-->

অসমীয়া ৰচনা । Assamese Essay 2

 

অসমীয়া ৰচনা । Assamese Essay

1. কোভিড-১১ : সৃষ্টিৰ পংকিল স্ফূলিঙ্গ । Covid-19 - অসমীয়া ৰচনা । Assamese Essays


প্ৰভাৱনাঃ ''সৃষ্টিৰ দিনৰে পৰা নিয়তিৰ স'তে হেৰা

মানুহৰ সংগ্ৰাম অক্ষয়; 

আমি তাৰ স্মৃতি স্তম্ভ, সোঁৱৰাই মানুহৰ

বীৰ্য্য আৰু নিয়তিৰ জয়।'' 

নিয়তিৰ কৰাল গ্রাসৰ পৰা মানুহৰ পৰিত্ৰাণৰ উপায় নাই। মানুহৰ সংগ্ৰামৰ যি অসীম বীর্য, তাৰ স্মৃতিস্তম্ভ যুগ-যুগ ধৰি ধৰাৰ বুকুত অক্ষয় অব্যয় হৈ ৰৈছে। ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ ৩১ তাৰিখে চীন দেশে বিশ্ব স্বাস্থ্য সংস্থা (WHO) ক জনাই যে য়ুহান নগৰত ঠায়ে ঠায়ে কিছুমান মানুহৰ অজ্ঞাত কাৰণে নিউমনীয়া হৈছে। এয়াই আছিল আৰম্ভণি আৰু ক্ৰমাৎ পোহাৰ মৈলিলে সহস্র বিষবাষ্পৰ তৃষাগ্নি। 

'কোভিড-১৯ কি?':- ২০২০ চনৰ ১ জানুৱাৰিত WHO য়ে প্রকাশ কৰে যে চীনৰ গৱেষকে প্রাথমিক পৰীক্ষাৰ পাছত নতুন ক'ৰণা ভাইৰাছ চিনাক্ত কৰিছে আৰু WHO য়ে ইয়াক COVID-19 হিচাপে নামাকৰণ কৰিছে। ক'ৰণা ভাইৰাছসমূহ এক প্ৰকাৰৰ ভাইৰাছৰ ডাঙৰ পৰিয়াল। ইয়াৰে কিছুমানে সাধাৰণ পানী লগাৰ পৰা আৰম্ভ কৰি শ্বাস-প্রশ্বাসৰ প্রবল অসুখলৈকে যেনে SARS, MERS, আৰু SARS COV-2 (COVID-19) আদি অসুখ সূত্রপাত কৰে।

Covid-19 নামৰ এই তুর্য ৰোগে এতিয়ালৈকে 70ৰো অধিক দেশলৈ বিয়পিছে। ক'ৰণা সংক্ৰমণৰ বৰ্ধিত বিপদাশংকাৰ প্রতি লক্ষ্য কৰি ইয়াক বিয়পা প্রতিহত কৰিবলৈ সতর্কতাৰ একান্ত প্রয়োজন। 

ৰোগৰ লক্ষণসমূহঃ- COVID-19 বা ক'ৰণা ভাইৰাছৰ দ্বাৰা সংক্রমিত হ'লে প্রথমে জ্বৰ উঠে। তাৰ পিছত শুকান কাহ হয় আৰু তাৰ এসপ্তাহৰ পিছত উশাহ লোৱাত মস্যাৰ সৃষ্টি হয়।

ক'ৰণা ভাইৰাছৰ স্তৰৰ ক্ষেত্ৰত নিউমোনিয়া, অত্যাধিক শ্বাস-প্রশ্বাসৰ সমস্যা, বৃক্কৰ বিফলতা আৰু আনকি মৃত্যু পর্যন্তও হ'ব পাৰে। এই ভাইৰাছৰ জৰিয়তে সংক্রমিত হোৱাৰ পূৰ্বৰে পৰা যিসকল হাপানি, ডায়বেটিছ বা হৃদৰোগ থকা বৃদ্ধ লোকৰ ক্ষেত্ৰত বিপদাশংকা গুৰুতৰ হ'ব পাৰে।

ক'ৰণা ভাইৰাছ সংক্ৰমিত হ'লে?:-

কিছুসময় আগলৈকে ক'ৰণা ভাইৰাছৰ কোনো চিকিৎসা নাছিল যদিও বর্তমানে চিকিৎসা বিজ্ঞানৰ হৃদয়ফলিকাত দেদীপ্যমান হৈ উঠিছে প্রতিৰোধৰ ষোড়শোপচাৰ।

ক'ৰণা ভাইৰাছৰ চিকিৎসাৰ বাবে চৰকাৰী খণ্ডৰ ফালৰ পৰা বিনামূল্যে টীকাকৰণৰ ব্যৱস্থা কৰিছে। কিছুমান চিকিৎসালয়ে এণ্টিভাইৰেল ঔষধ পৰীক্ষা কৰি আছে। 

প্ৰতিৰোধমূলক ব্যৱস্থাঃ- স্বাস্থ্যখণ্ডৰ নির্দেশমতে হাত চাবোনেৰে ভালদৰে পৰিস্কাৰ কৰিব লাগে। তাৰোপৰি, সুৰা আধাৰিত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো যুগুত। কাহ আৰু হাঁচিয়াওতে নাক আৰু মুখ ৰুমাল বা টিছ্যু পেপাৰেৰে ঢাকি ৰাখিব লাগে। পানীলগা জ্বৰ আৰু ফ্লুৰ লক্ষণ থকা লোকৰ পৰা বিৰত থাকিব লাগে। বনৰীয়া জন্তুৰ সংস্পৰ্শৰ পৰা আতৰি থাকিব লাগে। লগতে হাত পৰিষ্কাৰ নকৰাকৈ নাক, মুখ স্পর্শ কৰিব নালাগে। 

ক'ৰণা সংক্রমণ বিয়পা কেনেদৰে ৰোধ কৰিব পাৰি?:- ৰাজহুৱা বাহন যেনে বাছ, ট্রেইন, অটো বা ট্রেক্সিৰ দ্বাৰা ভ্রমণ নকৰাটো ভাল অথবা নূন্যতম দূৰত্ব বজাই ৰখাটো প্রণিধানযোগ্য।

যদি অধিক লোকৰ সৈতে বসবাস কৰা হয়, তেনেস্থলত অধিক সতর্কতাৰ প্রয়োজন।

ৰোগৰ চিনাক্তকৰণ হ'লে পৃথক কোঠা এটাত থাকিব লাগে আৰু ভাগ-বতৰা কৰা ৰান্ধনীঘৰ আৰু বাথৰূম সঘনাই পৰিষ্কাৰ কৰিব লাগে। সংক্রমণৰ    বিপদাশংকা হ্রাস কৰিবলৈ ১২ দিনৰ বাবে এনে কৰা অব্যাহত ৰাখিব লাগে।

যদি কোনোবাই সংক্রমিত স্থানৰ পৰা আহিছে বা সংক্রমিত ব্যক্তিজনৰ সংস্পৰ্শৰ পৰা আহিছে, তেন্তে উক্ত ব্যক্তিজনক অকলে থাকিবলৈ পৰামর্শ দিব লাগে। 

সামৰণিঃ- প্রায় ১৮ বছৰ আগতে, চাৰ্ছ ভাইৰাছে এক ধৰণৰ ভাবুকি সৃষ্টি কৰিছিল। ২০০২-০৩ চনত চাৰ্ছে বিশ্বৰ ৭০০ ৰো অধিক লোকক হত্যা কৰিছিল। ক'ৰণা ভাইৰাছক লৈ মানুহৰ মাজত এক পৃথক আতংক দেখিবলৈ পোৱা গৈছে— যেন এক অন্তসাৰশূন্য মৰুময় পৰিৱেশ। তৎস্বত্বেও, সৃজনী মনীষাৰে শত সহস্ৰজনৰ যন্ত্রণাপিষ্টসময়সোঁতক কর্মশক্তিৰ নাগপাশেৰে বান্ধি প্রতিজনৰে অমিয়াময় কণ্ঠৰ পৰা নিঃসৃত হ'ব লাগিব।

"বজ্ৰদাপি 

কটোৰানি 

মৃদুনি কুসুমাদপি।"

* প্রিয়ম কাশ্যপ, স্থান : ষষ্ঠ, অসমীয়াত সর্বোচ্চ নম্বৰ-২০২০


2. বানপানী । Food in Assamese - অসমীয়া ৰচনা । Assamese Essays


(আৰম্ভনি-বানপানীৰ কাৰণ-প্ৰতিৰোধৰ উপায় সামৰনি)

আৰম্ভণিঃ-পানীয়েই প্ৰাণ আৰু প্ৰাণৰূপে পানীৰ আকৃতিক আধাৰ হল নদীসমূহ। আগৰ কালত মানুহে গা-মূৰ তিওৱাৰ পৰা আৰম্ভ কৰি খোৱা-পিয়া পযৰ্ন্ত নদীৰ পানীকে ব্যৱহাৰ কৰিছিল।

    নদীৰ পানীয়ে দেশৰ শস্য-মতস্যৰ উতপাদন বঢ়াইছিল। নাৱেৰে নদীয়েদি মানুহে যাতায়ত, বেহাবেপাৰ আদি কৰিছিল আৰু আজিও এনেবোৰ কাৰ্যত মানুহে নদীৰ সুযোগ গ্ৰহণ কৰিয়ে আছে।

    নদীবোৰ আমাৰ প্ৰাকৃতিক সম্পদ। পিছে সময়ে-সময়ে আকৌ নদীবোৰ ভয়ংকৰ সুৰ্তি ধাৰণ কৰি প্ৰৱল বানপানীৰে দেয প্লাৱিত কৰি মহা পয়মাল ঘটোৱাও দেখা যায়।

বানপানীৰ কাৰণঃ- অসম নদীমাতৃক দেশ। মহাবাহু ব্ৰহ্মপত্ৰকে ধৰি নানান নদী-নলাৰে অসমদেশ উপচি আছে। বাৰিষা-খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিষা পানী উপচি প্ৰায় পাৰ বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। সৰু-সুৰা বানপনীৰ পৰা মানুহৰ অপকাৰ নহৈ বৰঞ্চ উপকাৰ হে হয়। বানপানীত পোক-পৰুৱা আৰু বেয়া আৱৰ্জনাবোৰ উটি ভাহি যায়। পলস পৰি শস্য়ৰ পথাৰবোৰ সাৰুৱা হয় আৰু মাছ-পুঠিও বৃদ্ধি পায়। বানপানীৰ সুযোগ লৈ মানুহে নাৱেৰে গৈ দুৰ দুৰণিৰ পৰা কম খৰচতে আৱশ্যকীয় বস্তু-বাহিনি গোটাই আনিব পাৰে। কিন্তু ই যদি প্ৰৱল হয়, তেন্তে উপকাৰতকৈ অপকাৰ হে হয় বেছি। ১৯৫০ চনৰ ভুঁইকঁপৰ পাছৰে পৰা আমাৰ দেশত প্ৰায়ে প্ৰতি বছৰে প্ৰৱল বানপানী হৈ থকা দেশা গৈছে।

সম্ভৱতঃ- ভুঁইকঁপৰ জোকাৰনিত আমাৰ নদীবোৰৰ তলি দাং খাই উঠিছে-যাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। আনহাতে অসমৰ বাৰিষা নিৰ্ভৰ কৰে মৌচুমি বতাহৰ ওপৰত। মৌচুমি বায়ু আগতীয়া হলে বাৰিষা আগতীয়া হয়, শেহতীয়া হ'লে বাৰিষাও পলমকৈ হয়। সম্প্ৰতি হাবি-বন, পৰ্বত-পাহাৰ কাটি ভাঙি মানুহে বসবাস কৰিবলৈ লোৱা বাবে মৌচুমিৰ গতি অনিয়মীয়া হৈ প্ৰাৱল্য বাঢ়িছে। বৰষুণ হ'লে একেৰাহে ধৰাসাৰে হয়, নহলেবা তেনেই খৰাং হৈ থাকে।ফলত কোনো কোনো বছৰত বাৰিষা আৰম্ভনিৰ পৰা শেহলৈ অগা-পিছাকৈ ৪\৫ বাৰ বানপানী হোৱা দেখা গৈছে। অকাল বাৰিষাই অনিষ্ট কৰে, সেয়ে যদি প্ৰৱলতা হয় ক্ষয়-ক্ষতিৰ সীমা নথকা হয়। পথাৰৰ শস্য হানিৰ উপৰিও শোহনীয়া গৰু-মহ, হাহঁ-কুকুৰা, ঘৰ-দুৱাৰ, উটি-ভাহি যায়। মানুহ-দুনোহো মৃত্যু-মুখত পাৰে। আগৰ কালতকৈ এতিয়াৰ বানপানীত হোৱা মানুহৰ মৃত্যুৰে লেখ বাঢ়িছে। ইয়াৰ কাৰণ হৈছে, আগৰ দিনত বান-পানী প্ৰায় সকলোতে সমানভাৱে হৈছিল। মৌচুমি বতাহৰ অনিয়ন্ত্ৰিত গতি আৰু অপৰিকল্পিত বান্ধ-মথাউৰি আদিৰ বাবে আজি-কালি কাল-অকাল যেতিয়াই তেতিয়াই বানপানী হয় আৰু কৰবাত মথাউৰি ভাঙি, কৰবাত বা আকৌ পানী বন্ধ হৈ আকস্মিক আৰু অস্বাভাবিক ধৰণৰ বানপানী হয়। বান-পানীয়ে আলি-পদূলি, বান্ধ-মথাউৰি আদি ভাঙি বেয়াকৈ অনিষ্ট কৰে। আজি কেইবছৰমানৰ পৰা বানপানীৰ লগে লগে ঠায়ে ঠায়ে প্ৰৱল গৰা-খহনীয়া হৈ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ কেইবাখনো গাওঁ-নগৰ নিশ্চিহ্ন হ'বৰ উপক্ৰম হৈছে।  

    বানপানীয়ে যে কেৱল বানপানীৰ সময়চোৱাত আৰু কেৱল বানপানী বিধ্ৱস্ত অঞ্চলৰ অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছতে সচৰাচৰ আকাল আৰু নানান মাৰি-মৰকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশকে অভাৱগ্ৰস্ত কৰে। আমাৰ সৰ্বসাধাৰণৰ ৰাইজ প্ৰায় আটায়ে খেতিয়ক, অৱস্থা এনেয়ে বেয়া, তাতে আকৌ প্ৰতি বছৰতে খেতিৰ অনিষ্ট হ'লে তেওঁলোকে চিৰকালৰ কাৰণে দুভাৰ্গ্যৰ কৰাল গ্ৰামত পতিত হয়।

প্ৰতিৰোধৰ উপায়ঃ- কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি-বিশেষে বান-পাড়ীত লোকৰ সাহায্যাৰ্থে দান-বৰঙনি আগবঢ়ায় যদিওঁ সিয়ে দুৰ্গতি মোচনৰ কাৰণে যথেষ্ট নহয়।

    ইফালে বানপানীৰ নিচিনা দুযোৰ্গবোৰ ঘনাই হৈ থাকিলে দেশৰ উন্নয়নমূলক আচঁনি সমূহ বাধাপ্ৰাপ্ত হয়। সেইবাবে সামাজিক সাহায্যৰ উপৰিও স্থায়ীভাৱে বান নিয়ন্ত্ৰনৰ ব্যৱস্থা লোৱা উচিত। কেন্দ্ৰীয় চৰকাৰে ততকালীন, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন এই তিনিটা পৰ্যায়ত বানপানী নিয়ন্ত্ৰনৰ নীতিগ্ৰহন কৰিছে যদিও তাৰপৰা অসমে পাবলগীয়া উপকাৰ পোৱা নাই, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে যথাযথ আৰ্থিক সাহায্য পোৱা নাই। অসম চৰকাৰে নৈবোৰত মথাউৰি দিয়াৰ ব্য়ৱস্থা কৰিছে সচাঁ, কিন্তু মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলেই কোনো নহয় কোনো ঠাই আকস্মিক ভাৱে ভাঙি আৰু কোনো ঠাইত পানী ওলোৱা পথ বন্ধ কৰি হিতে বিপৰীত হোৱাদিহে হৈছে।

          অসমত স্থায়ীভাৱে বান-নিয়ন্ত্ৰন কৰিবলৈ হলে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্ৰন কৰিব লাগিব, বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন। অৱশ্যে এই কাম সহজসাধ্য় নহয়। ইয়াৰ বাবে প্ৰচুৰ ধন আৰু অভিজ্ঞ কাৰিকৰী লোকৰ প্ৰয়োজন হৱ। কিন্তু, এই কাৰ্যৰউপকাৰিতালৈ চাই চৰকাৰে হোঁহোকা-শিছলা কৰাটো উচিত নহব। গংগাৰো মাত্ৰা, মাহীৰো বাৰ্তাৰ নিচিনা একেলগে ইয়াৰ দ্ৱাৰা দুটা কাম সিদ্ধি হব। অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। বান-নিয়ন্ত্ৰনৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী উলিয়াই দি আৱশ্যকীয় ঠাইত যোগান ধৰিব পৰা যাব আৰু জলবিদ্যুত উতপাদন কৰিব পৰা হব। বৰ্তমান অসমত বিদ্যুতৰ চাহিদা অনুযায়ি উতপাদন প্ৰকল্প নায়েই। ভাৰতত অন্য়ান্য় ৰাজ্যত নদী-নিয়ন্ত্ৰনৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত নদী-নিয়ন্ত্ৰন কৰিব নোৱাৰাৰ কাৰণ একো নাই।

          গৰা-খহনীয়া আৰু ভুমিস্খলন প্ৰতিৰোধৰ কাৰণে বুৰুজ, বান্ধ আদিৰ উপৰিও বৃক্ষ-ৰোপনত অধিক মনোযোগ দিব লাগিব। ইয়াৰ পৰাও দুটা উপকাৰ পোৱা যাব। অসমৰ নদীৰ পাৰৰ মাটি শিমলু জাতীয় গছৰ কাৰণে উপযোগী। এই গছ আকৌ জুইশালা তৈয়াৰ কৰাৰ কাৰণে অপৰিহাৰ্য। অসমত ডাঙৰ ডাঙৰ নদীৰ পাৰবোৰত পৰিকল্পিত ভাৱে শিমলু গছ ৰুই দিলে ভূমিস্খলন প্ৰতিৰোধৰ লগে লগে জুইশলা কাৰখানাৰো উপকাৰ হ'ব।

          বান-নিয়ন্ত্ৰিত কৰিবলৈ হলে মৌচুমি বতাহৰ গতিও যিমানদুৰ পাৰি নিশ্চিত কৰিবলৈ যত্ন কৰিব লাগেব। অসমৰ হাবি-বন, পৰ্বত-পাহাৰবোৰ জধে-মধে ধ্বংস নকৰি তাক সংৰক্ষন কৰিবলৈ মৌচুমি বায়ুৰ গতি সুস্থিৰ বহ বুলি আশা কৰিব পাৰি। প্ৰৱল বানপানী আৰু অকাল বানপানী দুয়োটাই অনিষ্টকাৰী। মৌচুমিৰ গতি স্থিৰ হলে কিছু পৰিমানে অকাল বানপানীৰ পৰা হাত সাধিব পৰা যাব পাৰে।

সামৰণিঃ- প্ৰকৃতিৰ কোনো বস্তুউোৱে সম্পুৰ্ণৰূপে ধ্বংশ কৰি বা উপকাৰী নহয়। প্ৰাকৃতিক আয়ওলৈ আনি তাৰ কল্যানকৰ গুনক কাৰ্যত লগাব কৃতিত্ৱ। পৃথিৱীৰ বহু দেশে বিশেষকৈ নদী-নিয়ন্ত্ৰিত কৰিব পাৰিলে অসম ভাৰতৰ শস্য আৰু বিদ্যুত-শক্তিৰ ভঁৰাল হোৱাৰ খ্যাতি লাভ কৰিব বুলি ভবাটো আলক সপোন হ'ব নিশ্চয়।


3 শিক্ষা আৰু মূল্যবোধ । Shikshya aru mulyabodh - অসমীয়া ৰচনা । Assamese Essays


(আৰম্ভণি-প্ৰাচীন শিক্ষা আৰু মূল্যবোধ-বৰ্তমান শিক্ষা আৰু মূল্যবোধ-সামৰণি)

আৰম্ভণিঃ- মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ-যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ দ্বাৰা আয়ত্ত্ব কৰে। মানুহ সামাজিক জীৱ। মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰণ অকল ব্যক্তিৰ প্ৰয়োজন পূৰণহে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহলে তেনে কাৰ্য্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক'ব নোৱাৰি।

    শব্দৰ বুৎপত্তিমূলক দিশৰ পৰা কব পাৰি যে মূল্যবোধ হৈছে কোনো বস্তুৰ নৈতিক মূল্য বা গুণমান প্ৰদান কৰা কাৰ্য, যি আমাৰ বাবে গুৰুত্বপূৰ্ণ, সন্মানজনক আৰু উপযোগিতা মূলক হৈ উঠে। যি বস্তু আদৰ্শমূলক, শুভ, উপযোগিতামূলক আৰু গুৰুত্বপূৰ্ণ সিয়েই হৈছে মূল্যৱান। ইয়াৰ অভাৱত বিষয়বস্তু আমাৰ বাবে মূল্যহীন আৰু অৰ্থহীন হৈ পৰে।

