-->

স্ত্ৰী প্ৰত্যয় কি? । What is Stree Pratyay?

 


 স্ত্ৰী প্ৰত্যয়

স্ত্ৰী প্ৰত্যয় কি? অসমীয়া ভাষাত কি কি স্ত্ৰী প্ৰত্যয় আছে? উদাহৰণ দি বুজাই লিখা।  [2013]
উত্তৰঃ-স্ত্ৰী প্ৰত্যয় [Stree Pratyay]
আধুনিক ভাষা বিজ্ঞানত যাক বদ্ধৰূপ বুলি কোৱা হয়, ব্যাকৰণত তাকে প্ৰত্যয় বোলে। শব্দৰ মুক্তৰূপৰ পিছত যোগ হোৱা স্ত্ৰী-লিংগবাচক প্ৰত্যয়ক স্ত্ৰী প্ৰত্যয় বোলে। পুংলিংগৰ পৰা স্ত্ৰী লিংগ কৰিবলৈ কেইবাটাও প্ৰত্যয় ব্যৱহাৰ কৰা হয়, সেই প্ৰত্যয়বোৰক স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয়।
    অসমীয়াত ভাষাত চাৰিটা স্ত্ৰী-প্ৰত্যয় পোৱা যায়, সেই কেইটা হ'ল- ঈ, অনী, নী আৰু ৰী।
'ঈ' প্ৰত্যয়ৰ ব্যৱহাৰঃ-
     কিছুমান ব্যঞ্জনান্ত শব্দৰ পাছত 'ঈ' লগ লাগি প্ৰত্যয় সিদ্ধ হয়। যেনে-
নিলাজ + ঈ = নিলাজী
জন + ঈ = জনী
পিচাশ + ঈ = পিচাশী

কেতিয়াবা আকাৰান্ত পুংলিংগ ৰূপৰ আকাৰত স্ত্ৰী প্ৰত্যয় 'ঈ' বহে। যেনে-
    পেহা + ঈ = পেহী
    বুঢ়া + ঈ = বুঢ়ী
    মামা + ঈ = মামী
কেতিয়াবা আকাৰান্ত শব্দৰ আকাৰৰ ঠাইত ঈ-কাৰ বহে। যেনে-
    অজলা -> অজলী
    পগলা -> পগলী
'অনী'ৰ ব্যৱহাৰ-
সাধাৰণতে ব্যঞ্জনান্ত শব্দৰ পাছত 'অনী' প্ৰত্যয় যোগ হয়-
    কমাৰ + অনী = কমাৰনী
    ফুকন + অনী = ফুকননী
    ভকত + অনী = ভকতনী
'নী'ৰ ব্যৱহাৰ-
কিছুমান স্বৰান্ত পুংলিংগৰ পাছত 'নী' প্ৰত্যয় যোগ হয়। যেনে-
    গৃহস্থ + নী = গৃহস্থনী
    কলিতা + নী = কলিতানী
    বৰুৱা + নী = বৰুৱানী
'ৰী'ৰ ব্যৱহাৰ-
কিছুমান শব্দৰ পাছত 'ৰী' যোগ হৈ স্ত্ৰী প্ৰত্যয় সাধন হয়। যেনে-
    কলা + ৰী = কালৰী
    ডেকা + ৰী = ডেকেৰী
    বেঙা + ৰী = বেঙুৰী


অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »