখে শুনা) : কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।
গাজত লগা (হিয়াত লগা, মৰ্মান্তিক, হৃদয় বিদাৰক) : গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে।
হাত টান (কৃপণ) : হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে।

চকু চৰহা, মুখ লাগ, হাতত সাৰে ভৰিত সাৰে, পেটে ভাতে খা। [HS-2004]
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে।
মুখ লাগ (আনৰ লোভ লগাৰ পৰা পীড়া হ, শ্ৰীহীন হ) : মুখ লগা কাৰণেই সুন্দৰ কলথোক নষ্ট হ'ল।
হাতত সাৰে ভৰিত সাৰে (কোনো সাৰ-সুৰ নোহোৱাকৈ) : সি শুই থাকোঁতেই চোৰটোৱে তাৰ কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ বস্তুকেইপদ লৈ গ'ল।
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক) : আজিকালি আনকি দুখীয়া লোকৰো পেটে ভাতে খাই চলাই টান হৈ পৰিছে।

অজীন পাতকী, হাত টান, গাই বাই চা, ন দি ক, পাবত গজা। [HS-2003]
অজীন পাতকী (দুষ্ট) : অজীন পাতকী লোকে য'তে ত'তে অঘটন ঘটাই ফুৰে।
হাত টান (কৃপণ) : হাত টান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ) : প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ'ল।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক) : অসত্য কথাক সত্য বুলি কোনেও ন দি ক'ব নোৱাৰে।
পাবত গজা (অস্বাভাৱিক) : পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে।

কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম, গা গধুৰ। [HS-2002]
কাণে কাণ মাৰি (কোনোমতে, কথমপি)
: পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ'লে ভাল কলেজত নামভৰ্তি কৰিব পৰা নাযায়।
কপাল ফুল (সৌভাগ্য উদয় হ) : চাৰিওজন পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ কপাল ফুলিল।
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ প্ৰতি় সদায়ে মৰমীয়াল হোৱা উচিত।
গা গধুৰ (লেধা, কামধীৰ) : গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে।

বুকুৰ কুটুম, কাণ কটা, ঘৰপতা, হাত লৰ। [HS-2001]
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ অন্যায় কোনেও সহ্য কৰিব নোৱাৰে।
কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায়।
ঘৰ পতা (বিয়া বাৰু হ) : বয়স হ'ল, ছোৱালী চাই সোনকালে ঘৰখন পাত।
হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে পালেই আনৰ বস্তু নিবলৈ বিচাৰে।

লোকান্তৰ ঘটা, চকু গজা, থেৰোগেৰোঁ কৰা, চকু দিয়া [HS-2000]
লোকান্তৰ ঘটা (মৃত্যু হোৱা) : বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।
চকু গজা (বুজন হ, জনা হ) : কিতাপ কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে।
থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থা) : এলেহুৱা লোকে কাম কৰিবলগীয়া হ'লেই থেৰোগেৰোঁ কৰে।
চকু দিয়া (নজৰ ৰখা) : আমাৰ কাম-কাজৰ দ্বাৰাই পিতৃ-মাতৃ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আমি চকু দিয়া উচিত।

দলনিত পোনা মেলা, ঢৌতে খৰ মাৰ, দুই নাও দুই ভৰি হোৱা, ইহলীলা সম্বৰণ কৰা। [HS-1999]
দলনিত পোনা মেলা (আলাই-আথানি কৰ) : বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা মেলিলে।
ঢৌতে খৰ মাৰ ( ব্যস্ততাৰ মাজতেই সময় উলিয়াই) : পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।
দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা) : ইমানবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হৈছিল।
ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা) : বহু দিন ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে।

বুকুৰ কুটুম, পানীৰ তলত কাঁইট, সাত সৈয়াকণী, চকুৰ কুটা দাঁতৰ শাল [HS-1998]
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমৰ লগতে সকলোকে মৰম-চেনেহ কৰা উচিত।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।
সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট) : জীৱ-জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত ঘাটৰ সৈয়াকণী।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) : পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ শাল।


HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ

1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

2. অসমীয়াত প্ৰত্যয়  ভাঙা । Pratyay Bhanga in Assamese

3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms

7. অসমীয়াত প্ৰত্যয় মানে কি?

8. কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?

9. পুৰুষবাচক প্ৰত্যয় কি?

10. স্ত্ৰী প্ৰত্যয় কি?

11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?

12. বিভক্তি কাক বোলে?

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি

14. অসমীয়া ৰচনা । ASSAMESE ESSAY

15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »

5 Comments

Click here for Comments
Taikaman
admin
October 30, 2022 at 10:06 AM ×

💕❤️ Thank you sir

Reply
avatar
Unknown
admin
October 31, 2022 at 8:40 AM ×

ছাত্ৰ ছাত্ৰীৰ যথেষ্ট উপকাৰ হব ।

Reply
avatar
Unknown
admin
November 23, 2022 at 9:53 AM ×

Very help to students

Reply
avatar
Unknown
admin
July 30, 2023 at 6:34 PM ×

Many many helpful to us.

Reply
avatar