-->

কাৰক কাক বোলে । What is Karok in Assamese

 


কাৰক কাক বোলে? অসমীয়াত কাৰক কেইপ্ৰকাৰৰ? প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া। [2012]
উত্তৰঃ- ক্ৰিয়াৰ লগত যাৰ সম্বন্ধ আছে, তাক কাৰক বোলে। অসমীয়াত ছয় বিধ কাৰক আছে। যেনে- কৰ্তা, কৰ্ম, কৰণ, সম্প্ৰদান, অপাদান আৰু অধিকৰণ কাৰক।
    অসমীয়াত কাৰকৰ প্ৰকাৰ আৰু সূত্ৰ [Kinds of Karok in Assamese and formula]
(ক) কৰ্তা কাৰকঃ-যি ক্ৰিয়া সম্পাদন কৰে, যিয়ে কৰ্তা কাৰক। কৰ্তা কাৰকত প্ৰথমা বিভক্তি হয়। যেনে- মেঘে গাজিছে।
(খ) কৰ্ম কাৰকঃ-কৰ্তাই যাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰে, যিয়ে কৰ্ম। কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি হয়। যেনে- ৰামে হৰিক মাৰিলে।
(গ) কৰণ কাৰকঃ- কৰ্তাই যাৰ দ্বাৰা কাম সম্পাদন কৰে, তাকে কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয়া বিভক্তি হয়। যেনে- আমি নাৱেৰে নদী পাৰ হ'লো।
(ঘ) সম্প্ৰদান কাৰকঃ- যাৰ অৰ্থে কোনো বস্তু দান কৰা হয়, তাক সম্প্ৰদান কাৰক বোলে। সম্প্ৰদান কাৰকত চতুৰ্থ বিভক্তি হয়। যেনে- দেউতাকে যদুলৈ আম আনিছে।
(ঙ) অপাদান কাৰকঃ- যাৰ পৰা পৃথক হোৱা, উত্‍পন্ন হোৱা, আৰম্ভ হোৱা, ভয় পোৱা, ৰক্ষা পোৱা, অন্তৰ্ধান হোৱা বুজায় তাকে অপাদান কাৰক বোলে। অপাদান কাৰক ষষ্ঠী বিভক্তিৰ চিন ব্যৱহাৰ কৰাৰ উপৰি 'পৰা' অনুসৰ্গ যোগ কৰা হয়। যেনে- তিলৰ পৰা তেল ওলায়, গছৰ পৰা ফুল সৰিল।

অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              













Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, contact us (whatspp no 7020477396)

Previous
Next Post »