    'মূল্যবোধ' শব্দ সামাজিক দিশৰ বিবেচনাৰেও আমাৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠে। মূল্যবোধ ভাৱ থকা‌ কোনো কথা বা বিষয় সামাজিকভাৱে প্ৰত্যাশিত আৰু গ্ৰহণযোগ্য। সমাজৰ লোকেই তেওঁলোকৰ সামাজিক আদৰ্শৰ ভিত্তিত কোনো বস্তু বা বিষয় মূল্যৱান বুলি গণ্য কৰে। যি বস্তু শুভ, আদৰ্শমূলক আৰু সমাজৰ বাবে প্ৰত্যাশিত বিধৰ, সিয়ে মূল্যৱান।

প্ৰাচীন শিক্ষা আৰু মূল্যবোধঃ- প্ৰাচীন মূল্যবোধ আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। প্ৰাচীন ভাৰতীয় শিক্ষা আছিল মূল্যবোধৰ শিক্ষা অৰ্থাৎ শিক্ষাৰ জৰিয়তে ব্যক্তিক সামাজিক জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো জ্ঞান প্ৰদান কৰা হৈছিল। আন কথাত ভাৰতীয় মূল্যবোধ সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা সৃষ্টি হৈছিল। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা ভাগত বিভক্ত কৰিছে-ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। প্ৰাচীন ভাৰতীয় শিক্ষাই এই চাৰিটা দিশৰ সমবিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

    ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকিয়াই দিয়ে। এই মূল্যবোধ 'অৰ্থ' আৰু 'কৰ্ম'তকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। ভাৰতীয় প্ৰাচীন মূল্যবোধ অনুসৰি 'অৰ্থ' আৰু 'কাম'ক ধৰ্ম আৰু নৈতিকতাই পৰিচালনা কৰিব লাগে। আন কথাত ভাল আৰু বেয়াৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। ভাৰতীয় মূল্যবোধ মতে 'মোক্ষ' হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যি মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। আন কথাত কবলৈ গলে ভাৰতীয় মূল্যবোধৰ মূলমন্ত্ৰ হৈছে 'সত্যম শিৱম সুন্দৰম'।

        বৰ্তমান শিক্ষা আৰু মূল্যবোধঃ- ইংৰাজসকলে ভাৰতবৰ্ষৰ শাসন ভাৰ গ্ৰহণ কৰাৰ সময়লৈকে ভাৰতবৰ্ষৰ শিক্ষানীতি সত্যম, শিৱম আৰু সুন্দৰম এই তিনিটা মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত আছিল। অৰ্থাৎ প্ৰাচীন ভাৰতীয় মূল্যবোধে অকৃতাৰ্থত মানুহ গঢ়াৰ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ইংৰাজৰ আমোলত ভাৰতবৰ্ষৰ পৰম্পৰাগত মূল্যবোধ ওপৰত কুণ্ঠাৰোগত পৰে। সিহঁতে আধুনিক পাশ্চাত্য ভোগবাদী প্ৰৱৰ্তন কৰে। এই মূল্যবোধে নৈতিকতা আৰু ধৰ্মৰ ওপৰত গুৰুত্ব নিদিয়ে। ই মানুহৰ বস্তুবাদী প্ৰয়োজন পূৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে যাৰ ফলত মানুহৰ আধ্যাত্মিকতা হ্ৰাস পাবলৈ ধৰে। আকৌ ব্ৰিটিছসকলে এনে ধৰণৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, যাতে সেই শিক্ষাৰ দ্বাৰা শিক্ষিত লোকসকলে ইংৰাজৰ শাসন কাৰ্যত সহায় কৰিব পাৰে। গতিকে ইংৰাজসকলৰ শিক্ষা নীতি অফিচ-আদালতৰ বাবে চাকৰিজীৱি লোকৰ সৃষ্টি কৰা। এই নীতি ইংৰাজ শাসন চলি থকা সময়লৈকে আছিল যদিও আজিও ভাৰতীয় শিক্ষাব্যৱস্থা ইংৰাজসকলৰ শিক্ষা নীতিৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই। বৰ্তমান শিক্ষাত মূল্যবোধৰ ওপৰত অকণো গুৰুত্ব দিয়া দেখা নাযায়। এনে শিক্ষা নীতিৰ দ্বাৰা শিক্ষিত যুৱক-যুৱতীয়ে কোনো বাস্তৱ আৰু কৰ্মমুখী শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। তাৰোপৰি এনে শিক্ষাত মানবীয় গুণ যেনে- নৈতিকতা, ধৰ্ম, পৰোপকাৰিতা, সততা, সহিষ্ণুতা, দয়া আদি গুণৰ বিকাশৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নহয়। ফলত সমাজৰ পৰা মানৱীয় গুণ হ্ৰাস পাই আছে।

    স্কুল-কলেজত দিয়া সাধাৰণ শিক্ষাই মূলতে আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক আৰু সংজ্ঞানাত্মক অভিজ্ঞতাৰ বিকাশ সাধনতহে সহায় কৰে। তেওঁলোকৰ আনুভূতিক দিশৰ অভিজ্ঞতাৰ উৎকৰ্ষ সাধন এই শিক্ষাই গঢ়ি তুলিব নোৱাৰে। আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাত তাৰ প্ৰতি প্ৰয়োজনীয় দৃষ্টি প্ৰদান কৰা নহয়। অৱশ্যে তেওঁলোকৰ মূল্যবোধ গঠনৰ দিশত ই সমুলি উপেক্ষনীয় নহয়।

    মূল্যবোধ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কব পাৰি যে এই শিক্ষা প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়ো প্ৰকাৰে ছাত্ৰসকলক দিয়াৰ ব্যৱস্থা কৰিব পাৰি। প্ৰত্যক্ষভাৱে মূল্যবোধৰ শিক্ষাৰ একোটা বিষয় আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰ উদাহৰণস্বৰূপে নৈতিক, সৌন্দৰ্য্যবোধক আৰু আধ্যাত্মিক দিশবোৰ থাকিব লাগে। আনহাতে পৰোক্ষভাৱে আলোচনা, বিবেচনা সহপাঠ্যক্ৰম কাৰ্য্যসূচী আদি ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই মূল্যবোধৰ শিক্ষাক পুথিগত আৰু তত্ববিষয়ক কৰি তোলাৰ পৰিৱৰ্তে ইয়াক ছাত্ৰসকলৰ দৈনন্দিন জীৱনৰ ক্ৰিয়ন অনুশীলনবিধৰ কৰি তোলাৰহে ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰিও তেওঁলোকৰ বয়স আৰু বৌদ্ধিক মানদণ্ড অনুসৰি অধ্যয়নৰ উপাদানসমূহ নিৰ্ধাৰণ কৰি তুলিব লাগে। উল্লেখযোগ্য যে ছাত্ৰৰ মনত মূল্যবোধ গঠনৰ বাবে কিছু পৰিমাণে মানসিক পৈনতা লাভ কৰি উঠাটো প্ৰয়োজন।

    মূল্যবোধ শিক্ষা মূলতেই হৈছে এক শিক্ষা ব্যৱস্থা, যি মানুহৰ মূল আৱেগ, অনুভুতিবোৰ প্ৰশিক্ষণ দি তাৰ উন্নত মানৱীয় অৱস্থালৈ ৰূপান্তৰিত কৰে। ইয়াৰ যোগেদি সুস্থ আৰু সৱল ব্যক্তিত্ব গঠন কৰা হয়। এই শিক্ষাই মানুহক তেওঁৰ নিম্ন পশু প্ৰবৃত্তিমূলক পৰ্য্যায়ৰ পৰা নৈতিক, সৌন্দৰ্য্যবোধক আৰু আধ্যাত্মিকতাৰ উচ্চ পৰ্যায়লৈকে তুলি ধৰিব পাৰে। ইয়াৰ ফলত গ্ৰহণযোগ্য আদৰ্শ আৰু মানৱীয় অনুভূতিবোৰে ব্যক্তিৰ চিন্তা, অনুভূতি আৰু ক্ৰিয়া আচৰণত প্ৰকাশ লাভ কৰি উঠে। মূল্যবোধ শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত অন্তৰ্নিহিত প্ৰতিভাবোৰ মানৱ কল্যাণ সাধনৰ দিশত অৱদান যোগাব পৰাকৈ উম্নোচন কৰি তুলিব পাৰি।

      সামৰণিঃ- মানৱ সভ্যতা জ্ঞান আৰু বৈষয়িক দিশত বহুত আগবাঢ়ি আছে যদিও সমাজত মূল্যবোধৰ অৱক্ষয় হৈ আছে। এই অৱক্ষয় বাধা দিবলৈ আমাৰ প্ৰধান কৰণীয় হৈছে সকলো মানুহেই নৈতিক আৰু আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব লাগিব। চৰকাৰে শিক্ষা নীতি প্ৰস্তুত কৰোঁতে বিদ্যাৰ্থীসকলৰ তথ্যগত আৰু কাৰিকৰী শিক্ষা প্ৰদানৰ লগে লগে নৈতিকতা আৰু আধ্যাত্মিকতা বিকাশৰ বাবে নীতি নিৰ্ধাৰণ কৰি সেইমতে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব আৰু শিক্ষকসকলেও সিহঁতৰ আদৰ্শৰ দ্বাৰা বিদ্যাৰ্থীসকলক মানৱীয় প্ৰমূল্যৰ শিক্ষা প্ৰদান কাৰ্যত ব্ৰতী হ'ব লাগিব। কিয়নো ধন-সম্পদ, জ্ঞান আৰু পাণ্ডিত্যই নহয়, নৈতিকতা আৰু আধ্যাত্মিকতাইহে মানুহৰ মাজত মানৱীয় গুণৰ বিকাশ ঘটাব পাৰে।


4. সাহিত্য ৰথি লক্ষ্মীনাথ বেজবৰুৱা । Xahitya rathi Lakshminath Bezbaruah - অসমীয়া ৰচনা । Assamese Essays


(আৰম্ভণি-শিক্ষা আৰু কৰ্ম জীৱন- সাহিত্যিক অবদান আৰু সামৰণি)

আৰম্ভণিঃ- লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া যুগ সৃষ্টি কাৰি লেখক। বৈষ্ণৱ যুগৰ পিছত আধুনিক যুগৰ আৰম্ভণিৰ পৰাদ্বিতীয় মহাযুদ্ধৰ আগলৈকে প্ৰায় অৰ্ধশতাব্দি কাল অসমীয়া সাহিত্যত 'বেজবৰুৱা যুগ' বুলি কলেও অতুক্তি নহয়।

    বেজবৰুৱা অসমৰ এটা ঐতিহ্যমণ্ডিত অভিজাত পৰিয়ালৰ বংশধৰ। তেওঁৰ পিতৃ দেৱতা ডাঙৰীয়া দীননাথ বেজবৰুৱা শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজ-বৈদ্য আছিল ব্ৰিটিছৰ দিনত তেখেত প্ৰথমে চিৰস্তাদৰ আৰু পিছত মুন্সিফ হৈছিলগৈ। দেউতাক নগাঁৱৰ পৰা বদলি হৈ নাৱেৰে সপৰিয়ালে বৰপেটালৈ ভটিয়াই আহোঁতে বাটত নগাঁৱৰ আহঁতগুৰি নামে ঠাইত নাওৰ বুকুতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। বেজবৰুৱাৰ নিজৰ ভাষাতে কব লাগিলে সেয়ে তেখেতে ভূমিষ্ঠ নহৈ নৌকাষ্ঠহে হৈছিল। সেইদিনা আছিল ইং ১৮৬৮ চনৰ ১৯ নবেম্বৰ, লক্ষ্মীপূৰ্নিমা। লক্ষ্মী পূৰ্ণিমাত জন্ম হোৱা বাবে হেনো তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। চৰকাৰী কামত দেউতাক অসমৰ নানান ঠাইত কটাবলগীয়া হৈছিল আৰু দেউতাকৰ লগতে বেজবৰুৱাৰো অসমৰ নানান ঠাই দেখাৰ আৰু জনাৰ সৌভাগ্য ঘটিল।

শিক্ষা আৰু কৰ্ম জীৱনঃ বেজবৰুৱাদেৱ সৰুৰে পৰা অনুসন্ধিৎসু আৰু শৰ্মবেক্ষনশীল স্বভাৱৰ আছিল। পঢ়াশলীয়া লিখা-পঢ়াতকৈ হাতে কামে শিক্ষা আৰু খেল ধেমালিৰ প্ৰতিহে তেখেত অধিক অনুৰাগী আছিল। সেয়ে ছাত্ৰ হিচাপে তেখেত চকুত পৰা বিধৰ নাছিল, ইং ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা পৰীক্ষাত উৰ্ত্তীণ হৈ কুৰিটকীয়া জলপানি লৈ তেখেত কলিকতাৰ কলেজত পঢ়িবলৈ যায় আৰু ১৯০৮ খিস্তাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক উপাধি লাভ কৰে। ইংৰাজী সাহিত্যৰ এম এ আৰু আইনৰ পৰীক্ষা দিবলৈও তেখেত সাজু হৈছিল, কিন্তু বিশ্ববিদ্যালয়ৰ পৰীক্ষা-সংক্ৰান্ত নীতিৰ আসোৱাহ দেখি তেখেতে আইন পৰীক্ষা নিদিলে অসম চৰকাৰে তেখেতক তিনিবাৰ মুন্সিফ শব্দ মচাটো তেখেতে তাক গ্ৰহণ নকৰি স্বাধীনভাবে ব্যৱসায় কৰিবলৈ মন মেলিলে। বেজবৰুৱাদেৱে প্ৰথমতে অসমৰ স্বনাম ধন্য ব্যৱসায় সাউদ ভোলানাথ বৰুৱাদেৱৰ লগত মূটীয়াভাবে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। পিছত ভোলানাথ বৰুৱাদেৱৰ লগ এৰি 'বাৰ্ড কোম্পানী'ত বছৰ দিয়েক কাম কৰি উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাৰবাৰ কৰে। আগৰদৰে আয় নহলেও এই কাৰবাৰ কৰিয়ে তেখেতে স্বচ্ছলতাৰে চলিব পাৰিছিল।

    ইং ১৮৯১ চনত ২৩ বছৰ বয়সত বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞাসুণ্দৰী দেৱীৰ শানিগ্ৰহণ কৰে। এখেত এগৰাকী বিদুষী মহিলা আৰু আদৰ্শ গৃহিণী আছিল। ইং ১৯৩৮ চনৰ ২৯ মাৰ্চ তাৰিখে অসমীয়া সাহিত্যৰ কাণ্ডাৰী সব্যসাচি বেজবৰুৱাই ডিব্ৰুগড়ত জোৱায়েক ৰোহিনী বৰুৱাৰ ঘৰত নৰদেহ ত্যাগ কৰে।
 
সাহিত্যিক অবদানঃ- বেজবৰুৱা আছিল আগশাৰীৰ জাতীয়তাবাদী লেখক। কলিকতাৰ কলেজত পঢ়ি থকা কালতে তেখেতে প্ৰিয় বন্ধু চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু ৰজনীকান্ত বৰদলৈ আদিৰ লগলাগি 'জোনাকী' নামৰ এখন মাহেকীয়া কাকত উলিয়ায়। 'জোনাকী'ৰ পাততে তেখেতে 'বাঁহী' নামৰ মাহেকীয়া কাকত এখন উলিয়ায় আৰু তেখেতৰ মৃত্যুৰ পাছতো তেখেতৰ সুযোগ্য ভতিজাক মাধৱচন্দ্ৰ বেজবৰৱাৰ সম্পাদনাত ১৯৪৫ চনলৈ এই কাকত খন ওলাই থাকে।

    নাটক উপন্যাস, চুটিগল্প, কবিতা, জীৱনী, গহীন আৰু লঘূ ৰচনা, সমালোচনা আদি সাহিত্যৰ প্ৰায় সকলো দিশতে বেজবুৱাদেৱৰ বুজন বিধৰ বৰঙণি আছে। চক্ৰধবজ সিংহ, বেলিমাৰ,জয়মতী আদি তেখেতৰ উল্লেখ যোগ্য নাটক। জয়মতী নাটকৰ 'ডালিমী' তেখেতৰ অন্যৱদ্য সৃষ্টি। সুৰভি, জোনবিৰি, সাধুকথা কুকি, কেহোকলি তেখেতৰ চুটিগল্পৰ সংগ্ৰহ। তেখেত অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প লেখক। অসমীয়া সাধুকথাৰ সাচত ঢালি ইংৰাজী চুটিগল্পৰ আদৰ্শত তেখেতে এইবিধ সাহিত্যৰ সৃষ্টি কৰিছিল। নাটক আৰু চুটিগল্পৰ উপৰিও 'ডাঙৰীয়া দীননাথ বেজবৰুৱা', 'শ্ৰী শ্ৰী শঙ্কৰদেৱ- মাধৱদেৱ', 'মোৰ জীৱন সোৱৰণ', আদি জীৱনী গ্ৰন্থ, 'পদুম কুঁৱৰীৰ' উপন্যাস আৰু 'কদমকলি' নামৰ এখন কবিতা পুথি ৰচনা কৰিছিল। 'ত্বত্ত কথা', 'কৃষ্ণকথা', 'বাখৰ', 'কামত কৃতিত্ব লভিবৰ সংকেত', 'ভগৱৎ কথা, আদি তেখেতৰ গহীন ৰচনা, ককা দেউতা আৰু নাতি লৰা, বুঢ়ি আইৰ সাধু, পুৰণি সাধু কথাৰ সংগ্ৰহ, 'জুনুকা' এখন শুৱলা শিশু গ্ৰন্থ। কৃপাবৰ বৰবৰুৱা নাম লৈ তেখেতে এলানি খুহুতীয়া ব্যংগ পুথিও ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বৰবৰুৱাৰ উভটনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বুলনি আদি উল্লেখযোগ্য। কৃপাবৰ বৰুৱা নাম লৈ লিখা তেখেতৰ এই ৰচনা ৰাজি আৰু ধেমেলীয়া নাটকাৱলি। নোমল, পাচনি, লিতিকাই, চিকৰপতি-নিকৰপতি, আদি হাঁহিৰ ৰহমৰা। এইবোৰ গ্ৰন্থত আমাৰ অসমীয়া সমাজৰ দোষবোৰ ভেঙুচালি কৰি সমাজ খনক শুদ্ধ কৰাৰ প্ৰয়াস দেখা যায়।

     সামৰণিঃ- বেজবৰুৱা এগৰাকী ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। কুৰি শতিকাৰ মাজভাগলৈকে তেখেতৰ লিখনি আৰু ব্যক্তিত্বৰ প্ৰভাৱ নপৰা অসমীয়া সাহিত্যিক নাই বুলিবই পাৰি। তেখেতৰ লিখনি আছিল নিভাজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। ড. বাণীকান্ত কাকতিৰ নিচিনা মনীষীয়ে তেখেতৰ লিখনিৰ প্ৰসংগত কৈছে-"বেজবৰুৱাৰ ৰচনাৰ পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ ৰাখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হয়।"
    বেজবৰুৱাদেৱৰ মৃত্যু এটা জাতীয় ক্ষতি। সেই ক্ষতিৰ পূৰণ হব তেতিয়া, যেতিয়া আমাৰ নতুন পুৰুষ সকলে তেখেতৰ আদৰ্শ অনুগমন কৰি ন ন সৃষ্টিৰে ভাষা জননীৰ বেদিলৈ বিবিধ অৰিহণা আগবঢ়াব।


5. ভাৰতৰ স্বাধীনতা আন্দোলন । Freedom movement in India - অসমীয়া ৰচনা । Assamese Essays

    আমি ভাৰতৰ নাগৰিক। পৃথিৱীৰ যি ঠাইতেই নাইবা যি দেশতেই নাথাকোগৈ কিয় আমি নিজকে ভাৰতীয় বুলি পৰিচয় দিও। কিন্তু আমাৰ এই ভাৰত দেশ খন প্ৰায় দূশ বছৰ ধৰি ইংৰাজৰ অধীনত আছিল।

    ইংৰাজসকল সুদূৰ ইংলেণ্ডৰ পৰা আহিছিল, সেই ইংৰাজসকলেই আমাৰ দেশ খন শাসন কৰিছিল। প্ৰথমতে ইংৰাজ সকল ভাৰতলৈ বেপাৰ বাণিজ্য কৰিবলৈ আহিছিল।কিন্তু ইংৰাজ সকল ইমান চতুৰ আছিল যে কালক্ৰমত তেওঁলোকে আমাৰ এই দেশখন নিজৰ শাসনৰ অধীনলৈ লৈ গৈছিল।তেওঁলোকে যি নীতি নিয়ম বান্ধি দিছিল, সেইমতেই ভাৰতীয় মানুহ চলিব লাগিছিল। সেইকাৰণে ই আমি ভাৰতীয় সকল ইংৰাজৰ অধীন আছিলো বুলি কোৱা হৈছিল।

    এজন মানুহৰ কথা জানিলে ভাৰতৰ মানুহে ইংৰাজক আমাৰ দেশৰ পৰা কেনেকৈ খেদি পঠিয়াব পৰিলোঁ, সেই কথা সহজেই বুজিব পাৰো। মানুহজনৰ নাম মোহন দাস কৰম চাদ গান্ধী। যি জনক ভাৰতৰ মানুহে জাতিৰ পিতা বুলি সন্মান কৰে।

    বিদ্যালয় পৰ্য্যায়ৰ শিক্ষা সমাপ্ত কৰি গান্ধীয়ে ইংলেণ্ডত ওকালতিৰ অধ্যয়ন কৰাৰ পাছত তেওঁ দক্ষিণ আফ্ৰিকা নামৰ দেশখনলৈ যায়। দেশত থাকোতেই গান্ধীয়ে বুজিব পাৰিছিল যে বগা ছালৰ লোকসকলে ক'লা ছালৰ লোকসকলক ঘৃণাৰ চকুৰে চাইছিল। আৰু তেতিয়া গান্ধী ৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাত অহিংস নীতিৰে বর্ণ বিৰোধী আন্দোলন গঢ়ি উঠিছিল। এই আন্দোলনত দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ পৰাজয় হৈছিল।

    দক্ষিণ আফ্ৰিকাত অহিংসভাৱে আন্দোলন কৰি সফল হোৱাৰেপৰা গান্ধীৰ নাম ইউৰোপ মহাদেশৰ লগতে ভাৰততো বিখ্যাত হৈ পৰে। ইতিমধ্যে ভাৰততো ইংৰাজ সকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ নেতা সকল আছিল বিপিন চন্দ্ৰ পাল, লালা লাজপত ৰায় আৰু বাল গংগাধৰ তিলক আদি।

    ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটোৰ জন্ম হৈছিল 1885 চনত। এই সংগঠনটোৱেই ভাৰতত ইংৰাজৰ বিৰুদ্ধে হোৱা আন্দোলন চলাই গৈছিল।

    দক্ষিণ আফ্ৰিকাত অহিংস আন্দোলন কৰি সফল হোৱা কথাত অনুপ্ৰাণিত হৈ ভাৰততো ইংৰাজৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে গান্ধীক সকলোৱে অনুৰোধ কৰিছিল। 1919 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে। গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ লগে লগেই ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় সকলে চলাই অহা আন্দোলনে এক নতুন ৰূপ লাভ কৰিলে।

    মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব লৈ 1920 চনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে 'অসহযোগ' নামৰ এক আন্দোলন আৰম্ভ কৰিলে।

    1930 চনৰ মাৰ্চ মাহত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। মার্চ মাহৰ 12 তাৰিখে গান্ধীয়ে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা 241 মাইল দূৰৈৰ সাগৰৰ পৰা দাণ্ডী নামৰ ঠাইখনলৈ যাত্ৰা কৰিলে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এই যাত্রাক 'দাণ্ডী যাত্ৰা 'নামেৰে জনা যায়।

    অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি আন্দোলনৰ মূল নেতা আছিল মহাত্মা গান্ধী। এইজনা মহামানৱৰ নেতৃত্বত যি আন্দোলন চলিছিল, সেই দীঘলীয়া আন্দোলনৰ ফলতেই ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজে ভাৰতবৰ্ষৰ স্বাধীনতা ঘূৰাই দিবলৈ বাধ্য হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন সমগ্ৰ পৃথিৱীৰ ইতিহাসৰ এক অতি উল্লেখযোগ্য অধ্যায়।


6. বাতৰি কাকত । Newspaper in Assamese - অসমীয়া ৰচনা । Assamese Essays


(আৰম্ভণি-চমু ইতিহাস সমাজ জীৱন ইয়াৰ প্ৰভাৱ-সামৰনি

   আৰম্ভণিঃ- বৰ্তমান যুগত বাতৰি কাকত নপঢ়া মানুহ নাই বুলিবই পাৰে। লেখা-পঢ়া নজনা মানুহওঁ জনা মানুহৰ ওচৰলৈ গৈ বাতৰি কাকত নিয়নিয়া ৰূপে শুনা দেখা যায়। ৰাতিপুৱাৰ চাহটোপা নাপালে অভ্য়স্ত লোকে যেনেকৈ হামিয়াই-হেকেটীয়াই থাকে। তেনেদৰে অভ্য়স্ত পাঠকসকলে সময়তে বাতৰি- কাকত খন নাপালেও উচপিয়াই থাকে। ওচৰ-চুবুৰীয়াকে ধৰি দেশবিদেশৰ বা-বাতৰি জানিবলৈ বিচৰাটো মানুহৰ সহজাত প্ৰবৃিত্ত। বাতৰি কাকতে মানুহৰ এই প্ৰবৃত্তিচৰিতাৰ্থ কৰাত সহায় কৰে। বাতৰি কাকত চল মান জীৱনৰ ইতিহাস স্বৰূপ। জগতত ঘটা সকলো খৱৰকে বাতৰি কাকতত পৰিৱেশন কৰা হয়।

       চমু-ইতিহাসঃ- বাতৰি কাকতৰ প্ৰথম প্ৰচলন হয় চীনদেশত। ইউৰূপৰ ভৌনচ চহৰত প্ৰথমে বাতৰি কাকতৰ প্ৰচলন হৈছিল। ইংলেণ্ডত প্ৰচাৰিত হয় ৰাণী এলিজাবেমৰ দিনত। ভাৰতৰ প্ৰথম বাতৰি কাকত (The India Gazzatte) ১৭৮৮ খ্ৰীষ্টাব্দত প্ৰকাশ হৈছিল। আমাৰ অসমৰ সাধু-সন্ত সকৰ মাজত বাতৰি সোধাৰ প্ৰথা পুৰণি কালৰ পৰাই চলি আহিছে। কোনো এখন ঠাইত সাধু-মহন্ত বা সত্ৰাধিকাৰ কোনো এখন ঠাইত উপনীত হলে, সেইঠাইখনৰ সুখিয়াল লোকজনে গোৱা-শৰাই আগত থৈ তেৰাৰ মুখে আন আন সত্ৰৰ বাতৰি জানিবলৈ পাৰ্থনা কৰে। সি গৰাকীয়েও মমাৰীতি সকলোৰে বাতৰি দিয়ে। কিন্তু অসমত আধুনিক ধৰণৰ বাতৰি-কাকত প্ৰথম প্ৰচলন হয় ১৮৪৬ খ্ৰীষ্টাব্দত। আমেৰিকান বেপটিষ্ট মিশ্য়নাৰীসকলে শিৱসাগৰৰ পৰা অৰুনোদই নামদি মাহেকীয়াকৈ এই কাকত প্ৰচাৰ কৰিছিল।

     সমাজ-জীৱনত ইয়াৰ প্ৰভাৱঃ- আজিকালি নানা দেশত নানা তৰহৰ বাতৰি কাকত প্ৰকাশ হয়। প্ৰকাশৰ কাল অনুশৰি এইবোৰক দৈনিক, তিনি দিনীয়া, সাদিনীয়া, পষেকীয়া আৰু মাহেকীয়া আদি শ্ৰেণীত পেলোৱা হয়। ডাঙৰ নগৰবোৰত একোএকোখন কাকতৰ আকৌ ৰাতিপুৱাৰ সংস্কৰন আবেলি সংস্কৰন আদিও প্ৰকাশ পায়। দৈনিক কাকতসমূহত ঘাইকৈ বাতৰিহে পৰিবেশন কৰা হয়। সাদিনীয়া, পষেকীয়া আদি বাতৰি কাকতত কৈ বিবিধ বিষয় আৰু সমস্যা বলীৰ বিষয়ে আলোচনা কৰা প্ৰৱন্ধ-পাতি বেছিকৈ প্ৰকাশ কৰা হয়। এইবিলাকক বা আলোচনী বোলা হয়। মাহেকীয়া কাকতবোৰত আজি কালি কোনো বাতৰিকে পৰিবেশন কৰা দেখা নাযায়। এই বোৰত কেৱল প্ৰবন্ধ, গল্প, কবিতা দিহে প্ৰকাশ কৰা হয়। প্ৰায় সকলোবোৰ বাতৰি আলোচনীতে সম্পাদকীয় স্তম্ভ থাকিবই। এই স্তৰটো অতি গুৰুত্বপূৰ্ণ;কিয়নো অভিজ্ঞ সম্পাদকে সাময়িক গুৰুত্বপূৰ্ণ সমস্য়াৰ একোটাৰ এই স্তম্ভটোত সুচিন্তিত মত দাঙি ধৰে। বাতৰি কাকতৰ আৰু এটা গুৰুত্বপূৰ্ণ স্তম্ভ হল ৰাইজৰ চিঠি-পত্ৰৰ সিতানটো। এই স্তম্ভটোত ৰাইজে যিকোনো বিষয়ৰ মতামত বিনা-দ্বিধাই প্ৰকাশ কৰাৰ সুযোগ পায়।

      নিয়মিতভাৱে বাতৰি যোগাবৰ বাবে বাতৰি কাকতৰ নিজা সংবাদদাতা থকে। জন-সাধাৰণে পোনপটীয়া ভাৱেও বাতৰি পঠাব পাৰে। ইয়াৰ বাহিৰেও প্ৰায় প্ৰত্যেক দেশতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন কিছুমান বাতৰি পৰিবেশন কৰা প্ৰতিষ্টান আছ। বাতৰি কাকতত প্ৰকাশিত বাতৰিসমূহ সত্যৰ ভেটিত প্ৰতিষ্ঠিত, নিভীক আৰু নিৰপেক্ষ হোৱাতো বাঞ্চনীয়। সকলো ঘটনাৰ যথাযথ বিৱৰণী প্ৰকাশ কৰি উচিত মন্তব্য দাঙি ধৰিব নালাগে। বাতৰি কাকতৰ স্বাধীনতা একান্ত প্ৰয়োজনীয়। সকলোবোৰ গনতান্ত্ৰিক দেশতে সেয়ে বাতৰি কাকতক যঠেষ্ঠ স্বাধীনতা দিয়া হয়।
 
    কল্যাণকামী ৰাষ্ট্ৰত বাতৰি-কাকত সমুহে অতি গুৰুত্ৱপূৰ্ণ ভূমিকা গ্ৰহন কৰা দেখা যায়। জনমত গঠন আৰু জনমত প্ৰকাশৰ বাবে বাতৰি-কাকতৰ দৰে শক্তি-শালী মাধ্যম আন একো নাই।

              বাতৰি-কাকত প্ৰকাশ আৰু পৰিচালনা এটা সম্ৰান্ত ব্যৱসায়। ইয়াত শিক্ষিত-অশিক্ষিত ভালেমান মানুহৰ নিয়োজিত হয়। বাতৰি-কাকতৰ লগতে বাতৰি-কাকত ছপা কৰা ছপাশালত কাম কৰিও বহুতো মানুহে অন্ন সংস্থান কৰিছে। তদুপৰি বাতৰি-কাকতৰ এজেঞ্চিলৈ বা বাতৰি-কাকত যোৰি কৰিও বহুতো মানুহে দুপইচা আৰ্জিছে বিৱৰণ দেশত সংঘতিত গুৰুত্বপূৰ্ণ ঘতনাৰ বৰ্ণনা, বিভিন্ন ৰাজনৈতিক দল আৰু উপদলৰ আদৰ্শ আৰু কৰ্মসূচি বাতৰি কাকতত যথাময়ৰূপে প্ৰকাশ কৰা হয়। ফলত জনসাধাৰণে সকলো কথা চালি-জাৰি চাই নিজ মত গঢ়ি তুলিব পাৰে। আকস্মিক দূৰ্ঘটনা, প্ৰাকৃতিক দুৰ্ষোগ, দুৰ্ভিক্ষ আৰু মহামাৰী আদিৰ বাতৰি প্ৰকাশ কৰি জনসহানূভুতি আদায় কৰাত বাতৰি কাকতৰ ভঊমিকা অতুলনীয়। বাতৰিকাকত সৰ্বসাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞান বিস্তাৰু উত্তম আহিলা। বাতৰি কাকতে আমাক সাহিত্য দৰ্ষন, বিজ্ঞান আদিৰু সেহতীয়া অগ্ৰগতি বিষয়ে জানিবলৈ দিয়ে। ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, কৃষি-শিল্প-বানিজ্য, স্বাস্থ্য আৰু শিক্ষা বিষয়ক প্ৰবন্ধ পাতিও বাতৰি কাকতত পৰিবেষণ কৰা হয়। বাতৰি কাকতৰ নিয়মীয়া পাঠকসকলে সেইবোৰৰ বিষয়ে ক'ব নোৱাৰাকৈ বহুত জ্ঞান লাভ কৰে। দেশ-বিদেশৰৰ খেলা, ধূলা, জন-কল্যানমূলক কাম-কাজ, নৃত্য-গীত, বোলচবী আৰু সাংস্কৃতিক কাৰ্যৰ বিৱৰণ বাতৰি-কাকতত পঢ়ি আমি যে অকল আমোদকে পাও এনে নহয়, সেইবিলাক কামৰ প্ৰতি আমাৰ আগ্ৰহো ওপজে। আমাৰ নিজৰ দেশ আৰু আন দেশৰো নানান দৰকাৰী আৰু জানিব লগীয়া কথা আমি বাতৰি-কাকতৰ পৰা জানিব পাৰো। যান-বাহনে দুৰত্ৱৰ সীমা কমাই আনি বাহ্যিক যোগাযোগ স্থাপন কৰিছে। বাতৰি-কাকতে ভাব বিনিময়ৰদ্ৱাৰা মানুহৰ মাজত আত্মিক সমযোগ ঘটাই মানবজাতিক একত্ৰীকৰণত সহায় কৰিছে। কৰ্মব্যস্ত মানুহৰ জীৱনত বৰ্তমান অৱসৰ ইমান কম যে সাবিত্য সংস্কৃতিৰ ডাঙৰ ডাঙৰ কিতাপ-পুথি অধ্যায়ন কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে। বাতৰি কাকতবোৰ কিছু পৰিমাণে ইয়াৰ শৰিপুৰক হৈছে। বাতৰি কাকত প্ৰকাশিত বিবিন্ন বিষয়ৰ চমু অথচ সাৰগৰ্ভ ৰচনাই তাকৰীয়া সময়তে সকলো বিষয়তে লাগতিয়াল জ্ঞান দিব পাৰে। সাধাৰণ শ্ৰমিকৰ পৰা বুদ্ধিজীৱী লৈকে সকলোৰে বাতৰি কাকত পঢ়ি উপকৃত আৰু পৰিতৃপ্ত হয়।

        ব্যৱসায়-বাণিজ্য আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰটো বাতৰি-কাকত বৰ সহায়ক। ব্যৱসায়ীসকলে বাতৰি-কাকতৰ জৰিয়তে বিভিন্ন ঠাইৰ বজাৰ-দৰ, উতপাদন আৰু উতপাদিত সামগ্ৰীৰ গুণাগুণ জানিব পাৰে। নিজৰ উতপাদিত সামগ্ৰীৰ বিষয়ে জাননী দি বিক্ৰীৰ সুবিধা কৰিব পাৰে। বাতৰি কাকতত প্ৰকাশিত চাকৰি সংক্ৰান্ত বা-বাতৰি আৰু বিজ্ঞানৰ আদিৰ পৰা নিয়োগ সন্ধানী অৰ্থাত নিবনুৱা ভৈয়ে উপকৃত হয়।  

     সামৰণিঃ আমি কাম কৰা সমাজ বা দেশখনত দিনৌ ক'ত কি ঘটিছে বা ঘটিব লাগিছে, সেইবোৰৰ ভূ-ৰখাতো বৰ প্ৰয়োজনীয়। তাকে জানিবলৈ হ'লে বাতৰি কাকতৰ সহায় অপৰিহাৰ্য। মুঠতে কম সময়তে দেশ-বিদেশৰ খা-খবৰ সাময়িক ঘটনা-প্ৰবাহ আৰু জ্ঞান-বিজ্ঞানৰ অগ্ৰগতিৰ বুজ লবলৈ আমি বাতৰি কাকত পঢ়িব লাগিব। আমাৰ ছাত্ৰসকলেও নিয়মিতৰূপে বাতৰি-কাকত পঢ়া উচিত। আজি-কালি বাতৰি-কাকতত ছাত্ৰ আৰু চেমনীয়াৰ কাৰণে সুকীয়া চ'ৰা আছে। আমাৰ ছাত্ৰ আৰু চেমনীয়াহতে এইবোৰৰ সভ্যহৈ এইশিতানৰ কথাবোৰ পঢ়িলে আৰু নিজেও তাতে লিখিবলৈ ললে বৰ উপকৃত হ'ব।

 

7. পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ । Paribesh pradushan aru eyar pratikar - অসমীয়া ৰচনা । Assamese Essays


(আৰম্ভণি - প্ৰদূষণৰ কাৰণ - প্ৰতিকাৰ - সামৰণি)

      আৰম্ভণিঃ- আমি বাস কৰা ঠাইৰ চাৰিওফালৰ বায়ু, পানী, মাটি আদিৰ অৱস্থা আৰু এইবোৰে দেখুওৱা গুণ-ধৰ্মই হল সহজ সৰল অৰ্থত পৰিবেশ। প্ৰাকৃতিক শক্তি কিম্বা কাৰণসমূহেই পৰিবেশৰ ওপৰত প্ৰভাৱ পেলায়। বায়ু, পানী, মাটি আৰু বিভিন্ন ধাতুৰ উপৰিও জীৱ জগতো প্ৰকৃতি ৰেই এটা অংশ। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হলেই পৰিৱেশ অনুকূলে থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালেই পৰিৱেশ প্ৰতিকুল যায়।

     এটা সময়ত বায়ুমণ্ডলত আছিল প্ৰাণ-প্ৰদায়িনি অফুৰন্ত অক্সিজেন, পানী আৰু খাদ্যত আছিল সতেজ বিশুদ্ধতা। যাৰ ফলত পৃথিৱীত প্ৰাণী জীৱন দ্ৰুত ভাবে বিকশিত হৈছিল। তেতিয়া মানুহে সম্পূৰ্ণ ভাবে প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰ কৰি চলিছিল। প্ৰাকৃতিক ভাবে সৃষ্টি হোৱা অৰণ্য আৰু গছ গছনিৰে ভৰা শ্যামল পৰ্বত পাহাৰ সমূহে জল বায়ু পবিত্ৰ কৰি ৰাখিছিল আৰু ধুমুহা, বৰষুণ আদিও নিয়ন্ত্ৰণ কৰিছিল। যিহেতু জীৱ-জগত আৰু উদ্ভিদ জগত পৰস্পৰ পাৰিপূৰক।অৰণ্যৰ গছ গছনীয়ে জীৱৰ প্ৰভূত ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা শুহি লয় আৰু জীৱন দায়িনি অক্সিজেন এৰি দিয়ে। কিন্তু মানুহে অত্যাৱশ্যকীয় প্ৰয়োজনত অক্সিজেন পৰিশোধনৰ ৰূপকাৰ স্বৰূপ অৰণ্য ভূমি ধ্বংস কৰি প্রকাৰান্তৰে নিজেই নিজৰ সমাধি ক্ষেত্ৰ ৰচনা কৰিছে।

     প্ৰদূষণৰ কাৰণঃ- একসময়ত কৃত্ৰিম উপায় অৱলম্বন নকৰাকৈ কৃষি, উদ্যোগাদিৰ বাবে মাটি উৰ্বৰা হৈ আছিল। পিছে ক্ৰমাগত ভাবে প্ৰকৃতিৰ ওপৰত মানুহে কৰা ধ্বংসাত্মক কাৰ্যৰ বাবে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাই ছে আৰু আমাৰ পৰিবেশ প্ৰতিকুল হৈ পৰিছে। দৰাচলতে প্ৰাচীন পৃথিৱীত জুইৰ আৱিষ্কাৰৰ সময়ৰেপৰা প্ৰাণ ধাত্ৰী অক্সিজেনৰ ধ্বংস লীলাৰ সূচনা হয়। জুয়ে বায়ুমণ্ডলৰ অক্সিজেনৰ অনুপাত হ্ৰাস কৰি জীৱনৰ অনুকূল পৰিবেশৰ ভাৰসাম্য নষ্ট কৰাৰ উপৰিও ধোৱা আৰু ছাইৰ কণিকাই বায়ুমণ্ডল কলুষিত কৰি আকাশ বতাহ ক্ষয় আৰু অবক্ষয়ৰ মহামাৰি স্বৰূপ হৈছে।

