অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Assamese Grammar Phrase & Idioms
1. কপালঃ-
(i) কপাল খা (দুৰ্ভাগ্য উপস্থিত হ, সুচল হেৰুৱা) : পহুটো এইফালেই আহিছিল নহয়; কাহটো আহিয়ে মোৰ কপাল খালে।(ii) কপাল ধো (আশা এৰ) : ঘৰতে এইদৰে বহি থাকিলে চাকৰিৰ বাবে কপাল ধোৱাহে ভাল।
(iii) কপাল নাই (ভাগ্য নাই) : চাকৰিৰ খবৰো আহিল, দেউতাও ঢুকাল; কপাল নাই নহয়! ক'ত হ'ব?
(iv) কপাল ফুল (সৌভাগ্য উপস্থিত হোৱা) : খেতি দৰা ভাল হ'ল যেতিয়া তাৰ কপাল ফুলিল।
(v) কপাল ফুট (দুৰ্ভাগ্য উপস্থিত হ) : এইহেন খেতিৰ বতৰত গৰুহাল মৰিল যেতিয়া ঘৰখনৰে কপাল ফুটিল।
(vi) কপাল মুকলি হ (ভাগ্য উদয় হ) : কাঠ-বাঁজীৰ ল'ৰা ওপজিছে যেতিয়া তোৰ কপালহে মুকলি হৈছে দেই।
(vii) কপালত জুই লাগ (সৌভাগ্য নষ্ট হ) : জৰুৰী আইন ঘোষণা নহ'ল যেনিবা মোৰ কপালতহে জুই লাগিব; ঠিকাটো গ'ল।
(viii) কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰ) : অসমৰ খেতিয়ক সকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিও লঘোনে থাকিব লগিয়া হয়।
2) কাণঃ-
(i) কাণ কৰ (মনোযোগ দে) : বোপাই! মোৰ কথালৈ কাণ কৰিবি, মিলেৰে থাকিবি।(ii) কাণ কটা (নিলাজ) : হেৰৌ কাণ কটা! চৰ খাইও তোৰ লাজ নহ'ল নে?
(iii) কাণ দি (মন দি, মনোযোগ দিয়া) : মই পঢ়ালে কাণ দি শুনিবি।
(iv) কাণ পাত (শুনিবলৈ সাজ হ) : হেৰৌ, সেইফালে কাণ পাতচোন; কোনোবাই কন্দা যেন শুনিছো।
(v) কাণ চুই থ (আগলৈ মনত ৰাখ) : মই এই কাণ চুই থৈছোঁ; তোৰ কোনো কথা ভৱিষ্যতে নুশুনো।
(vi) কাণ চোৱাই থ (মনত ৰাখিবলৈ কোনো কথা জনাই থ) : ছাৰ, মোৰ ল'ৰাটোৱে এইবাৰ বি.এ. পাছ কৰিলে, কাণ চোৱাইহে থৈছো; কিবা চাকৰি বাকৰি ওলালে চাব আৰু।
(vii) কাণ চোৱা (জনোৱা) : তই যে দিল্লীলৈ যাব খুজিছ, কথালৈ দেউতাৰৰ কাণ চোৱাইছ নে?
(viii) কাণত পৰ (শুন) : কথাটো মোৰো কাণত পৰিছে; তই বাৰু সেই বিষয়ে কি ভাবিছ?
(ix) কাণত থিয হ (শুনিবলৈ ব্যগ্র হ) : যুদ্ধৰ বা-বাতৰি পাবলৈ সকলোৰে কাণ থিয় হৈ থাকে।
(x) কাণ থিয় কৰ (শুনিবলৈ আগ্ৰহ কৰা) : হেৰৌ, আমি ডাভৰে ডাঙৰে কিবা কথা কৈছো, তই আকৌ কাণ থিয় কৰি আছ কিয়?
(xi) কাণত ধৰি ক (শপত খাই ক) : আজিৰপৰা বৰশী বাবলৈ যাবি নে নেযাব কাণত ধৰি ক।
(xii) কণাকণি কৰ (ফুচ্ ফুচাই ক) : মানুহবোৰেচোন কণাকণি কৰিছে, কথাটো সঁচা জানো?
(xiii) কাণত পেলা (শুনাই থ) : ল'ৰাটোলৈ তেওঁৰ ছোৱালীজনীকে বুলি কথাটো কাণত পেলাইছো, পিচে তেওঁ বা কি কৰে?
(xiv) কাণ সাৰ এৰ (যত্ন এৰি দিয়া, অবহেলা কৰা) : বাইক খন লোৱাৰ পাছত চাইকেল খনৰ কাণ সাৰে এৰিলে সি।
(xv) কাণ তাল মাৰ (কাণত তীব্ৰ শব্দ পৰি নুশুনা হ) : উস! তাৰ গগন ফলা চিঞৰত কাণ তাল মাৰি গ'ল বোপাই?
(xvi) কাণ সৰালি মাৰ (নুশুনা ভাও জোৰ) : হেৰৌ! তই যে কাণ সৰালি মাৰি আছ, ধনৰ ভাগ দিবি নে নিদিয় ক?
(xvii) কাণ সমনীয়া (ডেকা) : বেচেৰাৰ কাণ সমনীয়া পুতেকটো ঢুকাইছে ক'ত মনে সহ্য কৰে!
(xviii) কাণ বাগৰা (লোকৰ মুখে শুনা) : যুদ্ধৰ সময়ত কাণ বাগৰা কথাত মন নিদিবা।
(xix) কাণত ধৰি ক (শপত খাব দিয়া, প্ৰতিজ্ঞা কৰ বা সচা ক) : আজিৰ পৰা পাবজি নেখেলো বুলি কাণত ধৰি ক।
(xx) কাণত পেলা (শুনাই থ) : কথা খাৰ তাৰ কাণত পেলাই থ; তেতিয়াহে তাৰ গা লৰিব।
(xxi) কাণাকাণি কৰ (লাহেকৈ সিজনক ক) : লৰা দুজনে কাণাকাণি কৰি কথা পতা কাৰণে, শিক্ষকে গম নাপালে।
(3) কান
(i) কান কাট (খুঁটাৰ খোপ কাট) : হেৰৌ, জোখ মতে খুঁটাটোৰ কান কাটিছিলি নে? ডাঙৰ হোৱা যেন লাগিছেচোন।(ii) কান খৰ (গৰু ম'হৰ কান্ধত হোৱা খৰ) : গৰুটোৰ কান খৰ হৈ উখহি পৰিছে। দৰব দিছ নে নাই?
(iii) কান মাৰ (কান্ধ সকোৱা) : ভাৰখনে একেবাৰে হেঁচি আনিছে। কান মাৰি লওঁ ৰ।
(4) কঁকাল
(i) কঁকাল ভাঙ (নাচিবলৈ সোঁ-মাজ বেঁকা কৰা) : কঁকাল ভাঙি ভাঙি নাচ ঐ নাচনী, পাবি মহঙৰ লোণ।
(ii) কঁকাল ভাগ (দুৰ্বল হ) : দেউতাক ঢুকোৱাৰপৰাই ঘৰখনৰ কঁকাল ভাগিল।
(iii) কঁকাল পৰ (বুঢ়া হ) : আমাৰ আৰু এতিয়া কঁকাল পৰি আহিছে; তোমালোক ডেকাসকলেই সমাজৰ গুৰি ধৰিব লাগিব।
(iv) কঁকাল বান্ধ (সাজু হ) : এইবাৰ নেদেখিছ বতৰৰ মহিমা। ভঁৰাল ভৰাবলৈ কঁকাল বান্ধ হে বান্ধ।
(v) কঁকালত টঙালি বান্ধ (সাজু হৈ ওলা) : মূলা গাভৰুৱে স্বামী হত্যাৰ পোতক তুলিবলৈ কঁকালত টঙালি বান্ধি যুদ্ধক্ষেত্ৰলৈ ওলাল।
(5) আঁঠু
(i) আঁঠু কাঢ় (আঁঠুৰে বুল) : হেৰৌ বান্দৰ! ঘৰত পঢ়ি নাহ। আঁঠু কাঢ়ি থাক।(ii) আঁঠু ল (মাটিত আঁঠু লগাই সেৱা কৰ) : বোপাইহঁত! সকলোটিয়ে আঁঠু লোৱা। ৰাইজে এজোলোকা আৰ্শীৰ্বাদ দিয়ক।
(iii) আঁঠু চোঙা (সন্মান দেখুৱাবলৈ আঁঠু কোঁচাই অলপকৈ মাটিত লগা) : তই আঁঠু চোঙাচোন, ময়ে হৰিধ্বনি দিওঁ।
(6) গা
(i) গা কৰ (পুষ্ট হ, হীন অৱস্থাৰপৰা ভাললৈ আহ) : বাপেকে নষ্ট কৰি থৈ যোৱা ঘৰখন পুতেকৰ বহুত যত্নৰ মূৰতহে গা কৰি উঠিছে।(ii) গা ধৰ (শকত হ) : চাকৰিত সোমোৱাৰপৰাই তোৰ গা ধৰি পৰিছে দেই।
(iii) গা ৰ (ৰক্ষা পৰ) : নদীত পানী শুকাইছে যদি ৰাইজৰ গা ৰৈছে দেই।
(iv) গা উঠ (কোনো কাম কৰিবলৈ উদ্যোগী হ, ইচ্ছুক হ) : ডেকা ল'ৰাবিলাকৰ গা উঠিছে যেতিয়া, এইবাৰ গাঁৱত বিদ্যালয়খন হ'বই।
(v) গা এৰা দে (সম্পৰ্ক এৰ) : হেৰা বোপাই, তুমিয়ে সমবায়খন পাতিলা; এতিয়া তুমিয়ে গা এৰা দিলে ই টিকি থাকিব নে?
(vi) গাই বাই চা (যত্ন কৰি চোৱা) : বহি থাকিলে কি হ'ব? চৰকাৰৰ ওচৰতেই অলপ গাই বাই চাচোন! কিজানি জীৱিকাৰ বাট মুকলি হয়েই।
(vii) গা ঘেলা (কাম-বন নকৰি ঘূৰি ফুৰ, ধুন মাৰু ফুৰ) : আজিৰ জগতত গা ঘেলাই ফুৰিলে মুখ নভৰে দেই!
(viii) গা পাতি ল (পৰৰ দায়িত্ব গ্ৰহণ কৰ, কৰিবলৈ সন্মত হ) : ৰাইজ, সৰুৱে পানী পেলায়, বৰে পিছলি পৰে, বাৰু ময়ে তাৰ সকলো দোষ গা পাতি লৈছো; ৰাইজে মৰিষণ কৰক।
(ix) গাত ল (মান্তি হ, দায়িত্ব ল) : ৰাইজক হাত-মুখ ধুওৱাটো মই গাত লৈছো বাৰু! বাকীখিনি আপোনালোকে কৰক।
(xi) গা টেঙা (বেজাৰ পা) : পুতেকক আগতেই চম্ভালিব লাগিছিল। (চোৰত) পৰিল নহয়। এতিয়া গা টেঙালে কি হ'ব?
(xii) গাত দে (দায়িত্ব আৰোপ কৰ) : ৰাইজক সোধ্-পোছ কৰাৰ ভাৰ তোৰ গাতে দিছো। বাকীখিনি আমি কৰিব।
(xiii) গা ছো (মাৰ) : ইমান দম্ভালি নকৰিবি দেই! সাহ আছে যদি গা-ছুই চাচোন, চাওঁ।
(xiv) গাত হাত দে (মাৰ, অপদস্থ কৰ) : তই ডাঙৰৰ গাত হাত দিলি যেতিয়া (তোৰ) চাউল উকলিছে আৰু।
(xvi) গা জুৰ পৰ (গা শাঁত হ) : সি আহি পোৱা বুলি শুনিহে মোৰ গা জুৰ পৰিছে।
(xvii) গা জোৰা (যথেষ্ট হোৱা, অঁটা) : এইকণ দ্ৰব্যৰে অতখন ৰাইজৰ গা জুৰাব নে?
(xviii) গা টঙা (নৰিয়াৰপৰা ভাল হা) : ইমানটো টান ৰোগ হৈ গৈছে, ক'ত বেগতে গা টঙাব পাৰে?
(xix) গা সাৰ (ৰক্ষা পৰা, বিপদৰপৰা উদ্ধাৰ হ) : উস্ ভগৱান! বাঘটোৱে যেনেকৈহে (চোচ) লৈছিল, কোনোমতেহে গা সাৰি আহিছো।
(xx) গা লগাই কৰ (মন দি কৰ) : বোপাইহঁত! অলপ গা লগাই কৰাচোন; (তেহে) কামটো সোনকালে হ'ব।
(xxi) গা দাং (নৰিয়াৰপৰা উঠ) : বেচেৰা ইমান ডাঙৰ ৰোগৰপৰা কোনোমতে এবছচৰৰ মূৰতহে গা দাঙি উঠিছে।
(xxii) গা দাঙি ক (সাহ কৰি ক) : সিয়ে কামটো কৰিলে বুলি তই গা দাঙি ক'ব পাৰিবি নে?
(xxiii) গা গধুৰ (এলেহুৱা) : এই গা গধুৰ অপদাৰ্থবোৰৰপৰা ক'ত কাম হ'ব হে?
(xxiv) গা ৰাঁই-জাঁই কৰ (অথিৰ হ, ইচাটি-বিচাটি কৰ) : কিনো তামোলখনি দিছিলা লাহৰী, গা ৰাঁই-জাই কৰে।
(xxv) গা চাই ফুৰ (সাৱধান হৈ ফুৰ) : বোপাই! অচিনাকি ঠাই; আহিছাও অকলে গা চাই ফুৰিবা।
(xxvi) গা (পনীয়া শৌচ হ) : আজি তিনি দিনে গা বৈ বৈ দুৰ্বল হৈ পৰিলো।
(xxvii) গা তোল (উদ্গাই দে) : হেৰা! মূৰ্খ ল'ৰাটোক গা তুলি দি দি অযথা খৰচ নকৰাবা দেই।
(xxviii) গা নচুৱাই ফুৰ (ধেমালি কৰি ফুৰ) : চাওঁতে চাওঁতে ষোল্ল বছৰত ভৰি দিলিহি, এতিয়াও গা নচুৱাই ফুৰিলেই খাবলৈ পাবি নে?
(xxix) গা জুৰা (সন্তোষ পা) : সি চাকৰি কৰিছে বুলিয়েই মই বহি থাকিলে গা জুৰাব নোৱাৰিম নহয়।
(xxx) গা ৰাখ (কষ্টৰপৰা ৰক্ষা কৰা) : বোপাই! ডাঙৰ হৈছা যেতিয়া, কিবা এটা কামত লাগি দেউতাৰাৰ গা ৰাখিব লাগে নহয়।
(xxxi) গা দুখা (বেজাৰ পা, দুখ পা) : তাক লাই দি দি ধিতিঙা কৰিলি এতিয়া গা দুখালে কি হ'ব?
(xxxii) গা থ (পানীত থাউনি পা) : বোপাই ঔ! এনে দ, কোবাল নদী! কোনো মতেহে গা থৈ সাৰি আহিছো।
(xxxiii) গা আছে (শকত) : ল'ৰাটিৰ বেছ গা আছে দেই। চাকৰিটোৰ লগত মিলি পৰিব।
(xxxiv) গা নাই (কেটেঙা) : ল'ৰাটো তীক্ষ্ণ বুদ্ধিৰ; কিন্তু গা নাই। পদবীটোৰ লগত খাপ নাখাব।
(7) ঘৰ
(i) ঘৰ পাত (বিয়া কৰাই দে) : বোপাই, চাকৰি-বাকৰি হ'ল, এতিয়া ঘৰ পতাৰহে দিহা কৰিব লাগে হ'বলা।(ii) ঘৰ কৰ (গৃহস্থালি পাত) : খাবৰ জোখাৰে ধনকে আৰ্জিব পৰা নাই; ঘৰ কৰি পৰিয়ালক খুৱাম কি?
(iii) ঘৰ ভাঙ (পৰিয়ালৰ মাজত কাজিয়া হৈ বেলেগ হ) : বোপাই! কালি-পৰহি ঘৰ পাতিছহে। এতিয়াই দন্দ্-খৰিয়াল কৰি ঘৰ ভাঙিলে ৰাইজে লাজহে দিব।
(iv) ঘৰ দে (স্বামী-স্ত্ৰীক বেলেগ ঘৰত থাকিবলৈ দে) : ডাঙৰ পো-বোৱাৰীক এইটো ঘৰ দিছো; সৰু যোৰক সিটো ঘৰ দিছো।
(v) ঘৰ খা (স্বামীৰ ঘৰত মন বহা) : বেচেৰী লখিমী বোৱাৰী! দুদিনতে কেনেকৈ ঘৰ খাইছে দেখিছা নে?
(vi) ঘৰ ল (গিৰিহঁতৰ ঘৰ নেৰা) : তুমি হ'লে বৰ লক্ষ্মী গৰুহাল পালা দেই! একেদিনাই কেনেকৈ ঘৰ লৈছে।
(vii) ঘৰ জোঁৱাই (চপনীয়া) : আমাক ল'ৰা হতে ধোঁৱাচাঙত তুলিলে! ঘৰ জোঁৱাইটোৱেহে পোহ-পাল দিছে।
(viii) ঘৰ গিৰী (ঘৰ চলাওঁতা) : মইচোন ক'ৰবাতে ৰ'লো, তুমিহে ঘৰ-গিৰী হ'লা?
(ix) ঘৰ গোনা (সদায় ঘৰতে মই বৰ হৈ থকা) : আজি সংসাৰত ঘৰ গোনা হৈ চলিব নোৱাৰিবা দেই।
(x) ঘৰ ধৰা (গৃহস্থালি চলোৱা) : বোৱাৰীজনী কম বয়সীয়া হ'লেও বেছ ঘৰ ধৰি খাইছে দেই!
(xi) ঘৰ গছকা (ন বোৱাৰীক ঘৰ দেখুৱাই নিয়া) : কইনাজনীক আজি ঘৰ গছকাই নি এমাহৰ মূৰত থৈ যাবহি।
(8) চকু
(i) চকু গজ (বুজন হ, ভাল-বেয়া বুজিব পৰা হ) : তহঁতৰ চকু গজাই থৈ যাব পাৰো নেকি বুলিয়েই বুঢ়া দেহতো হালখন চলাই আছো।(ii) চকু দে (নজৰ দে, সাৱধান হ) : ল'ৰাটি আপোনাকে গতালো; অলপ চকু দিব দেই।
(iii) চকু কৰ (নজৰ দে, সাৱধান হ) : অকল কাম কৰিলেই নহয়, দেহলৈকো চকু কৰিবি।
(iv) চকুত লগা (ধুনীয়া হ, মন খা) : তেওঁৰ বাৰীখন তামোল-পাণে চকুত লগা হৈ উঠিছে।
(v) চকুত পৰ (মন আকৰ্ষণ কৰ) : চাৰ কাৰ্যকলাপ মোৰ চকুত পৰিছে।
(vi) চকু পৰ (দেখিবলৈ গা) : অত দিনৰ মূৰত আজিহে খাত্খনত চকু পৰিল।
(vii) চকু ৰোৱা (দেখিবলৈ ধুনীয়া) : মানুহজনে বাৰীখন চালে চকু ৰোৱাকৈ ৰাখিছে।
(viii) চুক লগা (টোপনিত চকু মুদ যা) : মোৰ যে কি হৈছে, আজি দুদিনে ৰাতি চকুত চুক লগা নাই।
(ix) চকু মুদ (প্ৰাণ এৰ, মৰ) : বেচেৰাই পুতেকৰ কথা কৈ কৈয়ে চকু মুদিলে।
(x) চকু ফুৰা (ওপৰে ওপৰে চা) : হেৰা, মোৰ প্ৰবন্ধটোত এবাৰ চকু ফুৰাবা চোন।
(xi) চকু পকা (খত্ কৰা, খঙেৰে চোৱা) : হেৰৌ, এইদৰে চকু পকাই নাচাবি দেই, কথা বেয়া হ'ব একা।
(xii) চকু ৰাখ (যত্ন ল) : ল'ৰাটো পঢ়া-শুনাত কিছু উদাসীন। অলপ চকু ৰাখিব দেই।
(xiii) চকু মেলি চা (অনুগ্ৰহ কৰ) : হেৰা! নাম এভাগকে আগ বঢ়োৱাচোন! কি জানি ভগৱানে চকু মেলি চায়েই।
(xiv) চকু মুদা কুলি (প্ৰৱঞ্চক, ফাঁকি দি খোৱা মানুহ) : মই তাৰ ফাঁকিটি বুজিয়ে নাপালো নহয় চকু মুদা কুলি হৈ সি মোৰপৰা টকাটো সৰকালে।
(xv) চকু কুটা (অপ্ৰিয় শত্ৰু) : এনে ধুনীয়া ল'ৰাটি বেচেৰা। অথচ মাহী মাকৰ মনত সি চকুৰ কুটা।
(xvi) চকুত ধূলি মাৰ, চকুত বালি মাৰ (ফাঁকি দে, প্ৰৱঞ্চনা কৰ) : মোৰ চকুত ধূলি মাৰি যেনিবা সাৰিলি, পিছে পুলিচৰ চকুত পাৰিলি জানো?
(xvii) চকুৰ পচাৰতে (নিমিষতে, তত্ক্ষণাত্) : চকুৰ পচাৰতে জুয়ে অঞ্চলটো ধূলিসাত্ কৰি পেলালে।
(xviii) চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা) : তোৰ নিচিনা চকু চৰহা পৃথিৱীত আৰু ওলাব নে?
(xix) চকুৰ কুটা, দাঁতৰ শাল (অপ্ৰিয় শত্ৰু) : তহঁতৰ চকুৰ কুটা, দাঁতৰ শাল হৈ জীয়াই থকাতকৈ মই মৰি যোৱাই ভাল।
(xx) চকু থাকি খালত পৰ (জানি শুনি বিপদত পৰ) : তোক মই আগতেই কৈছিলো নহয় যে সেই গৰুটো বিষালি, নালাগে কিনিব; এতিয়া পিছে কিয় চকু থাকি খালত পৰিলি?
(xxi) চকুৰ মণি, চকুৰ পুতলা (অতি আদৰৰ) : সন্তান যিমানে দুষ্ট নহওক তথাপি মাকৰ মনত সি চকুৰ মণি (চকুৰ পুতলা)।
(9) মুখ
(i) মুখ কৰ (মুখ ঘূৰা) : এইফালে মুখ কৰি থিয় হোৱাচোন। ভালকৈ চাই লওঁ।(ii) মুখ ঘূৰা (অন্যফালে মন কৰা) : মোৰ কথা শুনি সিচোন মুখহে ঘূৰালে; ক'ত টকা দিব?
(iii) মুখলৈ চা (পুতৌ কৰ) : মোৰ মুখলৈ চাই তাক এইবাৰলৈ ক্ষমা কৰা বোপাই!
(iv) মুখ চা (পুতৌ কৰ) : তোৰ মুখ চায়ে কোনোবাই চাকৰি দিব বুলি ভাবিছ নে?
(v) মুখ পাত (আনৰ মৌখিক বিবাদত যোগ দে) : মই তাৰ আগত কথাটো উলিয়ালোহে, তাই আহি পোনেই মুখ পাতি ল'লে নহয়।
(vi) মুখ পাতি ধৰ (আনৰ মৈখিক বিবাদত যোগ দে) : ঐ! মই তাকহে কৈছো; তই মুখ পাতি ধৰিছহি কেলেই?
(vii) মুখ হাত ধো (মল-মূত্ৰ ত্যাগ কৰ) : মই এইমাত্ৰ মুখ-হাত ধুই গাটো তিয়াইছো।
(viii) মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি গুচি হ) : কালি মাত্ৰ দেউতাৰ মুখৰ ছাই গুচাই উঠিছোহে, আজি আকৌ আইও চলিল!
(ix) মুখ ফালি ক (খুলি ক) : মুখ ফালি যদি কথাই নকৱ, আমি জানিম কেনেকৈ?
(x) মুখত দে (চাকি চা, খা) : বোপাই ঔ! তয়ো যেতিয়া সেইবিধ মুখত দিলি, ঘৰ যাব আৰু!
(x) মুখ মৰ (মৌন হ, নিমাত হ) : সি কি তুৰিমুৰি কৰিব, একে আষাৰতে মুখ মৰিল নহয়।
(xi) মুখ মাৰ (আনৰ ভাগ কাঢ়ি ল) : হেৰৌ, তয়েচোন সকলো খাই শেষ কৰি আনৰ মুখ মাৰিলি!
(xii) মুখ লাগ (আনৰ লোভৰপৰা পীড়া হ, অপকাৰ হ) : মই জলপান খাওঁতে সি যেনেকৈহে চাই আছিল, তাৰ মুখ লাগিয়ে মোৰ পেটটোৱে ভুৰ ভুৰাইছে।
(xiii) মুখ সলা (সদায় খোৱা বস্তু এৰি আন বস্তু খা) : মুখ সলাই খাব লাগে, তেতিয়াহে ৰুচি বাঢ়ে।
(xiv) মুখ নোহোৱা (কথা সজাই ক'ব নজনা) : মুখ নোহোৱা মানুহটোক কিয় প্ৰতিনিধি পাতি সভালৈ পঠালা?
(xv) মুখ মেলি থাক (লোকলৈ আশা পালি থাক) : নিজে চেষ্টা নকৰি মুখ মেলি থাকিলেই চাকৰি মিলিব নে?
(xvi) মুখৰ ভাত কাঢ়ি নে (পোৱা সুবিধা এৰি দে, নিজৰ অকৰ্মণ্যতাৰ কাৰণে আনে সুবিধা কৰি লোৱা) : ভোদা অসমীয়াই চাই থাকোতেই বিদেশীয়ে অসম বুকুৰ সোণ যে বুটলি নিছেই, মুখৰ ভাতো কাঢ়ি নিছে।
(xvii) মুখেৰে সাত হাল বা (বৰাই কৰি ক) : হেৰৌ! জুহালৰ গুৰিত মুখেৰে সাত হাল বাই থাকিলেই পথাৰত খেতি হ'ব নে?
(xviii) মুখৰ বান্ধ (বাছি খা) : কি কৰিম! বেমাৰত পৰি মুখ বান্ধিবলগা হ'লো।
(xix) মুখৰ কথা (অসাৰ কথা, প্ৰমাণহীন কথা) : তাৰ মুখৰ কথাতে তোমাৰ দৰে জ্ঞানীলোকে কাম কৰা উচিত নাছিল।
(xx) মুখ নাই (ভাল দৰে কথা ক'ব নজনা) : ওকালতিত তাৰ একেবাৰে মুখ নাই অ'।
(xxi) মুখৰ ওপৰত ক (ভয় নকৰাকৈ সন্মুখতে ক) : হেৰৌ! তই পেন্দুকণি ল'ৰাটোৱে তেওঁৰ মুখৰ ওপৰতে ক'ব পাৰ নে?
(xxii) মুখত সোপা দিয়া (নিমাত কৰা) : সভাতে কথাটো উলিয়াবলৈ তোকনো কোনে মুখত সোপা দি থৈছিল?
(xxiii) মুখৰ ভাত কাউৰীয়ে নিয়া (অতি অকৰ্মণ্য) : তাৰ নিচিনা মুখৰ ভাত কাউৰীয়ে নিয়া এটালৈনো কোনে ছোৱালী দিব অ'।
(xxiv) মুখ উজ্জ্বল কৰ (নামজ্বলা হ) : বোপাই! তুমিহে যদি বংশৰ মুখ উজ্জ্বল কৰিব পাৰা।
(xxv) মুখ ওলোমা, মুখ ওফোন্দা (অসন্তোষৰ ভাব দেখুওৱা) : তই সদায় এইদৰে সকলো কথাতে মুখ ওলোমাই থাকিলে মইনো কেনেকৈ এমুঠি সুখেৰে খাওঁ।
(10) দাঁত
(i) দাঁত লাগ্ (লোকৰ চকু পৰাত অমংগল হ) : লাউজোপা জলীয়াইছিলহে; দাঁত লাগিল হ'বলা; গোটেইবোৰ গেলি গ'ল।(ii) দাঁত লগা (মুখ লগা) : পেটটো কালিৰেপৰা ওফন্দি আছে, দাঁত লগা মন্ত্ৰেৰে পানী অকণ কাটি দিয়াচোন।
(iii) দাঁতে ওঁঠে নালাগ (সমূলি কাঁজিয়া নালাগে) : ল'ৰাহালৰ সৰুৰেপৰাই এনে মিল, কেতিয়াও দাঁতে ওঁঠে লগা দেখা নাই।
(11) হাত
(i) হাত আহ (ভালকৈ অভ্যাস হ) : আজি এমাহে তাঁতখন তৰিছো; পিছে হাত অহা নাই!(ii) হাত উঠ (ব্যৱসায়ত ক্ৰমে উন্নতি হ) : উত্সাহ আৰু অধ্যৱসায়েৰে কাম কৰিলে ব্যৱসায়ত হাত উঠিবই।
(iii) হাত কৰ, হাত কৰি ল (বশ কৰ, নিজৰ হাতলৈ আন আত্মসাত্ কৰা) : ';!?
(iv) হাত উজান দে (কামত সহায় কৰ) : ৰাইজে হাত উজান দিলেহে স্কুল-ঘৰটি সোনকালে হৈ উঠিব।
(v) হাত এৰ (তত্ত্বৱধান এৰ) : তই হাত এৰাৰপৰাই পুতিভঁৰালটো নষ্ট হ'ল।
(vi) হাত দে (কামত ধৰ) : ঘৰটো আধা কৰাকৈয়ে এৰিলিচোন, আকৌ কেতিয়াৰপৰা হাত দিয়?
(vii) হাত ধো (আশা এৰ, সম্পৰ্ক ত্যাগ কৰ) : তাৰপৰা যি শুনিছো, মই চাকৰিৰ বাবে হাত ধুবহে লাগিব হ'বলা।
(viii) হাত লৰ (চোৰ স্বভাৱৰ) : হেৰৌ! সৌৱা জেতুকী আহিছে, তাইৰ হাত লৰ দেই, সাৱধান!
(ix) হাত পাত (ভিক্ষা কৰা, মাগ): মোৰ এটা সন্মান আছে, মই টকাৰ কাৰণে তাৰ ওচৰত হাত পাতিব নোৱাৰো।
(x) হাত সাৰ (ৰক্ষা পা) : যিটোহে বাঘৰ মুখত পৰিছিলো, কোনো মতেহে হাত সাৰি আহিছো।
(xi) হাত মুখ ধোৱা (ৰাইজক শুশ্ৰুষা কৰা) : ন-ধানমুঠি চপাই ল'ব পাৰিলেই ৰাইজক হাত-মুখ ধুৱাম বুলি ভাবিছো।
(xii) হাত দীঘল (ক্ষমতাশালী) : বোপাই! তুমি হাত দীঘল মানুহ বুলিহে তোমাৰ ওচৰ চাপিছো। ল'ৰাটোৰ চাকৰি এটাৰ কিবা এটা দিহা কৰি দিয়া।
(xiii) হাত যোৰ কৰ (প্ৰাৰ্থনা কৰ) : ৰাইজ! আপোনাসৱৰ চৰণত হাত যোৰ কৰিছোঁ; ল'ৰাটোক ক্ষমা কৰক।
(xiv) হাত সাবটি থাক (কামত প্ৰবৃত্ত নোৱোকৈ থাক) : আজিৰ দিনত হাত সাবটি থাকিলে মুখ নভৰে।
(xv) হাতে-ভৰিয়ে ধৰ (কাবৌ কৰ) : এটি পইচাৰ কাৰণে কিমানৰ যে হাতে-ভৰিয়ে ধৰিলো; কোনেও ঘূৰিকে নাচালে।
(xvi) হাত মুঠিত ৰাখ (অধীনত ৰাখ) : তাক হাতৰ মুঠিত ৰাখিব পাৰিলে আমাৰ কাম হ'ব।
(xvii) হাত টান (কৃপণ) : মানুহজনৰ এনে হাত টান, টকা পাঁচটা চান্দা উলিয়াব নোৱাৰিলো।
(xviii) হাত বাগৰা (আগেয়ে আনে ব্যৱহাৰ কৰা) : তই হ'বলা মোলৈ হাত-বাগৰা চোলাটোহে আনিলি?
(xix) হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে) : চোৰটো হাতত সাৰে ভৰিত সাৰে ঘৰৰ ভিতৰত সোমাল।
(xx) হাত ফুৰা, হাত বুলা (মৰম কৰা) : তেওঁ মোৰ মূৰত হাত ফুৰাই (হাত বুলাই) ক'লে "বাচা! দীৰ্ঘজীৱী হোৱা।"
(xxi) হাত ভৰি ধোৱা (হাত আৰু ভৰি প্ৰক্ষালন কৰা) : হাত-ভৰি ধুই উঠি ফলি-পুথি ল'বা।
(12) মূৰ
(i) মূৰ খা (মৃত্যুৰ কাৰণ হ) : তই যি দৰেহে পেন পেনাবলৈ লৈছ, কাৰোবাৰ মূৰ খাইছে এৰিবি যেন পাওঁ।(ii) মূৰ দাঙি উঠ (ডাঙৰ হ, উদ্গতি কৰ) : গোস্বামীহঁতৰ গৃহস্থীখন বেছ মূৰ দাঙি উঠিছে দেই।
(iii) মূৰ ঘমা (বৰকৈ চিন্তা কৰ) : এইদৰে মূৰ ঘমাই বহি থাকিলেই কাম হ'ব নে? চেষ্টা কৰা।
(iv) মূৰ দোঁৱা (সেৱা কৰা, মান্য কৰা) : ৰাইজে মোক বিপদত যি সহায় কৰিলে, তাৰ কাৰণে কৃতজ্ঞতাত মূৰ দোঁৱাইছো।
(v) মূৰ পাত, মূৰ পাতি ল (দায়িত্ব ল) : তয়েই ঘৰৰ ডাঙৰ ল'ৰা যেতিয়া ঘৰৰ সকলো দায়িত্ব তয়েই মূৰ পাতি ল'ব লাগিব।
(vi) মূৰ পোলোকা দে, মূৰ পোলোকা মাৰ (গা এৰা দে) : হেৰৌ! কামৰ সময়ত মূৰ পোলোকা দিলে (মাৰিলে) জানে কাম সিদ্ধি হ'ব?
(vii) মূৰ ফুৰা (মূৰ ঘূৰণি হ) : কালিৰেপৰা বৰকৈ মূৰটো ফুৰাইছে, তেল-পানী অকণ দিয়াচোন।
(viii) মূৰ মৰ (উপায় নাইকিয়া হ) : মৰাপাটখিনি শেষ হ'ল যেতিয়া, কালিৰপৰা খোৱাৰো মূৰ মৰিল।
(ix) মূৰ মাৰ (বাট মাৰ, উপায় নষ্ট কৰা) : যিবা এটা পিতলৰ গাগৰী আছিল তাকো ভাঙি পানী খোৱাৰ মূৰ মাৰিলি।
(x) মূৰে ভৰি কাঢ় (অতপালি কৰা বিপৰীতে কাৰ্য্য কৰা) : হেৰৌ! বেয়াকৈ মূৰে ভৰি কাঢ়িছ দেই! দুপতীয়াতে যাবি।
(xi) মূৰে কপালে হাত দে (বিমোৰত পৰা, বৰ বেজাৰ পা) : বজাৰ কৰিবলৈ গৈ, জেপত হাত দি বেচেৰাই মূৰে-কপালে হাত দিলে, জেপত টকাখিনি নাই।
(13) মন
(i) মন কৰ (ইচ্ছা কৰ, মনোযোগ দে) : গৰুহাল তাতে এৰাল দি থৈছো, মন কৰিবি।(ii) মন খা (পছন্দ কৰ) : কাপোৰটোৰ এই ৰঙটো মোৰ হ'লে বৰ মন খাইছে দেই।
(iii) মন ডাঠ (স্থিৰ মনা, দৃঢ় মনা, সাহসী) : তোমালোকে মন ডাঠ মানুহ; আগ বাঢ়ি যোৱা কামত সিদ্ধি লাভ হ'বই।
(iv) মন পা (মন বুজ) : মই হ'লে তেওঁৰ মন পোৱা নাই দেই, তুমি চেষ্টা কৰি চোৱাচোন।
(v) মন মেল (আগ্ৰহ কৰা) : তুমি মন মেলিলেই হ'ল; আমি পাছত আছোঁ; জিকিবাই।
(vi) মন পুতি লাগ (মনোযোগ দে) : পঢ়াত মন পুতি লাগিলেহে পৰীক্ষাত উত্তীৰ্ণ হ'বা।
(vii) মন বাঢ় (পাবলৈ ইচ্ছা কৰা) : আৰু মন বঢ়াই নাথাকিবি; যি দিছো তাতে সন্তুষ্ট হ।
(viii) মন বান্ধ (লোভ বা ইচ্ছা সংয়ত কৰা) : বহুতো ঘটিলো, বহুতো পালো। এতিয়া বুঢ়া কালত মন বান্ধিবৰ হ'ল।
(ix) মন ভাগ (আগ্ৰহহীন হ) : খেলিমেলিবোৰ দেখি সমবায়ৰ প্ৰতি মোৰ মন ভাগি গৈছে।
(x) মন মৰা (বিমৰ্ষ বেজাৰমুৱা) : আজি কিছুদিনৰপৰা ল'ৰাটো তেনেই মন মৰা হৈ আছে; কি হৈছে জানো?
(xi) মন মাৰ্ (বিমৰ্ষ হ, নিৰানন্দ হ) : তই মন মাৰি থাকিলে আমাৰো বেয়া লাগে।
(xii) মন যা (পাবলৈ ইচ্ছা কৰ) : মোৰ মন যায় পখী হৈ আকাশত উৰিবলৈ।
(xiii) মনত পৰ (স্মৰণ হ) : অ' এতিয়াহে মোৰ মনত পৰিছে, তেওঁ ৰাম কিষাণৰ ল'ৰা নহয় নে?
(xiv) মন পতিয়া (মন শান্ত কৰ, মন সন্তুষ্ট থাক) : সমবায়ৰ চেয়াৰ এটা মোকো দিবাচোন বাৰু; মনটোকে পতিয়াওঁ।
(xv) মনে-চিতে (ধাৰণাত, অন্তৰত) : সি যে এনে এটা গৰ্হিত কাম কৰিব, আমাৰ মনে-চিতেই নাই।
(xvi) মন বহ (মনোযোগ আহ, বেয়া নলগা হ) : ছোৱালীজনীৰ পঢ়াত লাহে লাহে মন বহিছে দেই।
(xvii) মন সামৰ (ইচ্ছা এৰ) : বতৰৰ গতি-মতি দেখি খেতিলৈ আৰু মন সামৰিছোহে।
(xviii) মনে ধৰ (বিশ্বাস হ) : ল'ৰাটো দেখিয়েই মোৰ মনে ধৰিছে, সি কামটো কৰিব পাৰিব।
(xix) মনে পতা, মনে সজা (কাল্পনিক) : মনে পতা (সজা) কাহিনীৰে মানুহক বিভ্ৰান্ত কৰা অনুচিত।
(14) পেট
(i) পেট চল (বেছিকৈ শৌচ কৰ) : এইকেইদিন পেট চলি মোক বৰ কষ্ট দিছে।(ii) পেট দে (মনৰ কথা জানিবলৈ দে) : তেওঁৰ কথা কি জানিম? তেওঁ পেট দিয়া বিধৰ মানুহেই নহয়।
(iii) পেট পা (গুপুত কথা জান) : তেওঁৰ আগত কোনো কথা নক'বা দেই; তেওঁৰ পেট পোৱা বৰ টান।
(iv) পেট পোহ (কোনোমতে খাই লৈ থাক) : খেতিৰ মাটি আছে মাত্ৰ পাঁচ বিঘা; তাৰ উপাৰ্জনেৰে দুখ-কষ্টে পেট পুহি আছো আৰু।
(v) পেট মচা (নুমলীয়া) : এইটিয়ে আমাৰ পেট মচা ল'ৰা।
(vi) পেটতে হাত ভৰি লুকা (বৰ ভয় পা) : শৰ্মাৰ হত্যাকাণ্ডৰ কথা শুনি মোৰ যে পেটতে হাত-ভৰি লুকাল।
(viii) পেট পেলাই থাক (খাবলৈ নাপাই শুকাই থাক) : কাম-বন নকৰি এইদৰে ঘৰে ঘৰে পেট পেলাই ফুৰিলেই মানুহে খাবলৈ নাপায় দেই।
(ix) পেট ভাটৌ (পেটত কথা ৰাখি থোৱা মানুহ) : এই পেট ভটৌটোৰপৰা কথা উলিয়াব পাৰিম বুলি ভাবিছা নেকি?
(x) পেট কুলি (ভিতৰি টেঙৰ, কপটীয়া লোক) : বৰবৰুৱা সাঘাতিক পেট কুলি মানুহ; কোনো কথাই তেওঁ খুলি নকয়।
(xi) পেটে ভাতে খা (জমা নকৰাকৈ কোনো মতে খাই থাক) : পাঁচ বিঘা মাটিৰ খেতিৰে কোনো মতে পেটে ভাতে খাই আছো আৰু।
(15) পানী
(i) পানী কৰ (নষ্ট কৰ, বুজিবলৈ সহজ কৰ) : ইমান কঠিন অংকটো শিক্ষকজনে পানী কৰি বুজাই দিলে।(ii) পানীত পৰ (অথলে যা) : জলপান এটা খাম বুলি দৈৰ টেকেলি এটা আনিলোঁ; পিছে তেনেই পানী; টকা পাঁচটা তেনেই পানীত পৰিল।
(iii) পানী হ (দ্ৰৱ হ, নষ্ট হ) : তোৰ কাৰণেই মোৰ সকলো চেষ্ট পানী হৈ গ'ল।
(iv) পানী ছো (মূত্ৰত্যাগ কৰ) : দেখিছানে বাৰু, চৰাইটোৱে মাজ মূৰতে পানী ছুই গ'ল।
(v) পানী ল, মাটি-পানী ল (শৌচ-পেচাব কৰি উঠি মাটি পানীৰে ধুই শুচি হ) : বাহিৰ ফুৰি আহি (মাটি) পানী লৈছোহে, এনেতে শুনিলো তাৰ বিকট চিঞৰটো।
(vi) পানী হাঁহ নচৰা হ (আলাই-আথানি হ, বৰ বিপদ হ) : দেউতাক ঢুকুৱাৰপৰা ল'ৰা-ছোৱালী কেইটিৰ পানীত হাঁহ নচৰা হৈছে।
(vii) পানী নসৰকা (অলপো চেলু এৰি নিদিয়া) : পেন্দুকণা ল'ৰাটোৰ পানী নসৰকা কথাবোৰত খঙে চুলিৰ আগ পালেগৈ।
(16) ভাত
(i) ভাত মৰ্ (জীৱিকাৰ উপায় নাইকিয়া হ) : কাপোৰৰ কলটো বহাৰপৰা শিপিনীসকলৰ ভাত মৰিল।(ii) ভাত মাৰ (জীৱিকাৰ উপায় নষ্ট কৰ) : কলটো বহুৱাই বনুৱাসকলৰ ভাত মাৰিব খুজিছ দেই।
(iii) ভাতে ভঁৰালে খা (সাঁচি ৰাখি খা) : তেওঁ খেতিৰ মাটিৰ উপাৰ্জনেৰেই ভাতে ভঁৰালে খাব পাৰে।
(iv) ভাত মোকলা (জীৱিকাৰ উপায় উলিয়াই ল) : সি বেছ বুধিয়ক লৰা, ভাত মোকলাই খাব পাৰিব।
(v) ভাতৰ ভতুৱা (অকামিলা) : তহঁতৰ নিচিনা ভাতৰ ভতুৱাই সংসাৰত মানুহ হৈ থাকিবি নে?
(vi) ভাত ঘৰ (মিত্ৰ, অতি আপোন মানুহৰ ঘৰ) : গুৱাহাটীত বৰুৱাৰ ঘৰখনেই মোৰ ভাৰ ঘৰ।
(17) বাট
(i) বাট চা (অপেক্ষা কৰ) : তোমাৰ চিঠি পাম বুলি বহুত দিন বাট চালো, কিন্তু নাপালো।(ii) বাট বুল (খোজ কাঢ়, আদৰ্শ অনুসৰণ কৰ) : কেঁচুৱাটি বাট বুলিব পৰা হৈছে।
(iii) বাট কুৰি বা (বহুতবাৰ অহা-যোৱা কৰ, বহুত দূৰলৈ খোজ কাঢ়ি যা) : দিনটো বাট কুৰি বাই আহিও তাক লগ নাপালো।
(iv) বাট মাৰ (বিন্ধা মাৰ, মুদা মাৰ, উপায় নাইকিয়া কৰ) : মিতিৰৰ লগত কাজিয়া কৰিয়ে এদিন গৈ এসাঁজ খোৱাৰো বাট মাৰি ল'লি।
(v) বাট মৰ (মুদা মৰ, উপায় নাইকিয়া হ) : বাই মৰাৰপৰা ভিনিহিৰ ঘৰৰো বাট মৰিল।
(vi) বাট কেঁৰা লাগ, বাট কণা লাগ (কণা মুৰি লাগ) : আজি কিহে পালে জানো; বাট কেঁৰা লাগি (বাট কণা লাগি) ক'ৰবাতহে ওলালোগৈ।
(18) মাটি
(i) মাটি কৰ (নষ্ট কৰ) : গাড়ীখন বেয়া হৈ মোৰ যাত্ৰাটোকে মাটি কৰি দিলে।
(ii) মাটি হ (নষ্ট হ) : ধানৰ দাম কমি যোৱাত মোৰ হাজাৰ টটা মাটি হৈ গ'ল।
(iii) মাটি খা (ভোগ কৰ, দখল কৰ) : মাটি খাব খুজিছ যদি ঘৰ-দুৱাৰ কৰি বহি যা।
(iv) মাটি দে (মৰিলে সংস্কাৰ কৰ) : বেচেৰা মানুহজনক এচপৰা মাটি দিবলৈকো কোনো নাথাকিল।
(v) মাটি পানী ল (শৌচৰ পাছত হাত ভৰি ধুই শুদ্ধ হ) : বিদেশীয়ে যেনেকৈহে পিয়াপি দিছেহি মাটি পানী অকণ ল'বলৈকো ঠাই নোহোৱা হ'ব যেন পাওঁ।
(vi) মাটিৰ মানুহ (অতি সহজ-সৰল লোক) : এনে মাটিৰ মানুহ মই আৰু দ্বিতীয়জন দেখা নাই দেই।
(19) মাত
(i) মাত দে (উত্তৰ দে, দেখা কৰ) : যাওঁতে মোৰ ঘৰত মাত দি যাবা দেই।(ii) মাত মৰ (নিমাত হ, উত্তৰ দিব নোৱাৰা হ) : বপুৰাই ভোদা মানুহকেইটাৰ আগত বৰ বৰ বক্তৃতা দি আছিল; মই যেন ওলালো গৈ, তাৰ মাত মৰিল নহয়!
(iii) মাত মাৰ (নিমাত কৰ, উত্তৰ বন্ধ কৰ) : সি বাৰু অতখন ৰাইজক এনে এষাৰ বেয়া কথা কৈ মাত মাৰিব পায় নে?
(iv) মাত মাত্ (মনৰ ভাব ব্যক্ত কৰ) : সভাত সকলোৰে মাত মাতিবৰ অধিকাৰ আছে।
(v) মাত লগা (সম্বোধন কৰ, দেখা কৰ) : যাওঁতে দেউতাৰক মাত লগাই যাবি দেই।
(vi) মাত কথা খা (গালি খা) : বোপাই! দু্ষ্টালিয়েই যদি নকৰ, কিয় মাৰৰ মাত কথাখন খাব লাগে!
(20) হাড়
(i) হাড় পেলা (মৃত্যু হ, মৰ) : বেচেৰাই বিপদৰ লগত যুঁজি যুঁজি শেষত নিজেই হাড় পেলালেগৈ।(ii) হাড়ে ছালে লগা (ক্ষীণ) : হাড়ে ছালে লগা গৰুটো যে কিনি আনিছ, কি নিধি ওপজাই দিব অ'?
(iii) হাড়ত বন গজা (বহুত দিনৰ আগতে মৰা) : এতিয়াহে তাৰ খবৰ ল'বলৈ সময় পালা? তাৰ হাড়তো বন গজিল।
(iv) হাড়ক মাটি কৰ (কঠোৰ শ্ৰম কৰ) : হাড়ক মাটি কৰি ধন ঘটিছো তহঁতৰ সুখৰ কাৰণেই।
(v) ভৰিত পৰ (ভৰিত দীঘল দি ক্ষমা খোজা) : হেৰৌ, জগৰ লগালিয়েই যেতিয়া তামোল-পাণ এশৰাই লৈ ৰাইজৰ ভৰিতে পৰ; নিশ্চয় ক্ষমা কৰিব।
(vi) ভৰি দাং (গা দাং, যাবলৈ ওলা) : বেলি লহিয়ালেই; বাটো বহুত দূৰ; সোনকালে ভৰি দাঙিবহে লাগে।
HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ
1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words
2. অসমীয়াত প্ৰত্যয় ভাঙা । Pratyay Bhanga in Assamese
3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved
5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words
6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms
8. কৃত্ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?
11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?
13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি
14. অসমীয়া ৰচনা । ASSAMESE ESSAY
15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY
7 Comments
Click here for Commentsঅসমীয়া ব্যাকৰণৰ প্ৰায়খিনি সম্বল আপোনালোকে দি আছে। আপোনালোকৰ এই আশাশুধীয়া প্ৰচেষ্টা কেতিয়াও অথলে নাযায়।
Replyছাত্ৰ ছাত্ৰী সকলৰ যথেষ্ট উপকাৰ হব ।
Reply💕💕💕❤️🙏
ReplyVery much beneficial for students
Replyএকাদশত বৃহস্পতি ki hobo?
ReplyNice
ReplyVery helpful to the students.
ReplyConversionConversion EmoticonEmoticon