     দ্ৰুত বংশ বিস্তাৰৰ পৰিণতিত জনসংখ্যা বৃদ্ধি আৰু বিজ্ঞানৰ নিৰকুংশ প্ৰাধান্য তাত আহি পৰিল অতি যান্ত্ৰিকতা আৰু নাগৰিক সভ্যতাৰ যুগ। বৃহৎ বৃহৎ কল কাৰখানা সমূহৰ আকাশ মুখী চিমনিৰ দূষিত ধোৱাৰ কুণ্ডলী ভিন্ন ৰূপত আকৌ ভূপিষ্ঠলৈ কে ঘূৰি আহি বিভিন্ন জটিল ৰোগৰ উৎস হৈ পৰে। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত গঢ়ী উঠা বৃহৎ বৃহৎ শিল্পো দ্যুগ সমূহৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ফলস্বৰূপে প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাইছে বিশেষকৈ বাষ্প শক্তি আৰু বিদ্যুৎ শক্তিৰ প্ৰয়োগৰ ফলত। বাষ্প শক্তি আৰু বিদ্যুৎ শক্তি উৎপাদনৰ মূলতে যি দহন কাৰ্য্য হয়, সিয়ে অক্সিজেনৰ অনুপাত হ্ৰাস কৰি বায়ুমণ্ডল বিষাক্ত কৰি প্ৰাণ মাটি কৰি তোলে। নগ ৰাঞ্চলৰ বিভিন্ন মটৰ য়ানৰ পৰা নিৰ্গত বিষাক্ত কাৰ্বন মনুক্সাইড গেছে ভূপিষ্ঠ বিষ ময় কৰাৰ উপৰিও সেইবোৰৰ উৎকত শব্দই নাগৰিকৰ ব্যস্তি কিম্বা শান্তি হৰণ কৰিছে। আধুনিক যন্ত্ৰা য়ন আৰু শিল্পায়ন বৰ্তমান দাৰিদ্ৰ দূৰীকৰণৰ হাতিয়াৰ ৰূপে প্ৰতিস্থিত। বিশ্বৰ বৰ্তমান জন বিস্ফোৰণে ও পৰিবেশ প্ৰদূষণৰ অন্যতম প্ৰধান কাৰণ।

     ভাৰতৰ শিল্পাঞ্চল সমূহৰ কল কাৰখানাত ব্যাপক ভাবে কয়লাৰ ব্যৱহাৰ, বিশেষকৈ নগ ৰাঞ্চলত কল কাৰখানাৰ উপৰিও ৰন্ধন প্ৰকৰণ আদিতো কয় লাৰ ব্যৱহাৰে আকাশ বতাহ ধোৱা কোৱা কৰি বিষ ময় পৰিবেশৰ সৃষ্টি হৈছে। তেল শোধনাগাৰ, কাগজৰ কল চিমেণ্ট কাৰখানা আদি বৃহৎ উদ্যোগবোৰৰ পৰা নিঃসৃত দুৰ্গন্ধ ময় বৰ্জ্য পদাৰ্থ বোৰে সেই অঞ্চলৰ পাৰিপাৰ্শিকতা আৰু খেতিপথাৰ আদিৰ প্ৰভূত ক্ষতি সাধন কৰিছে। অসা বধানতাৰ ফলত ১৯৮৪ চনৰ ডিচেম্বৰত ভূপালত সংঘটিত হোৱা ইউনিয়ন কাৰ্বাইড কোম্পানীৰ গেছ দুৰ্ঘটনাৰ দ্বাৰা বায়ুমণ্ডল প্ৰদূষিতহৈ হাজাৰতকৈ বেছি নীৰিহ লোকে প্ৰাণ হেৰুৱাইছে, দুই লাখতকৈ অধিক লোকে আজিও জীয়াতু ভুগি আছে আৰু মৃত্যু মুখত পতিত হৈছে অসংখ্য পশু পক্ষী।

     প্ৰতিকাৰঃ- বৰ্তমান যুগ পাৰমাণৱিক যুগ। দৰাচলতে দ্বিতীয় মহা সমৰৰ অন্তিম সময়ৰ পৰাই পাৰমাণৱিক যুগৰ সূচনা। পাৰমাণৱিক বোমা বৰ্ষণ ৰ ফলত জাপানৰ হিৰুচিমা-নাগাচাকি নগৰ দুখন বিধ্বস্ত হোৱাৰ উপৰিও পাৰমাণৱিকৰ প্ৰবল প্ৰতিক্ৰিয়া ত সন্নিহিত ভূ খণ্ডৰ মানুহ, জীৱ জন্তু আৰু উদ্ভিদ আদিৰ সুস্থ অস্তিত্ব বিপন্ন হৈ পৰিছিল। আটাইতকৈ ভয়াৱহ কথা হল বোমা বৰ্ষণ ৰ ৩২ বছৰ পিছলৈ কে বায়ুমণ্ডলত তেজস্ক্ৰিয় বিকিৰণ হৈ এক লাখ মানুহ মৃত্যুমুখত পৰে আৰু অসংখ্য মানুহ তেজস্ক্ৰিয় বিকিৰণৰ ফলত নানা অস্বাভাৱিক বেমাৰত জীয়াতু ভুগ। এই বিষ ময় পৰিনামৰ কথা জানিও বিজ্ঞানী সবে নিউটন পাৰমাণৱিক আদি বোমা প্ৰস্তুতি আৰু বিস্ফোৰণৰ প্ৰতিদ্বন্দিতা চলাই বায়ুমণ্ডল বিষ ময় আৰু প্ৰান ঘাতী কৰি তুলিছে। কাঠ কয়লা, কিম্বা পেট্ৰলিযাম দহনৰ ফলত বায়ুমণ্ডল যি পৰিমাণে দূষিত হয়, পাৰমাণৱিক দহনৰ ফলত দুষণৰ পৰিমাণ তাতকৈ লাশগুন বেছি। অথচ বায়ুমণ্ডল বিষমুক্ত কৰিবলৈ পৰিশোধনৰ বিষয়ে বিজ্ঞানী সবে কিবা প্ৰয়াস চলাইছে নে?

    পৰিবেশ সম্পৰ্কীয় ভয়ানক সমস্যাটো হ'ব ক্ৰমাগত ভাৱে বাঢ়ি অহা পৃথিৱীৰ উত্তাপ। কাৰ্বন-ডাই-অক্সাইডৰ দৰে বাষ্প সমূহে সূৰ্যৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উত্তাপ বঢ়ায়। ৰাষ্ট্ৰ সংঘৰ দ্বাৰা নিয়োজিত এদল বিশেষজ্ঞ ই এইবুলি সতৰ্ক কৰি দিছে যে পৃথিৱীৰ বাঢ়ি অহা উত্তাপ কমাবলৈ চেষ্টা কৰা নহলে ৩৫ বছৰ মানৰ ভিতৰত পৃথিৱীৰ উত্তাপ অভূতপূৰ্ব ভাবে বাঢ়িব।

    বৰ্তমান আমাৰ সন্মুখত দেখা দিয়া আটাইতকৈ গুৰুত্ব পূৰ্ণ প্ৰশ্নটো হ'ল বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যিবোৰ ভয়াবহ আৱিষ্কাৰ তাৰ দ্বাৰা মানৱ সভ্যতাৰ কিবা অস্তিত্ব থাকিব নে নাথাকে? ৰাষ্ট্ৰ সংঘৰ পাৰিপাৰ্শিক তা সন্থাৰ মতৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে মানুহেই পৰিবেশ বিনষ্ট কৰিছে, যাৰ ফলত প্ৰাণীজগত আৰু উদ্ভিদ জগত বিপন্ন হৈছে। প্ৰতিকুল প্ৰতিকুল পৰিৱেশৰ গৰাহত পৰি ইতিমধ্যে বহু দুৰ্লভ আৰু দুষ্প্ৰাপ্য পশু পক্ষী আৰু উদ্ভিদৰ বংশ লুপ্ত হৈছে।

       সামৰণিঃ- জল বায়ু প্ৰদূষণ সম্পৰ্কে মানৱ জাতিক সচেতন কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰ সংঘৰ তত্বাৱধানত প্ৰতি বছৰ জুনৰ ৫ তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এতিয়া আৰু জলবায়ু প্ৰদূষণ নহয় অতীৱ প্ৰয়োজন জলবায়ুৰ বিশুদ্ধী কৰণ। অৰণ্য ধ্বংস নহয়, প্ৰত্যেকৰে কৰ্তব্য সামৰৰ্থ্যানো যায়ি অৰণ্য সৃষ্টি। হ্ৰাস কৰা প্ৰয়োজন অতিমাত্ৰা কয় লাৰ ব্যৱহাৰ। আৰু বিশেষভাৱে প্ৰয়োজন জন বিস্ফোৰণ সোতত বাধা প্ৰদান। পুৰণি মটৰ মানবোৰ সঘনাই পৰীক্ষা কৰাৰ আবশ্যক যাৰপৰা নিঃসৃত হয় মাৰাত্মক বিষাক্ত কাৰ্বন মনুক্সা ইড। ৰাষ্ট্ৰ সংঘৰ প্ৰচেষ্টাত নিষিদ্ধ কৰিব লাগে মহাকাশত ৰকেট নিক্ষেপন আৰু পৰীক্ষা মূলক পাৰমাণৱিক বোমা। বিস্ফোৰণ। অন্য থা এদিন হয়টো আমাৰ প্ৰিয় গ্ৰহ পৃথিৱীৰ পৰা জীৱ আৰু উদ্ভিদ জগত নিশ্চিহ্ন হৈ যাব। সেয়েহে বিশ্বৰ প্ৰতিজন সচেতন ব্যক্তিয়ে পৰিবেশ প্ৰদূষণৰ ভয়াবহতা সম্পৰ্কে সময় থাকোতেই সজাগ হৈ সবলে প্ৰচেষ্টা হাতত ললেহে নতুন পুৰুষৰ বাবে আটাইতকৈ মূল্যবান পৰিবেশ নামৰ সম্পদ এৰি থৈ যাব পৰা হ'ব, নহলে উত্তৰ পুৰুষে পাব এক ভয়াবহ অভিশাপ। উত্তৰাধিকাৰ সূত্ৰে পোৱা এই বিনন্দিয়া পৃথিৱীখন ভৱিষ্যত উত্তৰাধিকাৰী সকলৰ বাবে সুন্দৰ ভাবে এৰি যোৱাটো আমাৰ অন্যতম প্ৰধান কৰ্তব্য।

 

8. মোৰ প্ৰিয় সাহিত্যিক My favorite Literature  - অসমীয়া ৰচনা । Assamese Essays HSLC-2011, 2020

আৰম্ভণিঃ- 

"সাহিত্য সংগীত কলা বিহীনঃ 

সাক্ষাত পণ্ডঃ পূচ্ছবিষান্ন হীনঃ।"

উপৰোক্ত কথাষাৰৰ অৰ্থ হৈছে সাহিত্য, সংগীত কলাবিহীন লোক শিং আৰু নেজ নথকা পশুৰ দৰে। সাহিত্য হ'ল এটা জাতিৰ দাপোণ। প্ৰতিজন সাহিত্যিকে নিজৰ সাহিত্য প্ৰতিভাৰ জৰিয়তে সমাজত চলি থকা অন্যায় অবিচাৰ, অনীতি-দুর্নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তোলে। জীৱনৰ ভিন্ন ভিন্ন সমস্যাক সাহিত্যব যোগেদি প্ৰকাশ কৰে আৰু তাৰ সমাধাননা দিয়ে। তেনে এগৰাকী মানৱবাদী সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াই হ'ল মোৰ প্ৰিয় সাহিত্যিক।


পৰিচয়ঃ- ভৱেন্দ্ৰ নাথ শইকীয়াদেৱৰ জন্ম হৈছিল নগাঁৱৰ ফৌজদাৰী পট্টিত ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত তেখেতৰ পিতৃৰ নাম বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃৰ নাম চম্পাবালা শইকীয়া। তেওঁ ১৯৪৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫০ চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হয়। পিছত কলকাতাৰ প্ৰেসীডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. আৰু ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনোল'জীৰ পৰা ডিপ্লমা লাভ কৰে। 

শিক্ষা সাং কৰি শইকীয়াদেৱে শিৱসাগৰ কলেজত অধ্যাপনা কৰিবলৈ লয়। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰীডাৰ হিচাপে যোগদান কৰে। ১৯৫৫ চনত তেওঁ প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আবদ্ধ হয়। 

ৰচনাৰাজিৰ আভাষঃ- শইকীয়াদেৱে স্কুলীয়া জীৱনৰ পৰাই সাহিত্য ৰচনাত মনোনিৱেশ কৰে। তেওঁৰ কেইবাখনো উপন্যাস, গল্প সংকলন প্ৰকাশ পাইছে। তাৰ ভিতৰত শৃংখল, সেন্দুৰ, আকাশ, তৰংগ আদি গল্প সংকলন আৰু ৰম্যভূমি, অন্তৰীপ আদি উল্লেখযোগ্য উপন্যাস। ইয়াৰে শৃংখল নামৰ গল্প সংকলনখনৰ বাবে তেওঁ ১৯৭৬ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অৱশ্যে সকলোৰে উৰ্ধত ড° শ‍ইকীয়াদেৱৰ শিশু সাহিত্যসমূহ। 'শাক্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট', 'মৰমৰ দেউতা', 'তোমালোকৰ ভাল হওক', 'মৰম' আদি তেওঁৰ উল্লেখযোগ্য শিশু গ্ৰন্থ। তদুপৰি মৃত্যুৰ আগমুহূর্তলৈকে তেওঁ 'প্ৰান্তিক' আৰু 'সফুঁৰা' নামৰ শিশু আলোচনী এখনৰ সম্পাদক আছিল। শইকীয়াদেৱ এগৰাকী বিশিষ্ট নাট্যকাৰ আৰু চিত্ৰ নির্মাতাও আছিল। গহ্বৰ, বৃন্দাবন, দীনবন্ধু আদি তেওঁৰ বিখ্যাত নাটক। তদুপৰি তেওঁৰ দ্বাৰা নির্মিত সন্ধ্যাৰাগ, অগ্নিস্নান, কোলাহল আদিৰ দৰে বোলছবিয়ে ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কবিলৈ সক্ষম হৈছে। এক কথাত ক'বলৈ গ'লে তেখেত আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। 

প্ৰিয় হোৱাৰ কাৰণঃ- ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ লিখনিসমূহ খুবেই সহজ সৰল আৰু সাৱলীল। তেওঁৰ ভাষাৰ সৰলতা, পৰিৱেশ পৰিস্থিতিৰ নিখুঁত বর্ণনাই ৰচনাসমূহক অধিক আকর্ষণীয় কৰি তোলে। মই তেওঁৰ কেইবাখনো শিশু সাহিত্য, গল্প সংকলন আৰু অন্তৰীপ নামৰ উপন্যাসখন পঢ়িছো। এই সকলোবোৰেই মোৰ প্ৰিয়। তেওঁৰ ৰচনাত ফুটি উঠে গভীৰ সামাজিক মূল্যবোধ আৰু দায়বদ্ধতা। সকলো বয়সৰ পাঠকেই তেওঁৰ ৰচনাসমূহ ৰসাস্নাদন কৰিব পাৰে। এনেবোৰ কাৰণতেই ভৱেন্দ্ৰ নাথ শ‍ইকীয়া মোৰ প্ৰিয় সাহিত্যিক। 

সামৰণিঃ- এইজনা মহান সাহিত্যিকৰ ২০০৩ চনৰ ১৩ আগষ্টৰ দিনা পৰলোক প্ৰাপ্তি ঘটে। দুৰাৰোগ্য ব্যাধিকো নেওচি ওৰেটো জীৱন সাহিত্য-কৰ্মত ব্ৰতী থকা শইকীয়াদেৱক ২০০১ চনত 'পদ্মশ্ৰী' সম্মনেৰে বিভুষিত কৰা হয়। তেওঁৰ লিখনিসমূহ আৰু অসমীয়া সাহিত্য জগতৰ প্ৰতি তেওঁৰ জীৱন যোৰা অৱদান সমূহৰ বাবে ড° ভবেন্দ্ৰ নাথ শইকীয়াদেৱ সদায় পূজনীয় হৈ ৰ'ব।

                 *উপাসনা ডেকা, অসমীয়াত সর্বোচ্চ নম্বৰ-২০১৪


9. দূৰদৰ্শন । Television, অসমীয়া ৰচনা । Assamese Essays  HSLC-2019

(আৰম্ভণি-উপকাৰিতা- কু-প্ৰভাৱ-সামৰণি) 

আৰম্ভণিঃ- স্ৰষ্টাৰ অন্তত সৃষ্টিৰ গৃঢ়তম ৰহস্য উদ্‌ঘাটন কৰিবলৈ মানুহৰ প্ৰচেষ্টা অসীম। এই অসীম প্ৰচেষ্টাৰ লগত বিজড়িত অক্ষয় সংগ্ৰাম। সেয়েহে কবিয়ে কৈছে- 

"সৃষ্টিৰ দিনৰে পৰা নিয়তিৰ সৈতে হেৰা

মানুহৰ সংগ্ৰাম অক্ষয়, 

আমি তাৰ স্মৃতি স্তম্ভ, সোঁৱৰাই মানুহৰ বীর্য আৰু নিয়তিৰ জয়। 

তাৰ ফলশ্ৰুতিত - "কেতিয়াবা বিজয় উল্লাস, কেতিয়াবা মূক পৰাভৱ।"

কিন্তু সংগ্ৰামী মানুহৰ মনে পৰাভৱ হ'লেও নতি স্বীকাৰ নকৰে কোনোদিনেই। সেইবাবে বিজ্ঞানৰ জয় জয়কাৰ প্ৰতিধ্বনিত হৈছে বিশ্বৰ বুকুত। দূৰদৰ্শন (টেলিভিছন) তাৰেই এক আশ্চর্যতম যোগফল। 

উপকাৰিতাঃ- মহাভাৰতত বর্ণিত সঞ্জয়ৰ দূৰদৃষ্টি, বর্তমান টেলিভিছনৰে নামান্তৰ। কথাছবি আৰ অঁনাতাৰৰ নিচিনা দূৰদৰ্শনো অকল আমোদৰ আহিলাই নহয় এটা বহুমুখী প্ৰচাৰ মাধ্যমো। ইয়াৰ উপকাৰিতাসমূহ হ'ল নিম্নোক্তধৰণৰ- 

(ক) টেলিভিছনৰ দ্বাৰাই দেশ-বিদেশৰ উন্নত কৃষি, শিল্পকর্মৰ প্ৰদর্শনৰ পৰা এই বিষয়ত লোকক কিছু শিক্ষা দিব পাৰি আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি সাংস্কৃতিক ভাৱ বিনিময়েৰে সম্প্ৰীতিৰ ভাৱ জগাই তুলিব পাৰি। 

(খ) ইয়াত পৰিৱেশিত হোৱা মনোৰঞ্জনৰ দৃশ্যবিলাক উপভোগ কৰি মানুহে কর্মব্যস্ত জীৱনত কিছু সময়ৰ বাবে হলেও মানসিক প্ৰশান্তি লাভ কৰে। 

(গ) আকৌ বিভিন্ন বিষয়ক অনুষ্ঠানে (খেল-ধেমালি, প্ৰাকৃতিক পৰিৱেশ) মানুহৰ মানসিক দিগন্ত যথেষ্ট প্ৰসাৰিত কৰে।

কু-প্ৰভাৱঃ- পাছে ইয়াৰো এটা অপকাৰী দিশ আছে। আৰু ই মুঠেও ওলাই কৰিব পাৰ বিধৰ নহয়। ইয়াৰ কু-প্ৰভাৱসমূহ হ'ল-

(ক) ঘৰতে বহি দেশ-বিদেশৰ খেল-ধেমালি, গীত-মাত, চিনেমা-ভাওনা আদি চাব পৰা যায় কাৰণে কিছুমান মানুহে টি.ভি.ৰ সন্মুখতে দিনৰ দিনটো কটাব বিচাৰে। 

(খ) টি.ভি.য়ে ছাত্ৰ-ছাত্ৰীৰো বেয়াকৈ অনিষ্ট কৰিব পাৰে। দূৰদৰ্শনত সংযোজিত খেলেও যুৱকসকলক সময় অবাবত অতিবাহিত কৰাৰ পথ সুচল কৰিছে। 

(গ) ইয়াৰোপৰি ইয়াৰ স্বাস্থ্যজনিত হানিকাৰক দূৰ্গুণ কিছুমানৰ কথাও জানিব পৰা গৈছে। টি.ভি.য়ে তেজস্ক্ৰিয় আৰু অতি বেঙুনীয়া ৰশ্মি নির্গত কৰে। এই ৰশ্মি দেহৰ কাৰণে অতি ক্ষতিকাৰক। 

সামৰণিঃ- সকলো বস্তুৰে ভাল-বেয়া দিশ থাকেই। দূৰদৰ্শনৰ ক্ষেত্ৰতো তদ্ৰুপ। কিন্তু মানৱ সমাজে ভালখিনি ল'লেহে উপকৃত হ'ব। সেয়েহে সংস্কৃতত কোৱা হৈছে-

''অনন্ত কিল শব্দশাস্ত্ৰং 

সর্বংসায়ুবহশ্চ বিয়াঃ 

যৎ সাৰভূৱং তদউপাসনীয়স্‌। 

হংসৈষথা ক্ষীৰমীব অম্বুমধ্যাৎ।''

অর্থাৎ শব্দশাস্ত্ৰ বা ব্যাকৰণ অপাৰ মানুহৰ আয়ুস নিচেই কম আৰু বিপদ-বিঘিনী অলেখ। সেয়ে যিখিনি সাৰবস্তু সেইখিনিহে গ্ৰহণ কৰা উচিত যেনেকৈ হাঁহে পানীৰ মাজৰ পৰা 'সাৰ অংশ'হে গ্ৰহণ কৰে।

                                                       *প্ৰিয়ম কাশ্যপ, ষষ্ঠ স্থান, হাইস্কুল শিক্ষান্ত পৰীক্ষা-2019 

অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »